গেটওৱিয়ান/ Gatewayian

গেটওৱে একাডেমীত মোৰ প্ৰথম দিন ¬মৌচুমী বৰুৱা

গেটওৱেলৈ স্বাগতম । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত মই মা-দেউতা আৰু জ্যেষ্ঠ সকলৰ পৰামৰ্শ লৈ গেটওৱে একাডেমীত পঢ়িম বুলি সিদ্ধান্ত ললো । বুকুত অযুত আশা, অযুত হেপাহ বান্ধি এই কলেজত প্ৰথম খোজ দিছিলো । প্ৰথম দিনাই ভয়, লাজ, অকলশৰীয়া ভাৱ আদিয়ে যেন মোক হেঁচা মাৰি ধৰিছিল । মনত বহুতো প্ৰশ্নৰ উদয় হৈছিল , কিজানিবা কোনোৱে মোক নামাতেই, ছাৰ-বাইদেউসকলে আহিয়েই মোক কিবা প্ৰশ্ন কৰিব নেকি ইত্যাদি ইত্যাদি । মোৰ মনত ভয় আৰু আনন্দই যেন মিশ্ৰিত ৰূপ লৈছিল । কিন্তু যেতিয়াই মই পোনপ্ৰথমবাৰৰ বাবে শ্ৰেণী কোঠাত উপস্থিত হৈছিলো তেতিয়াই যেন মোৰ মনৰ পৰা সকলো ভয়-আশংকা নাইকিয়া হৈছিল । মই যেন মোৰ সকলো প্ৰশ্নৰে উত্তৰ বিচাৰি পাইছিলো । নতুন বন্ধু-বান্ধৱীৰ লগত কথা পাতি থাকোতে মোৰ এনে লাগিছিল যেন তেওঁলোক মোৰ বহুদিনৰে চিনাকি । চাৰ-বাইদেউসকলে আমাক যথেষ্ঠ মৰমেৰে জ্ঞান প্ৰদান কৰাৰ উপৰিও প্ৰত্যেকটো কথাই অতি সুন্দৰভাৱে বুজায়ো দিছিল । সঁচাকৈয়ে গেটওৱে একাডেমী কেৱল এখন শিক্ষা অনুষ্ঠানেই নহয়, বৰং এটা সংযুক্ত সুখী পৰিয়াল, যত প্ৰতিজনে-প্ৰতিজনৰ সুখ-দুখ, আনন্দৰ সমভাগী ।

এদিন-দুদিনকৈ মই এতিয়া বুজি উঠিছো যে সঁচাকৈয়ে গেটৱে একাডেমী এখন ব্যতিক্ৰমী মহাবিদ্যালয়, কিয়নো ইয়াত শিক্ষাৰ্থীক মাত্ৰ পাঠ্যপুথিৰ শিক্ষাই দিয়া নহয়, বৰং সমাজত এগৰাকী সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে জীয়াই থাকিবলৈও প্ৰয়োজনীয় সকলো শিক্ষাই প্ৰদান কৰা হয় । আজি মই হৃদয়ৰ পৰাই কওঁ যে এইখন মহাবিদ্যালয়ৰ ছাত্ৰী হৈ মই সঁচাকৈয়ে গৌৰবান্বিত ।

একাডেমিক পৰিচয় –
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
কলা শাখা

 

Print Friendly, PDF & Email

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *