গেটওৱিয়ান/ Gatewayian

দুটা গল্প ~ নাজিফ হাজৰিকা

(১)

‘ ধাম !’
এক গোৰ মাৰি প্ৰশান্তই ৰুমৰ দৰ্জাখন খুলি সোমাই আহিল । জুনিয়ৰ ৰুমমেট দিগন্তই পঢ়িথকাৰ পৰা প্রশান্তলৈ মূৰ তুলি চালে ! 
ঢলং-পলং খোজেৰে প্ৰশান্ত দিগন্তৰ ওচৰলৈ আহিল । প্ৰশান্তৰ মুখৰ পৰা ওলাই অহা মদৰ ভেকেটা-ভেকেট গোন্ধটো ৰূমটোত বিয়পি পৰিল । 
– কি পঢ়িছ চাওঁ পোৱালি ! 
প্ৰশান্তই দিগন্তৰ কিতাপখন লুটিয়াই চালে । 
– ” Quantum mechanics ! উম পঢ়-পঢ় । ” – দিগন্তৰ পিঠিত চপৰিয়াই প্ৰশান্ত নিজৰ বিচনাত ধামকৈ পৰি দিলে । 
অলপ সময়ৰ পিছত তাৰ ফোনটো বাজি উঠিল । 
– ” হেল্ল , ……..তোক ফোন কৰিব মানা কৰিছিলোঁ নে নাই ………ফোন ৰাখ তই ……মই এতিয়াই মোবাইল-চোবাইল ভাঙি দিম কিন্তু …….নালাগে (অশ্লীল) তোৰ নিচিনা ছোৱালী …….
“ধেই”…..চিঞৰ এটা মাৰি প্ৰশান্তই মোবাইলটো দলিয়াই দিলে । পঢ়া টেবুলত খুন্দা খাই উফৰি গৈ দিগন্তৰ বিচনাৰ ওচৰৰ খিৰিকীখনৰ গ্লাছত লাগিলগৈ । খিৰিকীৰ গ্লাছখন ভাঙি টুকুৰা-টুকুৰ হৈ গ’ল । 
অলপ পিছত প্ৰশান্ত শুই গ’ল মদৰ নিচাত । দিগন্তই উঠি আহি গ্লাছৰ টুকুৰাবোৰ বুটলি কাগজত বান্ধি থলে । প্ৰশান্তৰ ওলমি থকা ভৰি দুখন বিছনাৰ ওপৰত উঠালে । আঁঠুৱাখন লগাই প্ৰশান্তৰ গাত কাপোৰখন দি তাৰ মূৰটোৰ তলত গাৰু এটা দি দিলে । নিজৰ বিচনাখনো পাৰি সিও শুই পৰিল । 
* * * 
ৰাতিপুৱা ৮ বজাত প্ৰশান্ত উঠি দেখিলে দিগন্তই পঢ়ি আছে । ৰাতিৰ কথাবোৰ মনত পৰি সি ভিতৰি-ভিতৰি অলপ লাজ পালে যদিও গহীনত থাকিল । দাঁতব্ৰাছডাল মুখত লৈ দিগন্তক সুধিলে –
– ঐ , খিৰিকীৰ গ্লাছখন কেনেকৈ ভাঙিল ? 
– ৰাতি নিজে মদ খাই আহি উৎপাত কৰিব , আৰু মোক সুধিব আহিছে ? 
– মই কি কৰিলোঁ ? ( নজনাৰ ভাও ধৰিলে সি ) 
– জানিও নজনাৰ ভাও কিয় ধৰিছে ?

প্ৰশান্ত খিৰিকী খনৰ ওচৰ গ’ল , কিবা এটা জুমি চাই কলে – 
: ভালেই হ’ল দে , ইয়াৰ পৰা আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ খিৰিকীৰ ওপৰত থকা ভেন্টিলেটৰকেইখন ধুনীয়াকৈ দেখি । ৰাতিপুৱা শুই উঠি সেৱা এটা কৰিবি , পৰীক্ষাত নম্বৰ বেছি পাবি । 
দিগন্তই মুখৰ ভিতৰতে ভোৰভোৰালে – হুহ ! ৰাতি হ’লে মদ খাই আহি উৎপাত কৰিব , আৰু ৰাতিপুৱা হলে ফটোৱামি কৰিব । 
প্ৰশান্তই একো নকলে । 
মুখ ধুই আহি প্ৰশান্তই সুধিলে – 
– ঐ পোৱালি , আজি ৰাতি স্মৃতিপথাৰত পাপনৰ প্ৰগ্ৰেম আছে নহয় , যাম ওলাবি । 
– চাওঁচোন , এচাইনমেণ্ট আছে নহয় ! 
– তই যে ( অশ্লীল) অলপ বেছিয়ে পঢ়ি দেখুৱাও । ওলাবি মুঠতে ! 
– বাৰু দিয়ক । 
* * * 
৩: ৩০ বজাত প্ৰশান্তই ক্লাছৰ পৰা আহি ৰুম সোমালে । দিগন্তক শুই থকা দেখি সুধিলে – 
: কি হ’ল অ ‘ পোৱালি ! শুই আছ যে ? গাৰ্লফ্রেণ্ডৰ লগত কাজিয়া লাগিলি নেকি ? 
দিগন্তই একো নক’লে । 
প্ৰশান্ত দিগন্তৰ ওচৰলৈ গ’ল । কঁপালত হাত দি চাই তাৰ টেমা গৰম হৈ গ’ল । 
: (অশ্লীল) জ্বৰ উঠি আছে , মোক ফোন কিয় কৰা নাই ? ( খঙেৰে সুধিলে সি ) 
: এ একো নাই , ঠিক হৈ যাব । 
: ঘণ্টা ঠিক হৈ যাব । 
প্ৰশান্তৰ খুব খং উঠিল । পৰা হ’লে কানতলীয়া চৰ এটা দি দিলেহেঁতেন । 
প্ৰশান্তই ফোনটো উলিয়াই বিপুললৈ লগালে- 
: হেল্ল ‘ , ……..এতিয়াই ৰাজদ্বীপ আৰু তোৰ বাইক দুখন লৈ আমাৰ হোষ্টেল আহ !……ইমিডিয়েট আহ । পোৱালিটোৰ জ্বৰ ।

দিগন্তক সিহঁতে হস্পিটেল লৈ গ’ল । দুটা বেজী দিলে তাক । দৰব আৰু চেলাইনৰ বটল হোষ্টেলৰ ৰুমলৈ লৈ আহিল । প্ৰশান্তই চেলাইন লগাব জানে ।

বিপুলহঁত যাবলৈ ওলাল । বিপুল সুধিলে – 
– তইটো চাগে প্ৰগ্ৰেম চাবলৈ নাযাৱ আজি ? 
– নাই অ ‘ পোৱালীটোৰ জ্বৰ নকমালৈকে মই আনকি আজি শুবও নোৱাৰোঁ । হোষ্টেলৰ বাকীবোৰ ল’ৰাই তাক চাই আছে যদিও মই শান্তি নাপাওঁ 
– বাৰু দে , কিবা থাকিলে কবি । 
– বাৰু ।
দিগন্তক চেলাইন লগাই প্ৰশান্ত বহি থাকিল তাৰ ওচৰত । 
লাহে লাহে তাৰ জ্বৰ কমিল , চেলাইনো শেষ হ’ল । দিগন্ত টোপনিত লালকাল দিলে । 
তেনেকুৱাতে প্ৰশান্তৰ ফোনটো বাজি উঠিল – 
– হেল্ল’ ? ……..কি ? …….জেং ? ……..কাক মাৰিলে ? …….ৰাজদ্বীপক ? ……. ৰহ । 
প্ৰশান্তই ফোনটো ৰাখি দিগন্তৰ বিচনাখন পাৰিলে , তাৰ গাত কাপোৰ এখন দি তাক ভালকৈ শুৱাই দিলে । 
বিচনাৰ তলৰ পৰা ডেৰহাতমান দীঘল ৰড এডাল উলিয়াই পেন্টৰ পিছফালে ভৰাই ল’লে । 
কাষৰ ৰুমত থকা কৌশিকক মাতিলে – 
– ঐ কৌশিক , পোৱালীক অকণমান চাবিচোন । মই অলপ ওলাই যাওঁ । 
– বাৰু যা ।
ৰাতি এক বজাত প্ৰশান্তই হোষ্টেলৰ ৱাল পাৰ হৈ ওলাই গ’ল । কিন্তু সি গম নাপালে যে ৱাৰ্ডেনৰ ৰুমৰ পৰা এহাল চকুৱে মনে মনে তাক অনুসৰণ কৰি আছিল ।

পিছদিনাখন প্রশান্তক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰিলে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে । অসামাজিক কাৰ্য্যত লিপ্ত থকাৰ অভিযোগত তাক বহিষ্কাৰ কৰা হ’ল । 
প্রশান্তলৈ কাঢ়া নিৰ্দেশ আহিল যে ভৱিষ্যতে যদি কেতিয়াবা সি হোষ্টেলত প্ৰৱেশ কৰে , তেন্তে একেবাৰে কলেজৰ পৰাই বহিষ্কাৰ কৰা হ’ব । হোষ্টেলত সুমুৱাটো সম্পূৰ্ণৰূপে নিষেধ ।

প্ৰশান্তই হোষ্টেল এৰি ওলাই আহিবৰ সময়ত দিগন্তৰ চকুলৈ চাব পৰা নাছিল । দিগন্তয়ো চকুলো ৰখাব নোৱাৰি হুকহুকাই কান্দি আছিল । 
* * * 
ইতিমধ্যে এটা বছৰ পাৰ হৈ গ’ল । প্ৰশান্তই মেছত থাকিব ল’লে । প্ৰশান্তৰ দেউতাক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত প্ৰশান্তৰ জীৱনলৈ পৰিবৰ্তন আহিল । প্ৰশান্ত লাহে লাহে গহীন-গম্ভীৰ হৈ পৰিল । ৰাগীয়াল বস্তুবোৰ বাদ দিলে , উৎপাতবোৰ নাইকিয়া হ’ল । পঢ়ি বেয়া পোৱা প্ৰশান্তই এতিয়া মনপুতি পঢ়া-শুনা কৰাত লাগিল । electronics বেয়া পোৱা প্ৰশান্তই ৰঞ্জন বৰদলৈ ছাৰৰ কৃপাত electronics ৰ প্ৰেমিক হৈ পৰিল । আজৰি সময়ত Logic Gate , operational amplifier , Phototransistor আদিবোৰ লৈয়ে ব্যস্ত থকা হ’ল ।

সেইদিনা প্ৰেক্টিকেল ৰুমত Young’s modulus নিৰ্ধাৰণ কৰি থকা সময়ত লুইত আৰু সমীৰণক হোষ্টেলৰ ফালে দৌৰি যোৱা দেখিলে । পিছে পিছে সত্যজিৎ দৌৰি যোৱাত প্ৰশান্তই গম পালে হোষ্টেলত কিবা এটা হৈছে । 
– ঐ ৰ ৰ । 
প্ৰশান্তই সত্যক ৰখালে । 
– কিবা হৈছে নেকি হোষ্টেলত ?
– উম , দিগন্তক সাপে খুটিলে বোলে । 
– কি ? ( প্ৰশান্তৰ বুকু কঁপি গ’ল ) । 
– উম , যায় যদি ব’লক , আমি তালৈকে গৈ আছোঁ । 
– গৈছোঁ ব’ল ।

প্ৰশান্তই প্ৰেক্টিকেল আধাতে সামৰি দৌৰ মাৰিলে হোষ্টেললৈ । দৌৰি যাওঁতে ইটা এটাত উজুটি মাৰি তাৰ ভৰিৰ নখটো ফাটি গ’ল । লেঙেৰাই লেঙেৰাই দৌৰিলে সি । হোষ্টেলত সোমাব লওঁতেই তাক ৱাৰ্ডেনে বাধা দিলে – 
– হেল্ল ‘ মিষ্টাৰ প্ৰশান্ত দ্য বেড বয় , ক’ত যোৱা ? ( ঠাট্টা মাৰি সুধিলে ) 
– ছাৰ , দিগন্তক চাবলৈহে আহিছোঁ মাত্ৰ । 
– No , নহব । তোমাৰ হোষ্টেলত সোমোৱা মানা আছে । 
– নহয় ছাৰ , মাত্ৰ চাম আৰু যামগৈ । 
– No , মিষ্টাৰ প্ৰশান্ত , No । 
– ছাৰ প্লিজ কৈছোঁ , যাবলৈ দিয়ক । ( প্ৰশান্ত যাবলৈ ওলাল ) 
প্ৰশান্তৰ বুকুত হাতেৰে ঠেলা মাৰি ৱাৰ্ডেনে কলে –
: OK , যোৱা । কিন্তু এইবাৰ তোমাক আমি একেবাৰ কলেজৰ পৰা বহিষ্কাৰ কৰিম ।

প্ৰশান্ত ৰৈ গ’ল । ওলাই আহিব খোজা চকুলো মচি সি লেঙেৰাই লেঙেৰাই physics ডিপাৰ্টমেণ্টলৈ ঘূৰি গ’ল । 
হঠাৎ তাৰ কিবা এটা মনত পৰিল । প্ৰেক্টিকেল ৰুমত গৈ সি এখন ভৰিত জোৰ দি সি খিৰিকীৰ ৰডকেইডালত ধৰি উঠিল । বুঢ়া আঙুলিৰ পৰা টোপ টোপকৈ তেজ পৰিব ধৰিলে । জাঁপমাৰি ভেন্তিলেটৰৰ ৰডকেইডালত ধৰিলে । 
নিজকে হাতেৰে দাঙি ডিঙি মেলি মেলি চাই পঠিয়ালে দিগন্তৰ ৰুমৰ ভঙা খিৰিকীখনলৈ । 
zoology ডিপাৰ্টমেণ্টৰ যুগল নাথ চাৰে দিগন্তক শুশ্ৰূষা কৰি থকা দেখিলে , কিন্তু দিগন্তৰ মুখখন নেদেখিলে । বহুত চেষ্টা কৰিও সি দিগন্তক ভালকৈ নেদেখিলে ! 
অলপ পিছত হাতখন পিছলি প্ৰশান্ত মাটিত সৰি পৰিল । বুঢ়া আঙুলিটো পুনৰ মাটিত খুন্দা খাই তেজৰ সোঁত ববলৈ ধৰিলে ।

দুই হাতেৰে নিজৰ মুখখন ঢাকি প্ৰশান্তই ফেঁকুৰি উঠিল ।

(২)

: হেল্ল ‘ …..হেল্ল’ শুনিছ নে ? হেল্ল’ – প্ৰণামিকাই ঘৰলৈ আহি বিছনাত পৰিয়ে প্রশান্তলৈ ফোন লগালে । 
: উম শুনিছোঁ , ক । – প্ৰশান্তই কলে । 
: আজি কিবা এটা ভাল লাগিল ন ? এনেকৈ দুয়োটাই একেলগে বহুদিনৰ মূৰত জোনাক উপভোগ কৰিছোঁ । 
: উম মোৰো ভাল লাগিল । আৰু তোৰ হাতখন ধৰি ভাল লাগিল । 
: উম মোৰো ! 
: আৰু যে তোৰ কান্ধতে মূৰটো পেলাই দিছিলোঁ !
: ই হ’ব , মনে মনে থাক । নক’লেও হ’ব । 
: উম । 
: কথা এটা কওঁ ? 
: ক ।
: তোৰ হাতখন ধৰাৰ মুহূৰ্তত মোৰ……
: বাৰু মই এতিয়া ৰাখিছোঁ দেই । 
: ৰাখই নে ? মই কিবা এটা কৈ আছিলোঁ। 
: ৮ টা বাজিল । মোৰ কাম আছে এতিয়া , বাই ।

প্ৰশান্তই ফোনটো কাটি দিলে । কথাবোৰ কিবা আধৰুৱা হৈ থাকি যোৱাত প্ৰণামিকাৰ বৰ দুখ লাগিল । কিয় জানো প্ৰশান্ত ল’ৰাটো তেনেকুৱা ! এক মিনিট সময়ো সি বেছিকৈ নিদিয়ে তাইক । ওলাই আহিব খোজা চকুলো বাধা দিব নোৱাৰিলে তাই …..
* * * 
: হেল্ল’ , কি কৰিছ ? – প্ৰণামিকাই ফোন কৰিলে প্রশান্তলৈ । 
: কাম এটা কৰি আছোঁ , এতিয়া কেলৈ ফোন কৰিছ ? 
: কি আকৌ ! ফোন কৰিব নাপায় নেকি ? 
: সেই কিবা এটা কৰি আছো বুলি কৈছো নে , ফোন ৰাখ । যেতিয়াই তেতিয়াই ফোন কৰি নাথাকিবি । 
: ইমান খং কিয় কৰিছ ? ভালকৈও টো কব পাৰ । 
: কি আছে ক পতাপট ।
: আজি গধূলি এফালে যাম বুলি ভাবিছোঁ , আহিবিচোন।
: বাৰু , এতিয়া ৰাখিছোঁ বাই ।

প্ৰশান্তই ফোনটো কাটি দিলে আকৌ । প্ৰণামিকা নীৰৱে বহি থাকিল ।

প্ৰশান্ত ল’ৰাটো তেনেকুৱাই । নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কামটোহে কৰে । তাৰ মাজত কোনোবাই কিবা কলে তাৰ বৰ খং উঠে । প্ৰণামিকাই কিন্তু প্রশান্তক একো ক’ব নোৱাৰে । প্ৰশান্তই যিমান টানকৈ কলেও , গালি পৰিলেও তাই কোনোদিন প্রশান্তক ওলোটাই একো কোৱা নাই । তাই জানে , সম্পৰ্ক এটা ধৰি ৰাখিবলৈ হলে এটা পক্ষ নমনীয় হ’বই লাগিব । তাই বহুদিন প্ৰশান্তৰ টান কথা শুনিও মনে মনে আছে ।

সন্ধিয়া ৰেষ্টুৰেণ্টত বহি আছে দুইটা । বেবিকৰ্ণ খাই থকাৰ মাজতে প্ৰশান্তই প্ৰণামিকাৰ বাওঁহাতখন নিজৰ হাতত ললে । 
: তহঁত ছোৱালীবোৰে নখবোৰ ইমান দীঘল কিয় কৰ ? 
: ই , ক’তনো দীঘল কৰিছোঁ ? কিছুমান ছোৱালীয়ে ইয়াতকৈও দীঘল কৰে । 
: উম । হলেও মোৰ ভাল নালাগে । 
: বাৰু কাটি দিম দে । 
: উম । 
: ঐ কথা এটা নহয় ! মই বেবিকৰ্ণ খুৱাই দিম খাবি ? 
: ধেই , কি আকৌ । লাজ লাগে দেই । 
: একো নহয় , আঁ কৰ ।

প্ৰণামিকাই চামুচেৰে বেবিকৰ্ণ এডোখৰ প্ৰশান্তৰ মুখৰ ওচৰলৈ লৈ গ’ল । প্ৰশান্তই খাবলৈ বুলি মুখখন মেলোঁতেই ঘড়ীটোলৈ চকু গ’ল , ৭:৩০ হ’ল । 
: ঐ মোৰ টাইম হৈ গ’ল । যাওঁ দেই । 
: কি ? আমি আহিছিলোঁ হে এতিয়া ! 
: নাই , টাইম হৈ গ’ল । দাদা , বিলখন দিবচোন ।

প্ৰশান্তই বিলখন দি ওলাই আহিল । পিছে পিছে প্ৰণামিকাও আহিল । ওলাই আহিব খোজা চকুপানীখিনি বৰ জোৰেৰে বাধা দিলে তাই 
* * * 
: হেল্ল’ , শুনচোন । – প্ৰণামিকাই ফোন কৰিলে ।
: উম ক । 
: আজি গোলাঘাটত মোৰ অলপ দেৰি হৈ গ’ল , এতিয়া বোকাখাতলৈ বাছ নাই । ডেৰগাওঁলৈকে আছে । মোৰ যদি দেৰি হয় , তই গাড়ীখন লৈ আহিবিচোন দেৰগাঁও ।
: মই নাযাওঁ , যেনেকৈ আহ , আহি থাকিবি । মই তোক গোলাঘাটৰ পৰা কেইটা বজাত আহিব কৈছিলোঁ ? 
: ৩:৩০ ত । 
: আৰু তই কেতিয়া আহিব ওলালি ? 
: ৪:৪৫ ত । 
: সময়ৰ মূল্য নুবুজা মানুহক মই সহায় নকৰোঁ ।
: নহয় অ ‘ দোকানত বস্তু এটা বিচাৰি থাকোতে দেৰি হৈ গ’ল অলপ । 
: কি বস্তু ? 
: এ লগৰ এগৰাকীৰ বস্ত । 
: লোকৰ বস্তু বিচাৰি টাইম নষ্ট কৰিব কি দৰকাৰ ? মুঠতে মই নাযাওঁ , যেনেকৈ আহ আহি থাকিবি । 
: বেছি কৰ অলপ ।

প্ৰশান্তই নানো বুলি মুখেৰে কলেও কিন্তু সি তাইক এনেও আনিব । গাড়ী নাপালে সি তাইক লৈ আহিবই । পিছে অলপ মজা পাওঁক বুলিয়ে তেনেকৈ ক’লে তাইক । 
লোকৰ বস্তু বিচাৰি সময় নষ্ট কৰি থকা বুলি শুনি তাৰ খুব খং উঠিল । এনেও সময়ৰ খেলি মেলি হলে তাৰ টিঙিছকৈ মাৰে ।

অৱশেষত প্ৰণামিকাই ট্ৰেভেলাৰ এখন পালে বোকাখাতলৈকে অহা । সেইখনত উঠি বোকাখাত পালেহি । তাইক ঘৰত থৈ আহিবলৈ প্ৰশান্ত স্কুটিখন লৈ আগবাঢ়ি গ’ল । স্কুটিত বহি আহি থকা সময়খিনি প্ৰশান্তই তাইক বকি বকি আহি থাকিল । 
: কাৰ মাঠাটো কৰিবলৈ লোকৰ বস্তু বিচাৰি আছিলি ? 
: আছিলে দৰকাৰ এটা । ( তাইও অলপ গহীন)
: কি ঘণ্টা দৰকাৰ আছিল ? মই কৈছিলোঁৱে দেখোঁন ৩:৩০ বুলি । তাৰ পিছত আকৌ কিহৰ লেটিপেটী ? 
: দৰকাৰ এটা আছিল বুলি কলোঁ দেখোঁন । 
: কি ঘণ্টা দৰকাৰ…..
: সেই এইডাল , ৰখা স্কুটি । ( আজি প্ৰণামিকাৰ সঁচাকৈ খং উঠিল ) 
: কি ? 
: অ ৰখা ।

প্ৰশান্তই স্কুটিখন ৰখালে । প্ৰণামিকাই সৰু পেকেট এটা ঠেকেছা মাৰি তাৰ হাতত দিলে । 
: হু ল এইটো । এইটো বিচাৰোঁতেই দেৰি হৈ গ’ল । 
: কি এইটো ? 
: খুলি চাই ল নিজে ।

প্ৰশান্তই পেকেটটো খুলি চালে , এটা যথেষ্ট দামী ঘড়ী আছিল । 
: এইটো ? 
: অ এইটোৱেই । তোলৈ আনিছিলোঁ । 
: মোলৈ ? 
: অ । অহা ২৯ জুনত তোৰ জন্মদিনত দিম বুলি ভাবিছিলোঁ । ভাবিছিলোঁ নিজে পিন্ধাই দিম বুলি । কিন্তু মোৰ ভাগ্যতে নাই এইবোৰ !

প্ৰচণ্ড খঙত কলে তাই কথাখিনি । কথাখিনি কওঁতে তাইৰ নাকটো ফুলি গৈছিল , খঙত গালখন ৰঙা পৰি গৈছিল । 
প্ৰণামিকাৰ খং দেখি প্ৰশান্ত ভয়ত পেঁপুৱা লাগিল । এইজনীৰ খং আগে পিছে দেখা নাই সি ।

ঘড়ীটো হাতত পিন্ধি সি অঁকৰাটোৰ নিচিনাকৈ পিৰিক-পাৰাককৈ চালে তাইলৈ । তাইৰ খং মাৰ যোৱাই নাছিল । 
: হেৰী নহয় , মোক মানে কথাটো কৈ দিয়া হলেও হয় ..
: চুপ , একদম চুপ । একো নকবি তই । একদম চিধা ঘৰ ব’ল এতিয়া ।

ধমকি খাই প্ৰশান্তই মনে মনে ভয়ে ভয়ে স্কুটি চলাই থাকিল । পিছৰ ছিটত প্ৰণামিকাই গহীন মুখেৰে বহি গৈ থাকিল । মুখেৰে ভোৰভোৰালে তাই – ” দম নিদিলে ই চল পাই গৈ থাকে ” ….

লেখা দুটি গেটওৱিয়ানত প্ৰকাশ কৰিবলৈ দিয়া বাবে হাজৰিকাদেৱলৈ গেটওৱিয়ানৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জনালো

Print Friendly, PDF & Email

4 Comments

  • মৃদুস্মিতা বৰুৱা

    ৱাহ, বঢ়িয়া লাগিল ।

    Reply
  • বিস্মিতা চৌধুৰী

    ভাল লাগিল । প্ৰথমটোৱে চকু সেমেকালে ।

    Reply
  • মুনমী ডেকা

    খুব ভাল লাগিল । ইউনিভাৰ্ছিটিৰ দিনবোৰলৈ মনত পৰি গল ।

    Reply
  • Rimli Choudhury

    খুব ভাল লাগিল । নিজৰ-নিজৰ যেন লাগিল গল্পটো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *