গেটওৱিয়ান/ Gatewayian

আগ্নেয়গিৰিৰ লাভাই জ্বলাই ছাঁই কৰি নিয়ক মোক ~ জয়ন্ত আকাশ বৰ্মন

খিৰিকিখনৰ কাষৰ চিটটোতেই সদায় মই বহো। কাৰণ ইয়াৰ পৰাই তাইক মই দেখি থাকোঁ। মই তাইৰ নাম এটা দি লৈছিলো, শ্যামলী ।তাইৰ সেই সমাহিত মূর্তি। বতাহে চুই কঁপাই যোৱা তাইৰ প্রত্যংগ। তাইক চুই অহা প্রতিটো বৃষ্টিকণা মই অলিন্দ ভৰাই লব খোজো। “খিৰিকিৰে বাহিৰত কি চাই আছা?”-গম পোৱা নাছিলো কেমিষ্ট্রিৰ চাৰে মোক লক্ষ্য কৰি আছিল। নুবুজা ভাও ধৰি মই পিছফাললৈ চালো। পিছৰ বেঞ্চত সঞ্জয়, ৰাহুল, অৰিন্দমহঁত। এনেকুৱাকে কিতাপত মগ্ন দেখাইছে যেন সিহঁত একো একোটা তপস্বীহে !‘তোমাক কৈছো, পিছফালে চাব নালাগে। ইউ ইউ আকাশ […]

Read more

সভ্যতাৰ পৰিসমাপ্তি (মানস প্ৰতীম শৰ্মা)

সভ্যতাৰ পৰিসমাপ্তি মানস প্ৰতীম শৰ্মা একাদশ শ্ৰেণী (বিজ্ঞান)   ড° দ্ত্তৰ হাতৰ পৰা ক্ষুদ্ৰাকৃতিৰ ৰিচিভাৰটো পৰি গ’ল। তেওঁৰ হাত ভৰি কপিবলৈ আৰম্ভ কৰিছিল। তেনেতে তেওঁ মজিয়াৰ পৰা পাঁচ ফুটমান ওপৰত ভাঁহি থকা ফ্লোটিং চেয়াৰখনৰ পৰা পৰি গ’ল।… …কিছুসময় পিছত তেওঁ সংজ্ঞা ঘূৰাই পালে। পিছে পুণৰবাৰ নিজৰ ভৰিত থিয় হ’বলৈ তেওঁৰ শক্তি নাই। তেওঁৰ শৰীৰটোৱে এক সীমাহীন ক্লান্তি অনুভৱ কৰিছে।তেনেতে তেওঁৰ চকু গ’ল ডেৰ সপ্তাহ আগতে মৃত্যু হোৱা আইনাৰ কফিনত আৱদ্ধ হৈ থকা ড°প্ৰীতমৰ মৃত দেহটোলৈ। মৃতদেহটো দেখি তেওঁৰ দুচকু অশ্ৰু […]

Read more

তাৰমানে ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব’ পাৰি ??মোৰ জীৱনৰ এটা ভুল (বহু ভুলৰ মাজৰ) ~ প্ৰতিভূ দত্ত

২০০০ চনৰ কোনোবা এটা দিন ৷ যোৰহাটৰ পৰা বাছখন শিৱসাগৰ নাপাব গৈ যেন লাগিছে ৷ দুবাৰমান আকৌ মনলৈ ভাব আহিছে চালকজনক কওঁ নেকি, ‘‘বাছখন যোৰহাটলৈকে ঘুৰাই দিয়া ৷ মই নাযাওঁ ৷’’ পাছ ক্ষণতে আকৌ ভাবো, ‘‘নাই ! এইবাৰ যদি গৈ কেনেবাকৈ কথাটো কোৱা নহয় তেনেহ’লে ছাগে শিৱসাগৰলৈ জীৱনত আৰু কেতিয়াও যোৱা নহ’ব !’’ খিৰিকীৰে বাহিৰলৈ চাই চাই চিন্তা কৰিব লৈ ধৰিলো, ‘‘কি বুলি কথাটো কোৱা ভাল হ’ব বাৰু ?’’ ‘‘কথা এটা আছিল ৷……’’ নাই এনেকৈ আগতেও বহুবাৰ চেষ্টা কৰি চাইছিলো […]

Read more

এক অশ্ৰুসিক্ত কাহিনীৰ স্মৃতিৰে নোহালিকা জলপ্ৰপাত ~ মধুস্মিতা বৰুৱা

লিখিবলৈ আৰম্ভ কৰিছো চেৰাপুঞ্জীৰ ওচৰত অৱস্থিত এটা মনোৰম জলপ্ৰপাতৰ এক কৰুণ কাহিনী । ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১,০১৫ ফুট উচ্চতাৰে গভীৰ নীলা জলৰাশিৰে ভৰা এই জলপ্ৰপাতটোৰ নামেই হৈছে ‘নোহালিকা জলপ্ৰপাত’(Nohkalikai Falls) । সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই এটা ওখ জলপ্ৰপাত হিচাপে পৰিগণিত হৈছে নোহালিকা নামৰ এই জলপ্ৰপাতটো । এই নোহালিকা নামৰ জগত যে এটা ইতিহাস বিজড়িত কৰুণ জনশ্ৰুতি জড়িত হৈ আছে তাক হয়তো বহুতেই নাজানিব । হয়তো এই কথা জানিলে আমাৰ দৰ্শনাৰ্থী অথবা ভ্ৰমণবিলাসী লোকসকলৰ মনতো এবাৰলৈ হলেও গা কৰি উঠিব জলপ্ৰপাতটো […]

Read more

অশ্ৰুসিক্ত এন্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহূৰ্তটো ~ পংকজ জ্যোতি মহন্ত

“Few results have as rich a mathematical history and as dramatic a proof as Fermat’s Last Theorem.” — The Abel Committee. (১) প্ৰায় ৩৫০ বছৰৰো অধিক কাল ধৰি গণিতৰ অলেখ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীৰ উপৰি নিজৰ নিজৰ শতিকাৰ স্বনামধন্য বহুকেইজন মহান গণিতজ্ঞৰ দ্বাৰাও অপ্ৰমাণিত হৈ থকা “ফাৰ্মাৰ অন্তিম প্ৰমেয়” (Fermat’s Last Theorem, চমুকৈ FLT)টো ১৯৯৪ চনত প্ৰমাণ কৰাৰ লগতে তাৰ দ্বাৰা সংখ্যাতত্ত্বৰ এক নতুন দিগন্তৰ সূচনা কৰা বাবে ছাৰ এন্ড্ৰু ৱাইলছক ২০১৬ চনৰ এবেল বঁটা প্ৰদান কৰা হ’ব বুলি যোৱা ১৫ মাৰ্চত […]

Read more

আজিৰ শিক্ষা ব্যৱস্থা আৰু কিছু জনপ্ৰিয় চিন্তা-দুচিন্তা ¬চিন্ময় ডি কাশ্যপ

“পঢ়াই পঢ়ে ৰোৱে পাণ সেই তিনিয়ে নিচিন্তে আন ।” – কোৱা হয় যে শিক্ষক-শিক্ষাৰ্থী সকলে অইন কামত নিজৰ সময় অপব্যয় কৰিব নালাগে । কিন্তু বৰ্তমান সময়ত সেয়া জানো উচিত ? মোৰ বোধেৰে বৰ্তমানৰ শিক্ষা ব্যৱস্থা ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম । বৰ্তমানৰ শিক্ষা ব্যৱস্থা হৈ পৰিছে ধনকেন্দ্ৰিক । আজিকালি অভিযন্তা অথবা চিকিৎসক হ’বলৈ গ’লে প্ৰকৃতাৰ্থত চোৱা নহয় যে সেই বিষয়টোৰ ওপৰত আপুনি কিমান জানে অথবা শৰীৰতত্ত্বৰ ওপৰত আপোনাৰ জ্ঞান কিমান !  তাৰ সলনি চোৱা হয় যে ১৮০ মিনিটত আপুনি কিমানটা MCQ সমাধা […]

Read more

শেষ উপায়: কিছু সামৰিক গোপনকথা ~ অলকেশ ভাগৱতী

বৃটিছ নৌসেনাৰ হাতত চাৰিখন ভেনগাৰ্ড শ্ৰেনীৰ পাৰমাণৱিক চাবমেৰিন আছে ৷ ভয়াবহ Trident II আনৱিক মিছাইলেৰে সুসজ্জিত এই চাৰিখন চাবমেৰিনৰ অন্তত এখন হ’লেও চাবমেৰিন প্ৰতিটো মূহুৰ্ততে পৃথিৱীৰ কোনো প্ৰান্তৰ সাগৰত কৰ্মৰত হৈ থাকি বৃটেইনক পাৰমানৱিক আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে কৱচৰ দৰে কাম কৰি থাকে ৷ ইয়াৰ কাৰ্য্য পদ্ধতি আনবোৰ বৃটিছ চাবমেৰিনতকৈ বহু সুকীয়া ৷ এই চাৰিওখন চাবমেৰিনত বৃটেইনৰ প্ৰধানমন্ত্ৰীয়ে অতি গোপনীয় ভাবে লিখা চাৰিখন চিঠি থাকে ৷ বৃটিছ চৰকাৰৰ চিল মোহৰ মাৰি বন্ধ লেফাফাত থকা এই অতিশয় গুৰুত্বপুৰ্ণ চিঠি চাৰিওখনৰ […]

Read more

মৃত্যুৰ পাছতো হ’ব পাৰি গছ ¬মানস প্ৰতিম গোস্বামী

মৃত্যুৰ পাছত আমাৰ পৰম্পৰাগত ধৰ্মীয় ধাৰণা মতে মানুহ স্বৰ্গ-নৰক, বেহেস্ত-দোজখ আদিলৈ যায় । কিন্তু মৃত্যুৰ পাছত গছ ! কেনে আচহুৱা কথা ! কিন্তু অবিশ্বাস্য যেন লাগিলেও সত্য যে মৃত্যুৰ পাছত মানুহৰ মৃত শৰীৰ গছলৈ ৰূপান্তৰ হোৱা প্ৰকল্পটোৰ সফল ৰূপায়ণ হৈছে ইটালীত । সম্প্ৰতি এই প্ৰকল্পটো বিশ্বজুৰি চৰ্চিত হৈছে । এই প্ৰকল্পটোক লেটিন ভাষাৰ শব্দ ‘কেপছলা মুত্তি’ নামেৰে জনা যায় । এই প্ৰকল্পটো ইটালীৰ এন্না চিতেলি আৰু ৰাউল ব্ৰেজেল নামৰ দুই জীৱবিজ্ঞানীয়ে উদ্ভাৱন কৰিছে । মানুহৰ শৰীৰ খনিজ, বনস্পতি আৰু জীৱ […]

Read more

ব্যতিক্ৰমী চিন্তাধাৰা, চিন্তাৰ স্বাধীনতা ~ মৃদুল কুমাৰ শৰ্মা

“হেৰা, তুমি কোৱাচোন- চাহখেতিৰ বাবে উপযুক্ত মাটিৰ PH কিমান হ’ব লাগে?”, ভূমিবিজ্ঞান বিভাগৰ অধ্যাপকগৰাকীয়ে ব্যৱহাৰিক পৰীক্ষাৰ মৌখিকত ছাত্ৰ এজনক প্ৰশ্ন এটা কৰিলে৷ ছাত্ৰজনৰ ওচৰত উত্তৰটি মজুত নাছিল কিন্তু তেওঁ তপৰাই মাত দিলে, ”চাৰ, ২০ৰ পৰা ২২ মান হ’লে ভাল হয়”৷ উত্তৰটি শুনি লগত থকা বাকী পৰীক্ষাৰ্থীকেইজনে হাঁহি দিলে৷ কাৰণ সকলোৱে জানে যে আম্লিকতা আৰু ক্ষাৰীয়তাৰ মানদণ্ড বুজাবলৈ ব্যৱহাৰ কৰা PHৰ সৰ্বোচ্চ মান ১৪ হে৷  অধ্যাপকগৰাকীয়ে কিন্তু গহীনাই ক’লে, ”হ’ব পাৰে৷ সেইটো চন্দ্ৰত হ’ব পাৰে”৷  সকলোৰে সন্মানৰ পাত্ৰ সেই শিক্ষকগৰাকীয়ে সেইসময়ত […]

Read more

: HUMAN BRAIN AND NEURAL NETWORK BEHAVIOUR: Shyam Kalita

When a child is born, what does the child know? To our knowledge, the child knows only how to cry. The child probably does not know its parents. When the child grows, the step by step learning process begins. First, the child learns to drink milk. Then the child learns to identify its parents. Every time a child learns something, it is encoded into some portion of the brain.   Yet there is a difference in the way the information […]

Read more
1 2 3 4 6