গেটওৱিয়ান/ Gatewayian

দুটা জীয়া কাহিনী ~ ৰামানুজ গোস্বামী

(১)

..আমাৰ হোষ্টেলত এটা প্ৰথা গঢ় লৈ উঠিছিল যে,কাৰোবাৰ বাৰ্থডে,পৰীক্ষাত টপাৰ,বা কোনোবাই “য়েছ” আদি পোৱাৰ ভাল খবৰ থাকিলে তেতেলীয়াৰ সিঙৰ ধাবাতে পাৰ্টি দিয়া হৈছিল।তেতেলীয়া মানে,বৰ্তমান বৰাগাওঁ পোৱাৰ আগেয়ে পোৱা হাই-ৱে খণ্ড;যত ট্ৰাকৰ ড্ৰাইভাৰ-হেণ্ডিমেনৰ খোৱা-শোৱাৰ ব্যৱস্থা এই ধাবাবোৰত হৈছিল।তাৰেই অন্যতম সিঙৰ ধাবা,য’ত মাংস হাফ্ প্লেট ১০ টকা আৰু ৰুটি খনে ১ টকা।এই গৰম ৰুটি-মাংসই আছিল পাৰ্টি;মাংস মানে ছাগলীৰ মাংস বুজা গৈছিল কাৰণ হোষ্টেলত দিয়া মূৰ্গী মাংসৰ নাম চ্চিকেন!

আমাৰ তলত বেট্ছ্ ৰে সীমান্তৰ জন্মদিনত আমাৰ হোষ্টেলৰেই সিহঁতৰ লগৰ ১৫-১৬ জন আৱাসী আৰু মুখ্য অতিথি টাইপ (তেনেকুৱা ভাৱ এটা আহি গৈছিল) আমাৰ বেট্ছৰ মই আৰু দলে সেই সান্ধ্য পাৰ্টিত যোগদান দিলো।খোজকাঢ়ি আধাঘণ্টাৰ ৰাস্তা;আহি আৰু হোষ্টেলত ৰাতিৰ ভাত কমেইহে খোৱা হয়।কাহিনীৰ নায়ক মূৰ্গী।

সীমান্তহঁতৰ লগৰ এই নায়কৰ নাম মূৰ্গী কেনেকৈ হ’ল সেয়া নাজানো।জনাও সম্ভৱ নহয়।কাৰণ আমাৰ লগৰ প্ৰকৃতিশ(প্ৰকৃতিছ) -ৰ নাম চক্ৰ কেনেকৈ হ’ল আপুনি উলিয়াব নোৱাৰে।প্ৰকৃতিশক কোনোবা চিনিয়ৰে তাৰ চেহেৰাটোৰ সম্পৰ্কে চক্ৰেটিছৰ দৰে কুৎসিৎ বুলি কৈ চক্ৰেটিছ বুলি মাতিছিল…ফলত শ্বৰ্ট ফৰ্মত প্ৰকৃতিশ হ’লগৈ চক্ৰ। তেনেদৰেই শ্বান্তনুৰ নাম আছিল অ’দ’কাই…কাৰণ তাৰ ভায়েকৰ নাম শঙ্খনীল হোৱাত,কোনো হোষ্টেলীয়া বুদ্ধিজীৱিয়ে তাক অদ’নীল বুলিছিল..সেয়েহে শান্ত্বনু হ’ল অদ’কাই।মূৰ্গীৰ নাম মূৰ্গী বুলিয়েই জানি থাকিলো,তথ্যসূত্র নাই।

মূৰ্গী আছিল এটা মস্ত খাদক।কণী-মাছ-মাংস ইত্যাদি হোষ্টেলত দিয়াৰ দিনা সি নিৰামিষাহাৰী দুটা দুপাশে বহুৱাইছিল।সিহঁত দুইটাৰে ভাগ দুটা “ক্লেইম কৰি” গ্ৰাস কৰি পুনঃ নতুন পৰিদৰ্শনত নামিছিল।কোনোবাই তাক এই প্ৰক্ৰিয়াবোৰত মাত মাতিলে সি ওলোটাই চিঞৰিছিল। দেওবাৰে পুৱা পুৰি দিয়াৰ দিনা গামলা এটা লৈ বহিছিল আৰু ২০-২২ খনতহে তাৰ সম্বিৎ ঘূৰি আহিছিল।হোষ্টেলৰ ওচৰৰ হোটেলখনত সি গ’লে মালিকে শংকাত ভূগিছিল।মদ নাখাইছিল,কিন্তু মদ খোৱা কেইটাৰ “চাকনা” ওপৰত হাতখন এবাৰ বহাই দিছিল -এখামোছ মাৰি, বচ! সকলো অতীষ্ঠ আছিল তাৰ এই ৰাহুসদৃশ খাদ্যৰীতিত…কিন্তু সি সৱৰে ভাল বন্ধুও আছিল। বন্ধু এজনৰ ঘৰত শ্ৰাদ্ধ খাব গৈ সি ৩-৪ পিছ মাছ খাই,বুটৰ দালি- মটৰৰ ঘুগুণীৰ বাবে উথপ-থপ্ লগোৱাত পিছফালৰ ধুম্ৰপান অঞ্চলত সি সেইদিনাই মোৰ পৰা এটা ভাল চৰ খাইছিল।(ইঞ্জিনিয়াৰীং কলেজত ভিন্ন সময়ত জ্যেষ্ঠই কণিষ্ঠক চৰ মৰাতো এক প্ৰশাসনীয় অনুশাসনেই আছিল)।

লাজ বোলা শব্দ এটাৰ লগত সি আছিল অপৰিচিত।

যি কি নহওক সীমান্তৰ বাৰ্থডেৰ উক্ত তেতেলীয়া ধাবাৰ পাৰ্টিত মহাৰাজে ১১-১২ খন ৰুটি খালে। ৰুটিৰ লগত কেঁচা পিয়াজৰ অভাৱত কেঁচা নহৰু আৰু মূলা। আপত্তি নকৰে। বাকীবোৰৰ ৰুটি-মাংস…তেওঁ সেইবোৰৰ ওপৰিও দিনৰ চালু সৱজি,ভাজি সৱ লৈছে। ডালি এবাটিও পিবলৈ এৰা নাই। দুটামানৰ খং উঠিছেই তাৰ ওপৰত। দীপ বোলাটো আছিল খটাসুৰ…মূৰ্গীয়ে থালখন লৈ চৌকাৰ কাষৰ পৰা পুনৰ ভাজি আনিব যাওঁতেই সি মূৰ্গীয়ে শেষত খাম বুলি সাঁচি থোৱা ভালৰো ভাল মাংসৰ টুকুৰাটো দীপে কায়দাৰে লুকুৱালে।
বচ্ কাহিনী আৰম্ভ হৈ গ’ল তাতেই।সি প্ৰথমে ইটো-সিটোলৈ চাই প্ৰাথমিক তদন্ত ত বিফল হৈ টিঙিৰি-তুলা হৈ পৰিল।

-ঐ (অবাইচ১)…কোন (অবাইচ২)-এ মোৰ মাংসৰ টুকুৰাটো নিছ…ছাল্লা এইসৱ ফাল্টুগিৰি…অবাইচ..

সি চিঞৰি-বাখৰি ইখন-সিখন টেবুলৰ মাংস বাতিবোৰত চামুছেৰে তাৰ সন্দেহ প্ৰকট কৰিবলৈ ধৰিলে। বাকীবোৰৰ মিশ্ৰিত প্ৰতিক্ৰিয়া-

-ঐ ফাল্টু পাইছনেকি ?..বাতি নুচুবি মোৰ..

– (অবাইচ১)..কি তোৰদৰে খাব নোপোৱা পাইছ??

– তোৰ বাতিটোয়ে খালে ছাগে ঐ…

-মই দেখিছো…পৰুৱা এটাই ডাঙি নিছে..

-তলত চা…মাটিত পৰিল ছাগৈ…ধুই লবি বুইছ…

-নিজে খাই এক্টিং দিছ ন ছাল্লা কুত্তা…

-তই কিমান খাওঁ খাওঁকে থাক বে..

গালি-গঞ্জনা,জোকোৱা আদিৰ মাজত সি নিৰ্বিবাদে অনুসন্ধান চলাই এটা সময়ত চিঞৰি উঠিল,

– যিয়ে নিছে সি এটা(পিতৃপৰিচয়হীনতা ধৰণৰ গালি)..তাৰ (অবাইচ)..(অংগ-প্ৰত্যংগ)..ভাঙিব…সেই টুকুৰা খাই তাৰ পেট..

-সেই চুপ থাক বে…খা তোৰ মাংস..দীপে গৰগৰাই তাৰ মাংস ঘূৰাই দিলে।

ঘটনা তাতেই শেষ হ’ল হয়…কিন্তু মূৰ্গীয়ে কিবা কিবি বলকি থাকিল…মুঠতে বাৰ্থডে পাৰ্টিৰ পৰিবেশ বেয়া হৈ পৰিল।

সকলো হোষ্টেল ঘূৰিলো..৩-৪ জনীয়া গ্ৰুপ হৈ..

– ই একদম অভদ্ৰ…

– লগৰ কিটাৰ ধেমালিও নুবুজে…

-ইয়াক ছাল্লা পিটিবই লাগে..

সি অহা গ্ৰুপটোত –
– এইসৱ ধেমালি মোৰ ভাল নালাগে..

– তথাপি মাংস এটুকুৰাহে..

– কি হ’ল ? মোৰ বাতিত কিয় হাত লগাব ?…তাতে ভাল মাংস টুকুৰাটো..

কোনোবাই হেনো এক লাঠ্ দিলেই বোলে।

শেষত সকলো হোষ্টেল পালো।আমি কেইটামান হোষ্টেলৰ ষ্টেপ -বাৰাণ্ডাত বহি লৈছো..নিশাৰ আড্ডা বহে তাতেই। মূৰ্গীৰ ৰূমতো তাক লগৰ কোনোবা দুই-এটাই শিষ্টাচাৰৰ পাঠ পঢ়াই আছে।আমি বাৰাণ্ডাৰ পৰা শুনি আছো।বুঢ়া শৰ্মা আহি বহিল আমাৰ লগত।বুঢ়াশৰ্মা আমাৰ পিছৰ বেটছৰ যদিও কথা-বতৰাত গাম্ভীৰ্য্য আছে…চিনিয়ৰৰ লগত আড্ডা মাৰে।খং নুঠে,কিন্তু উঠিলে ৰক্ষা নাই।পাৰ্টিত সিয়ো আছিল…গোটেই পৰিঘটনাটোত সি প্ৰথমৰপৰাই এটা সাম্যবাদ টাইপ আচৰণ সেই মূহুৰ্ত্তলৈ দি আছিল।

মূৰ্গীৰ কোঠাৰ পৰা তাৰ তৰ্জন-গৰ্জন উফৰি আহিল-

– তহঁতে তাক কিবা ক’লি? নক’লি ন??ময়ে বেয়া! তহঁতৰ মাংস হেৰুৱা নাই…মোৰ হেৰাইছিল..তহঁতে ফাল্টু বুলি ভাৱিব পাৰ…কিন্তু মই ডেম ছিৰিয়াচ…মোৰ ইম’শ্যনত…

কি বা হ’ল ! বুঢ়াশৰ্মা নৰল..ফোঁ-ফোঁৱাই মূৰ্গীৰ ৰূমৰ ফালে ধাৱমান…পিছে পিছে আমি কেবাটাও…ৰুদ্ৰমূৰ্তিৰে তাক উভতি ধৰিলেগৈ –

-ঐ কুত্তা ! কিমান মাংস খাবি তই?..হাঁ…চাল্লা একদম চিন ক্ৰিয়েট কৰিব আহিছ?..ছাল্লা তই খাবলৈ পোৱা নাই হাঁ?..

মূৰ্গীয়ে তলমূৰ কৰিলে;চকু যেন চলচলীয়া।বুঢ়াশৰ্মাৰ উদ্দাত্ত বাক্যবাণ শেষ নহ’ল..

-কিমান খাবি তই?মোৰ লগত ওলাবি…যেতিয়াই মন যায়…এতিয়া যাৱ যদি ব’ল…তোক মই এনেকুৱাকৈ মাংস খুৱাম..এনেকুৱাকৈ খুৱাম…যে..এটা সময়ত তো আৰু নোৱাৰো বুলি কবি,তেতিয়াই তোক এটা চৰ মাৰিম..আৰু খাব দিম..যিমানবাৰ দিলে নোৱাৰো কবি সিমানপাত চৰ দিম…দেখিছনে এইপাত?? তাৰ মস্ত হাতখন সি মূৰ্গীৰ সন্মুখত নচুৱাই থাকিল।

লাজে-অপমানে-দু্খে-ক্ষোভে মূৰ্গীয়ে ফেঁকুৰিবলৈ ধৰিলে।

-ঐ! বাদ দে ব’ল..

মই বুঢ়াশৰ্মাৰ হাতত ধৰি বাহিৰলৈ টানিলো;পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ উদ্দেশ্যে।উচুপি থকা মূৰ্গীক শুবলৈ দি লাইট অফ্ কৰি সকলো ওলাল।

ইয়াৰ পিছত আমাৰ ষ্টেপ-বাৰাণ্ডাৰ আড্ডাটো এঘণ্টামান বহিল।শেষলৈ বুঢ়াশৰ্মায়ো অনুভৱ কৰিলে কিছু..আৰু পিছদিনা মূৰ্গীক “চৰি” কোৱাৰ এটা সিদ্ধান্ত লৈ শুবলৈ গ’ল।

পিছদিনা পুৱা-

ক’ৰবালৈ যাবৰ বাবে মই ৬ মান বজাত উঠি দাঁত ব্ৰাছ কৰি আছো…

-গুড্ মৰ্ণিং ৰামানুজদা! – মূৰ্গীৰ উৎসাহী ৱিশ্ব্ কৰিডৰৰ সিটো মূৰৰ পৰা…মই হাত দাঙি সঁহাৰি দিলো। সি আহি বুঢ়াশৰ্মাৰ বন্ধ দুৱাৰত নক্ কৰিলে।তাক সপ্ৰতিভ দেখা গৈছে।মই বোলো লাগিব কিবা এটা জেং…টোপনি ভঙা-নভঙা আৱেশত বুঢ়াশৰ্মাই দুৱাৰ খুলি কিছু আচৰিত হৈ গেৰগেৰীয়া মাতেৰে মূৰ্গীক সুধিলে,

-কি হ’ল?

-কেতিয়া খুৱাবি? সি খুব শান্ত কণ্ঠেৰে চিৰিয়াছলি সুধিলে।

-কি ??

– মাংস! কালি যে ক’লি!

!!!!!!!!!!!!!!!!!!!!!!!!!!!

(২)

সেই ৰঙাফোনৰ দিনৰে কথা।গুৱাহাটী-শিৱসাগৰ ফোন কৰিবলৈ হ’লে STD ৰ বাবে আগত 0 ৰ সলনি ৯৫ লগোৱাৰ সংস্কৃতি আৰম্ভ হৈছে।কলেজৰ পৰা ওলাই মই তেতিয়া আছাম এচবেচটছত সহকাৰী অভিযন্তা। কাজেই “ইজ্জত”ৰ নামতে মোলৈ অহা ফোনবোৰ অভ্যৰ্থনা কক্ষৰ যুৱতী গৰাকীয়ে প্ৰডাকশ্যন প্লাণ্টলৈ প্ৰেৰণ কৰি মোৰ লগত যোগাযোগ ঘটাই দিয়ে। মাজে মধ্যে দুই এটা চকলেট তেওঁক দি ৰখাটোৱেও সম্ভৱ সহায় কৰিছিল প্ৰায়বোৰ ফোন পাবলৈ।
শ্বিফটত ডিউটি কৰা মানুহ,সেয়ে ডিউটিৰ ইভিনিং /নাইট্ শ্বিফট্ থাকিলেও মোৰ ফোনৰ খৱৰ তেওঁ মোক দিছিল।

– আপোনাৰ ফোন এটা আহিছিল..একো নক’লে..মই ২টা বজাৰ শ্বিফট ত আহিব বুলি জনোৱাত আকৌ কৰিম বুলি ক’লে।

কাৰ্ড পাঞ্চ কৰিব সোমাওতেই তেওঁ খবৰটো দিলে।মনটো উগুল-থুগুল লাগিল।মই আশা কৰা ফোনটো নহয়তো? ৪মান বজাত গেলভেনাইজিং প্লাণ্টৰ ফোনটো বাজিল,অপাৰেটৰে মোক চিগনেল দি মাতিলে। দৌৰি গৈ ধৰিলো–আশা কৰা ফোনটোৱেই! কোনোবা PCO ৰ পৰা ভাঁহিছে দানৱীয় হাঁহি।

– কি কৱ বে?সঁচ্-ছা??

-আৰে ৰামানুজদা…একদম… আপুনি বিশ্বাস নকৰিব ! কৈছো নহয়..উৎসাহী দানৱীয় কণ্ঠ!

-শুনক..পাৰ্টিটো কৰিয়ে দিওঁ..সিঙৰ ধাবাত আহি যাওক…মই মন(Mann)ৰ কেছেটটো নিমেই…আপুনি ডেক এটা এৰেঞ্জ কৰিব..সিঙৰ ডেকত নহ’ব… ঘেগেলা ডেক..ছাল্লা তাৰ…

পাৰ্টিৰ স্থান আৰু কাল আমি দুয়ো পাত্রই সিদ্ধান্ত কৰি ফোন কাটিলো।

আচলতে আমাৰ সময়ৰ প্ৰেম কাহিনীবোৰত এটা প্ৰেমকাহিনীত ন্যুনতম চাৰিজন মানুহ থাকিছিল।আজিৰ দৰে দুটাৰে সম্ভৱেই নাছিল।

১.প্ৰেমিক – যি ইপ্সিত প্ৰেমিকাৰ পৰা প্ৰেমত “য়েছ” বিচাৰে।

২.প্ৰেমিকৰ বিশ্বস্ত বন্ধু – (জ্যেষ্ঠ বা কণিষ্ঠ,কথা নাই) যি বন্ধুৰ প্ৰেম বুজে,সহায় কৰে,পৰামৰ্শ দিয়ে,প্ৰেমাঘাতত একেলগে মাল খাই(সুৰাপান) বুজাই..প্ৰবোধ দিয়ে মই কথা পাতিম বুলি / তই বহুত ভাল ছোৱালী পাবি ইত্যাদি বুলি..

৩.প্ৰেমিকা – যিয়ে “য়েছ” টো কোৱাৰ দোমোজাত থাকে ,ঘৰত গম পালে কি হ’ব বুলি..আৰু,

৪.ৰহস্যময়ী প্ৰেমিকা-সখী – যিয়ে প্ৰেমিকজনৰ ওপৰত থকা “বেছলেছ কনচেপ্ট” এটা লৈ প্ৰেমিকাৰ মূৰটো খায় বা কনফিউজন বঢ়ায়।

এই ১ম আৰু ২য় ব্যক্তিদুজনেই আছিলো আমি দুই বন্ধু।এতিয়া অনুগ্ৰহ কৰি নুসুধিব মোৰ ৰোল নং ১ নে ২ ! আচলতে আমি কলেজৰ একে হোষ্টেলতে আছিলো আৰু সি মোতকৈ এক বেটছৰ তলত। কিন্তু সুখে-দুখে লগ নেৰা। কৈ থকা সময়ছোৱাত সি ফাইনেল ইয়েৰত,তাৰ আগৰ বছৰ মই হোষ্টেল এৰিছো। আমাৰ চুৰ্চুৰীয়া পাৰ্টিবোৰ তেতেলীয়া আৰু বৰাগাঁৱৰ ধাবাবোৰত হয়। ধাবা মানে ধাবাই–ৰচীৰে বন্ধা খাটবোৰ আৰু কাষ্ট’মাৰো মূলতঃ ট্ৰাকৰ ড্ৰাইভাৰ-হেণ্ডিমেন।হোষ্টেলৰ পৰা ধাবালৈ ২ কিঃমিঃ মান হব।

যি কি নহওক,তিনি বছৰমান চেষ্টা দিয়াৰ পিছত পোৱা “য়েছ”টো উদযাপন কৰিবলৈ বিশেষ সন্ধিয়াটোত মই মোৰ লগৰ এটাক টুপী পিন্ধাই তাৰ ভেচপাখন সৰকাই তেতেলীয়াৰ সিঙৰ ধাবা পালোগৈ। ভেচপা নিয়াটোৰ তাতেই ৰাতি থকাৰ প্ৰতিশ্ৰুতি(!) দি ৰাতি পিছফালৰ দুৱাৰ খুলি ৰাখিব ক’লো।ৰবিমিস্ত্রীৰ চেলুনৰ পৰা সৰু ডেকটোও নিলো।যথা সময়ত হোষ্টেলৰে পিয়ন ৰূপচান্দৰ চাইকেলখন লৈ, Christan Brothers ৰ অৰ্ধ এটা সহ মোৰ লাভলি ব্ৰাদাৰ আহি ৰ’ল…হাতত Mann ৰ কেছেট…তিনিবছৰীয়া প্ৰেম প্ৰচেষ্টাৰ সফল পৰিণতিৰ আনন্দৰ ঢৌ পেগে পেগে উথলি উঠিল।মাজে মাজে চকু সেমেকি যায়,মাজে মাজে হাঁহিৰ খলকনি..চিঠিখন কেনেকৈ দিয়া হ’ল,কি এক্সপ্ৰেছনেৰে ল’লে,কি ক’লে,অহাৰ সময়ত ৰবলৈ কৈ কেনেকে কলম কিনি দিলে…ৱাহ! লাহে লাহে প্ৰেম অধ্যায় সামৰি,নিম্নোক্ত ধৰণৰ কথোপকথনে ঠাই ললে-

-আব্বে (অবাইচ) ৰামানুজদা..আই লভ য়ু..আই ৰেচপেক্ট য়ু…

-আব্বে তই মোৰ নিজা ভাই বুইছ..লাইফত এনি প্ৰব্লেম..(অবাইচ)..তই মোক কবি–পইছা লাগে..?মোক খুজিবি…চাকৰি কৰো…পইচা আধা তোৰ..আধা মোৰ…ছাল্লা প্লাণ্টৰ বিহাৰী এটাই..

-কোন বে সি?তাৰ নাম কওক…(অবাইচ)..জাকিৰক লৈ যায়..

ভাত পানী খাই এসময়ত “বাই-বাই” হবৰ হ’ল।লেঠাটো লাগিল তেতিয়াই।চাইকেলৰ ছাবিটো হেৰাল তাৰ!পেণ্টৰ পকেটতে থৈছিল।কাঁহীৰ তল,চকী-টেবুল,তল-ওপৰ চব চালো…নাই। সিং আৰু অনুচৰবৃন্দও নামিল অভিযানত। নাই …নাই যি নায়েই!এসময়ত সি ক’লে আপুনি যাওকগৈ..ৰূপচন্দৰ ওচৰত আৰু এপাত ছাৱি আছে,মই এইখন দাঙি লৈ যাম।মই জানো,সেই অৱস্থাত ইয়াক একো কৈ লাভ নাই।জালুকবাৰী থানাৰ চোতালৰ চকী এখনো এনেকুৱা মাতাল অৱস্থাতেই উঠাই লৈ গৈছিল সি।আসুৰিক চিঞৰ এটাৰে চাইকেলখন দাঙি সি হোষ্টেললৈ গুছি গ’ল।ময়ো ভেচপা-মুৱা হলো।

এসপ্তাহ পাছত পাণবজাৰৰ আড্ডা এটাত বহুতকে লগ পালো –

-আৰে দাদা সিদিনা আপুনি অমুকৰ লগত পাৰ্টি কৰিলে ন?..আমাক নামাতে ন..সি সিদিনা কি কৰিছে গম পাইছেনে নাই..চাইকেল এখন দাঙি দাঙি…গ্ৰুপটো হাঁহিত ফাটি পৰিল..

-পিছদিনা গোটেই দিনটো শুলে গাৰ বিষত.. অইন কোনোবা এটাই ক’লে।

-ছাবিটো হেৰুৱালে সি অ’..তলা ভাঙিবও নিদিয়ে..

-হেই..ই.. আপুনি গমেই পোৱা নাই!পাগলাই ছাবি মৰাই নাছিল..১১ মান বজা আমি তাক যেতিয়া কেমিকেল বিল্ডিঙৰ সন্মুখত লগ পাওঁ, তাৰ পিছচকাটো ঘূৰিয়েই আছিল …. !

-!!

(এখুদমান গৌৰৱ: ভাতৃবন্ধুৱে কিছুদিন পিছতেই CDS ক্লীয়েৰ কৰিছিল,য’ত অসমীয়া ল’ৰাই কাচিৎহে পাব পাৰিছিল তেতিয়া;বৰ্তমানে ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া)

(লেখাটো গেটওৱিয়ানত প্ৰকাশৰ অনুমতি দিয়া বাবে লেখক গোস্বামীদেৱলৈ সম্পাদনা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ ।)

Print Friendly, PDF & Email

25 Comments

  • Krishna Das

    পুৱাই পুৱাই পঢ়ি সাংঘাটিক হাঁহিলো । খুব ভাল লাগিল ।

    Reply
  • পলাশ জ্যোতি কলিতা

    প্ৰেমকাহিনীত থকা চৰিত্ৰ চাৰিটাৰ সতে হেজাৰবাৰ একমত ।
    বহুত ভাল লাগিল ।

    Reply
  • ডাঃ চন্দ্ৰকান্ত শৰ্মা

    পুৱাই পুৱাই এনে সুন্দৰ লেখা এটা পঢ়ি মন ভাল লাগিল ।
    ই-মাধ্যমত যিমান ভাল ভাল লেখা ওলাইছে ছপা মাধ্যমত সিমান নাই । কথাষাৰৰ সত্যাসত্যৰ প্ৰমাণ পালো ।
    বহুত ভাল লাগিল ।

    Reply
  • বৰ্ষাৰাণী শিৱম

    খুব ভাল লাগিল । শ্বেয়াৰো কৰিলো ।

    Reply
  • ৰূপাস্মিতা বৰা

    ভাল লাগিল পঢ়ি, আপোনাৰ লেখাবোৰ ব্যতিক্ৰমী আৰু উপস্থাপন শৈলীত নতুনত্ব আছে। বেয়া নাপাব কথা এষাৰ সোধো, আপোনাৰ লেখা আগে-পিছে কাকত-আলোচনী আদিত দেখা মনত নপৰে, হয়তো এয়া মোৰ অধ্যয়নৰ দৈন্যতাও হব পাৰে, তথাপিও কৈছো কিতাপ আকাৰে লেখাবোৰ ছপাই উলিয়াবচোন ।

    Reply
  • নিয়ৰজ্যোতি চহৰীয়া

    সুন্দৰ.. সোঁৱৰণিয়ে কৰিছে আমনি…
    ময়ো এনে বহুত ধৰণৰ অভিজ্ঞতা বুকুত বান্ধি জীয়াই আছো ..
    বৰ ভাল লাগিল

    Reply
  • অমূল্য শৰ্মা

    সাহিত্যৰ সমল যে বাটে – ঘাটেই পৰি থাকে, বুটলিব পৰাটোত কথা সেই কথা আপোনাৰ লেখাত প্রতিফলিত হয় । লেখনীৰ চুম্বকত্ব তাতেই …

    Reply
  • মৃদুস্মান মহন্ত

    সাৱলীল আৰু জীৱন্ত লিখনি… !!

    Reply
  • ৰুণজুন লহকৰ

    বাঃ । অন্তৰ চুই গ’ল ।
    কাহিনী আৰু উপস্থাপন মানে মানিব লগা আৰু ।
    আপোনাক ধন্যবাদ দেই এই তৃপ্তিৰ বাবে ।

    Reply
  • অৰুণাভ দাস

    আপুনি লেখাত উপস্থাপন আৰু নিজা শৈলী এটা সৃষ্টি কৰিছে। আগলৈ আৰু আশা কৰিছোঁ।।।

    Reply
  • জিণ্টী

    নিজ চকুৰে দেখি থকাৰ নিচিনা লাগিলে !!

    Reply
  • অনুৰাধা ৰাজবংশী

    বহুত ভাল লাগিল… হোষ্টেলৰ অনুপম জীৱনটোলৈ মনত পৰি গ’ল…

    Reply
  • পাহি দেৱী

    এনে বহু ঘটনাৰ উদাহৰণ নোহোৱা হলে হোষ্টেল জীৱনৰ মাদকতা কত !!

    Reply
  • অনুষ্কা চৌধুৰী

    সচাঁকৈ হোষ্টেলৰ লাইফটোৱেই বৰ সুন্দৰ আৰু একতাৰ কথাটো মানিব লগীয়া যেন একেজনী মাকৰেই সন্তান সকলোবোৰ , আজি আপোনাৰ লিখনিটো পঢ়ি হোষ্টেলীয়া জীৱনৰ বহু কথাই মনত পৰি গ’ল । হাস্যৰসৰ কথাটো কবই নালাগে !!!!! মুঠতে লেখকলৈ ধন্যবাদ ।

    Reply
  • Rimli Choudhury

    বহুত ভাল লাগিল লিখনিটো পঢ়ি । এক ব্যতিক্ৰম আমেজ বিচাৰি পালো, লগতে বেছ হাঁহিলো ।

    Reply
  • GeetaShree Debi

    ভাল হঁহুৱালে দেই।😂😂😂

    Reply
  • Pranami Kalita

    বহুদিনৰ পাছত এটি সুন্দৰ ৰস ৰচনা পঢ়িলো ।বহুত হাঁহিলো দেই ।আগলৈও পঢ়িবলৈ পোৱাৰ আশা পুহি ৰাখিলো ।

    Reply
  • Porismita(Pori)

    হাঃ হাঃ হাঃ, ফিলিং হেপ্পি এণ্ড লাফিং এট ইঅ’ৰ লিখনি, সময়ৰ লিখনি ৷৷

    Reply
  • Momi Saikia

    তামাম 😀 😀

    Reply
  • খুব ভাল লাগিল দাদা । এনেকৈ প্ৰতিবছৰেই লেখা বিচাৰি কামোৰ দিম আপোনাক । 🤣

    Reply
  • ময়ূৰী গোস্বামী (দৰঙ)

    খুব ভাল লাগিল । বহুত হাঁহিলো ।

    Reply
  • ঈপ্সিতা দেৱী

    বহুত ভাল লাগিল । শ্বেয়াৰ কৰি দিছো ।

    Reply
  • ঋতুস্মিতা কলিতা (যোৰহাট)

    বহুত ভাল লাগিল । বহুত হাঁহিলো । লেখাটো সাঁচি থৈছো ডাউনলোড কৰি, বেলেগকো হহুৱাম ।

    Reply
  • ৰিজুমণি কলিতা

    বহুত হাঁহিলো । তামাম ।
    (ঘটনাকেইটা সঁচা নেকি বাৰু ?)

    Reply
  • ৰিদীপ ৰক্তিম

    বহুত ভাল লাগিল । কাহিনীৰ ব্যতিক্ৰমতাই মন চুই নিলে । আগলৈও আপোনাৰ এনেকুৱা লিখনি পঢ়িবলৈ পাম বুলি আশা থাকিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *