গেটওৱিয়ান/ Gatewayian

প্ৰেম, তোমালৈ এখন চিঠি…¬ নীলোৎপল ডেকা

 

(১)

তাই কয় সৰাপাত হেনো প্ৰেমৰ ব্যৰ্থতাৰ এক সোঁৱৰণী

মই কওঁ সৰাপাত মানেই এবছাইছিছ এছিড

সৰাপাত সৰি পৰে

সৰাপাত সৰি নতুন পাত গজে,

(সৰাপাত সৰা কাৰণে নতুন পাত গজে

নে নতুন পাত গজাবলৈ সৰাপাত সৰি পৰে ?)

বৰ সহজ, বৰ সহজ বুইছা

“নো লাভ, মাই লাইফ

নট টাইম, ফৰ লাভ” বুলি চিঞৰিবলৈ

ব্ৰেকআপৰ পাছততো আৰু সহজ প্ৰেমত নপৰো বুলি ক’বলৈ,

তাতকৈয়ো সহজ প্ৰেমত নপৰো বুলি কৈ আকৌ প্ৰেমত পৰিবলৈ !

 

(২)

তাই কয় প্ৰেম গছৰ পাতৰ দৰে ,

কাৰণ ? উভয়ে হেনো দেখিবলৈ ধুনীয়া !

ময়ো কওঁ, প্ৰেম গছৰ পাতৰ দৰেই

কাৰণ ?

পাতৰ সেউজীয়াত লুকাই থকা এবছাইছিছ এছিড

আৰু

প্ৰেমৰ সেউজীয়াত লুকাই থকা চকুলো

একেই ।

যিদৰে একেই প্ৰেমহীনতাৰ চকুপানী আৰু হালধীয়া সৰাপাত ।

সৰাপাতবোৰ সৰি পৰে

চকুপানী সৰাদি

নীৰৱে ।

বুইছা প্ৰেম, তুমি লাগিলে আণ্ডাৰৱেৰেই হোৱা

তথাপিও..

তথাপিও সৰাপাত নহ’বা ।

সংযোজন : এবছাইছিছ এছিড হৈছে উদ্ভিদদেহত পোৱা এবিধ হৰম’ন, যি মুখ্যতঃ শীতকালত উদ্ভিদৰ পাত সৰি পৰাত সহায় কৰে । বিতং তথ্যৰ বাবে চাব পাৰে https://en.wikipedia.org/wiki/Abscisic_acid

একাডেমিক পৰিচয় –

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
বিজ্ঞান শাখা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *