তাৰমানে ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব’ পাৰি ??মোৰ জীৱনৰ এটা ভুল (বহু ভুলৰ মাজৰ) ~ প্ৰতিভূ দত্ত

২০০০ চনৰ কোনোবা এটা দিন ৷
যোৰহাটৰ পৰা বাছখন শিৱসাগৰ নাপাব গৈ যেন লাগিছে ৷ দুবাৰমান আকৌ মনলৈ ভাব আহিছে চালকজনক কওঁ নেকি, ‘‘বাছখন যোৰহাটলৈকে ঘুৰাই দিয়া ৷ মই নাযাওঁ ৷’’ পাছ ক্ষণতে আকৌ ভাবো, ‘‘নাই ! এইবাৰ যদি গৈ কেনেবাকৈ কথাটো কোৱা নহয় তেনেহ’লে ছাগে শিৱসাগৰলৈ জীৱনত আৰু কেতিয়াও যোৱা নহ’ব !’’

খিৰিকীৰে বাহিৰলৈ চাই চাই চিন্তা কৰিব লৈ ধৰিলো, ‘‘কি বুলি কথাটো কোৱা ভাল হ’ব বাৰু ?’’
‘‘কথা এটা আছিল ৷……’’
নাই এনেকৈ আগতেও বহুবাৰ চেষ্টা কৰি চাইছিলো ৷ ‘তাই’ যেতিয়া বৰ আগ্ৰহেৰে কয়, ‘‘অ কোৱা আকৌ’’ তেতিয়া মোৰ মুখৰ পৰা ওলাই যায় বেলেগ কিবা কথা ৷
‘‘হেৰি নহয় …………’’
নাই নাই এনেকৈ মোৰ দ্বাৰা কেতিয়াও নহ’ব ৷ তাতকৈ পাতনি নেমেলাকৈ পোনে পোনে কৈ দিয়াই ভাল হ’ব কথাটো ৷ ‘‘মই তোমাক বিয়া কৰাম বুলি ভাৱিছো ৷’’
নাই নাই ভাৱিছো বুলিও নকওঁ ৷ তাতকৈ কৈ দিম ‘‘মই তোমাক বিয়া কৰাম ৷’’

যোৱা কালি গোটেই ৰাতিটো সঞ্জয় আৰু মই ৰৰৈয়াৰ বায়ুসেনাৰ চাউনিত বহি বহি এটা উজাগৰী নিশা কটালো, কেনেকৈ কথাটো কোৱা উচিত হ’ব তাৰ এটা উপায় বিচাৰি ৷ সঞ্জয়ে এটাৰ পাছত এটা বিকল্প উল্লেখ কৰি গৈ আছে ৷ মোৰ তাৰ ওপৰত বৰ এটা বিশ্বাস নাই ৷ সি বায়ুসেনাৰ ‘ফ্লায়িং অফিচাৰ’ ৷ খঙতে তাক ক’লো, ‘‘তই মনে মনে থাকে ৷ তই উড়ন খটোলা উৰুওৱা মানুহ, তাকেই উৰুৱাই থাক ৷ মোক এইবোৰ কৈ নাথাকিবি ৷ এনেও মোৰ মনত একো নাথাকে ৷ ‘তাই’ক দেখাৰ পাছত একো মনত নপৰে দেখোন ?’’ এপাকত সি ক’লে, ‘‘ তাৰ মানে ‘তাই’ক দেখিলে তই চব পাহৰি যাৱ ? ৰ ৰ মই এটা কাম কৰো ৷ ডায়লগবোৰ তোক এখন কাগজত লিখি দিওঁ ৷ তই বাছত যাওঁতে মুখস্থ কৰি কৰি যাবি ৷ কিবা এটা মনত থাকিবগৈ দে ৷ সেইটোকে কৈ দিবি ৷ কাম হৈ যাব ৷’’

কামিজৰ চোলাৰ পৰা সি লিখি দিয়া কাগজখন উলিয়ালো ৷

মনটো উৰা মাৰিলে ১৯৯৬চনৰ চেপ্তেম্বৰৰ ৩০ তাৰিখলৈ ৷
শিৱসাগৰ, মেলাচকৰ ৷ ৰাতুলদাৰ বিয়া ৷ তাতে ‘তাই’ক প্ৰথমবাৰৰ বাবে দেখিছিলো ৷

ফ্লেছবেক – ১ :

ৰাতুলদাৰ বিয়া বুলি শিৱসাগৰ পালো গৈ ৷ ৰভাতলতে চকুত পৰিল নীলা কাপোৰযোৰৰ সৈতে এজনী ধুনীয়া ছোৱালী ৷ মোৰ চকু ছোৱালীজনীতকৈয়ো তাইৰ চকু দুটালৈহে ৷ এবাৰ দুবাৰ মান চকুৱে চকুৱে পৰিল ৷ মাজে মাজে লাগে যেন মোলৈ চাই হাঁহি এটা মাৰিছে ৷ পাছে যিকোন সময়তে নোহোৱা নোপজা কথা এনেও মোৰ মনলৈ আহে ৷ গতিকে কথাটোত বৰ বেছি গুৰুত্ব নিদিলো ৷ তথাপিও মোৰ চকু দুটা বাৰে বাৰে সেই নীলা কাপোৰযোৰৰ ফালেই যাবলৈ ধৰিলে ৷ ‘‘নাই নাই, এই বিয়া খাবলৈ আহি ধুনীয়া ছোৱালী চাই লাভ নাই ৷ ক’ৰবাত মই প্ৰেমত পৰি যাম, তাৰ পাছত কি লেঠা লাগে কোনে জানে ?’’ নিজকে বুজালো ৷ নিজকে আকৌ বুজালো, ‘‘চিনাকি হোৱাত নো কি আপত্তি ? প্ৰেমত নপৰিলেই হ’ল ৷’’ এপাকত নীলা কাপোৰৰ ওচৰ পালো গৈ ৷ চা-চিনাকি হৈয়ে ল’লো ৷ কথা পাতি গ’ম পালো ৰাতুলদাহঁতৰ কাষৰ ঘৰটোতে থাকে ৷ ‘‘কাষৰ ঘৰ ????????’’ মোৰ নিজৰ ওপৰতে খং উঠিল ৷ কেনেকৈ ইমান দিনে নেদেখাকৈ থাকিব পাৰিলো বাৰু ?

বিয়া শেষ হ’ল ৷ গুৱাহাটীলৈ উভটি আহিলো ৷ নীলা কাপোৰৰ গৰাকীয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ ওচৰতে থাকি পঢ়া-শুনা কৰে বুলি জানি আহিছিলো ৷ গতিকে ক্ষীণ আশা এটা পুহি ৰাখিছিলো এদিন নহয় এদিন লগ পায় যাম ৷ দিনটোত হোৱাই নোহোৱাই দীঘলপুখুৰীৰ আশে পাশে পাক মাৰিবলৈ ধৰিলো ৷ সাংঘাতিক বুৰ্বকামী এটা কৰি আহিলো ৷ ঠিকনাটো লৈ নাহিলো ! এদিন পায় গ’লো নীলা কাপোৰৰ গৰাকী আৰু বিয়াতে লগ পোৱা তেওঁৰ এক বান্ধবীক ৷ দুয়োৰে লগতে গৈ ওলালো গৈ তেওঁলোকৰ ঠিকনা ৷ কি কি কথা পাতিলো এতিয়া মনত নাই ৷ আচলতে মইনো সেইদিনা কি কথা পাতিছিলো ধৰিবই নোৱাৰিলো দেখোন ! তেওঁলোকৰ তাত বহি থাকোতেই মোৰ বিশ্বাস এটা হ’ল মই প্ৰেমত পৰি গ’লো ৷ তাৰ পাছতে মোৰ মস্তিস্কই কাম কৰিবলৈ বন্ধ কৰি দিলে ৷

এটা কথাই মনত থাকিল মোক কৈছিল, ‘‘আকৌ আহিবা দেই ৷’’ মই লগে লগে সুধিলো, ‘‘আকৌ মানে কাইলৈ নে ?’’ উত্তৰ দিলে, ‘‘আহিবা ৷’’ ভালকৈ বুজি নাপায় সুধিলো, ‘‘কাইলৈ কেই বজাত আহিম ?’’ একো উত্তৰ নিদি মাথো হাঁহি এটা মাৰিলে ৷

ফ্লেছবেক – ২ :

পাছদিনা ৰাতিপুৱাৰে পৰা এটায়ে চিন্তা, ‘‘কেইটা বজাত যাম ?’’ এবাৰ ভাবিলো পুৱা ৯ মান বজাত যদি যাওঁ দেৰি হ’ব নেকি বাৰু ? নাই পুৱাই নাযাওঁ বুলিয়ে ঠিক কৰিলো ৷ তথাপিও নাৰেংগীৰ পৰা বুলি চান্দমাৰি হৈ দীঘলীপুখুৰীৰ পাৰত দুপাক মাৰি গীতানগৰত থকা অফিছ পালো গৈ ৷ ঘনে ঘনে হাতঘড়ীটোলৈ চাই থাকিলো ৷ মাজে মাজে সন্দেহ হৈ অফিছৰ দাসক সোধো, ‘‘অ দাস, কেইটা বাজিছে হে ?’’
এনেকুৱা লাগিছে পাৰিলে পৃথিবীত থকা সকলো ঘড়ী কেইবা ঘন্টাও আগুৱাই দিব পাৰ হ’লে সোনকালে আবেলি ৪ বাজিব ৷ মাজে মাজে ঘড়ীৰ কথা বাদ দি অফিছৰ বাহিৰলৈ ওলাই গৈ সূৰ্য্যটোৰ ফালে চাওঁ ৷ এনেকুৱা লাগিছে যেন সূৰ্য্য দেৱতাৰ ৰথখন সেইদিনা বৰ লাহে লাহে চলিবলৈ ধৰিছে ৷ পৰা হ’লে ঘোৰাকেইটাৰ সলনি ময়ে ৰথখন টানি দিলো হয় ৷ কথাটো হ’ল আবেলি চাৰি কেতিয়া বাজিব ?

চাৰি বজাৰ লগে লগে পালো গৈ দীঘলীপুখুৰীৰ পাৰৰ সেই ঠিকনা ৷ সেই দিনাই আৰম্ভনি ৷ তাৰ পাছত সময় নাই অসময় নাই প্ৰতি দিনেই এবাৰৰ কাৰনে হ’লেও যোৱা হ’লো সেই ঠিকনালৈ ৷ প্ৰথম অৱস্থাত কৈছিলো,
‘‘এইফালে গৈছিলো ৷ সেই কাৰণে সোমালো ৷’’
‘‘সেইফালে গৈছিলো ৷ সেই কাৰণে সোমালো ৷’’
‘‘বৰ গৰম পৰিছে ৷ সেই কাৰণে সোমালো ৷’’
‘‘বৰষুণ দিছে ৷ সেই কাৰণে সোমালো ৷’’
‘‘পিয়াহ লাগিছে ৷ সেই কাৰণে সোমালো ৷’’
লাহে লাহে একো অজুহাত নেদেখুওৱা হ’লো ৷ কি কথা পাতে, কি কথা পাতো, মোৰ কাণত একো নোসোমায় ৷ মই চকুকেইটা চাই থাকো ৷ মনে মনে ভাবো, ‘‘প্ৰেমত পৰি গ’লো তাৰ মানে !’’

প্ৰায়ে সন্ধিয়া দুয়ো পুখুৰীৰ পাৰে পাৰে খোজ কাঢ়ো ৷ ‘তাই’ৰ সৈতে দীঘলপুখুৰীৰ পাৰত খোজ কাঢ়ি থকাতেই বুজি পালো ভগবানে মোৰ মগজুৰ ৱায়েৰিং কৰোতে ক’ৰবাত খেলি মেলি কৰিলে ৷ আনৰ ক্ষেত্ৰত শুনিছিলো ‘প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম’ ৷ মোৰ ওলোটা হৈ হ’ল ৷ প্ৰথমে প্ৰেম, তাৰ পাছত বন্ধুত্ব ৷ বন্ধু মানে বেষ্ট ফ্ৰেন্ড হৈ গ’ল ৷ নিজকে বুজাও মাজে মাজে, ‘‘মোৰ বেষ্ট ফ্ৰেন্ড বহুত আছে, ‘তাই’ৰ লগত প্ৰেম চলি থাকিলেই ভাল হয় ৷’’ পাছে মনটোৱে নামানিলে ৷
প্ৰেম শেষ হ’ল ৷ নহ’বনো কিয় ? কোনোবাই মোৰ মুৰত সুমুৱাই দিলে, ‘‘বেষ্ট ফ্ৰেন্ডক হেনো বিয়া কৰাব নাপায় ৷’’ আমি দুয়ো হৈ পৰিলো সাংঘাতিক বন্ধু ৷

লাহে কৈ ১৯৯৭ চনৰ চেপ্টেম্বৰ মাহ আহিল ৷ ‘তাই’ পঢ়া-শুনা শেষ কৰি শিৱসাগৰলৈ উভটিবলৈ ওলাল ৷ মই বুজি পোৱা নাই মোৰ বেষ্ট ফ্ৰেন্ড নিজৰ ঘৰলৈ উভটি যাব অথচ মনটো মোৰ ব্যাকুল হৈ পৰিছে ৷ কত বেষ্ট ফ্ৰেন্ড নিজৰ ঘৰলৈ উভটি গ’ল ৷ কেতিয়াও দেখোন এনেকৈ মন বেয়া হোৱা নাছিল !!! কথাটো কি ? তাৰ মানে এনেকুৱা নেকি যে মোৰ প্ৰেম …..?

‘‘নাই নাই সেইবোৰ কথা ভাবিব নোৱাৰি ৷ কোনোমতে নিজকে বুজাইছো বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নোৱাৰি ৷ এতিয়া আকৌ সেইবোৰ ভাবি লৈ বিপদ চপোৱাহে হ’ব ৷ ধুনীয়া ছোৱালী, তাতে একে বয়সৰ ৷ বিয়া ঠিকেই হৈ আছে ছাগৈ ৷ মই বেষ্ট ফ্ৰেন্ড হৈ থকাই ভাল হ’ব ৷ বিয়াত লুছি বিলাম গৈ ৷’’

ফ্লেছবেক – ৩ :


মোৰ বেষ্ট ফ্ৰেন্ড শিৱসাগৰ পালে গৈ ৷
যোগাযোগৰ মাধ্যম ব্লুহিলছৰ কুৰীয়াৰ ছাৰভিছে অনা নিয়া কৰি দিয়া চিঠিবোৰ ৷ সদায়ে এখিলা পাতৰ চিঠি লেখো ৷ ৪/৫ দিনৰ চিঠি একে লগ কৰি পঠিয়াই দিওঁ শিৱসাগৰলৈ ৷
পাছে আৰু এটা যোগাযোগৰ মাধ্যম আছিল ৷ ২২২০৮৮৪ ৷ তাহাতৰ ঘৰৰ ফোনটো ৷ ফোন আছে বুলিয়ে সদায় সদায়নো কেনেকৈ ফোন কৰো ? মই নিজেই বুজাব পৰা নাই বেষ্ট ফ্ৰেন্ড হ’ল বুলিয়ে সদায়ে আকৌ কিয় ফোন কৰিবলৈ লাগে ৷

‘তাই’ মাজে মাজে গুৱাহাটীলৈ আহে ৷ আহিলে বাবলী, জ্যোৎস্নাহঁতৰ তাতে থাকে ৷ মই লগ ধৰো ৷ নধৰিমনো কিয় ? ‘তাই’ মোৰ বেষ্ট ফ্ৰেন্ড ৷ সময় পালে দুয়ো একেলগে আকৌ খোজ কাঢ়ো ৷

প্ৰতিবাৰেই বৰ আশাৰে খবৰ কৰো, ‘‘বিয়া কেতিয়ালৈ ?’’ প্ৰশ্নটো কৰোতে মনৰ মাজৰ কোনোবা এটা কোণে শুনিবলৈ বিচাৰে, ‘‘নাই হোৱা ৷’’ নাজানো কিয় সেই কোণটোৱে বিচাৰিছে ‘নাই হোৱা’ বুলি শুনিবলৈ ৷ হয়তো কিবা আশা পুহি ৰাখিছে সেই কোণটোৱে ৷ পাছে মোৰ মনটোৱে আচলতে শুনিবলৈ বিচাৰে, ‘‘অ অ হ’ল ৷ তুমি আহিবা দেই লুছি বিলাবলৈ ৷’’ মোৰ মনটোৱে জানে লুছি বিলোৱা হোৱাৰ পাছতে মুক্তি পাম কাৰো আগতে স্বীকাৰ নকৰা এটা গুপুত আশাৰ পৰা ৷

সময় বাগৰি ৷ ২০০০ চন মান আহিল ৷ তেতিয়াও আশাৰেই বাট চাই আছো এদিন খবৰ পাম লুছি বিলাবলৈ সময় হ’ল ৷ তেতিয়াও বৰ কষ্টৰে নিজকে বুজাই আছো ‘তাই’ মোৰ বেষ্ট ফ্ৰেন্ড ৷ তেতিয়াও বৰ কষ্টৰে নিজকে বুজাই আছো ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নাপায়’ ৷

লাহে লাহে বাবলী, জ্যোৎস্নাহঁতে মাজে মাজে সুধিবলৈ ধৰিলে, ‘‘তুমি তাইক কিয় বিয়া নাপাত ? পাতিব পাৰা দেখোন ?’’
মই তাহাঁতক উত্তৰ দিওঁ, ‘‘তোমালোকে নুবুজিবা ৷’’ দুয়োজনী জাঙুৰ খাই আহে, ‘‘কিয় বুজি নাপাম হে !! আমাক গৰু বুলি ভাবিছা নেকি ?’’ মই মনে মনে থাকো ৷ কি বুলিনো বুজাওঁ, ‘‘তোমালোক গৰু নহয় ৷ ময়ে এটা গৰু ৷ প্ৰেমত পৰিও প্ৰেমত নপৰিলো ‘তাই’ৰ বিয়াখন সোনকালে হৈ যাব বুলি ৷’’ কেনেকৈ বুজাওঁ, ‘‘ভাবিছিলো মই এষ্টাব্লিছ হোৱাৰ আগতেই তাইৰ বিয়া হৈ যাব ৷ নাই হোৱা এতিয়া মই কি কৰো ?’’
মাজে মাজে মনলৈ আহে এইবাৰ ‘তাই’ক লগ পালে কৈ দিম, ‘‘তোমাক বিয়া কৰাব খুজিছো ৷’’ মনতে ভাবো সুধিম, ‘‘মোৰ সৈতে বিয়াত বহিবা নেকি ?’’ পাছে ‘তাই’ৰ মুখখন দেখিলে পাহৰি যাওঁ সকলো কথা ৷ মনলৈ আহে ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নাপায়’ ৷


অকল বাবলীহঁতেই নহয়, ঘৰটো কথাটো ওলালে ৷
২০০১ চনৰ কোনোবা এটা দিন ৷
মোৰ জেঠাইদেৱৰ ল’ৰা, বৰদেউতাৰ ছোৱালীহঁতে হেনো মোক দেখা পাইছে দীঘলীপুখুৰীৰ পাৰত কোনোবা এজনী ধুনীয়া ছোৱালীৰ সৈতে ঘুৰি ফুৰা ৷ এদিন ঘৰৰে বিয়া এখনত নিপুদাই সুধিলে, ‘‘ছোৱালীজনী কোন নো ? বিয়াৰ কথা পাতো নেকি ?’’
মই জাপ মাৰি উঠিলো, ‘‘নাই নাই ! তাই মোৰ বেষ্ট ফ্ৰেন্ড ৷’’
সেই সময়ৰ আৰু কেইজনমান দাদা-বাইদেই-ভিনদেউ-বৌ ওচৰতে ঠিয় হৈ আছিল ৷ আটায়ে মোক হেঁচা মাৰি ধৰিলে, ‘‘বেষ্ট ফ্ৰেন্ড হয় যদি হয় ৷ কি হ’ল তাতে ?’’
মই হাঁহিমেই নে কান্দিমেই ধৰিব পৰা নাই ৷ ‘ইমান ডাঙৰ কথাটোও নাজানে নেকি বাৰু দাদা-বাইদেউহঁতে ? বৰ দুখেৰেই ক’লো,
‘‘তোমালোকে নাজানা নেকি বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নাপায় ?’’
মোক ধৰি মাৰিবলৈহে বাকী ৷
‘‘মূৰ্খ !! কোনে ক’লে তোক এইটো কথা ?’’
সেইদিনা বিয়াত আটায়ে মোক বুজালে বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব পাৰি ৷ কোনে কোনে বেষ্ট ফ্ৰেন্ডক বিয়া পাতিলে তাৰো হিচাব এটা দিলে ৷

ফ্লেছবেক – ৪ :
তাৰমানে ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব’ পাৰি ???

পাছ দিনাই পালো গৈ ৰৰৈয়াৰ সেনাৰ চাউনি ৷ বন্ধু সঞ্জয়ক মনৰ কথা ক’লো ৷ তাক আৰু কোনে পায় ৷ গোটই ৰাতি জল্পনা কল্পনা চলিল ৷ মাজতে এবাৰ এই ভাবটো মনলৈ নহাও নহয় যে মই ঘৰৰ ল’ৰা ঘৰলৈ উভটি যোৱাই ভাল হ’ব ৷ পাছে নগ’লো উভটি ৷ উজাগৰী নিশা পাৰ হ’ল ৷ সঞ্জয়ে ৰাতিপুৱাই বৰুৱা চাৰিআলিত নমাই দিলে ৷
উঠিলো শিৱসাগৰলৈ বুলি বাছ এখনত ৷ পাছে যোৰহাটৰ পৰা বাছখন শিৱসাগৰ নাপাব গৈ যেন লাগিছে ৷

সেই বিশেষ দিনটো, শিৱসাগৰত :

‘‘শিৱসাগৰ’’, ‘‘শিৱসাগৰ’’ বুলি চিঞৰ কেইটা শুনিহে মই খকমক্ কৈ সাৰ পালো ৷ বাছ ৰৈ আছে দৰিকাপাৰৰ বাছ ষ্টেন্ডত ৷ দীঘল দীঘল কৈ উশাহ কেইটামান লৈ মই আগবাঢ়িলো যোৰহাট অভিমুখি বাছ এখনৰ দিশে ৷ ‘তাই’ৰ ঘৰলৈ নাযাওঁ আৰু বুলিয়ে ঠিক কৰিলো ৷ নাহো আৰু জীৱনত শিৱসাগলৈ বুলিয়ে ঠিক কৰিলো ৷ পাছে কেনেকৈ জানো মই বাছখনৰ সলনি পালো গৈ এখন ৰিক্সাৰহে ওচৰ, ‘‘অই ! ব’ল মেলাচকৰলৈ ৷’’
‘‘দাদা ২০ টকা লাগিব ৷’’
‘‘ৰিক্সাৰ পৰা মই জাপ মৰাৰ আগতেই যদি মেলাচকৰ পোৱাই দিব পাৰ তেনেহ’লে ১০০ টকা দিম ৷’’ বেচেৰা ৰিক্সাৱালাই ভয়তে ক’লে, ‘‘দাদা মোৰ ভাৰাটো দিলেই হ’ব ৷ ১০ টকা ৷’’
চকু দুটা মুদি গৈ আছো ৷ মনতে ঠিক কৰি ল’লো যিয়ে নহওক আজি ‘তেৰি-মেৰি’ নাই ৷ সন্মুখত ঠিয় হৈ কৈ দিম, ‘‘মই তোমাক বিয়া কৰাম ৷’’ বুকু ডাঠ কৰি লৈ সঞ্জয়ে লেখি দিয়া কাগজৰ টুকুৰাটো দলি মাৰি দিলো ৷
তাহাতৰ ঘৰৰ অকনমান আগত ৰিক্সাৰ পৰা নামি দিলো ৷ ৰিক্সাৱালাক কোৱা মতেই ১০০ টকা দিলো ৷
‘‘দাদা খুচুৰা দিয়ক ৷’’
‘‘আৰে তোমাক ১০০ টকাই দিছো ৷ লোৱা, লোৱা ৷’’ জোৰ কৰি তেওঁৰ হাতত ধৰাই দিলো ১০০ টকাটো ৷ দুখ মনেৰে ৰিক্সাৱালাজনে ৯০ টকা ঘুৰাই দিলে ৷

ঘৰটোৰ ফালে খোজ ল’লো ৷ মনতে ভাবিলো প্ৰথমে ৰাতুলদাহঁতৰ ঘৰলৈ নাযাওঁ ৷ আগত কামটো কৰি লওঁ ৷ তাৰ পাছত যাম ৷ দূৰৈৰ পৰায়ে দেখিলো ৰাতুলদাহঁতৰ জেঠাই বাহিৰত বহি আছে ৷ গতিকে জেঠাইক মাত নিদি কাষৰ ঘৰলৈনো কেনেকৈ যাওঁ ? ৰাতুলদাহঁতৰ ঘৰতে সোমালো ৷ জেঠায়ে ঘৰৰ খা-খবৰ ল’লে ৷ ইটো-সিটো কথা সুধিলে ৷ তাৰ পাছত ক’লে, ‘‘হেৰা কথা এটা নহয় ! তুমি দেখোন ‘তাই’কে বিয়া কৰাব পাৰা ৷ মই পাতো নেকি কথা ?’’
মই হাঁহি এটা মাৰি ক’লো, ‘‘কিয় জোকাইছে জেঠাই ? তাইক আকৌ মই কেনেকৈ বিয়া কৰাম ? তাই মোৰ বেষ্ট ফ্ৰেন্ড ৷ বেষ্ট ফ্ৰেন্ডক বিয়া নকৰাই নহয় ৷ হেৰি নহয় মই ডিব্ৰুগড়লৈ যাওঁ ৷ এনেয়ে আপোনাক মাত লগাবলৈ সোমাইছিলো ৷ পানী এগিলাছ দিয়ক, খাওঁ আৰু যাওঁ ৷ পলম হৈছে ৷’’
পানী আনিবলৈ যাওঁতে জেঠায়ে ভোৰভোৰাই গ’ল, ‘‘কি বেষ্ট ফ্ৰেন্ড নাজানো পায় ! ইমান ঘনে ঘনে আহি থাকা দেখিহে কৈছিলো ৷’’
পানী খায়ে মই খোজ ল’লো আকৌ দৰিকাপাৰলৈ ৷ সোনকালে ডিব্ৰুগড়লৈ যোৱা বাছ এখন ধৰিব লাগে ৷

তুমি কিয় ইমান পলম কৰিলা ?

গুৱাহাটীলৈ উভটি আহিলো ৷ কথাষাৰ কোৱা নহ’ল ৷ মনটোৰ মাজতনো কেনে ধৰণৰ কিছুমান প্ৰতিক্ৰিয়া হৈছে বুজাব নোৱাৰো ৷ এবাৰ ভাবো, ‘‘ঠিকেই হ’ল ৷ বেষ্ট ফ্ৰেন্ডৰ সৈতে বিয়াত বহিব নাপায় ৷’’ আন বাৰ আকৌ ভাবো, ‘‘কি মূৰ্খামী কৰি দিলো !!!! কিয় কৈ নাহিলো বাৰু ?’’
মাজে মাজে আকৌ ভাবো
‘‘নোকোৱা কথাষাৰি, নোকোৱাকৈ থাকিলে,
ধৰা পৰে তোমাৰ চকুত…’’,
ইমান ভাল বান্ধৱী অথচ তোমাৰ চকুত কিয় ধৰা নপৰে নে ?

কাম-কাজৰ কথাটো বাদেই দিলো, খাবলৈ বা শুবলৈকো মন নোযোৱা হ’ল ৷
অনবৰতে শিৱসাগৰত থকা এখনি মুখে অনুৰাগৰ প্লাৱন আনিছে ৷
অকলশৰে থাকো, আকাশৰ ফালে চাই থাকো ৷
‘ইয়ে দিল ঔৰ উনকি
নিগাহো কি ছায়ে,
মুঝে ঘেড় লেটি য়ে বাহুোঁ কি ছায়ে …..’’ বুজি নাপাওঁ, এনেয়ে গুনগুনাই থাকো ৷

গাননো কেনেকৈ বুজি পাম ? মই লাহে লাগে একোকে বুজি নোপোৱা হৈ আহিছো ৷

কিহে পাইছিল বাৰু মোক ৰাতুলদাৰ বিয়ালৈ যাবলৈ ?
কিহে পাইছিল বাৰু মোক চিনাকি হ’বলৈ ?
কিহে পাইছিল বাৰু মোক গুৱাহাটীত আকৌ এবাৰ লগ পাবলৈ ?
কিহে পাইছিল বাৰু মোক ‘তাই’ৰ প্ৰেমত পৰিবলৈ ?
এইবোৰ কেনেবাকৈ বুজি পাবও পাৰি বাৰু ৷

ডেকা ল’ৰা এটা ধুনীয়া ছোৱালী এজনীৰ সৈতে প্ৰেমত পৰিবও বাৰে ৷
সেইটোনো কি ডাঙৰৰ কথা ?
কিন্তু কিহে পাইছিল তাইক মোৰ বেষ্ট ফ্ৰেন্ড বুলি ভাবিবলৈ ৷
মই অকৰা মৈত উঠিলো ৷ এতিয়া ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নোৱাৰি’ নামৰ মৈখনৰ পৰা নামিব নোৱাৰা হ’লো ৷
মাজে মাজে মনতে ভাবো মই বাৰু ভাবিছো নেকি ‘তাই’ মোতকৈ বহু গুণে ভাল ল’ৰা এটা পাব ? ঠিক নাই মই ভাবিও পাৰো ৷ এনেকুৱা ওলোটা কথা ভবাত মই সিদ্ধহস্ত ৷

২০০১ চনৰ চেপ্তেম্বৰ মাহ ৷ অনুৰাধা হ’ল মই আৰু বন্ধু এটাই ‘ডিল ছাহতা হ্যায়’ নামৰ চিনেমাখন চাই আছো ৷ চিনেমাখনত এটা দৃশ্যত আমিৰ খানে যেতিয়া কইনাসাজত থকা প্ৰীতি জিন্টাক বিয়াৰ প্ৰস্তাব আগবঢ়াই মোৰ মাজতো কিবা এটা হৈ গ’ল ! বন্ধুক হ’লৰ মাজতে অকলে এৰি ওলাই আহি এটা পি.ছি.ও পালো গৈ ৷
০৩৭৭২-২২০৮…, ফোন কৰিলো ৷
‘‘হেল্ল’ ! পিকলু ….’’

হয় তাইৰ নাম পিকলু আৰু মই ফোন কৰিছিলো বিয়াৰ প্ৰস্তাব আগবঢ়াবলৈ ৷
মই কিবা ক’বলৈ পোৱা আগতেই তাই মোক ক’লে, ‘‘এটা ভাল খবৰ আছে ৷’’
মোৰ মুখৰ মাত নোহোৱা হৈ গ’ল ৷ ‘ভাল খবৰ’ মানে……….
মুখৰ পৰা কোনোমতেহে মাতষাৰ ওলাল, ‘‘কোৱা !!!!’
আচলতে তাই ভাল খবৰ বুলি ক‘লেই মোৰ ভয় লাগে ৷ যদি কেনেবাকৈ কৈ দিয়ে ‘মোৰ বিয়া ঠিক হৈছে ’’ !
তাই বৰ উৎসাহেৰে খবৰটো দিলে, ’‘মই অহা সপ্তাহত গুৱাহাটীলৈ গৈ আছো ৷ লগ পাম দিয়া৷’’

কোনোমতেহে উশাহ ঘুৰি আহিল ৷ আকাশৰ ফালে চাই নেদেখাজনক মনতে সেৱা এটা জনালো ৷
মনতে ভাবিলো, ‘‘দুটা কাম গৈ গ’ল ৷ এক, মই ভাবি ভয় খোৱা ধৰণৰ ‘ভাল খবৰ’ নহয় ৷ দুই, মই এতিয়া ফোনত প্ৰস্তাব নজনালেও হ’ব ৷

বেছ ফুৰ্তিৰেই ক’লো, ‘‘অ, অ আহিবা আহিবা ৷ ভাল কথা, মই থাকিমেই তেতিয়া ইয়াত ৷’’
দুই এটা আন আন কথা পাতি ফোনটো ৰাখিলো ৷ ফোনটো থৈয়ে মনলৈ ভাব এটা আহিল, ‘‘ভুল কৰিলো নেকি বাৰু ? ফোনতে কৈ দিয়া ভাল আছিল ৷ ‘তাই’ক দেখি যদি আকৌ পাহৰি যাওঁ ?’’

আৰম্ভ হ’ল ‘তাই’ গুৱাহাটীলৈ অহাৰ দিনটোলৈ অধীৰ অপেক্ষা ৷
১ অক্টোবৰ, ২০০১ ৷ মই আবেলি চাৰি বজাত হাতীগাওঁ লিটিল ফ্লাৱাৰ স্কুলৰ ওচৰত ‘তাই’ক লগ পোৱাৰ কথা ৷ দুপৰীয়া ১২মান বজাৰ পৰা আৰম্ভ হ’ল বৰষুণ ৷ বৰষুণ মানে দুইমান বজাৰ ভিতৰত গুৱাহাটীৰ ৰাজপথে নদীৰ ৰূপ ল’লে গৈ ৷ সেই বৰষুণতে ৰেইন কোট, ছাতি আদি লৈ পালো গৈ এখন চিনাকি অটোৰিক্সাৰ কাষ ৷ যাবলৈ লগ ধৰিলো ৷
‘‘কেনেকৈ যাম দাদা এই পানীত ?’’
‘‘নাই যাবই লাগিব ৷’’
‘‘সদায়ে যাওঁ দাদা, আজি কেনেকৈ যাওঁ কওঁকচোন ?’’
‘‘আজি যদি নোযোৱা তেনেহ’লে আৰু কেতিয়াও যাব নালাগে ৷ ’’
‘‘দাদা কথা কি ?’’
সেই দোপালপিটা বৰষুণত মই বুজাই আছো অটোৰিক্সা চালকক কিয় যাবই লাগিব চাৰি বজাত হাতীগাওঁ লিটিল ফ্লাৱাৰ স্কুলৰ পোৱাকৈ ৷
‘‘তেনেকুৱাই যদি কথা, বানপানী নালাগে গুলিয়া-গুলি চলি থাকিলেও যাম ৷ উঠক দাদা ৷ মই আছো দাদা, চিন্তা নকৰিব আপুনি ৷ ময়ো ইয়াৰ লোকেল দাদা ৷’’

তেওঁৰ কথা শুনি মোৰ ভয়তে অৱস্থা নোহোৱা হ’ল ৷ মই বুজালো কি, এওঁ বা বুজিলে কি ?

মনে মনে গৈ আছো ৷ মোৰ অৱশ্যে চিন্তা বাঢ়িল, ‘‘ইমান বৰষুণত জানো তাই আহিব ?’’ মই ইমান বৰষুণত, বানপানীৰ মাজত আহিছো কাৰণ মই বিয়াৰ প্ৰস্তাৱ আগবঢ়াম, মোৰ প্ৰেয়সীক ৷ কিন্তু তাইতো আহিব বন্ধুক লগ কৰিবলৈ ৷ ইমান বৰষুণত. বানপানীৰ মাজত আহিব জানো বন্ধুক লগ কৰিবলৈ ?

অটো লাহে লাহে আগবাঢ়িছে ৷ গোটেই বাটটোতে পানী আৰু যানজঁট ৷ চাৰি বজাৰ ঠিক আগে আগে গৈ পালো গৈ হাতীগাওঁ চাৰিআলিৰ সেই নিৰ্দিষ্ট স্থান ৷ দূৰৈৰ পৰায়ে চকু পৰিল ছাতি এটা লৈ ‘তাই’ ৰৈ আছে ৷ মই অটোখনৰ পৰা নামিয়ে তাইৰ ফালে খৰধৰকৈ খোজ দিলো ৷ তায়ো মোৰ ফালে আগবাঢ়ি আহি মাত দিলে, ‘‘ব’লা ব’লা, সোনকালে অটোত উঠা ৷ নহ’লে বৰষুণত তিতি জুৰুলি-জুপুৰি হ’ব লাগিব ৷ ’’
দুয়ো আহি অটোৰ ভিতৰ পালো ৷ আগতেও ‘তাই’ৰ সৈতে অটোত উঠি পাইছো ৷ সেইদিনা পাছে কথাটো সুকীয়া আছিল ৷ বেছ আচহুৱা লাগিবলৈ ধৰিলে ৷ কথাটো কওঁ বুলি ভাবিও ক’ব নোৱাৰা হ’লো ৷ এইবাৰ অসুবিধা দিবলৈ ধৰিলে চিনাকি অটোৰিক্সাচালকজনে ৷
মোৰ ফালে চাই ক‘লে, ‘‘আৰু কোৱা তোমাৰ খবৰ !’’
ময়ো তাইৰ হাতখনত ধৰি ক’লো, ‘‘এটা ডাঙৰ খবৰ আছে ৷ তুমি শুনি ভাল পাবা ৷’’
‘‘আৰে আৰে কোৱা কোৱা ৷’’

অটোৰিক্সাৰ চালকজনে মোৰ ফালে কেৰাহীকৈ চোৱা যেন লাগিল ৷ মোৰ মুখৰ পৰা ওলাল, ‘‘মোৰ বিয়া ৷ মানে মই বিয়া পাতিম ৷’’ মই নাজানো এই কথাখিনি কেনেকৈ মোৰ মুখৰ পৰা ওলাই গ’ল ৷

‘তাই’ অটোখনৰ ভিতৰতে জাপ এটা মাৰি দিলে ৷ ‘‘বাহ্ কি বঢ়িয়া খবৰ !!! কোন সেই ভাগ্যৱতী ?’’
বৰষুণৰ পানীত তিতি থকা তাই চুলিকেইডালৰ ফালে চাই চাই মই ক’লো, ‘‘ব’লা পানবজাৰত ক’ৰবাত বহি লওঁ ৷ তাতে ক’ম দিয়া ৷’’

পানবজাৰলৈকে ‘তাই’ কিবা কিবি খবৰ দি গ’ল ৷ মই চিন্তা কৰি গ’লো, ‘‘যদি না বুলি কৈ দিয়ে তেতিয়া ধেমালি কৰিছিলো বুলি ক’ম নেকি বাৰু ?’

পানবজাৰত সোমালোগৈ এক ৰেষ্টোৰেন্তৰ ভিতৰত ৷ বহিলৈয়ে প্ৰথম প্ৰশ্ন, ‘‘অ এতিয়া কোৱা কাৰ সৈতে বিয়া ৷’’
মই এক চেকেন্ডো পলম নকৰি ক’লো, ‘‘তুমি ৷’’
চাৰিওফালে তেতিয়া নিস্তব্ধতা, মৌনতা !! তাৰ মাজত শুনিছো মাথো মোৰ নিজৰ শ্বাস-প্ৰশ্বাসৰ শব্দ ৷ মই চাই ৰ’লো ‘তাই’ৰ সেই ওলট পালট লগাই দিয়া চকুকেইটাৰ ফালে একে থৰে ৷ নাজানো আকৌ চাবলৈ পাম নে নাই ৷

সঁচাকৈয়ে চকুদুটাই সদায়ে ওলট পালট লগাই দিয়ে ৷ সেইদিনা দুচকুৰ পৰা ওলাই আহিল দুধাৰি চকুলো ৷ মোৰ ফালে চাই সুধিলে, ‘‘তুমি মোক মাত্ৰ এটা কথা কোৱা ৷ এই কথাটো ক’বৰ কাৰনে কিয় তুমি ইমান সময় ল’লা ? কিয় তুমি ইমান পলম কৰিলা ?’’

কথাষাৰ শুনাৰ লগে লগে মোৰ শৰীৰ সকলো শক্তি নোহোৱা হৈ গ’ল ৷ ‘‘তাৰমানে বিয়া ঠিক হৈ গ’ল !!! মই যদি আৰু কেইদিন মান আগতে কথাখিনি ক’লো হয় ! মই যদি সেইবাৰ যোৰহাটৰ পৰা যাওঁতেই কথাষাৰ ক’লো হয় !!’’
‘তাই’ মোৰ হাতখন ধৰি ক’লে, ‘‘বুদ্ধু !! নিজৰ বেষ্ট ফ্ৰেন্ডক এই সাধাৰণ কথাটো কওঁতে ইমান দেৰি কৰিব নাপায় নহয় ৷ মই তোমাৰ মুখেৰে এই কথাষাৰ শুনিবলৈকে আজি অতদিনে বাট চাই আছিলো ৷’’

তাৰ পাছত কি হ’ল মোৰ মনত নাই !!!!!!!!!!

এটা কথা মনত আছে ,
২০০২ চনত ১৩ ডিচেম্বৰৰ দিনা শিবসাগৰত ‘তাই’ৰ সৈতে মই বিয়া বহিলো ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *