গেটওৱিয়ান/ Gatewayian

“পুৰুষে” ৰন্ধা ৰেচিপি – ✍দেৱজিত শইকীয়া

(১)

পুৰুষে ৰন্ধা চিকেন কাৰিৰ ৰেচিপি :

উপকৰণ :
মাংস – বজাৰৰ পৰা কিনি অনা গোটেইখিনি
পিঁয়াজ – ঘৰত বিছাৰি খুচৰি পোৱা পিয়াজ গোটেই কেইটা
আদা, নহৰু – গুছাই ভাগৰ লগা লৈকে যিকেইটা হয়৷ 
জলকীয়া – পিছদিনা পুৱা চিন্তা কৰিব লগিয়া নোহোৱা জোখৰ৷
আলু – মাংস কম হ’লে বেছিকৈ বা মাংস বেছিকৈ হ’লে কমকৈ 
জিৰাগুৰি – পাঁচটকীয়া পেকেট গোটেইটো
ধনিয়াগুৰি – জিৰাৰ দৰেই
জলকিয়াগুৰি – কেৰাহিত অকন অকন কৈ দি ৰংটো ৰঙা হৈছেনে নাই অনুভৱ কৰা পৰিমানৰ
তেল – দুই তিনিবাৰ কেৰাহী আৰু মাংস খিনি চাই আইডিয়া কৰি নিজৰ জোখত দিব৷ 
পানী – জোলৰ প্ৰয়োজন অনুসৰি 
গৰমমছলাঃ পটাখনতে অকনমান খুন্দি ল’ব৷
নিমখ- অলপ অলপকৈ দি টেষ্ট কৰি চাই ল’ব৷ হালধী প্রয়োজন অনুসৰি অলপ সাবধানে দিব৷ মনত ৰাখিব ৰিস্কি কাৰবাৰ কেবল হালধী আৰু নিমখটোৱেই৷

প্রণালী =

প্রথমে কেৰাহীটো ধুই ল’ব নাপাহৰিব ৷ বাৰ্নাৰত কেৰাহীটো দি চিলিণ্ডাৰৰ চুইছটো ওপৰলৈ নে তললৈ কৰিলে “ফুছ” কৈ শব্দ কৰে লক্ষ্য কৰি ল’ব আৰু জুইশলা মাৰি চাই ল’ব৷ চুইছটো তললৈ বা ওপৰলৈ কৰোতে যিকোনো এবাৰত জ্বলিব খাটাং৷

এতিয়া কেৰাহীটো বহাই তেল দিব, তেল গৰম হৈছেনে নাই অকন অকন পিয়াজ তেলত পেলাই পৰীক্ষা কৰি ল’ব৷ যদি তেলত পিয়াজ দিওতে “ফছ” কৈ শব্দ কৰা নেদেখে তেন্তে গম পাব তেল গৰম হোৱা নাই৷

পিয়াজ গৰম হোৱাত মানে ক’লা হৈ যোৱাৰ আগত মাংসখিনি তেলত দিব৷ খপজপ নকৰিব৷ দৌৰ মাৰি গৈ হেতাখন বিছাৰি আনি হেতাৰে লৰাই থাকিব৷ হেতাখন আওদালি ল’বলৈ সময় নাপালে লুঙি বা হাতমোছা কাপোৰৰেই এবাৰ মছি ল’ব৷ 10 মিনিটমান ভজাৰ পিছত পিয়াজ,আদা নহৰু পেষ্ট খিনি দি অলপ সময় ভাজি ঢাকনি লগাই সিজিব দি ফেচবুক কৰিব পাৰিব৷

অলপ ভজাৰ পিচত জিৰাগুৰি,ধনিয়াগুৰি,জলকীয়াগুৰি আদিৰ পেকেটবোৰ দাঁতেৰে ফালি কেৰাহীত দি নিমখ,হালধী সোপাকে মিলাই মাংসখিনি ভাজি থাকক ।

মাজে মাজে সৰু সৰু পিছবোৰ হেতাৰে উঠাই নিমখ আৰু সিজিছেনে নাই টেষ্ট কৰক৷ মনত ৰাখিব যে মাংসৰ টুকুৰা সিজিছেনে নাই হেতাৰে হেচুকি চোৱা নহয়৷ তেনে কৰিলে কেৰাহি লুটি খাই পৰাৰ সম্ভাৱনা থাকে৷

আগতে ভাজি লোৱা আলুখিনিও দি মাংসৰ সৈতে ভালদৰে ভাজক৷ চাব যাতে কেৰাহীত লাগি নধৰে আৰু জ্বলি ছাই নহয়৷ মনত ৰাখিব এই সময়কন খুব গুৰুত্বপূৰ্ণ৷ সংসাৰৰ সকলো চিন্তা বাদ দি এই সময়কন মাংস ৰন্ধাত মনোযোগ দিয়ক৷

মাংস খোৱা মানুহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পানী ঢালক৷ মনত ৰাখিব লগত যদি দাইল আদি আছে পানী বেছি নাধালিব৷ ঢাকনি লগাই উতলিব দিয়ক । ঢাকনি দাঙি চাওতে কি দৰে ঢাকনিখন ডাঙিম ভাবোতে দুই এবাৰ ঢাকনিখন পৰিব পাৰে নিৰাশ নহ’ব৷ ধুৱ নালাগে, লুঙিত বা গৰম বাচন ধৰা কাপোৰৰেই ঢাকনিখন মছি পুনৰ কেৰাহীত দিব পাৰিব৷

“হেৰা মাংসত পানী ঢালোনে ?” বুলি নুসুধিব৷ কেই মগ ঢালো বুলিও নুসুধিব৷ আজি নিজৰ আইডিয়া মতে ৰান্ধক ৷ কেৱল ঘৰৰ আন মানুহক মাংসৰ চেন্ট পাইছেনে নাই সোধক৷ যদি নাই পোৱা বুলিও কয় নিৰাশ নহ’ব৷ ইমানসোপা মা মছলা দিছে যেতিয়া খাব পৰা হ’বই৷ 
উতলাৰ পিচত জোলকণ ডাঠ হলে ধনীয়াপাতৰ ঠাৰি কেইডাল হাতেৰে মোহাৰি চিঙি টেপৰ পানীত ধুই কেৰাহিত দি দিয়ক৷

মনত ৰাখিব এই সময়তে ম’বাইলত ফটো এখন লৈ ফেচবুকত পষ্ট কৰাটো নিত্যান্তই প্ৰয়োজনীয়৷

বি.দ্ৰ. : গৰম মছলা যে দিবলৈ পাহৰিলে কাকো নক’ব৷ পাৰিলে কম মছলাটো সুন্দৰ ৰান্ধিব পাৰো বুলি মন্তব্য এটা সকলোৱে শুনাকৈ বতাহত এৰি দিব৷

(২)

পুৰুষে ৰন্ধা মাছৰ টেঙা জোল :

পুৰুষৰ জুহালত আজি আমি সকলো বৰলা তথা বিবাহিত পুৰুষে সহজতে বনাব পৰাকৈ নেমুটেঙাৰে বনোৱা মাছৰ জোলৰ ৰেচিপি আগবঢ়াইছো৷ ইচ্ছুক পুৰুষ সকলে সাহস কৰি বনাই চাব পাৰে৷ মাছৰ টেঙাজোল বনাবৰ বাবে প্ৰথমে বজাৰৰ পৰা মাছ আৰু নেমুটেঙা দুটা কিনি ঘৰলৈ আহক৷ পাকঘৰত অনাধিকাৰ প্ৰবেশ কৰক আৰু ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ কৰক৷

উপকৰণ =
মাছ – মাছৰ সৰু বৰ নাই৷ যি মাছেই কিনে চলি যাব৷ 
পিঁয়াজ – টেঙা জোলত পিয়াজ দিয়ে নে নিদিয়ে সেইটো অলপ বিতৰ্কৰ বিষয় গতিকে বিতৰ্কৰ পৰা আতৰি থাকক৷ সেইবোৰ বেমেজালিত সোমোৱাতকৈ পিয়াজ নিদিয়াকৈয়েই বনাওক৷

আদা, নহৰু – মনত ৰাখিব “টেঙা জোল” গতিকে টেঙা শব্দটো মনত ৰাখি আগবাঢ়ক৷ এই আদা নহৰু জাতীয়বোৰ মছলা সামগ্ৰীহে৷ গতিকে এইবোৰ বাদ দিয়ক৷ এইবোৰ দি নিজকে একো নজনা হেন প্ৰতিপন্ন নকৰিব৷

জলকীয়া – দুফাল কৰি লওঁক৷ সোৱাদৰ লগতে চকুজুৰি শাত পৰাকৈ জ্বলাৰ লগতে ডিজাইনটোও ভাল হোৱাটো প্ৰয়োজনীয়৷

আলু – নতুন আলু পানীৰ টেপৰ তলত হাতেৰে মোহাৰি বাকলিখিনি গুছাই লওঁক৷ সাধাৰণতে দীঘলকৈ কটা আলুৰ পিছ বোৰে সৌন্দৰ্য্য বঢ়াই গতিকে কষ্ট হলেও তেনেদৰেই কাটি লওঁক৷ নহলে চাৰিফাল কৰি লওঁক কাৰণ কুকাৰত দি দুটা হুচেইল মৰা পিচত চেপত এনেও নাথাকে৷ কটাৰ পিচত আকৌ এবাৰ ধুৱলৈ নাপাহৰিব৷ পুৰুষ সকল লেতেৰা বুলি সঘনাই কোৱা কথাষাৰক ভুল বুলি প্ৰমাণিত কৰক৷

জিৰাগুৰি – পাঁচটকীয়া পেকেট গোটেইটো নাধালিব, সৰু ফুঁটা এটা কৰি জোকাৰি দিলেও হ’ব৷ 

ধনিয়াগুৰি – জিৰাৰ দৰেই

পাচফুৰণঃ পাঁচবিধ ফুৰণ কি কি নাম জনাৰ প্ৰয়োজন নাই, পাঁচফুৰণ হাতৰ তলুৱাত লৈ অনুমান কৰি ল’ব৷

তেল – মাছ ভাজিব পৰা জোখৰ৷

পানী – জোলৰ প্ৰয়োজন অনুসৰি যদিও টেঙাৰ ওপৰত নিৰ্ভৰ কৰিব৷ জোখটো শেষলৈ ৰাখক৷

নিমখ- অলপ অলপকৈ দি টেষ্ট কৰি চাই ল’ব৷ হালধী প্রয়োজন অনুসৰি লব ।

প্রণালী =

প্রথমে মাছ খিনি তিনি চাৰিবাৰ যিমান পাৰে ধুই মেলি লওঁক৷ চাব যাতে মাছৰ পিচবোৰ ধোৱাৰ কোবত ভাঙি নেপেলায়৷ এতিয়া হাতটো মছি লৈ কেৰাহীটো বাৰ্নাৰত বহাই দি তেল বাকক৷ তেল গৰম হোৱালৈ মাছ কেইপিছলৈ আমন-জিমন কৈ চাই “সোপাকে ভাজিব লাগিব” বুলি মনতে ভাবি দুখ মনেৰে চাই সময় পাৰ কৰক৷ এই সময়ত মাছৰ টুকুৰা কেইটাৰ কোনটো আগত ভাজিব বা পিছত ভাজিব মনতে কেলকুলেশ্চন এটা কৰি ল’ব পাৰে৷

কিবা এটা পাহৰিছে যেন অনুভৱ কৰিছে যদি ঠিকেই ভাবিছে৷ দৌৰাদৌৰিতে আপুনি মাছত হালধী নিমখ সানিবলৈ পাহৰিলে৷ কোনো কথা নাই, গেছৰ ষ্টভটো বন্ধ কৰক৷ টেমাবোৰ খুলি খুলি হালধী আৰু নিমখ বিছাৰক৷ হালধীৰ টেমাটো সৰু হয় আৰু হালধী লাগি থকা বাবে বিছৰাত অসুবিধা নহয় যদিও নিমখ বিছাৰোতে সাবধান হ’ব কিয়নো নিমখ আৰু চেনীৰ বৰণ আৰু আকৃতি প্ৰায় একেই৷ সেয়েহে তৰ্জনী আঙুলীৰে অকণ চেলেকি পৰীক্ষা কৰি ল’ব৷

মাছত হালধী নিমখ সনা হ’ল৷ এতিয়া পুনৰ গেছ জ্বলাওক৷ তেল গৰম হ’লে হেতাত মাছ এপিছ লৈ কেৰাহীৰ পৰা দুই তিনিফুট আঁতৰি আহক৷ সুৰক্ষাৰ বাবে হাতত কেৰাহী ধকা ঢাকনিখন বাওঁহাতত লৈ সোঁহাতেৰে হেতাত লোৱা মাছ পিছ কেৰাহীৰ তেলত দিয়ক৷ দূৰৈৰ পৰা নিৰীক্ষণ কৰি সামান্য লৰাই দি বোন্দাপৰ দি ৰৈ থাকক৷

মাছ ভজা হ’লে সেই তেলতে পাচফুৰণ দিয়ক আৰু কুকাৰত ইতিমধ্যে সিজাই লোৱা আলুখিনি দি ভাজক৷ জিৰা ধনীয়া হালধী নিমখ দি লৰাওক৷

মাছ ভজা তেলত হালধী নিমখ দি আলু ভাজোতে সিজোৱা আলু বাবে তেলৰ পৰিমাণ কমি যাবও পাৰে৷ চিন্তা নকৰিব৷ কেৰাহীৰ মাজ ডোখৰৰ পৰা আলুখিনি হেতাৰে কেৰাহীৰ চৌপাশলৈ নি মাজত গাঁত খন্দাৰ দৰে কৰি তেল অলপ দি গৰম হ’বলৈ দি পুনৰ মিহলাই দিয়ক৷ কাকো নজনাব৷

এতিয়া মানুহৰ সংখ্যা অনুসৰি প্ৰতিজনৰ বাবে এবাটিতকৈ অলপ কম পানী ঢালি উতলিব দিয়ক৷ “বক বক” বুলি শব্দ এটা শুনিলে মাছৰ পিছবোৰ এটা এটাকৈ জোলত এৰি দিয়ক৷ নমোৱাৰ আগে আগে জোলত নেমু চেপি দিয়ক৷ চাব মাছৰ টেঙা জোল হে নেমুৰ চৰ্বত নহয় গতিকে হেতাৰে অকনমান জোল আনি ফুঁ ফুঁ কৰি হাতৰ তলুৱাত দি পতজল খোৱাদি খাই টেঙাটো টেষ্ট কৰি লওঁক৷ টেঙা বেছি হ’লে নিমখ ঢালক বা নিমখ বেছি হ’লে নেমু চেপক, পিছে সৰুতে পঢ়া সাধুটোৰ দৰে মেকুৰিয়ে ৰুটি দগাপাল্লাত লৈ সমানে দুখন কৰিবলৈ চেষ্টা কৰাৰ দৰে নেমুু নিমখ কৰি নাথাকি যি হয় হ’ব বুলি ভগবানৰ নামত এৰি দিয়ক৷

নিদিলেও চলে যদিও পাৰিলে তাত নৰসিংহ পাত দুটামান পেলাই দিয়ক, ৷ চাব নৰসিংহ পাত বুলি নিমপাত নিদিব৷ মনত খুদুৱনি থাকিলে পাতটো প্ৰথমে এবাৰ শুঙি চাই ল’ব৷ এতিয়া ম’বাইলত ফটো মাৰক, ফেচবুকত পষ্ট কৰক আৰু পৰিবেশন কৰক৷

বি.দ্ৰ. : মনত ৰাখিব পাকঘৰৰ সোপাকে বাচন লেতিয়াই তেনেদৰে থৈ অহাটোও ৰান্ধনি হিচাপে আপোনাৰ অন্যতম কৃতিত্ব৷

(৩)

পুৰুষৰ জুহালত “মেগী” :

পুৰুষ সকলে সহজতে বনাব পৰা কেইবিধমান খাদ্য, ৰন্ধন প্ৰণালী তথা ল’ব লগীয়া সাৱধানতা সম্বন্ধে লিখিব লৈছো৷ চিকেন তথা মাছৰ টেঙাজোলৰ ৰেচিপিৰ পিচত এইবাৰ পুৰুষে মেগী বনোৱা পদ্ধতি আগবঢ়ালো :

প্ৰথমেই ভালদৰে শুনি লওঁক যে “দুই মিনিটত” মেগী বনাব পৰা কথাষাৰ পুৰুষৰ ক্ষেত্ৰত গোকাট মিছা কথা৷ সেইবোৰ বিজ্ঞাপনতহে শুনি ভাল লাগে৷

যি কি নহওঁক পোন প্ৰথমে মেগী কিহত বনাব পাত্ৰটো সুনিশ্চিত কৰক৷ কেৰাহীটো যদি কিবা বনাব পৰা অৱস্থাত আছে তেন্তে চিন্তা নাই৷ কিন্তু যদি ধুৱ লগা অৱস্থাত আছে তেনে আন পাত্ৰ সমূহলৈ এবাৰ চকু ফুৰাওঁক৷ চাহ বনোৱা সৰু চচপেন বা ফ্ৰায়িং পানখনো ব্যৱহাৰ কৰিব পাৰে৷ মনত ৰাখিব আপুনি পুৰুষ হয়৷ মহিলাই ব্যৱহাৰ কৰা পাত্ৰ সমূহতে ৰান্ধিবই লাগিব বুলি কোনো শাস্ত্ৰত লিখা নাই৷

অবশ্যে চচপেন বা ফ্ৰায়িং পানখনো যদি ধুৱ লগা অৱস্থাত পেলাই থৈছে তেন্তে কেটলিটোৰ ফালেও এবাৰ চাব পাৰে৷ একো কথা নাই মুঠতে মেগী সিজিলেই হ’ল৷

পাত্ৰটো লৈ তাত তিনিকাপ পানী দি পানী গৰম হ’বলৈ দিয়ক৷ মেগীৰ পেকেটটো হাতৰে মোহাৰি পেকেটৰ ভিতৰতে মেগীৰ নুডলচ বোৰ ভাঙি লওঁক৷

গাজৰ, মটৰ এইবোৰ আগতেই সিজাই নললে যদি মনৰ পৰা সেইবোৰ দিয়াৰ আশা বাদ দিয়ক কাৰণ মেগি সিজালৈ গাজৰ নিসিজে৷ মেগীৰ পেকেটটো ডাষ্টবিনলৈ দলিওৱাৰ আগত পেকেটৰ ভিতৰত থকা সৰু মছলা পেকেটটো উলিয়াই লবলৈ নাপাহৰিব৷

মচলা পেকেটটো ফলাৰ আগত অলপ জোকাৰি লওঁক৷ চাব দাঁতেৰে ফালি মছলা সমূহ মাটিত নেপেলাব৷ কাৰণ মেগীৰ পেকেটত মচলা এপেকেটেই থাকে, অন্যথা কেৱল মছলা পেকেটটোৰ বাবে পুনৰ এটা নতুন মেগী পেকেট ফালিব লাগিব৷
পেকেটটো ফালে মানে মেগীখিনি গাখীৰ গৰম কৰিলে উফন্দি অহা উফন্দি আহিব৷ এই সময়ত গেছ কমোৱাটো মহিলাৰ কাম, কিন্তু মনত ৰাখিব আপুনি পুৰুষ হয় পুৰুষ৷ গতিকে গেছৰ চুইছটো বন্ধই কৰি দিয়ক৷

মচলাৰ পেকেটটো টেবুলত থৈ এটা চুক কটাৰীৰে কাটক৷ স্বভাৱসুলভ ভাবে অকনমান মছলা টেষ্ট কৰক৷ আৰু অকন খাব মন যাব, খাওঁক৷ হ’ব মেগীলৈ অকন মছলা কমিলেও কথা নাই৷ এতিয়া বাকী থকা মছলাকন কটাৰীৰে পেকেটটো সম্পূৰ্ণ ফালি ঢালি দিয়ক৷ হেতা বিছাৰি ঘুৰ্মুতিয়াই ফুৰিব নালাগে৷ মেগীহে হেৰৌ, হেতাৰ কাম চামুছৰেই কৰিব পাৰিব৷

চামুচখন ধুই কাম বঢ়াব নালাগে৷ নামটোৱেই “চামুচ” গতিকে মচি ল’লেও হ’ব৷ মচিবলৈ যদি সময়ত কাপোৰখনো বিছাৰি নাপাই হতাশ নহব৷ চচপেনটো ইতিমধ্যে ঠাণ্ডা হৈছেই গতিকে দুই হাতে ধৰি অলপ জোকাৰি দিয়ক৷ পেটলৈহে যাব, হ’ব৷ বাতি এটা আনি তাত মেগীখিনি বাকক৷

যদি ভোক জোৰকৈ লাগিছে আৰু বাতি বিছাৰিবলৈও যদি সময় নাই কোনো,কথা নাই সেইবোৰ ডিজাইন কৰি লাভ নাই৷ পেটলৈ গলেই হ’ল৷ বাটিতেই খাওঁক বা গিলাছতেই খাওঁক সোৱাদ যিহেতু সলনি নহয় গতিকে বনোৱা চচপেনটোত খালেও কোনো কথা নাই৷ বাচন যিমানেই লেতেৰা কৰিব ধোৱাৰ কাম বাঢ়িব গতিকে বহি লৈ চচপেনতে খোৱা আৰম্ভ কৰক৷

অলপ খোৱাৰ পিচত যদি সোৱাদটো ভাল লগা নাই পিয়াজ আৰু ধনীয়াপাত বিছাৰক৷ পুতুককৈ কাটি মেগীত মিলাই লওঁক আৰু দুই হাতে চচপেন ডাঙি শেষ টোপাললৈকে খাই আনন্দ লওঁক৷

বি.দ্ৰ. : ফটোলৈ ফেচবুকত দিয়াৰ দৰকাৰ নাই হে৷ মানুহে হাঁহিব৷

Print Friendly, PDF & Email

3 Comments

  • অনুষ্কা চৌধুৰী

    খুব হাঁহিলো । মাকো পঢ়ি শুনালো ।

    Reply
  • ৰিমঝিম কাশ্যপ

    হা হা , কি সাংঘাটিক জমনি ।

    Reply
  • AnjanJyoti Lahkar

    বহুত ভাল লাগিল ।
    সকলো পুৰুষ একেই কথাষাৰৰ প্ৰমাণ পালো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *