গেটওৱিয়ান/ Gatewayian

অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক ~ প্ৰাঞ্জল দাস

অসমীয়া লিপিয়ে ইউনিকোডত স্থান পোৱা-নোপোৱাৰ বিষয়টোৱে যোৱা কিছুদিনত বেচ চৰ্চা লাভ কৰিছে। বিশেষকৈ অসমীয়া ভাষাৰ লিপিক স্বতন্তৰীয়াকৈ ‘অসমীয়া’ লিপি হিচাপে নাম দিয়াৰ পৰিৱৰ্তে ‘বাংলা-অসমীয়া’ বুলি নামকৰণ কৰাক লৈ বহুতেই অসন্তুষ্টি প্ৰকাশ কৰিছে। লণ্ডনৰ সভাত বিষয়টো সন্দৰ্ভত আলোচনা কৰিব যোৱা অসমৰ প্ৰতিনিধি দলক বহুতে ককৰ্থনাও কৰিছে। আলফাৰ দৰে সংগঠনেও আঁতৰৰ পৰাই ‘অসম সাহিত্য সভা’ক সকিয়নী প্ৰদান কৰিছে। সেইবোৰ কথা বাৰু পিছলৈ থ’লো। কিন্তু যিসময়ত নিজ ৰাজ্যতে অসমীয়া ভাষাটো কোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে কমি আহিছে, অসমীয়া মানুহেই মোৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ক’ব-লিখিব নোৱাৰে […]

Read more

সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate ~ ৰাজীৱ ফুকন

এটা ক্লিকতে গোটেই ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ; প্ৰতিটো ৱেবচাইট, কিতাপ, অডিঅ’, ভিডিঅ’আদি সকলো অসমীয়াতে পাবলৈ হ’লে, আপুনি আজিয়েইGoogleৰ Translate Communityত যোগ দিব লাগিব৷আপুনি যদি Chrome ব্ৰাউজাৰ ব্যৱহাৰ কৰি আছে৷ যিকোনো এটা ৱেব চাইটলৈ যাওঁক, ৰাইট ক্লিক কৰক আৰু“Translate” বা “Translate in English”ত ক্লিক কৰক৷ সোঁফালে ওপৰ চুকত এখন প’প আপ মেনু ওলাব৷ তাত আপুনি optionত ক্লিক কৰিলে ভাষাৰ এখন তালিকা ওলাব, ইয়াতে দুটা ভাষা থাকিব, তলৰ ভাষাটো আপুনি হিন্দী চিলেক্ট কৰক৷ মুহুৰ্ততে আপোনাৰ ৱেবচাইটটো হিন্দীলৈ পৰিবৰ্তন হৈ যাব৷ তাকো ৮০ শতাংশ শুদ্ধ হিন্দীলৈ৷ এবছৰৰ ভিতৰত ই […]

Read more

ছাৰ-বাইদেউ স্পেচিয়েল ~ বৰষা চৌধুৰী

একৰ্ডিঙ টু ত্ৰিদিপ ছাৰ সকলো নিখুঁতকৈ পঢ়াতো ‘বেটাৰ’, উত্তৰ লিখিবা নিখুঁত তেতিয়াহে পাবা নম্বৰ ‘গুড’ । নিশা বাইদেউৰ সুন্দৰ ‘এডভাইচ’, আমাৰ বাবে বেষ্ট গাইড, বিশ্ব ছাৰ অত্যন্ত ‘বিজি’ কয় আমাক একাউণ্টেনছী হৈছে বৰ ‘ইজী’ । ক্লাছত ছাত্ৰ-ছাত্ৰীয়ে বদমাছী কৰিলে আহমেদ ছাৰে গালি পাৰে ‘ননচেন্স’ জুনু বাইদেউৰ সুন্দৰ ইমপেক্ট অসমীয়াক নকৰিবা তোমালোকে ‘নেগলেক্ট’ । ব্ৰজেন ছাৰ একদম পাৰফেক্ট দেহাৰ লগতে পঢ়াওতেও নাই ‘ডিফেক্ট’ মানস ছাৰ সহজ-সৰল-ছিম্পল অৰ্থনীতি বুজাবলৈ দিয়ে বহুতো ‘ছেম্পল’ । হীৰক ছাৰো সহজ-সৰল শ্ৰেণীত গৈ কয় কোৱা ‘ৰিকেপ’ ! এয়াই […]

Read more

মেটামৰফচিচ ~ অভিজিত দত্ত

পৃথিৱীখন ধ্বংস হোৱাৰ দুদিনমানৰ পিছৰ কথা। বগাৰাম দাসে লাহেকৈ মাটিৰ পৰা উঠি চকুদুটা মচি ললে। সীমাহীন বৰফ। মহানগৰখনৰ কোনো চিন-মোকাম নাই। দাসে মনত পেলালে। হয়, সি সেইসময়ত বজাৰৰ ডাঙৰ দোকানখনতেই আছিল। হঠাৎ এক প্ৰচণ্ড শব্দৰ সৃষ্টি হৈছিল আৰু ডাঙৰ ডাঙৰ অট্টালিকাবোৰ চূৰ্ণ-বিচূৰ্ণ হৈছিল। বগাৰাম দাস চাহৰ দোকানখনৰ মালিকৰ টকা থোৱা বাকচটো যিখন টেবুলত থোৱা আছিল, তাৰ তলতেই সোমাইছিল। খন্তেকৰ বাবে তাৰ মুখত হাঁহি এটাৰ সৃষ্টি হৈছিল। পিছে চকুৰ পচাৰতে সি কব নোৱাৰা হৈ পৰিছিল। তাৰ পিছত বগাৰাম দাসৰ একো কথা […]

Read more

সন্তানক ধ্বংসৰ গৰাহৰ পৰা কেনেদৰে মুক্ত কৰিব ? ~ পূৰৱী ডেকা

জীৱনৰ সঁচা অৰ্থনো কি ? তাৰ উপলব্ধি আমাৰ চেতনাত উদয় হৈছে নে নাই অথবা তাক আমি কেতিয়াবা ভাবি চাইছোনে ? জীৱনৰ সঁচা উপলব্ধি আমি কৰিছো জানো ? এক সুখী আৰু সুন্দৰ জীৱন-যাপন কৰিবলৈ হলে আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হব লাগে জানো ? মানুহে নিদাৰুণ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে । কিন্তু যন্ত্ৰণাৰ মূল উৎস অনুসন্ধান কৰি ইয়াৰ প্ৰতিকাৰ কৰিব নোৱাৰিলে যন্ত্ৰণাবিহীন জীৱন আশা কৰাটো মিছা । মই ভাবো প্ৰতিজন অভিভাৱকৰ সুখ-শান্তি জড়িত হৈ থাকে নিজ সন্তানৰ কৃতকাৰ্যতাৰ লগত । যদিহে সন্তান […]

Read more

এইচ আই ভি ~ পৰী পাৰবিন

কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ পোহৰত জোনাক সনা গুড়ি গুড়ি বৰষুণজাকৰ মাজত তাৰ অনাই বনাই ঘূৰি ফুৰিবলৈ মন গ’ল । পিছে এতিয়া সময় নাই। ৰাগিনী ৰৈ আছে তালৈ। সিহঁতে আজি একেলগে ৰেষ্টুৰেন্টত ডিনাৰ কৰাৰ কথা। তাৰ পিছে মন গৈছে ৰাস্তাৰ কাষৰ ধোঁৱা বলি থকা চাহ একাপ আৰু মুৰমুৰিয়া পপ এটাৰ সোৱাদ লোৱাহে । ৰাগিনীয়ে পপ খাবলৈ ভাল নাপায়, মুখৰ সমস্ত মেকআপ বেয়া হৈ যায় […]

Read more

NICOTINE AND ITS EFFECT ON HUMAN ~ KRIDEEP TALUKDAR

  Nicotine is the main addictive substance in cigarettes and other forms of tobacco. Nicotine is a drug that affects many parts of our body. Over time our body and brain get used to having nicotine in them. Over 80-90% of people who smoke regularly are addicted to nicotine. Background:During Antiquity and Middle ages Europe didn’t know about tobacco. First tobacco was taken to Europe by Columbus in the year 1492. Seeds of tobacco got here some about 20 years […]

Read more

খেতিৰ দিহা ~ অভিজিত কলিতা

অসমৰ কৃষি ক্ষেত্ৰখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কৃষক ৰাইজে তেজক পানী কৰি শ্ৰম কৰে কিন্তু উৎপাদনৰ উচিত মূল্য নেপায়। কিন্তু আমি অলপ চেষ্টা কৰিলেই এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰো। এই ৰচনাত কৃষক ৰাইজৰ সহায়ৰ অৰ্থে কেইবিধ মান জনপ্ৰিয় শস্যৰ খেতিৰ সমস্যা বিলাক, তাৰ সমাধানৰ উপায় আৰু সামগ্ৰিক ভাৱে কৃষি পদ্ধতিটোৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হব বুলি আশা কৰিব পাৰি। ধান খেতি:- যিহেতু ধানেই অসমৰ প্ৰধান কৃষিজাত উৎপাদন, গতিকে ধানৰ খেতিৰ ওপৰত এই ৰচনাত বি‍‍শেষ গুৰুত্ব […]

Read more

প্ৰেম, তোমালৈ এখন চিঠি…¬ নীলোৎপল ডেকা

  (১) তাই কয় সৰাপাত হেনো প্ৰেমৰ ব্যৰ্থতাৰ এক সোঁৱৰণী মই কওঁ সৰাপাত মানেই এবছাইছিছ এছিড সৰাপাত সৰি পৰে সৰাপাত সৰি নতুন পাত গজে, (সৰাপাত সৰা কাৰণে নতুন পাত গজে নে নতুন পাত গজাবলৈ সৰাপাত সৰি পৰে ?) বৰ সহজ, বৰ সহজ বুইছা “নো লাভ, মাই লাইফ নট টাইম, ফৰ লাভ” বুলি চিঞৰিবলৈ ব্ৰেকআপৰ পাছততো আৰু সহজ প্ৰেমত নপৰো বুলি ক’বলৈ, তাতকৈয়ো সহজ প্ৰেমত নপৰো বুলি কৈ আকৌ প্ৰেমত পৰিবলৈ !   (২) তাই কয় প্ৰেম গছৰ পাতৰ দৰে , […]

Read more

মৰণলৈ আৰু কিমান বাট ~ কাকলি নাথ

  চৌপাশে তেজে ধোঁৱা মাটি কত থওঁ দুভৰি দাঁতিয়ে দাঁতিয়ে মৰা জিলিৰ চকুপানী কোন জীয়াই আছে ।   নিমাত….নিথৰ….আপুনি,মই ভঙা ঘৰ, ভঙা নদী খৰাং বতাহাজাকটো ৰঙা আঁচোৰৰ দাগ কতো সাৰে নাই মৰম ।   মন নগলেও আপোনবোৰক সপি দিওঁ কঠিন দুহাতৰ আন্ধাৰত নতুনৰ আলি সজাবলৈ ধমনীত যদিও ৰুই থওঁ শিপা হেৰোৱা দুবৰিবোৰ এখোজ দুখোজকৈ আগুৱাই চাওঁ মৰণলৈ আৰু কিমান বাট।।   চৌপাশে তেজে ধোঁৱা মাটি কত থওঁ দুভৰি দাঁতিয়ে দাঁতিয়ে মৰা জিলিৰ চকুপানী কোন জীয়াই আছে ।   নিমাত….নিথৰ….আপুনি,মই ভঙা […]

Read more
1 2 3 4 5 6