চিঠি – এটা প্ৰেমৰ গল্প ~ লহৰ নাথ

(১)

কলিং বেলৰ শব্দত হাতৰ কাগজখনৰ পৰা মূৰ তুলি দুৱাৰখনৰ ফালে চালো । কোম্পানীৰ ডিগবৈ ব্ৰান্সটোত নতুনকৈ ট্ৰেন্সফাৰ হোৱা আজি তিনিদিনো হোৱা নাই, এতিয়াও থাকিব পৰা কোৱাৰ্টাৰ ঠিক হোৱা নাই বাবেই পি.ডব্লিউ.ডি.ৰ এই গেষ্ট হাউচটোতেই আছোহি । ইয়াতো অৱশ্যে থকা-শোৱাত বিশেষ একো সমস্যা হোৱা নাই । কোম্পানীৰ বৰা উপাধিৰ তদাৰকী বিষয়াজনে সকলোখিনি থান-থিত লগাই অলপ আগতে গৈছেহে । ইয়াত মোৰ অইন কোনো চিনাকিও নাই যিয়ে আহি কলিং বেল টিপিব ! হয়তো কোম্পানীৰে কোনোবা কৰ্মী হব পাৰে, কিবা কামত বৰাই পঠিয়াইছে চাগে । দুৱাৰখন খুলি দিলো, মোক আচৰিত কৰি তাত পোষ্টমেন এজনহে ৰৈ আছিল । মই প্ৰশ্নবোধক দৃষ্টিৰে তেওঁৰ মুখৰ পিনে চালো,

“আপুনি অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰা নাথ নহয় জানো ? ”
“হয় । কওঁকচোন ।”
“আপোনাৰ নামত চিঠি এখন আছিল ।”
“চিঠি ?”
“হয় । আপুনি ইয়াত চহী কৰি চিঠিখন লব পাৰে ।” – তেওঁ বেগৰ পৰা ছিগনেচাৰ ছীটখন উলিয়ালে ।
তেওঁক বিদায় দি চিঠিখন লৈ ভিতৰ সোমালো ।
পোষ্টমেনে দিছে যাতে অফিচিয়েল চিঠি নিশ্চয় নহয় । তেন্তে কোনে দিব পাৰে ! তাকো এই অচিন চহৰৰ অচিন গেষ্ট হাউচৰ ঠিকনাত , এই ঠিকনাটো মই কাকো দিয়া নাই এতিয়ালৈ, আনকি ঘৰকো ! অৱশ্যে কোম্পানীত খবৰ কৰি ঠিকনাটো যোগাৰ কৰাটোও অসম্ভৱ কাম নহয় ।

“প্ৰতি
মি. নাথ
অইল ইণ্ডিয়া লিমিটেড
গড়কাপ্তানি বিভাগৰ অতিথিশালা
…… ”
ঠিকনাটোৰ বাকীখিনি নপঢ়িলো । ইনফৰ্মেল পালমৰা ধৰণত লিখা ঠিকনা । খামটো ওলোটাই প্ৰেৰকৰ নামটো চালো । ঝৰ্ণা !!!

চিঠি দিছে? ঝৰ্ণাই ? কিন্তু তাইকটো কোনোদিনে কোৱা নহ’ল ভালপোৱাৰ কথা, দিম দিম বুলিও এবাৰলৈও দিয়া নহ’ল ভালপোৱাৰ চিঠিবোৰ । কিমান দিন হ’ল আজি তাইক নেদেখা ? মনৰ মাজত হিচাপ এটা কৰিলো, প্ৰায় তিনিবছৰ ! তিনিবছৰৰ ভিতৰত কিমান সলনি হল চাগে তাই ! আজিকালি ক’ত বা আছে তাই, কি বা পঢ়ি আছে, তাই আজিকালিও তাইৰ পাতল গুলপীয়া ফ্ৰেমৰ চছমাযোৰ পিন্ধে নে নাই বাৰু ! কি লিখিব পাৰে বাৰু ঝৰ্ণাই চিঠিত ? এতিয়াই চিঠিখন খুলি উৎকণ্ঠা বোৰ শেষ কৰি পেলাবলৈ মনে কোৱা নাই , থাককচোন অলপ সময় চিঠিখন তেনেকৈয়ে !  চিঠিখন মেলাৰ লগে লগেই শব্দবোৰে যেন মোক আকৌ উৰুৱাই লৈ যাব সেই সময়লৈ ।

(২)

“দাদা, শুনিছ ?”

ভণ্টীয়ে কাণৰ কাষত আহি যিটো চিঞৰ মাৰিছে সেইটো নুশুনাৰ প্ৰশ্নই নুঠে । পিছে শুনা বুলি স্বীকাৰ কৰি বিছনাৰ পৰা উঠি আহিবলৈ সত যোৱা নাই । অৱশ্যে এনেয়ে মোৰ দুপৰীয়া শোৱা অভ্যাস নাই । কিন্তু যোৱানিশাৰ টোপনি খতিৰ পাছত আজি গোটেই আগবেলাটো বাছত অহাৰ ভাগৰে হেঁচা মাৰি ধৰাতহে দুপৰীয়া ভাতকেইটা খাই বিছনাখনত বাগৰ দিছিলো । এইৰ আকৌ কি হ’ল । নুশুনাৰ ভাওঁ ধৰি শুই থাকিবলৈ মন বান্ধোতেই এইবাৰ তাই জোকাৰি দিলে, “অই, ভাওঁ ধৰিব নালাগে, উঠ বুলিছো উঠ । ”

অগত্যা বিৰক্তিৰে উঠি কাৰ মূৰটো কৰিবলৈ উঠালি জাতীয় ভাৱ এটা চকুত ওলোমাই তাইৰ ফাললৈ চালো ।

“অই, তই এতিয়া ফ্ৰী আছ নহয় ? ”

“হু, শুই আছো দেখা নাই ? কিয়? কি কৰ মোক ? ”

“ফ্ৰেণ্ড এজনীৰ বাৰ্থডেত যাব লাগে অ’ , লগৰ গোটেইবোৰ আহিব, থৈ আহিবি ব’ল না ।”

এইবাৰহে মন কৰিলো তাই ক’ৰবাত যাবলৈ সাচি-কাচি ৰৈ আছে ।

“নোৱাৰো মই কাৰো বাৰ্থডে-চাৰ্থডেত যাব । মোৰ ভাগৰ লাগিছে, শোম এতিয়া ।”

এইবাৰ ভিতৰলৈ চাই বিননি জুৰিলে তাই, “মা ইয়াক দেখিছনে ? ”

এইবাৰ ৰণস্থলীত মাৰ প্ৰৱেশ, “লগ ধৰিছে যাতে নাযাৱনো কিয় তাইৰ লগত ।”

যিহেতু মায়েও এইৰ পক্ষ ল’লে গতিকে সন্ধিয়ালৈকে শুই থকাৰ আশাত পানী এচলু দি কেৱল সুধিব লাগে কাৰণেই সুধিলো, “কোন ফ্ৰেণ্ড ? কোনখিনিত ঘৰ ? ”

“আমাৰ লগৰ পূজা যে । বাইহাটাৰ শিৱ মন্দিৰটোৰ পৰা বাওঁফালে অলপ সোমাই গলেই সিহঁতৰ ঘৰ পায়গৈ । ব’ল না, বেছি দেৰিও নকৰো তাতে, পটককৈ আহিম । ”

“হৈছে, তঁহতৰ পটককৈটো মোৰ জনা আছে ।নমতা প্ৰগ্ৰেম এটাত গৈ মই কি কৰিম কচোন ?”

তাই যেন এইটো প্ৰশ্ন শুনিবলৈকে ৰৈ আছিল । লগে লগে তাই ব্যস্ত হৈ উত্তৰ দিলে, “কিয়বা নামাতিব ? মই কৈছো নহয় দাদাৰ লগত যাম বুলি । তেওঁলোকৰ বৰ্তা-বৰমাও যে ইমান ভাল, সিহঁতৰ ঘৰত গ’লেই তোৰ কথা সোধে ।”

“এক মিনিট, এক মিনিট । বেলেগদিনা যদি সিহঁতৰ ঘৰলৈ অকলেই যাব পাৰ আজি মোক কিয় লগা হ’ল ? ”

“কি কথাবোৰ সুধি থাকে অ’ এইটোৱে । বাৰ্থডেত তোকো লগত লৈ যাবলৈ কৈছে , সেইকাৰণেহে  ।”

এইবাৰ ছেণ্ডেল চোঁচৰাই চোঁচৰাই মুখেৰে ভোৰভোৰাই বাথৰুমৰ ফাললৈ আগবঢ়াৰ বাদে গত্যন্তৰ নাই ।

দহমিনিটমান পাছত তাই মোৰ বাইকৰ পাছৰ ছিটত ।

“মই তাত ছোৱালীসোপাৰ মাজত গৈ কি কৰিম কচোন ? ”

“ইম্মান যে বৰিং তই ! পোন্ধৰটা মিনিটো শান্তিমতে থাকিব নোৱাৰিবি নে ! অকে দেন, মই পাৰ্টি খাম আৰু তই ছোৱালী চাবি ।”

“ছোৱালী ! ” মুখখন বিকটোৱাৰ দৰে কৰি ক’লো, “নেচাইহে পাৰিছো তোৰ লগৰ বান্দৰীকেইজনীক ।”

“অই ৰখা ৰখা ।”

“কি হ’ল ? ” বিৰক্তিৰ ভাৱটো অলপ বহল কৰি মুখ ফুটাই সুধিলো তাইক, “এই কমলপুৰৰ মাজ চ’কতে ৰখালি যে ? ”

“তই ভাল ল’ৰাৰ দৰে বাইকত বহি থাক, মই জিণ্টুদাৰ দোকানৰ পৰা তাইলৈ গিফট এটা কিনি আনো ।”

পোন্ধৰমিনিটৰ মানৰ পাছত গিফট পেপাৰেৰে মেৰিওৱা টোপোলা এটা হাতৰ বেগটোত হেঁচি হেঁচি ভৰাই লৈ তাই বাইকত বহিলহি ।

বাৰ্থডেস্থলীত গৈ তাই মোক চকীবোৰলৈ আঙুলিয়াই দি তাতে বহি থাকিবলৈ কৈ নিজে ভিৰৰ মাজত মিলি গল । চাৰিওফালে এবাৰ এনেই চালো । বেছিখিনিয়েই ছোৱালী, অৱশ্যে দুই-চাৰিটা পোৱালীও নথকা নহয় ! উফ্ কিমান যে হুলস্থূল কৰে ঔ এই ছোৱালীমখাই ! কাণ ঘোলা কৰি পেলাই এক্কেবাৰে । এনে এটুকুৰা ছোৱালী অধ্যুষিত অঞ্চললৈ অনাৰ মজা মই তাইক ঘৰলৈ গৈ দি আছো, লগতে তাইৰ ফলীয়া হৈ মোক এই নৰকখনলৈ পঠিওৱাৰ হৈ মাকো এজাউৰি শুনাম !

“চাহ লওঁক” – মূৰটো ঘূৰাই চালো, হাতত চাহ-মিঠাইৰ ট্ৰেখন লৈ মৰমলগা এখনি মুখেৰে সৈতে এজনী ছোৱালী । তাইৰ চকুলৈ চালো । পাতল গুলপীয়া ফ্ৰেমৰ এযোৰ চছমা । তাইৰ গুলপীয়া চুৰিদাৰ আৰু দোপাট্টাখনৰ লগত চছমাৰ ফ্ৰেমৰ ৰঙটো একেবাৰে মিলি পৰিছে । দুই-এডাল অবাধ্য চুলিয়ে তাইৰ কপাল আৰু গালত পৰশ দিছে । হঠাতে ছোৱালীজনীলৈ সাংঘাটিক মৰম লাগি গ’ল ।

“চাহ…”- সামান্য অসহজ মাতেৰে তাই পুনৰ কলে ।
“অহ” – তাইৰ হাতৰ পৰা প্লেটখন লওঁতে এটা পলকৰ বাবে মোৰ আঙুলিৰ ফাঁকত তাইৰ আঙুলিৰ পৰশ অনুভৱ কৰিলো । উফ্, জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাৰ এটি মাত্ৰ পৰশত কলিজালৈকে কঁপনি উঠিল । ট্ৰেখন লৈ হৰিণীখোজে আঁতৰি যাওঁতে তাইৰ দোপাট্টাখনে মোৰ মুখত কোবাই থৈ গ’ল । এটি পলৰ বাবে সীমাহীন গুলপীয়াত ডুবি গলো মই ।
তাৰ পাছৰ সময়খিনি কেনেকৈ পাৰ হৈ গ’ল একোকে ধৰিব নোৱাৰিলো । মানুহৰ ভিৰৰ মাজে মাজে কেৱল বিচাৰি ফুৰিছো এযোৰ বিশেষ চকু । হয়তো প্ৰথমবাৰলৈ প্ৰেমত পৰিবৰ বাবেই !

“অই ঘৰলৈ যাবিনে ইয়াতে এনেকৈ ছোৱালী চাই বহি থাকিবি ? ”  ভণ্টীৰ মাতত উচপ খাই উঠি হাতৰ ঘড়ীলৈ চালো – সন্ধিয়া আঠ বাজিবলৈ আৰু কেইমিনিটমানহে বাকী ! মইতো চাৰে পাঁচমান বজাতেই ঘৰৰ পৰা ওলাই আহিছিলো ! তাৰ মানে পূৰা ডেৰ-দুঘণ্টা চিন্তাত বুৰ গৈয়েই কটালো নেকি মই !

“অই শুন, বৰমা-বৰ্তাই তোক লগ কৰিব বিচাৰিছিল । যোৱাৰ আগে আগে তেওঁলোকক মাত দি আহিবি ব’ল । ”

মোক একো ক’বৰ সুযোগ নিদি তাই ক্ৰমে পাতলি অহা মানুহৰ ভিৰৰ মাজেদি মোক ভিতৰলৈ টানি লৈ গ’ল ।
“বৰ্তা-বৰমা, এয়া দাদা । আহিবই খোজা নাছিল, মইহে টানি লৈ আহিছো । কথা পাতক দেই, মই পূজাক মাত লগাই পটককৈ আহিছো ৰব ।”

এই ‘কথা পতা’ কামটো মই সাংঘাটিক টান পাওঁ । অৱশ্যে তেওঁলোকৰ লগত কথা পাতি মোৰ খুব এটা বেয়াও নালাগিল, কথানো আৰু কি , পঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ-পৰিয়াললৈ নানা বিষয়ত তেওঁলোকে প্ৰশ্ন সুধিছে আৰু মই যিমানদূৰ সম্ভৱ চুটি-চুটি বাক্যৰে উত্তৰ দি গৈছো ।

“বৰমা-বৰ্তা আমি গৈ থাকো দেই, ঐ পূজা থাক দেই তই ।”

ভণ্টীয়ে মোক হাতত ধৰি টানি বাহিৰলৈ উলিয়াই আনোতেই আটাইকে চিঞৰি চিঞৰি মাত লগাই আহিল । হঠাতে তাই কিবা মনত পৰাদি ঘূৰি চাই চিঞৰি উঠিল, “ঝৰ্ণা বা আকৌ ক’লৈ গ’ল ? দেখা নাই যে…ঝৰ্ণা বা …”

ভিতৰৰ পৰা কোনোবা ওলাই অহাৰ পদশব্দ মোৰ কাণত পৰিল ।

“ঝৰ্ণা বা টা টা, আমি যাওঁ দেই, আৰু শুনানা কেতিয়াবা পূজাৰ লগত আমাৰ ঘৰলৈও যাবাচোন দেই , আৰু শুনাচোন এয়া মোৰ দাদা । ঐ চাওঁ তই এইফালে ঘূৰ ।”

নিতান্ত বিৰক্তিত এইবাৰ পাছফালে ঘূৰি ‘ঝৰ্ণা বা’ নামৰ চৰিত্ৰটোলৈ চালো আৰু এটি লহমাৰ ভিতৰতে মোৰ আটাইবোৰ বিৰক্তি বিস্ময়লৈ পৰিৱৰ্তিত হ’ল । অতপৰে চাৰিওফালে বিচাৰি ফুৰা গুলপীয়া চকুযুৰি যে ঝৰ্ণা নাম লৈ ঘৰত সোমাই থাকিব পাৰে সেইকথা মোৰ এবাৰো মনত নহা বাবে নিজকে দহবাৰমান মনতে গালি দিলো ।

“অই ব’ল তই থৰ লাগিলি যে ? বাই বাই পূজা, ঝৰ্ণা বা বাই বাই !”

বাহিৰলৈ ওলাই মনটো কিবা উদং উদং লাগি গল । ছেহঃ. ছোৱালীজনীৰ ঘৰ বা ক’ত , পূজাহঁতৰ লগত সম্পৰ্কই বা কি তাইৰ ! কাক সোধা যায় । ভণ্টীকেইটো সুধিব লাগিব । কিন্তু এতিয়াই নহয়, এতিয়াই  সুধিলে তাই গণ্ডগোল লগাই দিব ।

ঘৰলৈ বুলি বাইক ষ্টাৰ্ট দিলো যদিওঁ উচপিচাই থাকিলো ।

“ঐ ঐ, ভালকৈ চলাবি, খালে-ডোঙে নেপেলাবি । তোৰ ড্ৰাইভিং যিহে, মোৰ ভয়েই লাগে তোৰ লগত আহিবলৈ ।”

মোৰ লগত বাইকত উঠিলেই ভণ্টীৰ নৈমিত্তিক গালি সেয়া ।

“হু..” – .মই এতিয়া ভীষণ অন্যমনস্ক । প্ৰেমতেই পৰিছো চাগে…ঝৰ্ণাৰ । প্ৰেম হয়তো এনেকুৱাই !

“…মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰুৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে |
সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে…”

(৩)

“অই, তই নহ’লে ঝৰ্ণা বাক বিয়া কৰ । দুয়ো ধুনীয়া মিলিবি ।” – সংলাপফাঁকি প্ৰক্ষেপ কৰি ভণ্টীয়ে মোৰ প্ৰতিক্ৰিয়াৰ বাবে মোৰ মুখলৈ চালে ।

“ধেৎ এইজনী, চিনি-জানি নোপোৱা ছোৱালী এজনীৰ স’তে মই কিয় বিয়াত বহিম বাৰু ! ”- মনটোৱে ক’লেও প্ৰথমতেই ওঁঠ ফুটাব পৰা নাযায় ।

“তই তাৰমানে সঁচাকৈ ঝৰ্ণা বাক বিয়া নকৰাৱ ?

“তই গ’লিনে ইয়াৰপৰা ? কামোৰ দিবলৈ আৰু কথা বিচাৰি নাপালি ?” – মূৰশিতানত থকা গাৰুটোকে হাতত লৈ খেদি গ’লো তাইক ।

“…উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোনালী হাঁহি |
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি ! …”

(৪)

 

সময়বোৰ বাগৰি গৈ থাকিল । ছুটীৰ পষেকটোও শেষ হৈ আকৌ হোষ্টেল যোৱাৰ দিনটো আহি পৰিল । মাজত মাথো এটা নিশা, তাৰ পাছত আকৌ ছমাহলৈ মোৰ অস্থায়ী ঠিকনা হ’বগৈ কানপুৰ ।

“অই শুনচোন, কথা অলপ আছিল তোৰ লগত ।
“কিহৰ কথা ?
“ছোৱালী ।
“ছোৱালী ? তই ছোৱালী চাইছ ? কি নাম ? কত থাকে ?
“ঝৰ্ণা ।
“কি কলি ? কোন ঝৰ্ণা ? পূজাহঁতৰ ?
“অ তায়েই, কি হল আচৰিত হৈ গলি যে ?
“দাদা, তই তাইক পাহৰি যোৱাই ভাল হব নেকি ?
“কিয় অ ?
“তই পলম কৰি পেলালি । তাই তোক এক্সেপ কৰিলিহেঁতেন নে নাই নেজানো, কিন্তু ইতিমধ্যে যোৱা দুদিন আগতেই তাই এজনৰ প্ৰপজেল এক্সেপ কৰি ললেই ।
“তই কিয় মোক একো নজনালি ?” – কণ্ঠত ছন্দপতনৰ হেজাৰ হতাশা সানি তাইক সুধিলো।
“মই তোক তাইক লগ পোৱাৰ পিছদিনাই সুধিছিলো তোৰ তাইলৈ কিবা ফিলিং আছে নেকি ! তই পোনচাটেই না কৰি দিলি । তাইৰ চকুত বিষাদ ।
“ভনী তই মোৰ মুখৰ ভাষাহে বুজিলি, চকুৰ ভাষা নুবুজিলি । – নকলো তাইক ।

..“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে ।
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে ।…

(৫)

আকৌ কলিং বেলৰ শব্দত তিনিবছৰ আগৰ পৰা ছিটিকি আহি বৰ্তমানৰ সময়ত পৰিলোহি । এইবাৰ আকৌ কোন বা আহিল ! চিঠিখন শোৱা কোঠাৰ বিছনাতে এৰি থৈ দুৱাৰৰ পিনে আগবাঢ়িলো ।
দুৱাৰৰ সিপাৰে ৰৈ থকা আগন্তুকেই নমস্কাৰেৰে আৰম্ভ কৰিলে, “নমস্কাৰ, মই প্ৰশান্ত নাথ । আমি একে ডিপাৰ্ণ্টমেণ্টৰে হম । আপুনি নতুনকৈ জইন কৰা দেৱজিত নাথ নহয় জানো ?
মই কৃত্ৰিম হাঁহি এটাৰে মূৰ দুপিয়ালো । তেওঁ কৈ গল, “লগতো পায়েই থাকিবই লাগিব এতিয়াৰ পৰা, গতিকে ভাবিলো অলপ আগতীয়াকৈ গৈ চিনাকিয়ে হৈ আহো ।
“ভিতৰলৈ আহক, আজি প্ৰথমবাৰ আহিছে । শুদাই-নিকাই চাপ একাপকে খাই যাব ।
“নাই নাই আজি চাহ-পানী নাখাওঁ, পাছে-পৰেও খাম কেতিয়াবা । মই আজি এটা অলপ বেলেগ কাৰণতহে আহিছিলো ।
“কওঁকচোন ।
“মোৰো ইয়াত জইন কৰা এমাহমানহে হৈছো । যোৱা পৰহিহে কোৱাৰ্টাৰ পালো , তাৰ আগলৈকে প্ৰায় এমাহমান দিন এই আপুনি থকা গেষ্ট হাউচটোয়েই মোৰ অস্থায়ী ঠিকনা আছিল । গতিকে মোৰ নামত অহা চিঠি এখনো পোষ্টমেন এজনে হেনো আজি মই বুলি আপোনাৰ হাততে ভুলতে দি দিলে । বেয়া নাপাই যদি চিঠিখন দিব পাৰিব নেকি ? প্ৰেৰিকাৰ নাম ঝৰ্ণা…
“হয় হয় , কিয় নিদিম বাৰু । মইতো আচৰিতেই হৈছিলো যে মোৰটো ঝৰ্ণা নামৰ কোনো চিনাকিও নাই, তেন্তে কোনেনো এই চিঠিখন দিলে । খন্তেক ৰব , মই চিঠিখন ভিতৰৰ পৰা লৈ আহোগৈ ।
লৰালৰিকৈ চিঠিখন আনি মই প্ৰশান্ত নাথৰ হাতত তুলি দিলো । পৰিতৃপ্তিৰে তেওঁ সেইখন হাত পাতি ললে ।
“চিনাকি হৈ ভাল লাগিল দেই । মই পিছে এতিয়া বিদায়হে লওঁ আৰু ।

চিঠিখন হাতত লৈ ওলাই যোৱা প্ৰশান্ত নাথ নেদেখা হোৱালৈ মই চায়েই থাকিলো ।

“..কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |
এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল..”

 

 

একাডেমিক পৰিচয় :

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

বিজ্ঞান শাখা

Print Friendly, PDF & Email

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *