গেটওৱিয়ান/ Gatewayian

শেষ উপায়: কিছু সামৰিক গোপনকথা ~ অলকেশ ভাগৱতী

বৃটিছ নৌসেনাৰ হাতত চাৰিখন ভেনগাৰ্ড শ্ৰেনীৰ পাৰমাণৱিক চাবমেৰিন আছে ৷ ভয়াবহ Trident II আনৱিক মিছাইলেৰে সুসজ্জিত এই চাৰিখন চাবমেৰিনৰ অন্তত এখন হ’লেও চাবমেৰিন প্ৰতিটো মূহুৰ্ততে পৃথিৱীৰ কোনো প্ৰান্তৰ সাগৰত কৰ্মৰত হৈ থাকি বৃটেইনক পাৰমানৱিক আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে কৱচৰ দৰে কাম কৰি থাকে ৷ ইয়াৰ কাৰ্য্য পদ্ধতি আনবোৰ বৃটিছ চাবমেৰিনতকৈ বহু সুকীয়া ৷ এই চাৰিওখন চাবমেৰিনত বৃটেইনৰ প্ৰধানমন্ত্ৰীয়ে অতি গোপনীয় ভাবে লিখা চাৰিখন চিঠি থাকে ৷ বৃটিছ চৰকাৰৰ চিল মোহৰ মাৰি বন্ধ লেফাফাত থকা এই অতিশয় গুৰুত্বপুৰ্ণ চিঠি চাৰিওখনৰ প্ৰতিখন চিঠিতেই প্ৰতিতো শব্দই একেই লিখা থাকে ৷ চাৰিওখন চাবমেৰিনৰ কামাণ্ডাৰলৈ লিখা এই চিঠি চাৰিখন চাবমেৰিন কেইখনৰ এক অত্যাধিক সুৰক্ষিত বাকচত তলা মাৰি ৰখা হয় ৷ চিঠি কেইখন কেবল মাত্ৰ কিছু বিশেষ ঘটনা সংঘটিত হ’লেহে চাবমেৰিনৰ কামাণ্ডাৰজনে খুলি চাব পাৰে ৷ আৰু সেই বিশেষ ঘটনা হ’ল বৃটেইনৰ ওপৰত ভয়াবহ পাৰমাণৱিক আক্ৰমণ বা তেনে কোনো বিনাশকাৰী ঘটনা ৷ যদি বৃটেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ হৈ সমগ্ৰ বৃটেইনো ধ্বংস হৈ যায়, তেতিয়াও সংহাৰী বৃটিছ মিছাইলেৰে সুসজ্জিত এই চাবমেৰিন চাৰিখনৰ অন্তত এখন বাচি যাব ৷ কাৰণ এই চাবমেৰিন চাৰিখন বৃটেইনৰ পৰা বহু দুৰত বিশ্বৰ কোনো অজ্ঞাত প্ৰান্তত মহাসাগৰৰ বুকুত ঘুৰি ফুৰে ৷ গতিকে সেই সময়তো নিজে ধ্বংস হৈ গ’লেও লগতে শত্ৰুকো পাৰমাণৱিক আক্ৰমণেৰ নিশ্চিহ্ন কৰি যাবলৈ বৃটেইন সক্ষম ৷ এনে পৰিস্থিতিত চাবমেৰিনৰ কামাণ্ডাৰ জনে চিঠিখন উলিয়াই লৈ লেফাফাটো ফালি প্ৰধানমন্ত্ৰীয়ে তেওঁলৈ লিখা নিৰ্দেশটো পঢ়ি সেইমতে কাম কৰিব ৷ বহু বিশেষজ্ঞৰ মতে এই চিঠিখন খুলিবলগীয়া পৰিস্থিতি উদ্ভব হ’লে চিঠিখনত বৃটেইনৰ প্ৰধানমন্ত্ৰীয়ে কামাণ্ডাৰ সকলক দিয়া নিৰ্দেশবোৰ এনে ধৰণৰ হ’ব পাৰে :

ক ) ভয়াবহ Trident II আনবিক মিছাইলেৰে শত্ৰুক আক্ৰমন কৰি নিঃশেষ কৰি দিয়া ৷
খ ) চাবমেৰিনখন তৎক্ষণাৎ বৃটেইনৰ বন্ধু দেশৰ অধীনলৈ নি তেওঁলোকৰ চৰকাৰৰ আদেশ মতে কাম কৰা ৷
গ ) পিছৰ কাৰ্য্যপন্থা সৰ্ম্পকে চাবমেৰিনৰ কামাণ্ডাৰে নিজৰ বিবেকেৰে সিদ্ধান্ত লোৱা ৷
পৃথিৱী ধ্বংস কৰিব পৰা এই লেফাফা কেইটা এতিয়ালৈ নোখোলাকৈয়ে আছে ৷ যেতিয়াই বৃটেইনৰ প্ৰধানমন্ত্ৰী সলনি হয়, তেতিয়া এই লেফাফা কেইটা বাকচৰ পৰা উলিয়াই আনি নোখোলাকৈ ধ্বংস কৰি দিয়া হয় ৷ তাৰ ঠাইত ৰখা হয় নতুন বন্ধ লেফাফাত নতুন প্ৰধানমন্ত্ৰীয়ে দিয়া নতুন নিৰ্দেশ ৷ কোৱা হয়, এই নিৰ্দেশ ইমানেই গোপনীয় যে প্ৰধানমন্ত্ৰীয়ে নিজ হাতেৰে এই চাৰিওখন চিঠি লিখে ৷

বৃটেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ হোৱা বাতৰিটো হাজাৰ হাজাৰ কিলোমিটাৰ দুৰত মাজ সাগৰত থকা চাবমেৰিনৰ কামাণ্ডাৰজনে তৎক্ষণাৎ গম পাবলৈ কেইটামান অতি উন্নত পদ্ধতি তেওঁক কৈ থোৱা আছে ৷ তাৰ ভিতৰত এটা আচৰিত নিৰ্দেশ হ’ল – যদিহে চাবমেৰিনৰ ভিতৰত অৰ্হনিশে বজাই থাকিবলৈ নিৰ্দেশ দিয়া ‘বিবিচি ৰেডিও 4‘ ষ্টেচনটোৰ সম্প্ৰচাৰ বন্ধ হৈ যায় তেন্তে কামাণ্ডাৰে ধৰি ল’ব পাৰে যে বৃটেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ হৈছে ৷ আৰু তেতিয়া তেওঁ লেফাফাটো খুলি তাৰ ভিতৰত থকা নিৰ্দেশ মতে কাম কৰিব ৷

এয়াই হ’ল আনৱিক বোমাত ধ্বংস হৈ যোৱাৰ পিছতো শত্ৰুক সম্পূৰ্ণ ৰূপে নিঃশেষ কৰিব পৰা বৃটেইনৰ পাৰমাণৱিক প্ৰতিৰোধ ব্যবস্থা ৷

বৃটেইনৰ Second strike ব্যৱস্থা আমি জানিলো ৷ কিন্তু ৰাছিয়াৰ ক্ষেত্ৰত এই প্ৰতিশোধ ব্যৱস্থাটো কেনে ? যদিহে শত্ৰুৰ পাৰমাণৱিক আক্ৰমনে কোনোবাদিনা ৰাছিয়া ধ্বংস কৰি পেলায় তেতিয়া কি হ’ব ? মাটিত মিলি যোৱা ৰাছিয়াৰ প্ৰতিশোধ ল’বলৈ কিবা উপায় থাকিবনে ? এই প্ৰশ্নৰ উত্তৰটো হ’ল – ৰাছিয়া ধ্বংস হৈ যোৱাৰ পিছতো শত্ৰু দেশখন বিনাশ কৰিবলৈ ৰাছিয়াৰ এশ শতাংশই সক্ষমতা আছে আৰু থাকিব ৷ আৰু এই ব্যৱস্থা বৃটেইনৰ ভেনগাৰ্ড চাবমেৰিনত থকা শেষ উপায়ৰ চিঠি কেইখনতকৈও বহু বেছি ভয়ংকৰ ৷ যদিহে কোনোবাদিনা কিবা কাৰণত কোনো দেশে ৰাছিয়াৰ ওপৰত হঠাতে পাৰমাণৱিক আক্ৰমন কৰি দেশখন সম্পূৰ্ণৰূপে ধুলিস্যাৎ কৰি দিয়ে, তেন্তে সেইদিনা সেই মুহুৰ্ততে পৃথিৱীত মহাপ্ৰলয় হ’ব ৷ ৰাছিয়া ধুলিত মিলি যোৱাৰ পিছমূহুৰ্ততে দেশখনৰ মাটি ফুটি আৰু পানীৰ তলৰ পৰা হঠাতে নিজে নিজে ইমানবোৰ পাৰমাণৱিক মিছাইল ওলাই সমগ্ৰ উত্তৰ গোলাৰ্ধৰ অজস্ৰ স্থানত একেলগে এনেকৈ আঘাত কৰিব যে ইয়াৰ ফলত ৰাছিয়াক আক্ৰমণ কৰা দেশখনতো বাদেই, প্ৰায় সমগ্ৰ পৃথিৱীয়েই নিমিষতে নিশ্চিহ্ন হৈ যাব ৷ 
কিন্তু পাৰমাণৱিক আক্ৰমনত সম্পূৰ্ণ ৰূপে ধুলিস্যাৎ হৈ যোৱা দেশ এখনে এনেদৰে পৃথিৱী নিঃশেষ কৰা প্ৰত্যাক্ৰমন কৰাটো কেনেকৈ সম্ভব ? একেবাৰে সাধাৰণ ভাবে চাবলৈ হ’লেও এনে আক্ৰমণ পৰিচালিত কৰিবলৈ দেশখনত অন্তত কোনোবা এজন মানুহতো জীয়াই থাকিব লাগিব ৷ আৰু আধুনিক পাৰমাণৱিক আক্ৰমনৰ সন্মূখীন হ’লে এই আশা একেবাৰেই ক্ষীণ ৷ তেন্তে ৰাছিয়াত এজনো মানুহ জীয়াই নথকা অৱস্থাতো এই প্ৰত্যাক্ৰমন হ’ব কেনেকৈ ??!!

… বিশ্বৰ পাৰমাণৱিক মহাশক্তি ৰাছিয়াৰ ভয়াবহ “মাৰ্টভায়া ৰুকা” ব্যৱস্থালৈ আপোনাক স্বাগতম ৷ মাৰ্টভায়া ৰুকা মানে হ’ল মৃত হাত ( Dead hand ) . শত্ৰুৰ পাৰমাণৱিক আক্ৰমনত ৰাছিয়াৰ সকলো শেষ হৈ যোৱাৰ পিছত এই মৃত হাতখনেই হঠাৎ প্ৰাণ পাই উঠি ৰাছিয়াৰ সমগ্ৰ পাৰমাণৱিক অস্ত্ৰবোৰ একেলগে চলাই দিব ৷ মৃত হাতৰ আদেশত সমস্বৰে গৰ্জি উঠা অজস্ৰ পাৰমাণৱিক অস্ত্ৰই লগে লগে পৃথিৱীৰ বিভিন্ন টাৰ্গেটলৈ গতি কৰি কিছু সময়ৰ ভিতৰতে পৃথিৱীত মহাপ্ৰলয় আনি দিব ৷ পিছে এই মাৰ্টভায়া ৰুকা কোনো লোকৰ সঁচা হাত নহয় ৷ এয়া হ’ল ৰাছিয়াৰ বিধ্বংসী second strike ৰ এক অতিশয় গোপন পদ্ধতি ৷ ছোভিয়েট ৰাছিয়াৰ দিনৰে পৰাই ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰবোৰ নিয়ন্ত্ৰন কৰা মুখ্য ব্যৱস্থাটোৰ নাম হ’ল কাজবেক ( Kazbek ) . ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে সৰ্বক্ষনে নিজৰ লগত লৈ ফুৰা পাৰমাণৱিক অস্ত্ৰৰ বুটামবোৰ থকা ক’লা ৰঙৰ Samsonite কোম্পানীৰ ভয়ংকৰ Briefcase টো এই কাজবেক ব্যৱস্থাৰে এটা অংশ ৷ এই বেগটোৰ নাম ছেগেট ৷ 
1974 চনৰ 30 আগষ্ট তাৰিখে সেই সময়ৰ ছোভিয়েট ৰাছিয়াৰ কৃত্ৰিম উপগ্ৰহ, ৰকেট আৰু আন্তঃমহাদেশীয় মিছাইল নিৰ্মান প্ৰতিষ্ঠান ‘য়্যুজন’হে ডিজাইন ব্যুৰো’ লৈ ৰুছ চৰকাৰে 695-227 নম্বৰৰ এক অতিশয় গোপন চিঠি প্ৰেৰণ কৰে ৷ ছোভিয়েট ৰাছিয়াৰ ড্নেপ্ৰোপেট্ৰোভস্ক চহৰত ( বৰ্তমান ইউক্ৰেইনত ) থকা এই প্ৰতিষ্ঠানটোক ৰুছ চৰকাৰে পত্ৰযোগে এনে এক উন্নতমানৰ প্ৰযুক্তি নিৰ্মান কৰিবলৈ আদেশ দিয়ে যি প্ৰযুক্তিৰ যোগে সমগ্ৰ ৰাছিয়া কোনো পাৰমাণৱিক আক্ৰমণত ধ্বংস হৈ যোৱাৰ পিছতো ৰাছিয়াৰ মিছাইলবোৰে নিজে নিজে গৈ শত্ৰু দেশবোৰৰ ওপৰত মোক্ষম আঘাত কৰিব পাৰে ৷ চৰকাৰৰ আদেশ পাই মাত্ৰ পাঁচ বছৰৰ ভিতৰত প্ৰতিস্থানটোৱে UR-100UTTKh শ্ৰেণীৰ আন্তঃমহাদেশীয় মিছাইলৰ দ্বাৰা ৰাছিয়াৰ পাৰমানৱিক অস্ত্ৰ শস্ত্ৰ সমূহ মানৱ ৰহিত ভাৱে নিয়ন্ত্ৰণ কৰিব পৰা এক ভয়ংকৰ পদ্ধতি আৱিষ্কাৰ কৰি উলিয়ায় ৷ এই পদ্ধতিটোৰ নাম হ’ল Perimeter . ইয়াক আন এটা নামেৰে বেছিকৈ জনা যায় আৰু সেইটো হ’ল ওপৰত উল্লেখ কৰা মাৰ্টভায়া ৰুকা ( Dead hand ). 1979 চনৰ 26 ডিচেম্বৰৰ দিনা এই পদ্ধতিৰ প্ৰথম পৰীক্ষণ কৰি চোৱা হয় ৷ ইয়াৰ পিছত 1984 চনৰ নভেম্বৰ মাহত এই পদ্ধতিৰ সম্পূৰ্ণ আৰু সফল পৰীক্ষণ কৰি চোৱা হয় ৷ সেইদিনা বেলাৰুছৰ পোলট্স্ক চহৰৰ পৰা এটা মিছাইল আকাশলৈ উৰি গৈ বৈক’নুৰত থকা RS-20 আম্তঃমহাদেশীয় মিছাইল মজুত কেন্দ্ৰ এটাত থকা সকলো মিছাইলক একেলগে উৰিবলৈ আদেশ দিয়ে ৷ বেলাৰুছৰ পৰা উৰি অহা মিছাইলটোৱে আদেশ দিয়াৰ লগে লগে বৈক’নুৰৰ RS-20 মিছাইলবোৰে এটা এটাকৈ উৰি গৈ পূৰ্ব নিৰ্ধাৰিত মতে ৰাছিয়াৰ কামছাটকা অঞ্চলৰ ‘কুৰা পৰীক্ষণ স্থল’ ত আঘাত কৰে ৷ এই সফল পৰীক্ষণৰ পিছত 1985 চনৰ পৰা মাৰ্টভায়া ৰুকাক ৰাছিয়াৰ পাৰমাণৱিক প্ৰত্যুত্তৰৰ প্ৰধান অংগ হিচাবে অন্তৰ্ভুক্ত কৰা হয় আৰু সময়ে সময়ে উন্নত হৈ থাকি এই ব্যৱস্থাই আজিও ৰাছিয়াৰ মহাশক্তিমান পাৰমাণৱিক কৱচ ৰূপে কাম কৰি আছে ৷


পিছে মাৰ্টভায়া ৰুকাই কাম কেনেকৈ কৰে ? সন্দেহ কৰা মতে ৰাছিয়াৰ উৰাল অঞ্চলৰ কোছভিন্সকি পৰ্বতৰ মাটিৰ বহু তলত থকা এক অত্যাধিক সুৰক্ষিত বাংকাৰ হ’ল মাৰ্টভায়া ৰুকাৰ প্ৰাণকেন্দ্ৰ ৷ এই বাংকাৰ ইমানেই শক্তিশালী যে কোনো ধৰণৰ পাৰমাণৱিক বিষ্ফোৰণেই ইয়াক কোনো ক্ষতি কৰিব নোৱাৰে ৷ মাটিৰ বহু তলৰ এই বাংকাৰটোত মাৰ্টভায়া ৰুকা পদ্ধতিক নিৰীক্ষণ কৰি থাকে এজন ৰুছ সেনা বিষয়াই ৷ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপট গভীৰ ভাৱে নিৰীক্ষণ কৰি থকা ৰুছ চৰকাৰে যদি কোনো সময়ত ভাৱে যে তেওঁলোকৰ দেশত শত্ৰু দেশে পাৰমাণৱিক আক্ৰমণ কৰাৰ সম্ভাৱনা আছে, তেন্তে চৰকাৰে মাৰ্টভায়া ৰুকা পদ্ধতিটো activate কৰি দিয়ে ৷ আদেশ পোৱাৰ লগে লগে এই পদ্ধতিটো ইয়াৰ নিজৰ চকু কাণবোৰ মেলি সক্ৰিয় হৈ পৰে ৷ যদিহে এই পদ্ধতিয়ে মস্কোৰ সাধাৰণ পৰিবেশত সামান্য তাৰতম্যও ধৰা পেলায় তেন্তে ই লগে লগে অতি সক্ৰিয় হৈ উঠি বহুতো পৰীক্ষা নিজে নিজেই আৰম্ভ কৰি দিয়ে ৷ ধৰা হ’ল মস্কোত ভয়াবহ পাৰমাণৱিক আক্ৰমণ হ’ল ৷ তেতিয়া : – মাৰ্টভায়া ৰুকাৰ sensor বিলাকে ধৰা পেলাব যে মস্কোৰ ভূমিত ভয়ানক কম্পন হৈছে ৷ মাৰ্টভায়া ৰুকাক সামৰিক বিশেষজ্ঞ সকলে আগতেই শিকাই থৈছে যে এয়া আনৱিক বিষ্ফোৰণৰ লক্ষণ হব পাৰে ৷ গতিকে মূহুৰ্তৰ ভিতৰতে সেয়া ভুমিকম্প নে আণৱিক বিষ্ফোৰণ সেয়া নিৰ্নয় কৰিবলৈ ই কামত লাগি যাব ৷ লগে লগে ইয়াৰ sensor বোৰে মস্কোৰ আকাশৰ বায়ুমণ্ডলীয় চাপ, আণৱিক বিকিৰণ, ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েচন আদি অজস্ৰ বস্তু পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিব ৷ এই সকলোবোৰ কথা পদ্ধতিটোত সংলগ্ন থকা কম্পিউটাৰ বোৰে ‘If yes, then…’ ধৰণে এফালৰ পৰা নিশ্চিত কৰি যাব ৷ মানে : –

কম্পন হৈছে :- এয়া পাৰমাণৱিক আক্ৰমণৰ লক্ষণ হ’ব পাৰে নেকি ?? Yes, হ’ব পাৰে ৷ Then, বায়ুমণ্ডলৰ চাপ পৰীক্ষা কৰা ৷

বায়ুমণ্ডলৰ চাপো পৰিবৰ্তন হৈছে :- এয়া পাৰমাণৱিক আক্ৰমণৰ লক্ষণ হ’ব পাৰে নেকি ?? Yes, হ’ব পাৰে ৷ Then, মস্কোত ৰেডিয়েছনৰ মাত্ৰা পৰীক্ষা কৰা ৷

মস্কোত Radiation ৰ মাত্ৰা বাঢ়িছে : – এয়া পাৰমাণৱিক আক্ৰমণৰ লক্ষণ হ’ব পাৰে নেকি ?? Yes, হ’ব পাৰে ৷ Then, ইলেক্ট্ৰোমেগনেটিক তাৰতম্য পৰীক্ষা কৰা …. 
এনেদৰে প্ৰতিবাৰতে যদি উত্তৰটো Yes আহে তেন্তে এনে অজস্ৰ পৰীক্ষাৰ অন্তত মাৰ্টভায়া ৰুকা নিশ্চিত হব যে এয়া পাৰমাণৱিক আক্ৰমণ ৷ লগে লগে ই ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰবোৰ নিয়ন্ত্ৰন কৰা মুখ্য ব্যৱস্থা কাজবেক ( Kazbek ) ৰ লগত সম্পৰ্ক কৰিবলৈ চেষ্টা কৰিব ৷ কাজবেকৰ মুখ্য নিয়ন্ত্ৰক হ’ল ৰুছ ৰাষ্ট্ৰপতি ৷ গতিকে বৰ্তমান সময়ত এনে পৰিস্থিতি উদ্ভৱ হ’লে মাৰ্টভায়া ৰুকাই পৰবৰ্তী আদেশৰ বাবে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ লগত সংযোগ স্থাপনৰ চেষ্টা কৰিব ৷ যদিহে পুটিনৰ পৰা কোনো উত্তৰ নাহে বা সংযোগ স্থাপন নহয় তেন্তে ই ধৰি লব যে সৰ্বশক্তিমান ৰাছিয়াৰ প্ৰলয়ংকাৰী কাজবেকৰ নিয়ন্ত্ৰক পুটিন আৰু এই পৃথিৱীত নাই ৷ শত্ৰুৰ পাৰমাণৱিক আক্ৰমনত ৰাছিয়াৰ গৌৰৱ ক্ৰেমলিন ধুলিস্যাৎ হৈ গৈছে ৷ লগে লগে ই কাজবেকৰ দ্বিতীয় নিয়ন্ত্ৰকক সংযোগ কৰাৰ চেষ্টা কৰিব ৷ তাতো যদি সংযোগ নহয় বা উত্তৰ নাহে তেন্তে ই নিশ্চিত হব যে তেৱো নিহত হৈছে ৷ ইয়াৰ পিছত ৰাছিয়াৰ বিভিন্ন স্থানত থকা কাজবেকৰ তৃতীয়, চতুৰ্থ আদি নিয়ন্ত্ৰকক সংযোগ কৰাৰ চেষ্টা কৰা হব ৷ যদিহে কৰো পৰা একো সহাৰি নাহে তেন্তে মাৰ্টভায়া ৰুকা নিশ্চিত হ’ব যে এয়া এক অকল্পনীয় বৃহৎ পাৰমাণৱিক আক্ৰমন আৰু এই আক্ৰমনত সমগ্ৰ ৰাছিয়া মাটিত মিলি গৈছে ৷ লগে লগে মাৰ্টভায়া ৰুকা অতি সক্ৰিয় হৈ উঠিব ৷ এয়া প্ৰতিশোধৰ সময় ৷ ৰাছিয়াক আক্ৰমণ কৰি বিশ্বৰ কোনো শক্তিৰ এটা প্ৰাণীও জীয়াই থাকিব নোৱাৰে ৷ লগে লগে কাজবেকৰ সমস্ত নিয়ন্ত্ৰণ মাৰ্টভায়া ৰুকাই নিজে লৈ লব ৷ উৰালৰ কোছভিন্সকি পৰ্বতৰ তলৰ বাংকাৰত থকা ইয়াৰ একমাত্ৰ নিয়ন্ত্ৰকক ই সুধিব “মহাশয়, কি কৰো ? পৃথিৱীখন নিশ্চিহ্ন কৰি দিওঁনে ?” আৰু সেই ভয়াল ক্ষণত সমগ্ৰ পৃথিৱীৰ একমাত্ৰ ভাগ্য নিয়ন্তা হৈ পৰিব বাংকাৰত থকা এই নামবিহীন সামৰিক বিষয়াজন ৷ তেওঁ কোনো 24/25 বছৰীয়া ডেকা এজনো হব পাৰে ৷ যদিহে তেওঁ কয় “yes, কৰি দে “, তেন্তে পৃথিৱীত লগে লগে মহাপ্ৰলয় আৰম্ভ হ’ব ৷ সেই সময়ত তেওঁ যদিহে নালাগে বুলি কয় তেন্তে ই সাময়িক ভাৱে ৰৈ যাব ৷ কিন্তু যদিহে তেওঁ ‘কৰি দে ‘ বুলি কয় নাইবা কিছু সময় কোনো উত্তৰ নিদিয়াকে থাকে তেন্তে লগে লগে মাৰ্টভায়া ৰুকাই আক্ৰমন আৰম্ভ কৰি দিব ৷ ইয়াৰ পৰা আদেশ পোৱাৰ লগে লগে ৰাছিয়াৰ অতি গোপন স্থানত পাৰমাণৱিক বোমা বিৰোধী বাংকাৰৰ ভিতৰত অতি সুৰক্ষিত অৱস্থাত থকা কিছুমান আন্তঃমহাদেশীয় মিছাইল আকাশলৈ উৰা মাৰিব ৷ কিন্তু এই মিছাইলবোৰত কোনো বোমা নাথাকে ৷ তাৰ সলনি এইবোৰত থাকিব সংকেত প্ৰেৰণ কৰিব পৰা কিছুমান ট্ৰেন্সমিটাৰ ৷ এই মিছাইলবোৰে সমগ্ৰ ৰাছিয়াৰ জলে স্থলে সৰ্বদিশে সৰ্বকোণে ঘুৰি ৰাছিয়াৰ শতাধিক গোপন স্থানৰ বাংকাৰ, বিমান, চাবমেৰিন আদিত লুকাই থকা সহস্ৰাধিক পাৰমাণৱিক মিছাইলক আক্ৰমনৰ বাবে সংকেত প্ৰেৰণ কৰিব ৷ মূল মিছাইলবোৰৰ পৰা সংকেত পোৱাৰ লগে লগে সকলো মিছাইলে প্ৰচণ্ড খঙেৰে গৰ্জি উঠি আকাশলৈ উৰা মাৰি গৈ আমেৰিকা আৰু নাটো সদস্য দেশবোৰৰ অজস্ৰ পূৰ্বনিৰ্ধাৰিত স্থানত একেলগে আঘাত কৰিব ৷ আৰু তাৰ পিছত ? তাৰ পিছত মহাপ্ৰলয় ৷ এনে এক মহাপ্ৰলয় যাৰ কথা কল্পনাও কৰিব নোৱাৰি ৷ ৰাছিয়াক আক্ৰমন কৰাৰ প্ৰতিশোধ লৈ মাৰ্টভায়া ৰুকাই নিমিষতে পৃথিৱী নিশ্চিহ্ন কৰি দিব ৷ এনে পৰিস্থিতিৰ বাবে মিছাইলবোৰক আক্ৰমণৰ আদেশ দিবলৈ নিয়ন্ত্ৰক মিছাইলবোৰৰ উপৰিও বৰ্তমান ৰাছিয়াৰ কৃত্ৰিম উপগ্ৰহবোৰো সাজু ৷ 
গতিকে ৰাছিয়াক কোনো দেশে পাৰমাণৱিক আক্ৰমন কৰিলে ৰাছিয়া ধ্বংস হৈ যোৱাৰ পিছতো পৃথিৱীৰ বিনাশ নিশ্চিত ৷ ৰাছিয়া এক শুই থকা সিংহ ৷ ইয়াক জগাই নোলোৱাটোৱেই পৃথিৱীৰ কাৰণে মঙ্গল ৷ নিজে ধ্বংস হৈ যোৱাৰ পিছতো শত্ৰুক ধ্বংস কৰাৰ এনে ব্যৱস্থাকে Second strike বুলি কোৱা হয় ৷ বিশ্বৰ সকলো পাৰমাণৱিক শক্তিসম্পন্ন দেশৰেই কম বেছি পৰিমানে second strike ৰ শক্তি আছে ৷ ইয়াৰ বিষয়ে পিছত লিখা হব ৷

সংযোজন : কিছুমান কথা কোৱাৰ আগতে কিছুমান কথা ভাৱি লোৱাটো ভাল ৷ আমাৰ দেশৰ সাধাৰণ জনতাৰ কথা বাদেই দিলো, বহু নেতা, বুদ্ধিজীৱীয়েও মাজে সময়ে ভাৰতে পাকিস্থানৰ ওপৰত পাৰমাণৱিক আক্ৰমণ কৰি পাকিস্থানক ধুলিত মিলাই দিব লাগে বুলি দাবী কৰে ৷ তেওঁলোকৰ মতে তাৰ বাবে হেনো মাত্ৰ কেইমিনিটমানহে প্ৰয়োজন ৷ কিন্তু ৰাছিয়াৰ দৰে ভয়াবহ নহ’লেও পাকিস্থানৰো second strike কৰা সামৰ্থ্য কিছু পৰিমানে আছে ৷ এই কথাটোও আবেগিক ভাৰতীয়ই জনা দৰকাৰ ৷ আনহাতে ভাৰতে No first use policy ঘোষনা কৰি থৈছে ৷ অৰ্থাৎ ভাৰতে কাকো প্ৰথম পাৰমাণৱিক আক্ৰমণ নকৰে ৷ ভাৰতে মাথো পাৰমানৱিক আক্ৰমণ হ’লে প্ৰত্যুত্তৰহে দিব ৷ মানে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰবোৰো Second strike ৰ বাবেহে ৷ আৰু এই ক্ষেত্ৰত ভাৰত সম্পূৰ্ণ ৰূপে সক্ষম ৷ যদিহে কোনোবাদিনা পাৰমাণৱিক আক্ৰমণত নতুন দিল্লী সম্পূৰ্ণ ধ্বংস হৈ যায়, সেইদিনা second strike ৰ ৰূপত ভাৰতবৰ্ষৰ পাৰমানৱিক মিছাইলবোৰে কেনেকৈ মহাসমুদ্ৰৰ বুকুৰ ভিতৰৰ পৰা ওলাই নিমিষতে পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিব পাৰে সেই বিষয়ে আগলৈ লিখাৰ চেষ্টা কৰিম ৷

Print Friendly, PDF & Email

4 Comments

  • হিমাশ্ৰী দাস

    ৱাহ, চিনেমাৰ দৰে লাগিল । আগলৈও আশা কৰিলো ।

    Reply
  • নিশা কাশ্যপ

    বঢ়িয়া লাগিল ।

    Reply
  • অংশুমিতা কলিতা

    খুব ভাল লাগিল । আগলৈও আপোনাৰ লেখাৰ অপেক্ষা কৰিম ।

    Reply
  • গীতিমণি দেৱী

    খুব ভাল লাগিল । লেখকলৈ অশেষ ধন্যবাদ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *