গেটওৱিয়ান/ Gatewayian

মৰণলৈ আৰু কিমান বাট ~ কাকলি নাথ

 

চৌপাশে তেজে ধোঁৱা মাটি

কত থওঁ দুভৰি

দাঁতিয়ে দাঁতিয়ে মৰা জিলিৰ চকুপানী

কোন জীয়াই আছে ।

 

নিমাত….নিথৰ….আপুনি,মই

ভঙা ঘৰ, ভঙা নদী

খৰাং বতাহাজাকটো ৰঙা আঁচোৰৰ দাগ

কতো সাৰে নাই মৰম ।

 

মন নগলেও আপোনবোৰক সপি দিওঁ

কঠিন দুহাতৰ আন্ধাৰত

নতুনৰ আলি সজাবলৈ

ধমনীত যদিও ৰুই থওঁ

শিপা হেৰোৱা দুবৰিবোৰ

এখোজ দুখোজকৈ আগুৱাই চাওঁ

মৰণলৈ আৰু কিমান বাট।।

 

চৌপাশে তেজে ধোঁৱা মাটি

কত থওঁ দুভৰি

দাঁতিয়ে দাঁতিয়ে মৰা জিলিৰ চকুপানী

কোন জীয়াই আছে ।

 

নিমাত….নিথৰ….আপুনি,মই

ভঙা ঘৰ, ভঙা নদী

খৰাং বতাহাজাকটো ৰঙা আঁচোৰৰ দাগ

কতো সাৰে নাই মৰম ।

 

মন নগলেও আপোনবোৰক সপি দিওঁ

কঠিন দুহাতৰ আন্ধাৰত

নতুনৰ আলি সজাবলৈ

ধমনীত যদিও ৰুই থওঁ

শিপা হেৰোৱা দুবৰিবোৰ

এখোজ দুখোজকৈ আগুৱাই চাওঁ

মৰণলৈ আৰু কিমান বাট।।

একাডেমিক পৰিচয় –
একাদশ শ্ৰেণী (কলা)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *