গেটওৱিয়ান/ Gatewayian

নাৰী তুমি সৃষ্টিশীলা ~জ্যোতিস্মিতা ৰাজবংশী

নাৰী তুমি অনন্যা হৈয়ো আকিঞ্চন-বঞ্চিতা

তোমাৰ নিজৰ বুলিবলৈ থাকো মাথো ৰিক্ততা,

একক্ষণত সকলো নিজৰ

আনক্ষণত সকলো আনৰ

তুমি ত্যাগেৰে দেশে দেশে চিৰদিন আলোকিতা

তথাপি আজিও তুমি সমাজত পদদলিতা ।

তোমাৰ শাশ্বত পূজ্যা ৰূপেৰে তুমি মহিমামণ্ডিতা,

সেই ৰূপৰ বাবেই তুমি আকৌ নিৰ্যাতিতা ।

নিৰুপায় মনে চিঞৰে

দেৱী ৰূপক শক্তিৰ প্ৰতীক ৰূপে সেৱা কৰি,

ঘৃণা কৰা হয় কিয় দূৰ্বলী আখ্যাৰে কন্যাক ?

হে নাৰী, তোমাৰ কোমল হৃদয় কঠিন কৰা

তোমাৰ দেহত বিলীন হৈ থকা

সেই স্বমহিমামণ্ডিতা মাতৃৰূপিনী শক্তি দেখুওৱা

যি শক্তি অবিহনে জগত মাথো এক বৃহৎ শূণ্য ।

একাডেমিক পৰিচয় :

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ

বাণিজ্য শাখা

Print Friendly, PDF & Email

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *