মেটামৰফচিচ ~ অভিজিত দত্ত

পৃথিৱীখন ধ্বংস হোৱাৰ দুদিনমানৰ পিছৰ কথা।

বগাৰাম দাসে লাহেকৈ মাটিৰ পৰা উঠি চকুদুটা মচি ললে। সীমাহীন বৰফ। মহানগৰখনৰ কোনো চিন-মোকাম নাই।

দাসে মনত পেলালে। হয়, সি সেইসময়ত বজাৰৰ ডাঙৰ দোকানখনতেই আছিল। হঠাৎ এক প্ৰচণ্ড শব্দৰ সৃষ্টি হৈছিল আৰু ডাঙৰ ডাঙৰ অট্টালিকাবোৰ চূৰ্ণ-বিচূৰ্ণ হৈছিল। বগাৰাম দাস চাহৰ দোকানখনৰ মালিকৰ টকা থোৱা বাকচটো যিখন টেবুলত থোৱা আছিল, তাৰ তলতেই সোমাইছিল। খন্তেকৰ বাবে তাৰ মুখত হাঁহি এটাৰ সৃষ্টি হৈছিল। পিছে চকুৰ পচাৰতে সি কব নোৱাৰা হৈ পৰিছিল।

তাৰ পিছত বগাৰাম দাসৰ একো কথা মনত নাই।

অবিবাহিত আৰু অবাঞ্চিত বগাৰামে ইফালে সিফালে চালে। নাই, কোনোৱেই নাই। সি এটা প্ৰচণ্ড ভোক অনুভৱ কৰিলে। চাৰিওফালে সি চাই ললে। নাই, খাবলৈ একোৱেই নাই।

বগাৰাম এখোজ-দুখোজকৈ আগবাঢ়িল। চাৰিআলিৰ মছজিদটো, কোণটোত থকা ট্ৰেফিক পইন্টটো, চাহ-মিঠাই বিক্ৰী কৰা মাৰোৱাৰীৰ দোকানখন —একোৰেই অস্তিত্ব নাই। বগাৰামে চাৰিওফালে চালে। কেৱল শুভ্ৰ বৰফ। বিশাল নদীখনৰ চিন-মোকাম নোহোৱা হৈছে।

বগাৰাম দাসৰ ভোকটো বাঢ়ি আহিল। পেটটো খামুচি সি বহি পৰিল। সি অলপমান আচৰিতো হ’ল। ভোক লাগিছে। ঠিকেই আছে। কিন্তু ইমান বৰফৰ মাজতো সি শীত অনুভৱ কৰা নাই কিয়? বগাৰাম লাহে লাহে হতাশ হৈ পৰিল। প্ৰচণ্ড জোৰেৰে সি চিঞৰ এটা মাৰিলে।

অলপ সময়ৰ পিছতে আচৰিত হৈ পৰিল। সি চিঞৰটো মৰাৰ পিছত সি যি দৃশ্য দেখিলে , সেইয়া তাৰ সপোনৰো অগোচৰ আছিল। দুটা -তিনিটামান বগা ভালুক তাৰ ফালে আগুৱাই আহিছে। সিহতৰ চকুবোৰ জ্বলি আছে। বগাৰামে অলপ সময়ৰ বাবে সিহতলৈ চালে। পিছ মুহূৰ্ততে সি খৰখোজেৰে সেই ঠাই পৰিত্যাগ কৰাৰ মানসেৰে আগবাঢ়িল।

আন এটা ঘটনা ঘটিল। বগাৰামে অকল ভৰি দুখনেৰে খোজ কাঢ়িবলৈ সমৰ্থ নহ’ল। ভৰি আৰু হাতৰ এক যৌথ প্ৰচেষ্টাত সি আগবাঢ়ি গ’ল।

বগাৰাম লৱৰি আছে। বৰফ গোট মাৰি এটা চূড়াৰ সৃষ্টি হৈছে। সেই চূড়াটোত উঠিব পাৰিলেই বগাৰাম বাচিব পাৰিব বুলি সি ধৰি লৈছে।

নাই, বগাৰামে বগাব পৰা নাই। দেহটো গধূৰ হৈ পৰিছে। সি অসহায় হৈ পৰিছে। বগা ভালুকৰ সংখ্যা বাঢ়ি আহিছে। তাক যিকোনো মূহুৰ্তত সিহতে ধৰি পেলাব পাৰে। বগাৰাম তলমূৰ হৈ থিয় হৈ থাকিল।

বগা ভালুকৰ দলটো আহি তাৰ ওচৰ পালে। এইয়া বিশাল বপুৰ ভালুক এটাই বগাৰামক চেলেকি দিলে। ভালুকটোৰ দেহটোৰ পৰা এক গোন্ধ ভাহি আহিল। বগাৰাম উচপ খাই উঠিল।। এইয়া তাৰ চিনাকি গোন্ধ। বিলাতী সুগন্ধিৰে নিজকে জাতিস্কাৰ কৰি তোলা সি কাম কৰা দোকানৰ মালিকৰ গাত সি বিশেষ একোটা দিনত এই গোন্ধটো পাইছিল। মানুহজনে মহানগৰখনৰ সকলোতকৈ দামী বেশ্যা গৰাকীৰ পৰা ঘূৰি অহাৰ গোন্ধ এইয়া। এই গোন্ধত সি প্ৰায়েই মতলীয়া হৈছিল। তাইক এক লহমাৰ বাবে হলেও এবাৰ সাৱটি লোৱাৰ এক প্ৰচণ্ড ইচ্ছাত সি থৰকাচুটি হেৰুৱাইছিল। মানুহগৰাকীয়ে পিছে তাক দেখিলেই থুই এসোপা পেলাইছিল।

বগাৰামে আকৌ এবাৰ ভালুকটোক শুঙি ললে। হয়, সেই গোন্ধটোৱেই। সি অলপমান সাহস পালে। এখোজ দুখোজকৈ গৈ সি ভালুকটোৰ ওচৰ চাপিল। এপাকত সি জিভাখনেৰে তাইক চেলেকি দিলে। তাই কুকুৱাই উঠিল। বগাৰাম উদ্বিগ্ন হৈ পৰিল। প্ৰতিটো ভালুকৰ গা সি শুঙি চালে। কোনোবাটোৰ গাত সি বিড়ি টনাৰ গোন্ধ এটা পালে। কৰবাত আকৌ নৰ্দমাৰ গোন্ধ এটা লাগি থকা সি মন কৰিলে। বাচন ধুবলৈ অহা তিৰোতাগৰাকীৰ কৰুণ চকুযুৰিও যেন কোনোবাটো ভালুকৰ চকুত ভাহি থকা সি লক্ষ্য কৰিলে।

বগাৰাম সাহসী হৈ উঠিল। এক প্ৰত্যয়দীপ্ত খোজেৰে সি ভালুককেইটাৰ স’তে আগবাঢ়িল।

……………………………………………………….

বৰফৰ পাহাৰটোৰ ভাজ এটাত থিয় হৈ থকা পংগু ভিক্ষাৰীটোৱে এসোপা ভালুক তাৰ ফালে আগবাঢ়ি অহা মন কৰিলে। সি বিতত হৈ পৰিল।

ভালুককেইটাৰ সাম্ভাব্য আক্ৰমণত সি সন্ত্ৰস্ত হৈ পৰিল। যিমান পাৰে খৰখোজেৰে সি বৰফৰ চূড়াটোলৈ আগবাঢ়িল।

…………………………………………………..

Print Friendly, PDF & Email

10 Comments

  • জয়শ্ৰী কাকতি

    কাফকালৈ মনত পৰি গল, ভাল লাগিল ।

    Reply
    • অভিজিত দত্ত

      হয়, অসাধাৰণ সৃষ্টি কাফকাৰ।

      মন্তব্যৰ বাবে আপোনাক ধন্যবাদ জনালো জয়শ্ৰী কাকতি।

      Reply
    • অভিজিত

      ধন্যবাদ আপোনাক।

      Reply
  • ৰিংকীমণি কলিতা

    কল্পবিজ্ঞান !!!!!!
    খুব ভাল লাগিল । আগলৈও এইখন মজিয়াতে আপোনাৰ ন ন লেখা পাম বুলি আশা কৰিলো ।

    Reply
    • অভিজিত দত্ত

      আপোনাক বহুত ধন্যবাদ জনালো। আপোনাৰ মন্তব্যত মই সচাকৈয়েই অনুপ্ৰাণিত হৈছো।

      Reply
    • অভিজিত দত্ত

      আপোনাৰ মন্তব্যত মই সচাকৈয়েই অনুপ্ৰাণিত হৈছো। আকৌ লিখিবলৈ চেষ্টা কৰিম।

      Reply
  • Susmita Bora

    খুব ভাল লাগিল ।

    Reply
  • তনুশ্ৰী কাশ্যপ

    এনেকুৱা ব্যতিক্ৰমী গল্প এটা পাই বহুত ভাল লাগিল ।
    লেখকলৈ ধন্যবাদ, লগতে এনে এটা গল্পক পঢ়ুৱৈৰ ওচৰলৈ আগবঢ়াই দিয়া বাবে আলোচনীৰ সমিতিও ধন্যবাদৰ পাত্ৰ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *