গেটওৱিয়ান/ Gatewayian

জীৱনৰ বাটে-ঘাটে (বৈদুৰ্য্য বৰুৱা)

অস22046778_1435444309865684_8028648497436214027_nমৰ পাঠকক বৈদুৰ্য্য বৰুৱাক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই । তেখেতৰ ভাষাৰেই, “মই এটা ক্ষেত্ৰত অতি সৌভাগ্যৱান বুলিয়েই কব লাগিব। মই পছিছ বছৰ আগতে লিখা আৰম্ভ কৰোতে, কিছুমানৰ জন্মই হোৱা নাছিল। আৰু আজিৰ তাৰিখত সেই বয়সৰ চামটোৱে আকৌ নতুনকৈ মোৰ লেখনিবোৰ আদৰি লৈছে। এইয়া মোৰ বাবে কম সৌভাগ্যৰ কথানে!”
কল্পনা কৰক, যোৱাটো শতিকাৰ শেষৰটো দশকৰ আলফাৰ গিজগিজনিৰে পূৰ্ণ সময়খিনিত দুজন যুৱকে বুলেট লৈ সচিবালয়ৰ পুলিছ বেৰিকেট ভাঙি ভিতৰত প্ৰৱেশ কৰিছে ! আকৌ কল্পনা কৰক যদি সময়তো পোন্ধৰ আগষ্টৰ নিশা ১২ বজাৰ আশে-পাশে হয় ! যদি যুৱক দুজনৰ এজন হয় স্বয়ং লেখক বৈদুৰ্য্য বৰুৱা ! তেতিয়া ?
কিন্তু কিহৰ কাৰণে লেখকে বুলেট লৈ পুলিছ বেৰিকেট ভাঙিব লগা হ’ল ? জানিবলৈ পঢ়িব লাগিব প্ৰথমটি কাহিনী ‘জনমদিনৰ লটি-ঘটি’ !
পাঁচজন বন্ধুয়ে সাগৰপৃষ্ঠৰ পৰা প্ৰায় পোন্ধৰহাজাৰ ফুট উচ্চতাৰ টাৱাঙলৈ গাড়ী লৈ যোৱাৰ পৰিকল্পনা কৰিছে । ইয়ালৈ ঠিকেই আছে, কিন্তু যদি গাড়ীখন ক্ষয় যোৱা টায়াৰ, বহি যোৱা বেটেৰী, দুৰ্বল ব্ৰেক চিষ্টেম, গণ্ডগোলীয়া গীয়েৰ বক্সেৰে পুষ্ট আৰু হেণ্ডব্ৰেক, পাৱাৰ ষ্টিয়েৰিঙ, পিকআপ নথকা এখন পুৰণি মাৰ্ক থ্ৰী এম্বেচেদৰ গাড়ী হয় ? যদি সময়টো ভৈয়ামতে ম’হৰ শিং কপোঁৱা ডিচেম্বৰ মাহৰ হাড় কপোৱা জাৰ হয় ? যদি যাত্ৰাপথটো আজিৰ নহৈ ১৯৯৬ চনৰ খোজে খোজে মৃত্যুক সাৱটি থকা বিপদসংকুল পথটো হয় ? আৰু ঠিক আপুনি ভবাৰ দৰেই যুৱক কেইজনৰ এজন যদি আপোনাৰ প্ৰিয় লেখক বৈদুৰ্য্য বৰুৱা হয়
লেখকৰ ভাষাত, “….ষ্টিয়েৰিং সোঁফালে কাতিব পৰা নাই..গাড়ীখন পোনে পোনে আগবাঢ়িছে…চকুৰে মাত্ৰ নীলা আকাশখনৰ সৈতে কেইবাহাজাৰ ফুট তললৈকে বিশাল অৰণ্যখন দেখিলো…। আমি আটাইকেইটাই মাত্ৰ নিশ্চুপ হৈ গাড়ীখনৰ চিটত খামুচি ধৰি ভাৱে চকু কেইটা মুদি দিলো…! …..
…ধেৰেচ্ কৈ শব্দ এটা হল। আমি আটাইকেইটা গাড়ীৰ ভিতৰতে উফৰি পৰিলো।” তাৰপাছত ? জানিবলৈ পঢ়িব লাগিব দ্বিতীয়টো কাহিনী ‘ভ্ৰমণ’ !
লেখা দুটা আমাক ছপাবলৈ অনুমতি দিয়াৰ বাবে বৰুৱাদেৱক দিবলৈ এবুকু ধন্যবাদৰ বাহিৰে আমাৰ দুহাত যে তেনেই ৰিক্ত ! 

“জনমদিনৰ লটিঘটি”

royal-enfield-bullet-350-army-1996-motoজন্মদিনৰ তাৰিখটোনো মোৰ কি আছিল বহুদিনলৈকে জনা নাছিলো। জানিবলৈ অকনো আগ্ৰহো নাছিল।ঘৰটো জন্মদিন পালন কৰাৰ কথা মনত নপৰে। বা সমনীয়া বোৰৰো কাৰো জন্মদিন পতা দেখা নাছিলো। অৱশ্যে দুই এজনৰ কথা বেলেগ আছিল। কিন্তু সেই জন্মদিনো ” হেপ্পী বাৰ্থ দে’ তু ইউ ” ধৰণৰ সুৰেৰে সজোৱা হোৱা নাছিল। ডাইৰেক্ট গোঁসাই ঘৰত চাকি আৰু কলপাতত বুট মগু কল! আৰু দিন ভাল পৰিলে দুখন লুচী !
মোৰ মেট্ৰিকৰ এডমিটত থকা জন্মদিনটোও ভুল আছিল।ফৰ্ম ফিল আপৰ সময়ত চাৰ এজনে খপজপকৈ তাৰিখটো অনুমান কৰি ভৰাই দিছিল। এনেকৈয়ে বছৰ কি বছৰ পাৰ হৈ গৈছিল।
কলেজৰ পৰা ওলোৱাৰ পাছত আমাৰ লগৰ সকলোৱে জীৱিকাৰ সন্ধানত নামি পৰিল। কোনোৱে চাকৰিৰ…কোনোৱে ব্যৱসায়ৰ…
আমাৰ আকাশৰ দেউতাকৰ চহৰৰ মাজমজিয়াত এখন হোটেল আছিল।লগতে ৰেস্টোৰা কাম বাৰ। এতিয়া অৱশ্যে নাই। দেউতাকে আকাশক লগাই দিলে ৰেস্টোৰা চলাবলৈ।সি সন্ধিয়াৰ পৰা বহিব লাগে। বচ।লাহে লাহে আৰম্ভ হৈ গ’ল আমাৰ আড্ডা।আকাশ আহিবলৈ নাপায়েই। তাতকৈ আগতে আমি হাজিৰ হৈ যাঁও।লাহে লাহে আকাশৰ হোটেলখন আমাৰ বাপেকৰ হোটেল হৈ পৰিল।আড্ডাটো দিনে দিনে ডাঙৰ হৈ আহিল।আড্ডা মাৰোতে মাৰোতে মাজনিশা হৈ যোৱাটো সাধাৰণ কথা হৈ পৰিল।ইয়াৰ মাজতেই এটা নতুন নিয়ম আৰম্ভ হৈ গ’ল। বাৰ্থ দে’ পাৰ্টি।যাৰ যেতিয়া জন্মদিন পৰে সেইদিনা আকাশৰ হোটেলত পাৰ্টি দিব লাগিব। দুই তিনিটামান পাৰ্টি ইতিমধ্যে খোৱাও হ’ল।তেতিয়াই ভাৱিলো যে মোৰ জন্মদিনৰ সঠিক তাৰিখটোনো কি জানি লোৱা ভাল।কাৰণ ইতিমধ্যে আড্ডাত বু বু বা বা চলিছেই …. ….ইয়াৰ জন্মদিনটো নাহেহে নাহে দেখোন…!
এদিন ঘৰত সুধিলো। মইনো কোন তাৰিখে জন্ম হৈছিলো…
— এপ্ৰিলত নেকি…. !! …তাৰিখটো চাৰি হব লাগে…. হেৰি আমাৰ ই কোন মাহত জন্ম হৈছিল…
— মাৰ্চতে হব লাগে…..সাত তাৰিখ আছিল নেকি…
— এহ! কেনেকৈ হ’ব…
— কেনেকৈ নহব…তাৰ কেইদিনমানৰ পাছতে ফাকুৱা নাছিল….? ….কেলেই বীণা জেঠাইটী আহিছিল যে…পাহৰিলা…!
পাঁচ মিনিট মান সময় এনেদৰেই আছিল নেকি….হ’ব লাগে… সেই সময়ত গৰু এজনীয়ে হেম্বেলিয়াই আছিল ইত্যাদি ধৰণৰ বাক্যৰে আলোচনা চলিল। মোৰ কিন্তু জন্ম তাৰিখ নোলাল। তাৰপাছত ফাইনেল কনফাৰ্মেচনৰ বাবে এটা পুৰণি ট্ৰাংক এটা খোলা হ’ল। মই আগভাগ ললো।পলিঠিনৰ পেকেট এটাৰ ভিতৰৰ পৰা যেনিবা দুখনমান মদৰুৱা বৰণ লোৱা কোষ্ঠীৰ মাজৰ পৰা মোৰ কোষ্ঠীখনো ওলাই আহিল…আকাশৰ হোটেলৰ বাৰ্থডে’ পাৰ্টি ৰেজিষ্টাৰত আৰু এটা তাৰিখ যোগ হ’ল। দুই মাৰ্চ! ….
পিছে মোৰ জন্মদিনৰ প্ৰসংগ টানি আনি মই এক বেলেগ জন্মদিনৰ ঘটনাহে কবলৈ ওলাইছো। মোৰ এইটোও এটা মনত থাকি যোৱা ঘটনা।
চৌধ আগষ্ট, ১৯৯৬ নে ৯৭ চন। পিছদিনা পোন্ধৰ আগষ্ট কাৰণেই তাৰিখটো মনত থাকি গ’ল।
এক ব্যৱসায় সংক্ৰান্তীয় কামত কলকাতালৈ যাবলৈ ওলালো মই আৰু উত্তম। এতিয়া সি গুৱাহাটীতে থাকে। গনেশগুৰিত তাৰ ক্ৰচৰ’ড বুলি এখন অভিজাত শ্ৰেণীৰ বাৰ আছে। ১৪ আগষ্টত গুৱাহাটী পালোগৈ। ১৫ আগষ্টত কলকাতালৈ আমাৰ বিমান আছে।দুপৰীয়া দুটা বজাত। আগতে বিমানত এবাৰ উঠিছো।এইবাৰ দ্বিতীয় বাৰলৈ উঠিম।মই এই প্লে’নত উঠি টকাৰ শ্ৰাদ্ধ কৰাৰ ইচ্ছা একেবাৰে নাছিল। কিন্তু উত্তম অতি চৌখিন। ৰেলৰ নাম নুশুনে।এঘন্টা সময় লগা কামটোত দুদিন…! মোৰ সময়ৰ অভাৱ নাই। এঘন্টা সময় লগা কামটো দহদিনত হ’লেও চলে।পইচা বাচিব লাগে। তাৰ প্ৰায়ে গুৱাহাটীলৈ অহা যোৱা হৈ থাকে কাৰণে দিছপুৰত আৰু কোনোবা এটাৰ লগত মিলি ভাড়া ঘৰ এটা লৈ লৈছে।সি ইতিমধ্যে তাৰ ব্যৱসায়ত ভালেখিনি প্ৰতিষ্ঠা লাভ কৰিছে। আৰু মই বাৰ মাহত তেৰটা ব্যৱসায় কৰি এটাতো টিকিব পৰা নাই। আৰু এইযে কলকাতালৈ যাবলৈ ওলাইছো সেয়াও মোৰ এক নতুন ব্যৱসায়ৰ আৰম্ভণিৰ নতুন প্লেন! হয়টো চৌধ নম্বৰ!
ৰাতিপুৱা উত্তম তাৰ কামত ওলাই গ’ল।মোৰো সেইদিনা একো কাম নাছিল। অকলে থাকি কি কৰিম।এনেয়েও মই একেঠাইতে ঠিৰেৰে থাকিব নোৱাৰো। ময়ো ওলাই গ’লো বাহিৰলৈ। কেইজনমান চিনাকী মানুহ বা এনেয়েই সময় কটাব পৰা ঠাই মোৰো নোহোৱা নহয়। যেনে হৃদয়েৎপুৰৰ তেতিয়াৰ বিস্ময়ৰ অফিচটোতে মোৰ এবেলা আৰামত কাটি যায়। অলপ অচৰপ মাননীও পাই যাওঁ। গুৱাহাটীৰ হাত খৰচটো ওলাই যায়। ওলাই যাওঁতে হঠাৎ লগ পাই গলো বিদ্যুতক।তাৰ সৈতে আগৰ পৰাই চিনাকী।দৰঙৰ মানে টংলাৰ ল’ৰা। ভাল হকী খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত খেলে। তাৰ অৱস্থাও মোৰ নিচিনাই। অৰ্দ্ধ নিবনুৱা। হাতৰ আগত যিটোৱেই পাই সেইটোৱেই কৰে। সেইবাৰ সি কয়লাৰ ব্যৱসায়ত ধৰিছে বোলে। এতিয়া বিদ্যুত ক’ত আছে কি কৰে নাজানো। বহুদিনৰ পাছত লগ পাই ভাল লাগিল তাক।ৰাস্তাতে বহুদেৰী কথা পাতিলো। সিয়েই ক’লে…
— ব’ল।ব’ল। মোৰ ৰূমলৈ যাওঁ। ভাত বনাই খাই লওঁগৈ।
ময়ো ভালেই পালো। হোটেলত খোৱাতকৈ ঘৰুৱা খানাটো পালে কথাটোৱেই বেলেগ।
— ক’ত তোৰ ৰূম?
— ডাউন টাউনৰ পিছফালে।
— তই আকৌ অজিতৰ লগতহে আছিলি ৰাজগড়ত….
— সি বিয়া কৰোৱাৰ পাছত এতিয়া প্ৰণৱৰ লগত থাকো…
— অ’ তাৰ বিয়াৰ কথা পাহৰিয়েই গৈছিলো…
কিছুপৰৰ পাছতেই তাৰ ৰূম পালোগৈ।এমগ পানীৰে সৈতে চাউল একাপ, দুটা কণী, দুটা আলু প্ৰেচাৰ কুকাৰত উঠাই দিয়া হ’ল। দুটা সুহুৰি মৰাৰ পাছত খোৱা ৰেডি। নিমখ তেল লৈ জীৱনৰ এসাঁজ কমালো তৃপ্তিৰে। প্ৰণৱ নাছিল। গুৱাহাটীৰ বাহিৰত আছিল। ভাত খাই হোৱাৰ পাছত আকৌ দুয়োটা বাহিৰলৈ ওলালো। সোমাই আহোতেই প্ৰণৱৰ বুলেট খন বাৰাণ্ডাত থিয় হৈ থকা দেখিছিলোৱেই। চাবিটো বিচাৰি মেলি উলিয়ালো। বিদ্যুতে বুলেটখনৰ কিক্ টোৱেই মাৰিব নোৱাৰে। গতিকে সি সেইখনৰ কাষেই নাচাপে।
বুলেটত উঠি দুয়ো বন্ধু মহানগৰত ঘূৰি ফুৰিছো।তাৰো কিবা কিবি দুই এটা কাম কৰি গৈছে। ময়ো বিস্ময়ৰ অফিচলৈ যোৱাকে আদি কৰি কেইটামান কাম কৰি লৈছো। এটা সময়ত আমি ৰাজগড়ৰ অজিতৰ অফিচ পালোহি। ব্যৱসায়ত সি যথেষ্ট উন্নতি কৰিছে। আমূল নে কেডবেৰীজৰ ডিষ্ট্ৰিবিউটৰশ্বীপ আছে তাৰ।বেচ আহল বহল ধুনীয়া অফিচ। সি তাৰ প্ৰেয়সীক এবছৰ মানৰ আগতে বিয়াও কৰাইছে। মিতালী। এই মিতালীও এতিয়া অসমৰ ফেশ্বন ডিজাইন, বুটিক আদি জগতখনৰ চিনাকি নাম। অজিতে ক’লে ‘”আজি মিতালীৰ জন্ম দিন। তহঁত দুয়োটাই ৰাতিৰ খোৱাটো মোৰ তাতে খাবি। নাপাহৰিবি আকৌ!”
পাহৰাৰ প্ৰশ্নই নুঠে। পেটে পেটে ভালেই পালো। তাত অলপ দেৰী থাকি আকৌ ওলাই গ’লো। এই সময় খিনিতেই মাজতে উত্তমক লগ পাই গলো। তাক কাইণ্ড ইনফৰ্মেচন কৰি দিলো যে ৰাতি অজিতে ভাত খাবলৈ মাতিছে। মিতালীৰ জন্মদিন…। সিও কলে যে তাকো মাতিছে। পাৰিলে সিও আহিব।
….ৰাতি আঁঠটা মান বজাত অজিতৰ ঘৰ পালোহি। তেতিয়াহে মনত পৰিল। গিফট্ এটা অনা নহ’ল।
— এই! কিবা গিফট্ এটা অনা নহ’ল নহয়…!
— অ’হ…হ’..! এই বাদ দে বুইছ…অজিতক আৰু কি গিফট্ দিবি..!
— অজিতৰ নহয় ভাই… মিতালীৰ জন্মদিন…
— আৰে মিতালীৰ লগত পুনেত একেলগে পঢ়া… তাই সেইবোৰ কথা মাইণ্ড নকৰে…
— তই হে একেলগে পঢ়া… মইতো খালি সেই বিয়াতেই লগ পোৱা…বেয়া হ’ব কথাটো.. ব’ল ফতকৈ ওচৰৰ পৰা কিবা এটা লৈ আনো…।
— হেই ইমান দেৰী কৰিলি… আহ…আহ…
আমি ঠিক উভটিবলৈ লওঁতেই অজিত ওলাই আহিল।

সেইসময়ত আৰু কিবা এটা চেলু উলিয়াই উভটি যোৱাৰ সুযোগ নাছিল । অভ্যাগত সকল গোট খাইছিল। মিতালীয়ে ব্যস্ততাৰ মাজতো দুই এষাৰ কথা পাতি গ’ল। বিদ্যুতে দুই এজন অতিথিক চিনি পায় যদিও মই এজনকো নাজানো। এজনৰো চেহেৰা আগতে দেখা নাই। মই এনেয়েও ভিৰ ভাৰ ভাল নাপাও। তাতে অচিনাকি মুখবোৰৰ মাজত মই বৰ এটা আৰাম অনুভৱ নকৰিলো। অজিতে বোধহয় বুজি পালে কথাটো।
— তহঁতে নহলে বেলকনিতে বহিবি ব’ল।
সি আমাক দুয়োটাকে বেলকনিলৈ লৈ গ’ল। তাত দেখিলো, কেইবাবিধো ব্যঞ্জনৰ সৈতে দুটামান বিয়েৰৰ বটলো সজোৱা আছে।

সি ভিতৰলৈ গ’লগৈ। আমিও লাহে লাহে আৰম্ভ কৰিলো…
বেল বেল বেল বেলকৈ লাহে লাহে আমাৰ লেকচাৰ আৰম্ভ হৈ গ’ল।মাজে মাজে অট্টহাস্য আৰু উ সুসুই মাৰ্কা কিৰিলি…। মাজতে অজিতেও আহি আমাক সংগ দিলেহি…মাজতে অজিতে আহি ক’লেহি …ভাত বাঢ়িবলৈ কৈছো দেই…
….. মাজতে আকৌ অজিত আহি ক’লে…” ঐ ভাত বাঢ়ি দিলো..।এঘাৰটা বাজিলে…সব ঠাণ্ডা হ’ব এতিয়া… মিতালীও ৰৈ আছে একেলগে খাবলৈ…
তেতিয়াহে মনলৈ আহিল…ছেঃ..! এইখন যে গৃহস্থীৰ ঘৰ পাহৰিছিলোৱেই…!
— এই এই বিদ্যুত। ফটাফট কৰ.. ব’ল..ব’ল.. ইহঁতে আমাৰ কাৰণে ভাত খাবলৈ ৰৈ আছে..
— ওঁ…ওঁ…একমিনিট..
বিদ্যুতে আৰু এমগ বিয়েৰ কোঁত কোঁতকৈ গিলি উগাৰ এটা মাৰি ক’লে
— ব’ল..ব’ল..!
বাকী অভ্যাগত সকল গৈছিলগৈ।এতিয়া সকলো নিজম পৰিছে। মিতালীৰ লুকুৱাই ৰাখিব নোৱাৰা হামি এটাও চকুত পৰিল। অলপ দোষীী দোষীও লাগিল। ” এঃ আজিহে আৰু…আৰুনো ক’ত অহা হ’ব..! ” ধৰণেৰে পলায়ন কৰা মনোভাৱেৰে নিজেই সান্তনা এটাও ললো। আমি ভাতৰ পাতত বহিলো।বিভিন্ন জ্ঞানৰ সফুঁৰা খুলি মুক্ত হস্তে বিলালো। তাৰ পাছত বিদায় ল’লো। যোৱাৰ সময়ত বিদ্যুতে আকৌ নতুনকৈ ছবাৰ মান হেপ্পী বাৰ্থ ডে’ আৰু বাৰ বাৰমান গুড নাইট জনালে। অজিতে খালি পিছফালৰ পৰা ক’লে ” লাহে লাহে যাবি। “
— চিগাৰেট আছে নেকি হ’?.. চাল্লা লবলৈয়ে নহ’ল…!
বিদ্যুতে পিছফালে বহিয়েই মোক সুধিলে।
— নাই অ’। ব’ল আগত পাই যাম।
বিদ্যুতে পিছফালে বহি ইতিমধ্যে ” মাজনী মোৰেনো অন্তৰত…মাজনী তোৰেনো….” জাতীয় বিহু গান গোৱা আৰম্ভ কৰিছে। দুই এঠাইত নামি আমি ৰাস্তাৰ কাষত প্ৰস্ৰাৱো কৰিলো.. বিদ্যুতৰ অনন্ত জলৰেখা আৰু বিহুনামৰ যেন শেষ নহ’ব…
…মই নিজৰ নগৰ খনতেই বাট পথ ভুল কৰো। গুৱাহাটীত কথাই নাই।দিনত হ’লে বেলেগ কথা। কাৰোবাক সুধি ল’ব পাৰি। কিন্তু এই নিশা বাৰ বজাত দিছপুৰৰ ৰাস্তাটো মোৰ উলিয়াবলৈ সহজ নহ’ব। সেইকাৰণেই মই বিদ্যুতক কলো-
— বিদ্যুত… মই কিন্তু ৰাস্তা চিনি নাপাওঁ… তই কৈ যাবি কিন্তু…
— ঠিকেই আছে। ব’ল…ব’ল… কিন্তু ভাই এটা চিগাৰেট খাম..দোকান দেখিলে ৰখাবি…
— এই ৰাতিখন ক’ত চিগাৰেট পাবি হয়.. সকলোবোৰ বন্ধই দেখোন ….!
— আৰে পাই যাম..! এটা চিগাৰেট খাইহে যাম…
বিদ্যুতে আকৌ নতুনকৈ গীত গোৱা আৰম্ভ কৰিলে…” তোকে পাবলৈ…. অ’ মাজনী…” .
— এই..এই..এই.. কোনফালে ভৰাই দিলি তই..! দিছপুৰ এইফালে নহয়টো…ধেইট তেৰিকা বহুত ঘূৰিব লাগিব এতিয়া…
মাজতে বিদ্যুতে চিঞৰি উঠিল।
— মই কি জানো…! তই যেনেকৈ কৈছ মই তেনেকৈয়ে গৈ আছো….
— ক’ত ক’ত যে ভৰাই দিলি তই… মোৰেই পাজল লাগি গৈছে..!
— যাঃ…!
মোৰ চিন্তা লাগি আহিল। বুলেটতো বেছি তেল নাই… এই বিদ্যুতৰ পাজল্ লগাটোও ডাঙৰ কথা নহয় …
— অ’ ইয়েচ! গম পালো…গম পালো..! ঘূৰাই ল…ঘূৰাই ল…! ৰাইট টাৰ্নিং ল’ব লাগিছিল…তই লে’ফট লৈ ল’লি আক’…! ব’ল ব’ল…। …
— তই ক’ব লাগে আক’! … চাই আহিব লাগে… পিছফালে বহি বিহু মাৰি আহিছ..
— আৰে কি চিন্তা কৰিছ.. বিদ্যুত আছে ভাই..
— তই আছ ঠিকেই আছে.. কিন্তু বাইকত তেল নাই। কেতিয়াবাই ৰিজাৰ্ভ লাগিলে … কৈ দিলো..! ঠেলিব লগীয়া হলে মুখেদি বিহু ওলাই যাব…
মই বাইক ঘূৰালো।
— উ সু সুই…!
বিদ্যুতে কথাটোত ৰস পাই উকি এটাহে মৰা শুনিলো।
— এটা চিগাৰেট খাব লাগিছিল..অ’…
— আশা নাই সব দোকান বন্ধ। দোকানীবোৰে কিহৰ ফূৰ্টিত এতিয়ালৈকে দোকান খুলি বহি থাকিব কচোন। চিগাৰেট এটাটো মোৰো হুপিবৰ মন গৈছে..
— অলপ মন কৰি যাবি। গুৱাহাটীত সব দোকান ইমান সোনকালে বন্ধ নকৰে..।
— এতিয়া সোনকাল…! কি কৱ! …
….. নাজিতৰা…তেনেকৈ নাচাবা… সচাঁ মোৰ অন্তৰৰ…
বিদ্যুতে নতুন বিহু এটা আৰম্ভ কৰিছে…ময়ো চিনাকি ধৰণৰ বহল ৰাস্তা এটাত উঠিলো… হয়…ৰাস্তাৰ দুয়োকাষৰ চাইনবৰ্ড বোৰ চিনাকি …চিনাকি লাগিছে… তাৰমানে পাইছোহি আৰু…নিৰ্জন মহানগৰৰ ৰাজপথত কেৱল বুলেটৰ ধুদ ধুদ চাইলেঞ্চাৰৰ আৰু বিদ্যুতৰ নাজিতৰা বিহুগানৰ শব্দ…! মহানগৰ খন দৰকাৰতকৈ বেছি শান্ত হৈ আছে.. কাইলৈ পোন্ধৰ আগষ্ট ….।মানে সময় হিচাবে আৰম্ভ হৈ গ’ল… দিন হিচাবে কাইলৈ পুৱাৰ পৰা…। কেইবাটাও বিদ্ৰোহী সংগঠনে অসম বন্ধ দিছে … দিনকাল বেয়া চলিছে…
…. তেনেতে মোৰ ওঠত হাঁহি বিৰিঙি উঠিল। কিছু দুৰৈত এখন ঘূমটি দোকান..! কম পোহৰৰ লাইট এটা জ্বলি আছে। চিগাৰেট খোৱা ইচ্ছাটো তীব্ৰ ভাৱে জাগি উঠিল।
— বিদ্যুত এখন দোকান খোলা আছে…! চিগাৰেট পাই গলো…! হাঃ হাঃ….
— গুদ! ব’ল ব’ল! …নাজিতৰা… তেনেকৈ নাচাবা….
মই এক্সলেটৰ জোৰেৰে পকাই ধৰিলো আনন্দতে…!
— হেই.. হেই..হেই.. পাগল হ’লি..! ক’ত ভৰাইছ…! …মৰিলো …কে…
মই বিদ্যুতৰ চিঞৰটো শুনিলো ঠিকেই…কিন্তু তেতিয়ালৈ মোৰ কোনো সিদ্ধান্ত লোৱাৰ সময় নাছিল… মই চকুৰ আগত হঠাতে ক’লা হালধীয়া ৰং মৰা বাঁহ এডাল পথালিকৈ দেখিলো…পুলিচৰ চে’ক পষ্টৰ দৰে… মোৰ সেই সময়ত বেলেগ একো কথাই মনলৈ নাহিল..। মাত্ৰ এইটো কথাই মনলৈ আহিল যে মই এই দীঘল পথালি লোহাৰ পাইপদালৰ পৰা ডিঙিটোৰে সৈতে মূৰটো ভগাৰ পৰা বচাবলৈ মূৰটো বুলেটখনৰ পেট্ৰল টেংকিটোত লগাই যাব লাগিব..! যিটো ডিচিচন হয়টো গুৱাহাটীয়ান হিচাবে বিদ্যুতে ইতিমধ্যে লৈছে…! সেইদাল পাৰ হোৱাৰ লগে লগে দেখিলো…আশে পাশে কেইবাজনো পুলিচ..! আগফালৰ পৰা কেইজন মান বন্দুক ধাৰী পুলিচে খেদি আহি বুলেটখনৰ হেণ্ডেল দালত খামুচি ধৰিছে…কেইজন মানে পিচফালৰ পৰা টানিছে…। …ময়ো ব্ৰেক মাৰি ৰখালো…পলকতে দুয়োফালে চালো। মোৰ বাওঁ হাতে দিছপুৰ থানাৰ চাইন বৰ্ডখন আৰু সোঁফালে অসম সচিবালয় বুলি লিখি থোৱা চাইনবৰ্ড খন দেখিলো…! আৰু মই দেখা সেই পান ঘুমটি খন আছিল থানা খনৰ বাহিৰত থকা বালিৰ বস্তাৰে ঘেৰা চিকিউৰিটীৰ ঘুমটিতো। তাত মম দুডাল জ্বলি আছিল। কাৰেন্ট বোধহয় নাছিল। পৃথিৱীত নিশ্চয় মইয়েই প্ৰথম ব্যক্তি হ’ম… যি স্ব ইচ্ছাৰে সিংহৰ গৰালত সোমাই পৰিলো…!
….খেৰে….তেক…খাত..খাত…
ক’লা ক’লা বন্দুক কেইটামান সাজু হৈ উঠা দেখিলো…অনুভৱ কৰিলো ডিঙিয়ে পিঠিয়ে সিহঁতৰ শীতল স্পৰ্শ ….
— ঐ…কে…! কোন তহঁত…? ইয়ালৈ কি কৰিবলৈ আহিছ…!!??
সিহঁতৰ প্ৰচণ্ড হুংকাৰ শুনা গ’ল..। আচলতে ঘটনাৰ আকষ্মিকতাত আমাৰ সমানেই পুলিচ কেইজনো নাৰ্ভাচ হৈ পৰিছিল। এই আলফাৰ গিজগিজনীৰ দিনত পোন্ধৰ আগষ্টৰ মাজনিশা বুলেট লৈ দুটা ডেকা ল’ৰাই পুলিচৰ আৱেষ্টনি ওফৰাই থানা আৰু সচিবালয়ৰ ফালে ধুমুহাৰ দৰে সোমাই আহিছে…! ইহঁতৰ উদেশ্য কি…!!!
— ভুল হৈ গ’ল চাৰ…! চিগাৰেট বিচাৰি আহিছিলো…
— চিগাৰেট বিচাৰি আহিছিলি..? …থানালৈ…!!!???
— নহয় মানে চাৰ..সেই ঘৰটো দুৰৰ পৰা ঘুমটি দোকান বুলি ভাবিছিলো….
চিকিউৰিটিৰ ঘুমটিটো দেখুৱাই ক’লো।
— হাঁ…! কি কৱ কে…!
— ক’ৰ পৰা আহিছ তহঁত?
— লগৰ এটাৰ বাৰ্থ দে’ আছিল.. ৰাজগড়ত…

— চাৰ.. ই মানে নতুন। …যাব লাগে সেইটো ৰাস্তাইদি সোমাই দিলে এইফালে… হেঃ..হেঃ..
— এই চুপ!
বিদ্যুতে ঘটনাটো অলপ পাতলিয়া কৰি দিবলৈ চাইছিল। ভেকাহী এটা খাই মনে মনে থাকিল।
— ঘৰ ক’ত তহঁতৰ? কি কৰ?
— মোৰ তিনিচুকীয়াত। ৰে’লৱে’ত কন্ট্ৰেক্ট কৰো…
— আৰু তই?
— দৰং টংলাত। কয়লাৰ বিজনেচ কৰো…
— বাহ..! দুয়োটা আচল জেগাৰ মানুহেই গোট খাইছ…! এটা হ’লি আলফাৰ জেগাৰ মানুহ..এটা বিটি এফৰ জেগাৰ মানুহ..! এটাই চলাই ৰেলৰ চিণ্ডিকেট… এটাই চলাই কয়লাৰ চিণ্ডিকেট…! নাম…নাম..নাম..
পুলিচ এজনে নিৰ্দেশ দিলে।বন্দুকৰ নল কেইটাই স্বস্তিৰ নিশ্বাস পেলাই আমাৰ গাৰ পৰা তললৈ নামিল। দুয়োটা নামিলো। মই বুলেটখনৰ চাইদ ষ্টেণ্ডদাল লগালো।
— চাৰ…এইবাৰলৈ এৰি দিয়ক আৰু…ভুল হৈ গ’ল… আপুনি জানেই চাৰ….
মই দেখিলো বিদ্যুতে পুলিচ বিষয়া জনক কিবা কিবি বেলবেলাই বুজাই আছে। তাৰ ভৰি দুটা মাটিত একেথিৰে আছে ঠিকেই, কিন্তু আঠুৰ পৰা ওপৰ চোৱা শুণ্যতে হালি জালি আছে…!
— ক’লৈ যাৱ? ব’ল..ব’ল..ব’ল.. ভিতৰলৈ ব’ল.. এই মটৰ চাইকেল ভিতৰত ভৰা…
বিনা বাক্যব্যয়ে বুলেট খন ঠেলি নি থানাৰ ভিতৰত সোমালোগৈ। থানাখন ৰাস্তাৰ পৰা এঢলীয়া হৈ কিছু তলত আছিল। ভাগ্য ভাল আছিল। বুলেটখনৰ গিয়েৰ লাগি আছিল। নহলে বুলেটখনে মোকো চোচোঁৰাই নিলে হেতেন। সেই সময়তেই কাৰেন্ট আহিছিল। চাৰিওফালে উজ্জ্বল হৈ পৰিছিল।কাৰেন্ট দালেই সৰ্বনাশৰ মূল…! এই কাৰেন্ট দাল থকা হ’লে মই কেতিয়াও সেইখন পান ঘুমটি বুলি ভুল নকৰিলো হেতেন…!
মই ভাবিলো।

আমাক থানাৰ ভিতৰলৈ পিচফালৰ চাৰ্টৰ কলাৰত খামুচি সসন্মানেৰে লৈ যোৱা হ’ল।আমাক লৈ অনা পুলিচ দুজন আকৌ বাহিৰলৈ গ’ল। যোৱাৰ আগতে ভিতৰত থকা চিপাহী দুজনক ” ঐ দৈমাৰী ইহঁত দুটাক চাৰ্জ কৰি দে ” টাইপৰ কিবা বাক্য এটা ক’লে। আমি একো নুবুজিলো।এজন চিপাহী চকু মূৰ মোহাৰি আগবাঢ়ি আহিল। তেওঁ কিজানি শুই আছিল।
— খোলক।
তেওঁ আহি নিৰ্দেশ দিলে। আমি একো নুবুজিলো। চাৰ্ট পেন্ট খুলি বেটাব নেকি আমাক….!
— কি খুলিম…?
— ঘড়ী, আঙঠি খুলি জমা দিয়ক.. মনি বেগ জমা দিয়ক। এইবোৰ যোৱাৰ সময়তহে নিব পাৰিব।
আমিও স্বস্তিৰ নিশ্বাস পেলাই ঘড়ী আঙঠি খুলি পাৰ্চ দুটা উলিয়াই টেবুলৰ ওপৰত থ’লো।
….কেঁ..এঁ…এঁ…চ..হ…!
মন কৰিলো আন এজন চিপাহীয়ে কৈ লক-আপটোৰ লোহাৰ ৰডৰ দুৱাৰ খন খুলি আমাক তাত সোমাবলৈ হাতেৰে ইংগিত দিছে। আমি ইটোৱে সিটোৰ মুখলৈ চালো।বিদ্যুতে কিবা কবলৈ মুখ মেলিছিল। তাৰ হয়টো আত্ম সন্মানত লাগিছিল। মই জানো এই মাজনিশা থানাৰ ভিতৰত আত্ম সন্মান দেখুৱাই কোনো লাভ নাই..! তৰ্কা তৰ্কি আৰম্ভ কৰিলে হিতে বিপৰীতহে হ’ব। এতিয়ালৈকে যে পিঠিত মাৰ পৰা নাই সেইটোহে ডাঙৰ কথা…! মই বিদ্যুতক প্ৰায় টানি নিয়াৰ দৰেই লক আপটোত ভৰালো আৰু নিজেও সোমাই পৰিলো।
কেঁ…এঁ…এঁ…চ..হ..ধাৰাম ধাম..!
লকআপৰ দৰজা বন্ধ হৈ গ’ল বাহিৰৰ পৰা। এটা মস্ত তলাও ওলমি কিছুদেৰি লৰি থাকিল ..। আমিও হতভম্ব হৈ অলপ দেৰী থৰ লাগি ৰ’লো।
লক-আপৰ ভিতৰখন লেতেৰাৰ শেষ। বেৰবোৰত থুই খেকাৰৰ দাগ। মজিয়া খনো লেতেৰা।কোন কোন কৰি মহ কেইটামান উৰি ফুৰিছে। পইতাচুৰুনী বোৰ য’তে ত’তে শুং দুদাল লৰাই ৰৈ থাকি কি কৰিছে সিহঁতেহে জানে। অলপ দেৰী দুয়োটা থিয় হৈ ৰৈ থাকিলো। ককাল বিষাই গৈছিল থিয় হৈ। ভাবিলো বহাই যাওক। ঘিন লাগিলেও উপায় নাই। বেৰত আউজি মজিয়াতে বহি পৰিলো।মোক দেখি বিদ্যুতো বহি পৰিল।
— মা কচম..! …কাৰ মুখ দেখিছিলো ৰে ৰাতিপুৱা ৰাতিপুৱাই…
— তই মোক দেখিছিলি…মই তোক দেখিছিলো…
— হিঃ..হিঃ..হিঃ..
বিদ্যুতে হাঁহি উঠিল।
— এইফালে আঠুৱা এখন দে ঐ…!
হঠাতে বিদ্যুতে বাহিৰলৈ মুখ কৰি চিঞৰি উঠিল! মোৰ বুকু কঁপি উঠিল। থানাৰ ভিতৰতে পুলিচক তই বুলি চিঞৰাটো কম সাহসৰ কথা নহয়…! মই গম পালো বিদ্যুতৰ পিঠিত খঁজুৱতি উঠিছে…তাৰ লগতে মোৰো মুক্তি হব এতিয়া….! বাহিৰলৈ চালো। দুখন টেবুলৰ ওপৰত দুখন আঠুৱা তৰি থোৱা আছে। হয় পুলিচ দুজন শুই আছে। নহয় শুনিছে যদিও কেঁচা টোপনি ভাঙি উঠি আহিবলৈ ইচ্ছা কৰা নাই..
— এই বিদ্যুত! পাগল হৈছ? ভিতৰতে আহি দগৰিব…! মনে মনে থাক..!
— আমাৰ ফাণ্ডাৰমেন্টেল ৰাইট ভাই…!
— একদম চুপ থাক! ইহঁতে একেবাৰতে চব ৰাইট উলিয়াই দিব..!
বিদ্যুতেও বোধহয় গম পালে যে সি লক-আপৰ ভিতৰত কিছু বেছি অধিকাৰেই বিচাৰিছে।আৰু বিচৰাৰ সুৰটোও আপত্তি জনক। সি মনে মনে থাকিল। মোক লাহে লাহে টোপনিয়ে হেঁচি ধৰিছিল। মই লাহেকৈ বহাৰ পৰা চুঁচৰি মজিয়াতে শুই পৰিলো। বিদ্যুতো লাহেকৈ সিফালে মূৰ কৰি শুই পৰিল।চিলমিল টোপনিৰ মাজতে শুনিলো বিদ্যুতৰ নাকে ঘোৰঘোৰাবলৈ আৰম্ভ কৰিছে। আমি যেন শুই পৰালৈহে মহ জাকে অপেক্ষা কৰি আছিল…মুখে ভৰিয়ে মহে বিন্ধা আৰম্ভ কৰি দিলে। কাণৰ ওচৰত কিছুমানে কোন কোনাই থাকিল। তথাপিও তেনেকৈয়ে নাইট চুপাৰ মাৰ্কা টোপনি এটাত পৰি থাকিলো। বুকুৰ ওপৰেদি কুটকুটাই কিবা দুটা পাৰ হৈ গ’ল! উচপ খাই উঠি বহিলো। দুটা ডাঙৰ ডাঙৰ ডালশলীয়াই কিঁচ কিঁচকৈ খেদা খেদি কৰি আছে! …আমাৰ উপস্থিতিক সিহঁতে কোনো গুৰুত্বই দিয়া নাই…! এবাৰ দেখিলো বিদ্যুত জপিয়াই উঠি বহি এখন হাতেৰে চাৰ্টৰ কলাৰটোৰ পৰা কিবা এটা চিতিকাই পঠিয়াইছে। এটা পইটাচোৰা চিতিকি পৰিল..!
— দুৰ চাল্লা…! কেনেকৈ শুইছ তই ঐ…!
বিদ্যুতে মোক সুধিলে।
— ক’তনো শুইছো… পৰিহে আছো…!
আকৌ দুয়োটা অলপদেৰী বহি থাকিলো। পিচে আকৌ টোপনিয়ে হেঁচি ধৰিলে… আকৌ ক’ব নোৱাৰাকৈয়ে মাটিত ঢলি পৰিলো…
….কেঁ..এঁ..এঁ…চ..হ…
এটা শব্দত সাৰ পাই গ’লো..। চকু মেলি দেখিলো লোৰ জপনা খন এজন পুলিচে খুলি ধৰিছে। আমাৰ বয়সৰে আৰু এজন অতিথি সোমাই আহিছে।আমি আকৌ উঠি বহিলো।
….কেঁ..এঁ..এঁ..চ…হ..ধাৰাম..ধাম..!
আকৌ লোৰ গেটখন বন্ধ হৈ গ’ল।
নতুন অতিথি জনলৈ চালো। ক্ষীণ মীণ এটা ল’ৰা। অসমীয়া নহয় যেন লাগিল। নিৰ্বিকাৰ ভাৱে আমালৈ চালে। চকু দুটা কিবা টানি টানি ধৰাৰ দৰে আছে। সি একো নকলে। অলপ দেৰী বহি সি আনটো মুৰত গৈ শুই থাকিল। এনেতে তাৰ হাত দুখনলৈ চকু গ’ল। মই শিয়ঁৰি উঠিলো। দুয়োখন হাততে তাৰ ব্লে’ডেৰে অকিঁওৱাৰ চিন।সূৰজ লাভচ সংগীতা…আই লাভ ইউ সংগীতা…ইত্যাদি ইংৰাজী বাক্য কিছুমান ব্লেডেৰে অঁকিয়াই লিখি ভৰাই থৈছে। আমি বুজিলো এইটো এটা ড্ৰাগচ লোৱা ল’ৰাই হ’ব। আৰু তাৰ মতি গতি দেখি লাগিল তাৰ প্ৰায়েই লক-আপত সোমোৱাৰ অভিজ্ঞতা আছে। আমিও আকৌ শুই পৰিলো।
….. ৰাতিপুৱা সোনকালেই সাৰ পালো। এটা কথাত আচৰিত হ’লো। আমাৰ সেই তৃতীয় বন্ধুজন নাই। কোনে কেতিয়া তাক উলিয়াই নিলে গমেই নাপালো। এতিয়া কেইটা বাজিছে জানিবৰ উপাই নাই। ছটা মান বাজিছে বুলি অনুমান কৰি ল’লো। বিদ্যুতো উঠিছিল।চিন্তা লাগিল। আমাক এৰি দিবনে কি কৰিব… যদি এৰে কেতিয়া এৰিব…সুধিবলৈও ইন্সপেক্টৰ জাতীয় কোনো পুলিচক নেদেখিলো। আকৌ এটা চিন্তা সোমাল। দুটা বজাত ইফালে মোৰ কলিকতালৈ যোৱাৰ ফ্লাইট! আজি হ’ল আৰু…! ফ্লাইটৰ পইচা কেইটা পানীত পৰিল..। বোলে মই নগ’লো উত্তমেই গুচি গ’ল তেনেকৈও নহ’ব… কাৰণ বিজনেচ লিংকটো মোৰ হাতত হে আছে…। উত্তমেটো ভাৱিছে চাগে মই অজিতৰ ঘৰত থাকি গলো….!
— অ’ দাদা..। শুনক না… আমাক কেতিয়া এৰিব…?
ওচৰেদি পাৰ হৈ যোৱা চিপাহী এজনক সুধিলো।
— চাৰ আহিলেহে হ’ব।
— চাৰনো কেতিয়া আহিব…?
— আজি পোন্ধৰ আগষ্ট যে, চাৰ পুৰা বিজি। আজি নাহিবও পাৰে!
— হেঁ..!
মনতো দমি গ’ল।
— এই অজিত হঁতক খবৰ এটা দিব পৰা হ’লে কিবা এটা হ’ল হেতেন….।
বিদ্যুতে ৰেলিং দালত দুয়ো হাতেৰে খামুচি বাহিৰলৈ চাই ক’লে।
— কেনেকৈ খবৰ দিবি! যি হয় হব। কিনো কৰিবি এতিয়া…
মই কলো তাক। সেই সময়তেই চিপাহী এজনে বাহিৰৰ পৰা আনি চাহ দুকাপ দি গ’ল। সৰু মলিয়ন কাপ দুটাত। চাহখিনি যে এসময়ত গৰম আছিল অনুভৱ কৰিলো।
— দাদা… টয়লেট কোনফালে..?
চিপাহী এজনক চিঞৰি সুধিলো।
— টয়লেট যাব? ৰব’…
চিপাহী জনে চাবি একোচা আনি দুৱাৰখনৰ তলাটো খুলি দুৱাৰ মেলি দিলে। মোৰ পিছে পিছে বিদ্যুতো ওলাই আহিব খুজিছিল। “এজন..এজন..এজন..এজন..” চিপাহী জনে কৈ উঠিল। তেওঁ বিদ্যুতক ওলাবলৈ নিদি আকৌ তলা মাৰি ভৰাই থ’লে।মোক বেলেগ এজন বন্দুকধাৰী চিপাহীয়ে পিছফালে লৈ গ’ল।
— সেইটো। যাওক।
তেওঁ আঙুলিয়াই কোনোমতে এটা মানুহ সোমাব পৰা এচলীয়া ঘৰ এটা দেখুৱালে। ঘৰটোত দুৱাৰ নাছিল! তাৰ ঠাইত বস্তাৰ পৰ্দা এখন আছিল। তাকো বহুত তলৰ পৰা। মানে মানুহ এটা বহিলে তেওঁৰ বুকুৰ পৰা মুখখন দেখি থাকিব।আৰু ভৰিৰ পতাৰ পৰা সামান্য ওপৰলৈ দেখা যাব!
— আৰে! দুৱাৰ চুৱাৰ নাই দেখোন…!
— আগতে আছিলে। সেইদিনা এটাই চুইচাইদ কৰিলে। তেতিয়াৰ পৰা দৰজা চিষ্টেমটো নাই! …আৰে জল্দি কৰক..!
মই ভাবিলো। সেইটোৱে ঠিকেই ডিচিচন লৈছিল। এনে ঠাইত বহাতকৈ চুইচাইদ কৰি দিয়াই ভাল..!

…. মই আকৌ লক-আপত সোমালো। এইবাৰ বিদ্যুত ওলাল। আকৌ তলা মাৰি দিলে মোক বাহিৰৰ পৰা। বিদ্যুত খন্তেক পাছতেই উভটি আহিছিল। সি মোলৈ চাই ক’লে ” দুৰ চালা তেনেকৈ পাৰি নেকি! মাকচম! ওলোৱা বস্তু আকৌ সোমাই গ’ল! কি জাগাত ফচিলো বে’…! “
লাহে লাহে লক-আপটোৰ ভিতৰত সহজ হবলৈ চেষ্টা কৰি গ’লো। বেলেগটো আৰু উপায়ো নাই….মাজে মাজে ৰেলিঙৰ ৰড দুডালত খামুচি দুয়োটাই বাহিৰলৈ নাক মুখ গুজি চাওঁ চিনাকি কাৰোবাক দেখো নেকি বুলি… যি আমাক ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰে… নাই কোনো নাই…
তথাপিও মই আশা কৰিলো যে কিছুদেৰীৰ পাছত উত্তম আৰু অজিতে আমাৰ নিৰুদ্দেশৰ কথাটো গম পাব…তাৰপাছত সিহঁতে নিশ্চয় গুৱাহাটীৰ যিমান হস্পিতাল আৰু থানা আছে সকলোতে ভিজিট দিব…
বিদ্যুত মাজে মাজে অধৰ্য্য হৈ পৰিছে। মাজে মাজে সি ৱালখনত গোৰ মাৰে।
…..এনেদৰে বহুসময় পাৰ হৈ গ’ল। কোনো এজন ইন্সপেক্টৰকো নেদেখিলো যে কিবা এটা কথা পাতিম। আৰু দেখিলেওনো লক-আপৰ ভিতৰৰ পৰা কেনেকৈ কথা পাতো…! হেল্ল’ চাৰ বুলি ওচৰলৈ মাতি আনিব লাগিব…। যিটো সম্ভৱ নহয়…।….মুঠতে আমাক উলিয়াবলৈ তৃতীয় পক্ষ লাগিবই…
— অজিত হঁত আহিছে…! হিঃ হিঃ…!
এনেতে বিদ্যুতে উৎফুৰ্ল্লিত ভাৱে মোক ক’লে। মইও ৰেলিঙৰ ৰড দুডালত খামুচি ধৰি বাহিৰলৈ চালো। দেখিলো উত্তম আৰু অজিত থানাৰ দুৱাৰখনৰ মুখত থিয় হৈ আমালৈ চাই আছে। নিজৰ মাজতে মুখ টিপি হাঁহিছেও! কিন্তু দুৱাৰ মুখৰ পৰা ভিতৰলৈ সোমাই আহিবলৈ সিহঁতেও সাহস কৰা নাই।মোৰ চকুৱে চকুৱে পৰাত উত্তমে বাও হাতৰ ঘড়ীটো সোঁহাতৰ তৰ্জনী আঙুলিৰে জোৰেৰে টুকুৰিয়াই আকৌ ওপৰৰ আকাশৰ ফালে হাতখন টোঁৱাই দুইহাত আকৌ নমাই মোৰ ফালে হাতখন জোৰকৈ প্ৰসাৰি ৰৈ গ’ল। চেলাউৰী দুটা তাৰ দাং খোৱা..! মুখত হাঁহি আৰু খঙৰ এক আজৱ মিশ্ৰন…! তাৰ সেই সাংকেতিক গোজৰণী মই বুজিলো।
— দেখিছ নাই কেইটা বাজিলে…! ইফালে দুটা বজাত আমাৰ ফ্লাইট আছে…কাৰ মুৰটো কৰিবলৈ ইয়াত সোমাই আছ..!
সি কোৱা হ’লে তেনেকৈয়ে ক’লে হেতেন। ময়ো অংগী ভংগী কৰি বাহিৰৰ তলাটো দেখুৱাই বুজাই দিলো….
— মোৰ ইয়াত থাকি কি ফুৰ্টি লাগিছে…?!! ওলাই যাব পৰা হ’লেটো ওলায়েই গ’লো হেতেন…!
সি আকৌ উপায় বিহীন ভাৱে দুই বাহু তললৈ এৰি দিলে। তাৰ পাছত হাতখন আগলৈ আগবঢ়াই তলুৱাখনৰে সৈতে আঙুলি কেইটা পকাই ধৰি আকৌ চেলাউৰী ডাঙি মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে। মানে..
— কেতিয়াকৈ এৰিব!!?
ময়ো দুয়ো বাহু দাঙি তললৈ পেলাই ওঁঠ খন বেকা কৰিলো..! মানে..
— মই কেনেকৈ জানিম..!
সি আকৌ বাৰে বাৰে হাতৰ ঘড়ীটোলৈ চাই পায়চাৰি কৰি থাকিল। অজিতে এবাৰ তালৈ এবাৰ মোলৈ চাই মিচিক মাচাক কৰি থাকিল।
— অ’ দাদা…! আমাৰ চাৰ কেতিয়া আহিব ন? ….
বিদ্যুতে তেনেতে এজন চিপাহীক সুধিলে। হামি এটা মাৰি।
— চাৰ আহিবই আৰু… মিনিষ্টাৰৰ ফ্লেগ হষ্টিং প্ৰগ্ৰেম শেষ হব লাগিব না…
মনটো অলপ ভাল লাগিল। হওক তেওঁ চাৰ আহিব…! পিচে এটা চিন্তাও লাগিল। চাৰ যে আহি আমাক এৰি দিব তাৰ কি গাৰান্তী আছে…! বিদ্যুতক ক’লো। দুঃচিন্তাৰ কথাটো।
— চাৰক আহিবলৈ দেনা। দৰকাৰ পৰিলে মাল চালৰ কথা পাতি লব লাগিব…
ঠিক তেনেতে দেখিলো অজিত আৰু উত্তম আমাৰ ফালে আহিছে। সিহঁতে হয়টো দেখা কৰাৰ অনুমতি এটা পালে।
— খেলটো কি?
বাহিৰৰ পৰা সিহঁতৰ উৎসুক প্ৰশ্ন ।
— আৰে নকবি…! …চিগাৰেট বিচাৰি পান ঘুমটি বুলি ডাইৰেক্ট ই বুলেট থানাত ভৰাই দিলে….
— মই কি জানো…লাইট নাই আন্ধাৰ… ৰাস্তাও চিনি নাপাওঁ…ই চিঞৰি আছে চিগাৰেট খাওঁ… চিগাৰেট খাওঁ….
— আৰে তোক কিমান চিঞৰিলো.. সেইফালে নহয়..সেইফালে নহয়…
— আৰে যি সময়ত তই চিঞৰিছ সেইসময়ত ৰখাব পাৰো নেকি তয়েই ক…!
— তহঁতক যে গুলীয়াই নিদিলে..! আৰ্মী হোৱা হ’লেটো চাফ্ফা খত্তম! …
— তহঁতো চাল্লা কম নহয়…আৰে বাৰ্থ দে’ খাই দাইৰেক্ট ঘৰলৈ আহ! বাটত কিহৰ নাখ্ৰামী…! মই তই আহিবি আহিবি এই কলিং বে’ল বাজিব বাজিব বুলি কাণ থিয় কৰি থাকোতেই টোপনি নাহিল…। ৰাতিপুৱা চিধ্ধা অজিতৰ ঘৰলৈ আহিছো… সি ক’লে সিহঁতটো কালিয়েই গ’ল…তাৰ পাছত একেবাৰে ৰাজগড়ৰ পৰা দিছপুৰলৈ যিমান হস্পিতাল, থানা আছে চবতে চক্কৰ মাৰি এতিয়া দেখিছো তহঁত ইয়াত সোমাই আছ…
— খিক..খিক..খিক..খিক..
বিদ্যুতে নিলাজৰ দৰে হাঁহিলে।
— তহঁতক কেতিয়া এৰিব?..দেখিছ নাই কেইটা বাজিলে! এঘাৰটা বাজি গ’ল…দুটাত ফ্লাইট…এয়াৰ প’ৰ্ট এটাত পাবগৈ লাগিব…
উত্তমে কৈ উঠিল।
— অ’চি আহিবহে বোলে এতিয়া… তেওঁহে জানে এতিয়া কি কৰে…! তই এটা কাম কৰ নহ’লে… তই মোৰ বেগ চেগ লৈয়েই আন একেবাৰে… অ’চি আহিলে বুজাই ক’ম..যদি এৰি দিয়ে টাইমত; একেবাৰে বাহিৰে বাহিৰে গুচি যাম এয়াৰ পৰ্টলৈ….আৰু আহোতে অলপ চলপ টকা লৈ আনিবি…লাগি যাব পাৰেতো….
উত্তমে প্ৰস্তাৱটো বেয়া নাপালে। সি গ’লগৈ। অজিত থাকিল। মানে থানাৰ বাহিৰত ৰৈ থাকিল।
….সময়বোৰ আগবাঢ়ি গৈ আছে..চাৰ কিন্তু নাহে হে নাহে…। হামিয়াই হিকতিয়াই কেৱল অপেক্ষা কৰি আছো…এবাৰ পকা মজিয়া খনত বহি পৰো..এবাৰ থিয় হওঁ…ইতিমধ্যে উত্তমো আহি পাইছেহি… এনেতে দেখিলো চিপাহী কেইজনৰ তৎপৰতা বৃদ্ধি পাইছে.. বাহিৰত গাড়ী এখন ৰোৱাৰ শব্দ শুনিলো। ব্যস্ততাৰে থানাৰ ভিতৰলৈ এজন পুলিচ ইন্সপেক্টৰ সোমাই আহিল। তেওঁ তেওঁৰ টেবুলত বহিলহি। অজিতক সোমাও নোসোমাওকৈ সোমাই ইন্সপেক্টৰ জনৰ কাষলৈ অহা দেখিলো। অজিতে তেওঁৰ লগত কিবা কিবি কথা পাতিলে। তাৰ কথা পতা হোৱাৰ পাছত আমি তালৈ চাই চকুৰ ইংগিতেৰে সুধিলো ” কি ক’লে?! ” অজিতে মূৰটো দুপিয়াই বুজালে ” ৰ। লাগি আছো! “
এনেতে চিপাহী এজনে আহি আমাৰ কাণে কাণে কৈ গ’ল। ” আপোনালোকৰ পুলিচ ভেৰিফিকেচনৰ কাৰণে ওৱাইয়াৰ লেচ মেচেজ গুচি গৈছে। “

— সেইটোনো কি ?
— আপোনালোক চোৰ নে ডকাইট নে ভাল মানুহ সেয়া আপোনালোকৰ ডিচট্ৰিকৰ পৰা পুলিচ কনফাৰমেচন আহিব আক’।
— কিমান সময় লাগে আহিবলৈ?
— একো ঠিক নাই। কেতিয়াবা এসপ্তাহতো আহি যায়!
— এ..এসপ্তাহ..!!!!!!
চিপাহীজন আনফালে গ’লগৈ। আগনিশা আমাৰ আঙঠি ঘড়ী এইজনেই জমা লৈছিল। নিশ্চয় পইছা খোৱা মতলব। এটা ওৱায়াৰলেচ মেচেজ আহিবলৈ এসপ্তাহ…! তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ খোজকাঢ়ি আহিলেও এসপ্তাহ নালাগে…! মই বুজিলো আজি আৰু কলিকতালৈ যোৱা নহ’ব…
আকৌ হতাশ হৈ পৰিলো… চব পইছা পানীত পৰিল…
এনেতে দেখিলো সেই চিপাহীজন আমাৰ ফালে আগবাঢ়ি আহিছে.. তেওঁ একোচা চাবি লৈ তাৰে এটাৰে আমাৰ গেট খন খুলিছে…!
— মেচেজ আহি গ’ল! আপোনালোকক চাৰে খুলি দিবলৈ কৈছে!
….. কেঁ …এঁ ..এঁ… চ.. হ….
সঁজাৰ দুৱাৰ খুলি গ’ল! …আমি মুকলি হৈ গ’লো….!
সেই সময়ত যেনেকুৱা এটা আনন্দ লাগিছিল যে মোৰ মতে তেনে আনন্দৰ সোৱাদ খুউব কম লোকেহে জীৱনত অনুভৱ কৰে! মোৰ মতে এনে আনন্দৰ অনুভৱ কৰিবলৈও মানুহৰ জীৱনত এনে ” দুৰ্ভাগ্য ” ৰ সৌভাগ্য কপালত লিখা থাকিব লাগিব! এদিন কেৱল কেৰেলাকে চোবাই থাকিবলৈ পোৱা লোক এজনেহে জানিব চেনীৰ আচল সোৱাদ কি !
— মণি বেগ ভালকৈ চেক কৰি লব দেই… পাছত নকব…!
আমাৰ বস্তুবোৰ ঘূৰাই দি চিপাহী জনে ক’লে। মই পিচে মাণি বেগটোৰ ভিতৰত কেইখনমান নোট কম পালো। বিদ্যুতৰো একেই অৱস্থা!
— হব দাদা একদম থিক আছে..!
তেনেকৈ কোৱাৰ বাহিৰে আমাৰ উপায়ো নাছিল। চিপাহী জনক আমাতকৈও বেচি সুখী যেন লাগিল।
আমি দিছপুৰ থানাক দীঘলীয়া নমস্কাৰ এটা জনাই আনন্দ মনেৰে ওলাই আহিলো।
— ঐ ব’ল ব’ল ব’ল…! টাইম নাই হাতত।…চাৰে বাৰ হলেই…!
উশাহটো সলাবলৈ নাপালোৱেই। উত্তমে মোক প্ৰায় টানি নিয়াৰ দৰেই দৌৰিলে।
— এই বিদ্যুত…..! এই বুলেট খন তই লৈ যাবি দেই… মোৰ টাইম নাই….!
বিদ্যুতক চিঞৰি মইও দৌৰিলো উত্তমৰ পাচে পাচে..! ৰাস্তাৰ কাষত ৰৈ থকা মাৰুতী ভানখনত জাপ মাৰি উঠিলোগৈ দুয়োটা।
— দাদা..পুৰা ডবাই দিয়ক..!
উত্তমে চিঞৰি উঠিল ড্ৰাইভাৰ জনক। গাড়ী তীব্ৰ গতিৰে আগবাঢ়িল এয়াৰ পৰ্টৰ দিশে। মাজে মাজে ট্ৰেফিক জামবোৰত লাগি ধৰি এনে লাগিল যেন বুলড’জাৰ এখন আনি সকলোবোৰ মহতিয়াই চাফা কৰি লৈ যাম…!
এয়াৰ পৰ্ট পাই টেক্সীৰ ভাড়া দি আকৌ দৌৰিলো ভিতৰলৈ। ইতিমধ্যে আমাক বিচাৰি স্পীকাৰত আমাৰ নাম দুটা ঘোষণা কৰিলেই। লৰালৰিকৈ আমাৰ চিকিউৰিটি চেক কৰালো। দুজনমান বিষয়াই আমাৰ দেৰী হোৱাৰ কাৰণে মুখখন কোঁচাই মুখৰ ভিতৰতে ইংৰাজীত কিবা ভোৰভোৰালে। তাৰ পাছত আমি বিমানৰ ফালে দৌৰিলো। যাত্ৰী সকলৰ বেছিভাগ উঠিছিলেই। আমি দুটা একেবাৰে শেষৰ যাত্ৰী দুজন আছিলো। বাছ বা ট্ৰেইনৰ লগত ৰিজাই যদি কওঁ তেনেহলে মই কম যে ” প্লেন খন ঠিক উৰিছিলেই…ঠিক তেনেতে আমি দৌৰি গৈ কোনোমতে জাপ মাৰি দুৱাৰ মুখত ওলমি ৰলো..! “
— গুড আফটাৰনুন চাৰ…! …ৱেলকাম চাৰ…!
দুৱাৰ মুখতে সুন্দৰী এয়াৰ হোষ্টেজ দুগৰাকীয়ে সম্ভাষণ জনালে। খন্তেকৰ কাৰণে পাহৰি গ’লো যে মই এইমাত্ৰ লক-আপৰ পৰা ওলাই আহিছো! বিমানৰ ভিতৰত নিদিষ্ট আসনত বহিলো। কিছু সময়ৰ পাছতেই বিমান আকাশলৈ উৰিল…..
…. মই এতিয়া শুকুলা মেঘৰ মাজে মাজে উৰি আছো….উৰি গৈ থাকোতে ভাৱি গৈছো ….আঃ! কি বিচিত্ৰ সোৱাদ এই জীৱনৰ….এই নৰক…! এই সৰগ….!!

☆☆ পিচে কলকাতালৈ গৈ কোনো লাভ নহ’ল।মোৰ চৌধ নম্বৰ বিজনেচো ফ্লপ মাৰিলে। সেইদিনাই উভটি আহিবৰ মন গৈছিল।নোৱাৰিলো। ফ্লাইট নাই কাৰণে। পিচদিনা পুৱাই আকৌ উভটি আহিলো☆☆

“ভ্ৰমণ”

….১৯৯৬ চন।ডিচেম্বৰ মাহ।আমি পাঁচ মূৰ্খ বন্ধুৱে পৰিকল্পনা কৰিলো আমি টাৱাঙলৈ যাম।বৰফ চাবলৈ।আমি মানে মই,আকাশ,পাৰ্থ,মুকুল আৰু তনুজ।মূৰ্খ বুলি এই কাৰণেই কৈছো; আজিৰ তাৰিখত টাৱাঙলৈ যোৱা ৰাস্তাটো কেনেকুৱা নাজানো কিন্তু সেই ৯৬ চনত সেই পাহাৰীয়া ৰাস্তাটো বৰ বিপদ সংকুল আছিল।আমাৰ বাবে অতি বিপদ সংকুল এইকাৰণেই হৈ পৰিছিল কাৰণ আমি লৈ যোৱা গাড়ীখন আছিল এখন মাৰ্ক-3 পুৰণি এম্বেচেদৰ।গৰাকী আছিল তনুজ।গাড়ীখনৰ টায়াৰ কেইটাও ক্ষয় গৈ প্ৰায় মিহি হৈ গৈছিল।ব্ৰেক চিষ্টেমটোও বৰ ভাল নাছিল। হেণ্ড ব্ৰেক নাছিলেই।বেটাৰী প্ৰায়েই বহি গৈছিল।সেইবাবে মাজে মাজে হেণ্ডেল মাৰিব লগা হৈছিল। গতিকে তেনেকুৱা অৱস্থাৰ এখন আওপুৰণি এম্বেচেদৰ লৈ সুউচ্চ পাহাৰীয়া অঞ্চল এটালৈ ফুৰিবলৈ যোৱাতো যে মুৰ্খামীৰ বাহিৰে একো নহয়; জনা সকলে জানিব।আচলতে এই ক্ষেত্রত আমাৰ কোনো আগতীয়াকৈ জ্ঞান নাছিল বা ভাল গাড়ী এখন ভাড়া কৰি নিবলৈ জেপত পইচাও নাছিল।
এই যে মুকুল।সি বৰ সুনিপুন চালক আছিল।ক্লাচ ফাইভ মানৰ পৰাই সি মোমায়েকৰ এম্বেচেদৰ আৰু জীপ দুখন চলাবলৈ সুবিধা পাইছিল। আমি আজিও স্বীকাৰ কৰো, মুকুল নথকা হলে আমি কোনো এটাই হয়টো ঘূৰি আহিব নোৱাৰিলো হেতেন।আৰু মুকুলক ধেমালিতে কেতিয়াবা পুৰণি এম্বেচেদৰ লৈ আকৌ এবাৰ টাৱাঙলৈ যোৱাৰ প্ৰস্তাৱ দিলে; সি এতিয়াও দীঘলীয়াকৈ নমস্কাৰ এটা দিয়ে।
….আমাৰ গাড়ীয়ে তিনিচুকীয়া ৰাতিপুৱাই এৰিলে যদিও য’ত ত’ত ৰৈ মেলি যাওতে দৰকাৰতকৈ বেছি দেৰি হৈ গৈছিল।সন্ধ্যা সাতমান বজাত বুঢ়া পাহাৰত উঠিছিলোগৈ।এজনৰ প্ৰসাৱ লাগিল।তেও কলেহে,লগে লগে সকলোৰে লাগিল।তনুজে গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰিলে।হে’ড লাইটতোও অফ কৰিলে।চাৰিও ফালে আন্ধাৰ।দুই এখন গাড়ী পাৰ হৈ যায় মাজে মাজে।সকলোৱে নামি ৰাস্তাৰ কাষৰ পাহাৰৰ দাতিত থিয় হৈ কাম ফেৰা কৰি আছো।এনেতে জোনৰ পোহৰত পাহাৰটোৰ গাতে লাগি থকা সৰু চাইন বৰ্ডৰ দৰে কিবা এখন দেখা পালো। শেলুৱৈ লগা পুৰণি চাইন বৰ্ড।সকলোৱে তাতনো কি লিখা আছে পঢ়িবলৈ চেষ্টা কৰিলো। তাত ইংৰাজীতে লিখা বাক্য কেইটাৰ অসমীয়া ভাঙনি কৰিলে এনেকুৱা হ’ব।
“196X চনৰ Y তাৰিখে এই স্থানতে কোনো বন্দুকধাৰীয়ে শ্ৰী অমুক..শ্ৰী তমুককে ধৰি চাৰিজন লোকক হত্যা কৰিছিল। তেখেত সকলৰ পবিত্র স্মৃতিত এই ফলক খন লগোৱা হৈছে” !
আমি উচপ খাই উঠিলো।আমি প্ৰস্ৰাৱ কৰিবলৈ আৰু ঠাই নাপালো!!
—পলা।পলা।ঠাইখিনি ভাল নহয়।
কোনোবা এটাই ফুচফুচাই উঠিল। আটায়ে লৰালৰিকৈ গাড়ীত উঠিলোগৈ। পুনৰ গাড়ী আগবাঢ়িল।বুঢ়া পাহাৰৰ পৰা থিক নামিছোহে।এনেতে গাড়ীৰ ইঞ্জিন নিজে নিজেই বন্ধ হৈ গল! ..ইমান দুৰ থিকেই আহিলো..এতিয়া আকৌ কি হ’ল…!
— কি হ’ল তনুজ ?
—- জা..আ..নো..!
সি আকৌ চেল্ফ মাৰিলে। চঁ অঁ অঁ..কৈ শব্দ এটাহে হল।ষ্টাৰ্ট হোৱাৰ কোনো লক্ষণ নাই।সকলোৰে চিন্তা এতিয়া ৰাতিখন অচিন ঠাইখনত ক’ত মেকানিক বিচাৰি যাঁও..! সকলোৱে নামি গাড়ীখন এবাৰ ঠেলিলো।ওহোঁ। ষ্টাৰ্ট নহয়।বনেট ডাঙি সকলোৰে মেকানিকেল ইঞ্জিনীয়াৰিং আৰম্ভ হৈ গল।ওহো লাভ নাই। চেল্ফ থিকেই ঘূৰে কিন্তু ইঞ্জিন নুঘূৰে! সকলোৱে কি কৰা যায় তাকে আলোচনা কৰি আছো। আধা ঘণ্টা মান এনেদৰেই পাৰ হল। এনেতে তনুজে আকৌ এবাৰ ড্ৰাইভিং চিটত উঠি চাবি পকালে।কি আচৰিত কথা! ঘেৰ ঘেৰকৈ গাড়ীখন ষ্টাৰ্ট হৈ গ’ল…!
— এই..উঠ..উঠ..উঠ…!
সি চিঞৰি উঠিল।আমি আটাইকেইটা জাপ মাৰি গাড়ীৰ ভিতৰ সোমালোগৈ। গাড়ীৰ ভিতৰত কাৰো মাত-বোল নাই। যেন মাত এটা ওলালেই আকৌ গাড়ীখন আকৌ ৰৈ যাব…! কিছুসময়ৰ পাছত লাইটৰ পোহৰ আৰু মানুহৰ সমাগম থকা চহৰাঞ্চল পাইহে সকলোৰে মুখত হাঁহি বিৰিঙিল।
— তাত মুতিব নালাগিছিল…
—আমি জানি-শুনিতো মুতা নাই..
—বাদ দে..বাদ দে..সেইবোৰ কথা বাদ দে এতিয়া..
— এহ! একো ভুত-চুতৰ কাৰবাৰ নহয় অ’। পুৰণা গাড়ীত এইবোৰ সমস্যা থাকেই আৰু ….
এনেধৰণৰ কথাৰে আমাৰ গাড়ী আগবাঢ়িল তেজপুৰ অভিমুখে।তেজপুৰৰ পৰা ৰঙাপাৰা…ৰঙাপাৰাৰ পৰা আগলৈ ঘৰিয়ালী নে তেনেকুৱা নামৰ চাহবাগিছা এখন আছে..তাত আমাৰ এজন বন্ধু উৎপল সহকাৰি পৰিচালক হিচাবে আছে..তাৰ বাংলোত নিশাটো কটাম..পুৱাই যাত্ৰা আৰম্ভ কৰিম টাৱাঙলৈ…..
পিছদিনা পুৱা আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈ গল।এইবাৰ ড্ৰাইভিং চিটত মুকুল। তাৰ কাষত তনুজ। বাকী তিনিটা পাছফালে। …..লাহে লাহে ৰাস্তাৰ দুয়োকাষে অৰণ্যই ভুমুকি মাৰিবলৈ ধৰিলে।..ভালুকপুং পালোহি..ভালুকপুং পাৰ হলো..আটায়ে বাহিৰৰ শোভা চাই আপ্লুত হৈ উল্লাসত চিঞৰি উঠিছো..।কৰবাত কৰবাত নামি কেমেৰাৰে ফটো তুলিছো..।..এনেকৈয়ে গৈ আছো। আমাৰ গাড়ী ক্ৰমান্বয়ে পাহাৰত উঠিবলৈ ললে..লাহে লাহে দুয়োকাষৰ অৰণ্যবোৰৰ ঠাইত; একাষে পাহাৰৰ বিশাল গা টো আৰু একাষে এজাক অৰণ্যৰ সৈতে নামি যোৱা এঢলিয়া পাহাৰবোৰ অৱিৰ্ভাৱ হবলৈ ধৰিলে।যিমানেই ওপৰলৈ গৈ থাকিলো; নামি যোৱা এঢলিয়াবোৰো সুন্দৰ অথচ বুকু কপি যোৱাকৈ ধৰা দি গৈ থাকিল।ৰাস্তাটোৰ উঠা নমাবোৰ বাঢ়ি আহিছিল। ঘনাই ঘনাই গাড়ীখনৰ মুখৰ আগতে হঠাতে কেঁকুৰীবোৰ ওলাইছিলহি।মই মুকুলক মন কৰি আহিছো।তাৰ মুখখনত অলপ আগৰ হাঁহিমুখৰ চেহেৰাটো ক্ৰমাত ম্লান হৈ আহিছে।তাৰ ঠাইত চিন্তাৰ ৰেখাবোৰ লাহে লাহে প্ৰকত হৈ আহিছে…তাৰ তীখ্ন্ দৃষ্টি কেৱল ৰাস্তাটোৰ ওপৰত।ক্লাটচ্,ব্ৰেক,ষ্টিয়েৰিঙত তাৰ হাত ভৰিবোৰ খপজপকৈ এটা মেচিনৰ দৰে চলিছে। তনুজে মাজে মাজে স্বয়ংক্ৰিয় ভাৱে মুকুলক চিঞৰি উঠিছে। ….এই এই চাবি..।সোঁফালে…সোঁফালে কাট.. ব্ৰেক…ব্ৰেক..মাৰ….পাম্প কৰ…
মইও পৰিস্থিতিটো বুজি উঠিলো…! কাৰণ ইয়াতকৈও অৱস্থা নাইকীয়া এম্বেচেদৰ এখন মোৰো আছে..!সেইখনে ভৈয়ামতে যি বিহু দেখুৱাই মোৰ জনা আছে…! তনুজেও বুজি উঠিছে…।আকাশ আৰু পাৰ্থই কথাবোৰ লাহে লাহে বুজিব..! সিহঁতে খিৰিকীৰে বাহিৰলৈ হাতমূৰ উলিয়াই আনন্দত মচগুল হৈ গৈছে।
— অলপ মনে মনে থাকনা..! ডিচটাৰ্ব হৈছে…!
মুকুলে আগলৈ চাই কৈ উঠিল। তনুজে পিছফালে হাত দেখুৱাই আমাক মনে মনে থাকিবলৈ ইংগিত দিলে।মন কৰিলো গাড়ীখন নামি যাওঁতে মুকুলে ভালদৰে চম্ভালিব পৰা নাই।পাঁচটাকৈ ডেকা ল’ৰাৰ ওজন লৈ এম্বেচেদৰ খনে নিজক ওপৰলৈ টানিব পৰা নাই।আৰু নমাৰ সময়ত গধুৰ হৈ পৰা গাড়ীখনক ব্ৰেকদালে ৰখাব পৰা নাই…! হোঁ হোঁকৈ গাড়ীখন নামি যাওঁতে হঠাতে আগত কেকুঁৰি এটাৰ অবিৰ্ভাৱ হলে গাড়ীখন ব্ৰেক মাৰিলে না ঠাইতে ৰয়…না ষ্টিয়েৰিং দাল ভৱা মতে ঘূৰাই কেকুঁৰিটো পাৰ হব পাৰি….! গাড়ীখন সেই কেকুঁৰি বোৰত ৰাস্তাৰ দিশে নগৈ হু হু কৈ পোনে পোনে নীলা আকাশৰ ফালে পোনাই দিব খোজে! মুকুলে দাঁত-মূৰ কামুৰি ষ্টিয়েৰিং দাল যেনে তেনে ঘূৰাই ৰাস্তামূখি কৰে।ভূতৰ ওপৰত দানহ পৰাদি হঠাতে আকৌ সিফালৰ পৰা ভুৰুংকৈ সন্মুখতে গাড়ী এখন ওলাইহি! পাৱাৰ ষ্টিয়েৰিং বোলা বস্তু এটা যে আছে তেতিয়া শুনাই নাছিলো ।যদি কেতিয়াবা হু হুকৈ নামি গৈ কেকুঁৰি এটা পাইছো; লগে লগে দেখিছো ৰাস্তাটো সাউতকৈ ওপৰলৈ উঠি গৈছে। এই মূহুৰ্তত এখন পিক-আপ নথকা আৰু হেণ্ড ব্ৰেক নথকা গাড়ীৰ কি অৱস্থা হব পাৰে পাহাৰত গাড়ী চলোৱা অভিজ্ঞতা থকা লোক সকলেহে সঠিক ভাৱে বুজিব। এনে অৱস্থাত একেবাৰে সঠিক সময়ত মূহুৰ্তৰ ভিতৰতে গিয়েৰ সলনি কৰি সমান গতিৰে ওপৰলৈ উঠি যাব পৰা নাযায়; গাড়ীখন পিছফালে চলি অহাটো নিশ্চিত।আৰু এনেবোৰ বিপদৰ পৰা ৰক্ষা পাবলৈকে আজিকালিৰ গাড়ীবোৰত হেণ্ডব্ৰেক দাল দিয়া থাকে।আমাৰটো সেইদাল নাছিলেই। মাত্ৰ এক নম্বৰ আৰু দুই নম্বৰ গিয়েৰতে আমাৰ গাড়ী যেনে তেনে মুঠতে জপিয়াই মেলি আগবাঢ়িল। মুকুলেনো কি কৌশলেৰে গাড়ীখন চলাই নিছিল সেয়া একমাত্র ভগৱানে জানে।
এটা নে দুটা পাহাৰ চুলিৰ আগত জীৱটো বান্ধি যেনেতেনে পাৰ হলো। এটা সমতল ধৰণৰ ৰাস্তা পাই মুকুলে গাড়ীখন ৰখালে।আটাইকেইটা নামি গা কেইটা টঙাই ললো। মুকুলে চিন্তাক্লিষ্ট ভাৱে সুধিলে..
— আগলৈও এনেকুৱাই নেকি?!
আমি ইটোৱে সিটোলৈ চালো।আমিতো আগতে কোনো টাৱাঙলৈ অহা নাই।
—-এনেকুৱা ৰাস্তাত এইখন গাড়ী লৈ মস্কিল আছে….
মুকুলে কৈ উঠিল।
—- ইমান দুৰ আহিলোৱেই যেতিয়া ঘূৰি গৈ লাভ কি! ঘূৰি গলেও সেই একেটা ৰাস্তাই পাম।…গতিকে আগলৈ যোৱাই ভাল।বমডিলাত যদি মেকানিক পাওঁ; গাড়ীখন থিক থাক কৰাই লম…
কোনোবা এটাই কলে। অৱশেষত আলোচনা বিলোচনাৰ অন্তত আগলৈ যোৱাটোৱেই সিদ্ধান্ত হল।
এইবাৰ ড্ৰাইভাৰ হল তনুজ। মুকুলৰ ভাগৰো লাগিছিল।মুকুল পাছলৈ আহিল। আকাশ আগলৈ গল।এই পাঁচটাৰ ভিতৰত মই আৰু মুকুলেই ক্ষীণ আছিলো।গতিকে আগত শকত এটা নবহিলে পিছফালে জেকেতে চুৱেটাৰে ভালুক একোটাৰ দৰে তিনিটা বহিবলৈ বৰ অসুবিধা হৈছিল।
…… পুনৰ গাড়ী চলিবলৈ আৰম্ভ কৰিলে।……আকৌ এটা ওপৰলৈ উঠি যোৱা ৰাস্তাৰে গাড়ীখনে ভঁ ভঁকৈ কেঁকাই-গেঁথাই আগবাঢ়িল…।এক নম্বৰ-দুই নম্বৰ গিয়েৰতে গাড়ী গৈ আছে।নগৈ উপায়ো নাই।বাকী দুটা গিয়েৰে ইমান গধুৰ বোজা ওপৰলৈ টানিব নোৱাৰো বুলি কেতিয়াবাই চাৰেণ্ডাৰ কৰিছে…!
….এনেকৈ গৈ থাকোতে হঠাতে মন কৰিলো গাড়ীখন ৰৈ গৈছে।আৰু লাহে লাহে পিছলৈ আহোঁ যেন কৰিছে…! লগে লগে খাটাৰ-খুটুৰ গিয়াৰ বদলি কৰাৰ শব্দ….! আকৌ ঘটককৈ হামাথুৰি এটা খাই আগবাঢ়িল।
—কি হল তনুজ…!
—গিয়েৰ শ্লীপ হৈছে…নিউট্ৰেল হৈ হৈ যায়…
আকৌ এটা সমস্যা আৰম্ভ হৈ গল..! এই অকোৱা পকোৱা পাহাৰীয়া ৰাস্তাত তনুজে ষ্টিয়েৰিং চম্ভালিব নে…ব্ৰেক চম্ভালিব….নে এক্সলেটৰ…নে গিয়েৰ…!
তাৰো এটা সমাধান ওলাল।গিয়েৰ আকাশে চম্ভালিব..! মানে সেই গিয়েৰৰ লিভাৰদাল আকাশে সোঁহাতেৰে জোৰকৈ আগলৈ থেলি থাকিব।পিছলি নহাকৈ…!
এনেকৈয়ে আৰু এটা পাহাৰ আমি যেনে তেনে উঠিলো…। এইবাৰ নমাৰ পাল..। এক নম্বৰ দুই নম্বৰ গিয়েৰতে লাহে লাহে ব্ৰেক মাৰি মাৰি নামিছো।তিনি নম্বৰ-চাৰি নম্বৰ লগালেটো গাড়ীখন এৰাল চিগা গৰুৰ দৰে কাকো পৰোৱা নকৰাকৈ দৌৰিব।ব্ৰেক মাৰি ৰখোৱাটো অসম্ভৱ। এই পয়মালবোৰ লাগি আছে যদিও তাৰ মাজতে আমি গাড়ীৰ পৰাই বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি কথা পাতি গৈ আছো। এনেতে আকাশে….
—- এই চা..চা সেইফালে…!
এইবুলি কিবা এটা বাহিৰলৈ আঙুলিয়াই দেখুৱালে। আমিও সেইফালে চালো। ..কিন্তু হঠাতে মন কৰিলো গাড়ীখন হু হুকৈ তললৈ নামি গৈছে..
—পাগল হলি..! গিয়েৰদাল কিয় এৰি দিলি…??
তনুজে চিৎকাৰ কৰি উঠিল।সি গাড়ীখনক নিজৰ আয়ত্বলৈ আনিব পৰা নাই..! আকাশে কিবা দেখুৱাবলৈ গৈ ভুলতে গিয়েৰ লিভাৰৰ পৰা হাতখন এৰি দিছে….ইঞ্জিনটো নিউট্ৰেল হৈ পৰিছে…গাড়ীখন বাধাহীন ভাৱে এঢলিয়া ৰাস্তাটোৱেদি পাগলৰ দৰে নামি গৈছে…পাম্প মাৰি মাৰি তনুজে ব্ৰেক হেচি ধৰিছে…এক নম্বৰ গিয়েৰটো লগাই গাড়ীখনৰ গতিক বাধা দিবলৈ আপ্ৰান চেষ্টা কৰিছে…কেঁৰহেচ কৈ শব্দ এটা হৈ গাড়ীখনে এবাৰ উচাত(ঝাতকা্!) মাৰি উঠিল..।বোধহয় একনম্বৰ গিয়েৰটো লাগিল।গতি সামান্য মন্থৰ হল…কিন্তু হঠাতে আগত এটা কেকুঁৰি..! তনুজে ষ্টিয়েৰিং সোঁফালে কাতিব পৰা নাই..গাড়ীখন পোনে পোনে আগবাঢ়িছে…চকুৰে মাত্ৰ নীলা আকাশখনৰ সৈতে কেইবাহাজাৰ ফুট তললৈকে বিশাল অৰণ্যখন দেখিলো…। আমি আটাইকেইটাই মাত্ৰ নিশ্চুপ হৈ গাড়ীখনৰ চিটত খামুচি ধৰি ভাৱে চকু কেইটা মুদি দিলো…! …..
…ধেৰেচ্ কৈ শব্দ এটা হল। আমি আটাইকেইটা গাড়ীৰ ভিতৰতে উফৰি পৰিলো। গাড়ীখন মাত্ৰ এফুট মান ব্যৱধান আৰু চেকেণ্ড হিচাবৰ হেৰফেৰত পাহাৰৰ তললৈ সৰি নপৰিল! সোঁফালে পাহাৰটোৰ গাতে গাড়ীখনে মজলীয়া খুন্দা এটা মাৰি ৰৈ গল।শেষ মূহুৰ্তত তনুজে যেনেতেনে সোঁফালে কাতি গাড়ীখন পাহাৰৰ গাত খুন্দিয়াই ৰখাই দিলেগৈ। ….বহুদেৰি কাৰো মুখত মাতবোল নাই।হঠাতে দেখা দিয়া মৃত্যুৰ বিভিষিকাই সকলোৰে কলিজা কঁপাই তুলিছিল। ….কিছুদেৰীৰ পাছত যেতিয়া পৰিস্থিতিটো কিছু স্বাভাৱিক হল; আটাইকেইটা গাড়ীৰ পৰা নামি অলপ খোজকাঢ়ি অলপ মুকলি উশাহ ললো।
—তই পাগল হৈছিলি নে কি?
—আৰে পাহৰি গৈছিলো…!চৰী..চৰী!
— চৰী!!!??? আৰে আটাইকেইটা এতিয়া দহ বাৰহাজাৰ ফুট তলত পৰিলো হেতেন…আমাৰ হাড় এদালো কোনেও বিচাৰি নাপালে হেতেন…!
—আৰে ভাই বাদ দে এতিয়া সেইবোৰ…।বাচি যে গলো। এনেধৰণেই খন্তেক বাক বিতণ্ডা চলিল।গাড়ীখন সকলোৱে ঠেলা-ঠেলি কৰি চিধা কৰিলো।
….আকৌ আৰম্ভ হল আমাৰ যাত্ৰা…। এইবাৰ ড্ৰাইভিং চিটত মুকুল। কাষত তনুজ।গিয়েৰ লিভাৰ সি ধৰে এতিয়া। তনুজে অলপ নাৰ্ভাচো কৰিছিল।গতিকে মুকুলকে গুৰু দায়িত্ব দিয়া হল। আকৌ আগৰ দৰে লাহে লাহে গাড়ী আগবাঢ়িল।নামি পায়েই সমতলৰ কেইখনমান দোকান থকা অঞ্চল এটাত আমি ভাত-পানী খাই অলপ জিৰণি লৈ ললো।ইতিমধ্যে বেলিয়ে লহিয়াবলৈ লৈছিলেই।(এইখিনিতে এটা কথা উনুকিয়াই থলে ভাল হব।মোৰ সমস্যা এটা আছে।মানুহৰ নাম,ঠাইৰ নাম আৰু ৰাস্তা-পদূলী খুব পাহৰো।অৱশ্যে সদায় সম্পৰ্কত থকাখিনিৰ লগত এই কথাটো প্ৰযোজ্য নহয়।আৰু এই সমস্যাটোৰ কাৰণেই এই যাত্ৰাপথত পাই যোৱা সৰু সৰু ঠাইবোৰৰ নাম লিখিব পৰা নাই।)
তামোল পান চিগাৰেট যিয়ে যি খায় খাই লৈ আকৌ নতুন উদ্যমেৰে আমি আগবাঢ়িলো।বমডিলা অভিমুখে….
বহুদুৰ আমি বেচ ভালদৰেই গৈ থাকিলো। গাড়ীয়েও বিশেষ দিগদাৰী দিয়া নাছিল।বা মুকুলেও এই প্ৰতিকূল পৰিস্থিতিত গাড়ীখন কেনেকৈ চম্ভালিব লাগে তাক লাহে লাহে আয়ত্ব কৰি লৈছিল তাৰোপৰি আগতেই কৈছো মুকুলৰ দৰে সুনিপুন গাড়ী চলাব পৰা লোক খুব কমেই আছে।
…এনেকৈ অকাই পকাই গৈ থাকোতে এসময়ত আমাৰ সন্মুখত অবিৰ্ভাৱ হল এটা থিয় দীঘলীয়া ৰাস্তা।আমাৰ এই যাত্ৰাপথত একেবাৰতে ইমান থিয় আৰু পোন ৰাস্তা পোৱা নাছিলো।ৰাস্তাটোৰ মুৰটোৱে যেন আকাশখনহে চুই আছে! মোৰ মনটোৱে চেবালে।…এই পৰ্বতত আমাৰ গাড়ী উঠিবনে….!
মুকুলে ৰাস্তাৰ কাষত গাড়ীখন ৰখালে।
—পৰা যাবনে…?
— তাকেইটো…! চেষ্টা এটা দি চাওঁ। একেবাৰে একেটা ম’চনতে এক নম্বৰ গিয়াৰত উঠাব লাগিব….
মুকুলে ক’লে।আকৌ সি গাড়ীত বহিল। এইবাৰ সি ৰানৱেত যেনেকৈ উৰাজাহাজ এখনে গতি লয় তেনেকৈ গাড়ীখন চলাই নিলে।গাড়ীখন ভোঁ ভোঁ শব্দ কৰি তেনেকৈয়ে বহু ওপৰলৈকে গুচি গল। মানে প্ৰায় আধামান ৰাস্তা গুচিয়েই গলো। কিন্তু হঠাতে মাজ ৰাস্তাত গাড়ীখনে আমাক টানিব নোৱাৰা হল।গিয়েৰটোৱে খেতেক খেতেককৈ শব্দ কৰিবলৈ ললে…।গাড়ীখনৰ ষ্টাৰ্ট খপকৈ বন্ধ হৈ গল।….এইবাৰ গাড়ীখনত এক নম্বৰ গিয়েৰ লাগি থকা স্বত্বেও হেকলেচ্ হেকলেচ্ কৈ পিছলৈ লাহে লাহে চলি আহিবলৈ ধৰিলে..! সৰ্বনাশ!
— নাম…নাম…নাম..! চকাৰ তলত কিবা ঘুটকা্ লগা জল্দি…!
মুকুলে প্ৰায় অসহায় ভাৱে আৰ্তনাদ কৰি উঠিল। মই পিছফালৰ সোঁফালে দুৱাৰৰ কাষতে বহিছিলো।এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হব পাৰো বুলি মই আশংকা এটা কৰিয়েই আছিলো।লগে লগে দুৱাৰ খুলি বাহিৰলৈ জপিয়ালো। ৰাস্তাৰ কাষত পৰি থকা শিল এটা আনি চকাৰ পিছফালে লগাই দিলো।গাড়ীখন ৰৈ গল।।এতিয়া কথা হল গাড়ীখনৰ বৃদ্ধ ইঞ্জিনটোৱে মাত্র ড্ৰাইভাৰ আৰু খুব বেচি এজনৰ বাহিৰে বাকী সকলক টানিবলৈ কোনোপধ্যে মান্তি নহয়! তাকো এটা চৰ্তত। পিছফালৰ পৰা বাকী কেইজনে ঠেলিবও লাগিব! উপায় নাপাই আমি এইবাৰ গাড়ী ঠেলিবলৈ লাগি গলো।ইফালে একনম্বৰ গিয়েৰত মুকুলে পূৰা এক্সলেটৰো হেঁচি গৈছে…! এইদৰে ঠেলি ঠেলি নি গাড়ী একেবাৰে মূধচত উঠালোগৈ। ইতিমধ্যে আমাৰ এম্বেচেদৰক চেৰাই কেইবাখনো নতুন মডেলৰ গাড়ী অনায়াসে পাৰ হৈ গৈছে। আমি মাত্ৰ ঈৰ্ষাৰে চাইছো।
….এইবাৰ নমাৰ পাল..।ৰাস্তাটো যিধৰণে থিয়কৈ উঠি আহিছিল; নামিও গৈছে থিয়কৈ।অসম্ভৱ ভাগৰ লাগিছিল আটাইৰে।গতিকে সকলো আকৌ আৰামেৰে বহি ললো। গাড়ী এইবাৰ নামিবলৈ ধৰিলে সেই একনম্বৰ গিয়েৰতে…। কিন্তু গধুৰ গাড়ীখনে থিয় এঢলিয়া ৰাস্তাটো পাই এনেকৈ যাবলৈ বিচাৰিলে যে এক নম্বৰ গিয়েৰটোক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই গিয়েৰ বক্স ভাঙো যেন কৰি আগবাঢ়িল।ব্ৰেকদালেও ভালদৰে কাম কৰা নাই।অলপ দুৰ যেনে তেনে গাড়ীখন নি গতি মন্থৰ কৰি মুকুলে আকৌ চিঞৰি উঠিল…
—নাম..নাম..!
আকৌ যিয়ে যেনেকৈ পাৰো জপিয়াই নামিলো।মুকুলে খালী গাড়ীখন তললৈ চলাই লৈ গল।আমি তললৈ খোজকাঢ়ি গলো!
তাৰ পিছৰ পাহাৰবোৰ ইমান থিয় নাছিল যদিও মাজে মাজে গাড়ীখনে টানিব নোৱাৰি ৰৈ গৈছিল।মই চিটৰ তলত চকাত ঢোকা লগাবৰ বাবে মজলীয়া আকাৰৰ শিলৰ টুকুৰা দুটামান থৈ দিছিলো।গাড়ীখন ৰৈ গলেই মই দুৱাৰখন খুলি একেজাপে নামি চকাৰ তলত শিলৰ টুকুৰা ভৰাই দিছিলো। তাৰপাছত আকৌ খালি গাড়ীখন মুকুলে চলাই নিছিল।আমি খোজকাঢ়ি আগবাঢ়িছিলো।সুবিধাজনক ঠাইত আকৌ আমি উঠি লৈছিলো।এই দৰেই আমি যেনেতেনে গৈ আছিলো।এই চকাৰ তলত শিলৰ ঢোকা দিয়া কামটোৰ গুৰু দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰা হৈছিল।কাৰণ মই ক্ষীণ আৰু পাতল আছিলো বাবে বিদ্যুত বেগেৰে গাড়ীৰ পৰা জপিয়াই নামি চকাৰ তলত শিলৰ টুকুৰা ভৰাবৰ বাবে উপযুক্ত বুলি প্ৰমাণ পত্ৰ এখন ইতিমধ্যেই প্ৰদান কৰা হৈছিল।
যিকি নহওক সমগ্ৰ যাত্ৰা পথত বিভিন্ন বাধা অতিক্ৰম কৰি নিশা ন মান বজাত ভাগৰে জুগৰে বমডিলাৰ বন্দোবস্ত কৰি থোৱা হোটেলত উঠিলোহি।গাড়ীখন ভাল কৰাৰ বাবে সেই নিশাখন কোনো উপায় নাছিল…।পিছদিনা পুৱা আমি যাম টাৱাঙলৈ। পাহাৰত বৰফ পৰা চাবলৈ….!
পিছদিনা পুৱা খাই বৈ আমি পুনৰ সাজু হলো।আমাৰ এম্বেচেদৰ এইবাৰ টাৱাং অভিমুখে আগবাঢ়িল। …কিছুদূৰ গৈ কোনো কোনো অঞ্চলত আকৌ সেই আগৰদৰেই সমস্যাবোৰ আৰম্ভ হৈ গল। সেই একেই।বেচি থিয় ৰাস্তা পালে গাড়ীখনে আমাক টানিব নোৱাৰি ৰৈ যায় আৰু পিছলৈ উভটি আহে।মই লগে লগে জাপ মাৰি নামি চকাৰ তলত শিল এটা ভৰাই দিও।আমি নামি গাড়ীৰ পাছে পাছে দৌৰি যাও।দৰকাৰ পৰিলে সকলোৱে ঠেলো। নমাৰ সময়তো সেই আগৰ পদ্ধতিয়েই এপ্লাই কৰো।মই এই চকাৰ তলত শিলৰ থেকা দিয়া কামটোত লাহে লাহে পাৰ্গত হৈ পৰিছিলো।পিছলৈ এনেকুৱা হলগৈযে মই সোঁহাতেৰে দুৱাৰখন সামান্য খুলি সাজুৱেই হৈ থকা হলো।এইদৰে কিছু খোজকাঢ়ি,কিছু গাড়ীত গৈ,কিছু জিৰণি লৈ,কিছু প্ৰাকৃতিক পৰিবেশ উপভোগ কৰি ফটো আদি তুলি গৈ থাকোতে আমাৰ বহুদেৰী হৈ গৈছিল…।
….এসময়ত আমি দেখিলো পথৰ ওপৰত বগা বগা বৰফৰ চামনি আৰম্ভ হৈ গৈছে! জীৱনত প্ৰথমবাৰৰ বাবে পাহাৰত বৰফ দেখিলো!এই প্ৰথম তুষাৰপাত হোৱা অঞ্চললৈ আহিছো..! আমি আটায়ে আনন্দত কিৰিলিয়াই উঠিলো।নামি গৈ বৰফবোৰ স্পৰ্শ কৰি চালো। আঃ…! আমি সকলোবোৰ দুখ কষ্ট ভাগৰ খন্তেকৰ কাৰণে পাহৰি আনন্দত আত্মহাৰা হৈ পৰিলো।তোমাক চাবলৈ তোমাক চুই চাবলৈয়েতো আমি ইমান দূৰৰ পৰা আহিছো…! খন্তেক তাতে ৰৈ আমি আকৌ আগবাঢ়িলো।যিমানেই আগলৈ গৈ আছো সিমানেই শুভ্ৰতা বাঢ়ি আহিছে…লগতে বাঢ়ি আহিছে হাড় কপোৱা জাৰ….।পাহাৰটোৰ ওপৰলৈ আমাৰ গাড়ী উঠি গৈ আছে…চাৰিওফালে এতিয়া কেৱল বৰফেই বৰফ..।আমি আত্মহাৰা হৈ চাই আহিছো..। হঠাৎ …
হঠাতে আমাৰ গাড়ীখন পিছফালে সামান্য পিছলি অহাৰ দৰে কৰি ৰাস্তাটোৰ মাজতে কেৰেচিয়া ভাৱে পথালিকৈ পিছলৈ যাওঁ পিছলৈ যাওঁকৈ ৰৈ গল..! আমাৰ বুকু কপি গল! আৰু অলপ পিছলৈ যদি গাড়ীখন গুচি আহে; গাড়ীয়ে-চাড়ীয়ে আমি কমেও চৌদ্ধ হাজাৰ ফুট তলত পৰিমগৈ! পিচফালৰ চকা দুটাই আইনা যেন মিহি বৰফৰ ওপৰত আগুৱাই যাবলৈ নিষ্ফল চেষ্টা চলাই আছে! কিন্তু আগলৈ যোৱা বাদেই; গাড়ীখন লাহে লাহে পাক লৈ লৈ পাছলৈহে আহি আছে! গাড়ীখনৰ চকা কেইটাৰ গ্ৰিপ বা খামোচবোৰো আধাতকৈও বেচি ক্ষয় যোৱা আছিল…! এতিয়া যদি মুকুলে ব্ৰেক মাৰি দিয়ে; হিতে বিপৰীত হব..।গাড়ীখন এঢলীয়া আইনা যেন বৰফৰ ওপৰেদি পিছলি তললৈ নামি আহিব! গতিকে মুকুলে এক জ্ঞানীৰ কাম কৰি আছে।সি ব্ৰেক হেচি ধৰা নাই। বা ক্লাটচ্ হেচি ইঞ্জিনটোও ফ্ৰী কৰি দিয়া নাই। এক্সলেটৰ দাল একেলেঠাৰিয়ে হেচি ধৰি বৰফৰ বিৰুদ্ধে যুজি প্ৰানপণে আগলৈ যাবলৈ চেষ্টা কৰি আছে..! গাড়ীখন ইমানপৰে সেইকাৰণেহে পিছলৈ নোযোৱাকৈ চকা দুটা ঘূৰি ঘূৰি ৰৈ আছে। গাড়ীখনৰ চাইলেঞ্চাৰেদি ঘেঁ ঘেঁকৈ বিকৎ শব্দ ওলাইছে…ক’লা ধোঁৱা মাৰিছে…!
— নাম! নাম! নাম..! চকাই শ্লীপ কৰিছে…!
মুকুলে প্ৰায় আৰ্তনাদ কৰি উঠিছিল। অৱশ্যে তাৰ আগতেই আমি জপিয়াই নামি গাড়ীখন পাছফালৰ পৰা ঠেলিবলৈ লাগি গলো আৰু পিছফালে আহিব নোৱাৰাকৈ এখোপ এখোপকৈ চকাৰ পিছত শিলাখণ্ড লগাই গলো। এই হুৰাহুৰি ঠেলনত নিজেও বৰফত পিছল খাই পৰিলো।অৱশেষত গাড়ীখন সুৰক্ষিত স্থানলৈ অনা হল। অলপ ৰৈ উশাহ সলাই আকৌ আৰম্ভ হল যাত্ৰা। এইবাৰ খালি গাড়ীখন সাৱধানেৰে চলাই নিয়া হ’ল।আমি পিছে পিছে খোজেৰে গৈ থাকিলো।অলপ ভাল ৰাস্তা পাই আকৌ উঠি ললো।এইদৰেই উঠানমা ঠেলাঠেলি কৰি আমি এসময়ত বিখ্যাত চেলালে’ক পালোহি। সেই লে’কৰ বৰফৰ ওপৰত কিছু ৰং-তামাচা,ফূৰ্তি কৰিলো কেমেৰাৰে ফটো তুলিলো….।চেলাটপৰ ১৩৭১০ ফুটৰ ওপৰত প’জ দি ফটো উঠিলো…
….তেতিয়ামানে বেলি লহিয়াইছিল। বেচিদেৰী নাথাকি আকৌ যাত্ৰা আৰম্ভ কৰিলো।এতিয়া চেলাটপৰ পৰা তললৈ নামিম..লাহে লাহে আমাৰ গাড়ী সাৱধানেৰে খোপনি পুতি পুতি আগবাঢ়িল।গাড়ীখন বৰফৰ ৰাস্তাটোত পিছল খাই পিছল খাই সামান্য একাবেকাকৈ গৈ থাকিল।এনেকৈয়ে আমি বহুদূৰ আহিলো। অলপ দূৰৰ পাছত এটা কিছু থিয়কৈ নামি যোৱা ৰাস্তা পালো। আগৰ গাড়ী যোৱা চকাৰ লিক দুটা জিলিকি আছিল।ৰাস্তাটো ভগা আছিল।বৰফে বোকাই শিলেৰে ৰাস্তাটোৱে জৰাজীৰ্ণ ৰূপ এটা লৈছিল। মনলৈ আটাইৰে এটা শান্তিৰ ভাৱ আহিছিল কাৰণ এই ৰাস্তাটোত অন্ততঃ গাড়ীৰ চকাই পিছল নাখাই। হুম হুমকৈ গাড়ী যথেষ্ট বেগেৰেই তললৈ নামি গল। হঠাৎ ….
ধাৰাম ধাম..থাৰাক…!
হঠাতে গাড়ীখনৰ তলত এটা শব্দ হ’ল ।ফ্লৰখনত আমাৰ ভৰিকেইটাই অনুভৱ কৰিলে তলত কিহবাৰ প্ৰচণ্ড খুন্দা! বচ। গাড়ী ৰৈ গল।না গাড়ী আগলৈ যায়..না পিছলৈ আহে! ইঞ্জিনটো কিন্তু চলি আছে।গিয়েৰো লাগে।কিন্তু গাড়ী নলৰে..!ইফালে সন্ধ্যা লাগো লাগো..।টাৱাঙলৈ এতিয়াও বহু দূৰ…! হে’ ভগৱান এইবোৰ কিহৰ পৰীক্ষা লৈছা….
—চাল্লা…গিয়েৰ বক্স গল যেন পাইছো…!
তনুজে কৈ উঠিল। আমি ইটোৱে সিটোলৈ চালো। আকৌ আমি নামি পৰিলো।তলফালে জুমি চালো।ঠিকেইতো আছে..! মুকুলে আকৌ গিয়েৰ লগাই এক্সলেটৰ হেচিলে। এইবাৰ গাড়ীখন চলি গল।মাত্ৰ তলফালৰ পৰা খেতেং খেতেংকৈ শব্দ এটা গতিৰ লগত সংগতি ৰাখি বাজি গল। আকৌ স্বস্তিৰ নিশ্বাস পেলালো। যাহওক গাড়ীখনটো চলিব..! আটায়ে পুনৰ গাড়ীত বহিলো। যাঃ!আকৌ আগৰ দৰে অৱস্থা! গাড়ী নলৰে। আকৌ মই আৰু তনুজ নামি পৰি তললৈ জুমি চালো। বেমাৰ ধৰা পৰিল।পিছ চকা ঘূৰুউৱা ধূৰাদাল অৰ্থাৎ প্ৰপেলাৰ চাপদাল শিলত এনেকুৱা খুন্দা খালে যে গুৰিৰ ফালে ওলমি ধেনুভিৰীয়া হৈ থাকিল।এতিয়া আমি বহিলে ওজনৰ ভৰত সেই ধূৰাদাল ৰাস্তাত লাগি ধৰি নুঘূৰা হয়। খালী গাড়ীখন চলি যায় যদিও সেই ধেনুভিৰীয়া ধূৰাদালে খেতেং খেতেংকৈ ৰাস্তাত ঘঁহনি খায় যায়…!
…আকৌ জন্ম হল এটা নতুন সমস্যাৰ! কি কৰা যায় এতিয়া…বেলিও পৰি আহিছে…বেলেগ গাড়ীৰ আহ যাহ ইতিমধ্যেই নাইকীয়া হৈছে..।ইমান দেৰিলৈকে এই বিপদ সংকুল জনপ্ৰাণী হীন অঞ্চলত কোনো মূৰ্খই অহাযোৱা কৰিবলৈ ৰৈ নাথাকে। …ঠাণ্ডাৰ প্ৰকোপটো লাহে লাহে বাঢ়ি আহিছে…বেলি ডুবিলেই ইয়াত ইয়াত এতিয়া তেজ গোত মাৰিব..।কিন্তু বহি থাকিলেওটো নহব।আগবঢ়াৰ বাহিৰে উপায় নাই।সেই নিৰ্জন বৰফ পৰি থকা ৰাস্তাটোৱেদি মুকুলে খেতেং খেতেংকৈ এম্বেচেদৰখন লাহে লাহে চলাই লৈ গল। আমি পাছে পাছে কেতিয়াবা দৌৰি,কেতিয়াবা খোজকাঢ়ি,মাজে মাজে ভাগৰত কোনো শিলৰ ওপৰত বহি অদৃষ্টক ধিয়াই যাব লাগে কাৰণে গৈ থাকিলো।মাজে মাজে ওখ ঠাইত আমি গাড়ীখন ঠেলিব লগীয়াও হৈছে। সাংঘাটিক ভাগৰৰ লগতে ভোকো লাগিছে।ইফালে ঠেটুৱৈ লগা ঠাণ্ডাটো আচৰিত ধৰণেৰে বাঢ়ি আহিছে…।
এনেকৈ গৈ থাকোতে মই এঠাইত মন কৰিলো, বৰ্ডাৰ ৰ’ডচৰ এটা সৰু কেৰাচিন তেলৰ টিনেৰে সজা ঘৰ ৰাস্তাৰ কাষতে আছে।অলপমান খৰিও পৰি আছে বাৰাণ্ডাত।মোৰ মনলৈ চিন্তা এটা আহিল ।….গাড়ীৰ অৱস্থা হল এইয়া..টাৱাং যে এনেকৈ গৈ পাম তাৰ আশা ক্ষীণ….
মই সকলোকে এটা প্ৰস্তাৱ আগবঢ়ালো।
—এটা কামকে কৰো বল।
— কি?
— ৰাতিটো ইয়াতে কটাই দিও বল! মজা লাগিব। গাড়ীৰ পৰা পেট্ৰল উলিয়াই সেই খৰি খিনি জ্বলাই জুই ফুৱাই কটাই দিম…খৰি বিচাৰিলে আৰু পাম…গাড়ীত ব্ৰেড চ্ৰেড আছেই…
—- পাগল হৈছ? আৰে ৰাতিলৈ ইয়াত মাইনাচ পোন্ধৰ ডিগ্ৰী হয়। খবৰ আছে…!!?
পাৰ্থই জকজকাই উঠিল।
—- হওক।আমিতো জুই জ্বলাই থাকিম….মানুহ কি এনেকৈ নাথাকে..?
—- এ ভাই! আকাশ ইয়াক বুজা…!
—- নোৱাৰিবি দোষ্ট! ঠাণ্ডাত ডেড বডী হৈ পৰি থাকিবি পুৱালৈ…বাদ দে এইবোৰ চিন্তা..।
—- সেইবুলি মই কি টাৱাঙলৈকে গাড়ী ঠেলি যাম..?
—- আৰে ভাই আগত মেকানিক পামতো…! ব’ল না…!
—- চা ভাই..মইতো এনেকৈ গাড়ী ঠেলি যাব নোৱাৰো…! তহঁত যা।আৰু এটা লগ পালেই মই ইয়াত থাকি যাম।…এনেকুৱা এটা ৰাতি আৰু কত পাবি..!
—- তহঁতে যি কৰ কৰি থাকিবি। মইতো গাড়ীৰ পিচ চিটত শুই যাম!
তনুজৰ চিঞৰ।সি না মোৰ ফালে হল।না পাৰ্থৰ ফালে হল! মাজৰ ধোঁৱা কোঁৱা ডিচিচন এটা দি দিলে।
মই গম পালো। এটাৰো ইয়াত থকাৰ ইচ্ছা নাই। মুকুলৰ ফালে চালো।
— থাকিবি মুকুল?
অল্পভাষী মুকুল ফতকৈ তল পৰি দিয়া বিধৰ নহয়।তাৰো ইয়াত থকাৰ সমূলি ইচ্ছা নাছিল যদিও লাহেকৈ কলে।”থাকিব পাৰি”!
মুকুলৰ মুখৰ পৰা সেই বাক্যটো সৰি পৰাৰ লগে লগে পাৰ্থৰ যুক্তি আৰম্ভ হৈ গল।
—আৰে ইমান সহজ কথা…?..এবাৰ কাশ্মীৰত…তিনিটা লৰাই…
মুকুল মোৰ ফলিয়া হৈ যোৱাৰ লগে লগে সকলোৰে দুঃচিন্তা স্বাভাবিকতে বাঢ়ি গৈছিল।
—এতিয়া ব’ল চোন ! আগত আৰু ঠাই আছেটো…! দৰকাৰ হ’লে থাকি যাম কি আছে।এৰাতিৰ কথাহে…!
আকাশে একেবাৰে পানী নসৰকা ডিপ্লমেটিক আনচাৰ এটা দিলে।য’ত কোনো উপায়েই নাই! মোৰ ফালে মাত্র মুকুলৰহে ভোট পৰিছে।তাকো আধা!
আকৌ গাড়ীখন ঠেলি ঠেলি আমি আগবাঢ়িলো।বিপদ হল হেতেননে নাই নাজানো।কিন্তু আজিও মোৰ সেই নিশা তাত কটাবলৈ নোপোৱাৰ আফচোচতো অলপ অচৰপ থাকি গল!
ভাগৰ লাগি হেলাই হেফাই পিছফালৰ গাড়ীখন ঠেলি নি আছো…এনেতে ঘটনা এটা ঘটিল।ৰাস্তাটোৰ বৰফৰ একইঞ্চিমান তলত ক’লাকৈ কিবা এটা জিলিকি থকা দেখিলো।কি নো বস্তু চাওঁ বুলি নখেৰে খুচৰি উলিয়াই আনিলো।উৱা..! এইদাল এদাল ঘোঁৰাৰ নাল দেখোন ! মানে ঘোঁৰাৰ খুৰাৰ তলত লগোৱা লোহা চতা! মই আহ্লাদিত হৈ পৰিলো।কাৰণ কোৱা শুনো ঘোঁৰাৰ নাল হেৰাই পালে বোলে সৌভাগ্যৰ উদয় হয় বোলে। মই সকলোকে দেখুৱালো নালদাল।
— ওৱাও! ইটচ্ এ গুড চাইন..!
আকাশে চিঞৰি উঠিল।সকলোৱে নালদাল লিৰিকি বিদাৰি চালে। ময়ো সেইদাল জেকেটৰ জেপত ভৰালো। আকৌ আমি গাড়ী ঠেলাঠেলি কৰি আগবাঢ়িলো।এনেকৈ গৈ আছো…
অলপ দূৰ যোৱাৰ পাছত এটা নাটকীয় ঘটনা ঘটিল। আমি দেখিলো বিপৰীত দিশৰ পৰা এখন সেনা বাহিনীৰ ট্ৰাক আহি আছে।আমাৰ অৱস্থা দেখি ট্ৰাকখন ৰখালে।গাড়ীৰ পৰাই সুধিলে আমাৰ গাড়ীখনে কি অসুবিধা দিছে। আমি বিৱৰি কলো। এজন জোৱান নামি আহিল।তেওঁ তললৈ জুমি চালে।তনুজো গল।তনুজক তেওঁ কলে যে হাতুৰী এটা লৈ বেকা হৈ যোৱা অংশটোত ভালকৈ মৰিয়াই দে। গাড়ী যেনেতেনে গুচি যাব লাগে…। বাকী টাৱাং পোৱাৰ আগে আগে এটা গেৰেজ পাবি…
আমি জোৱান জনক ধন্যবাদ দিলো। ট্ৰাকখন গলগৈ।জোৱান জনে দিহা দিয়া মতেই তনুজে হাতুৰীৰে তলফালে বেকা হৈ যোৱা অংশত কেইকোব মান মাৰি সামান্য পোন কৰিব পাৰিলে।
কি কথা! গাড়ীৰ সেই তলত খুন্দিয়াই যোৱা বেমাৰটো প্ৰায় নাইকীয়া হল! মাত্ৰ এটা সমস্যায়েই দেখা দিলে।গাড়ীখনে আগফালে বোজা নলয়। আকৌ কিবা এটাত লাগি যায়! এইবাৰ আগফালে কেৱল মুকুলেই থাকিল।আমি চাৰিওটা পাছফালে বহিলো।গাড়ী এইবাৰ বেচ ভালদৰেই আগবাঢ়িল…আমি অতি সাৱধানেৰে গৈ গৈ এসময়ত সেই গেৰেজটো পাই গলোগৈ..! কি কপাল!

j

ফটোত আকাশক বাদ দি বাকীকেইজন, লগত মেকানিক ল’ৰাজন, ফটোগ্ৰাফাৰ: আকাশ

গেৰেজটোত মোতামোতিকৈ গাড়ীখন যাব পৰা কৰি দিলে।আমি বহুত অনুনয় বিনয় কৰি মেকানিক লৰা এটাকো লগত উঠাই ললো যাতে বাকী থকা বাটত গাড়ীয়ে কিবা অসুবিধা দিলেও চিন্তা নাথাকে। সুকলমে নিশা টাৱাং পাই গলোহি…।
টাৱাঙত দুদিন বেচ আনন্দৰে থাকিলো। এম্বেচেদৰ খন গেৰেজ এটাত খৰচি মাৰি বনাবলৈ দিয়া হ’ল।
টাৱাঙৰ পৰা ঘূৰি অহা পথত আমাৰ বিশেষ দিগদাৰ নহল।মাত্ৰ দুই এটা থিয় উঠা নমা ৰাস্তাবোৰত জপিয়াই নামি চকাৰ তলত শিলৰ থেকা দিয়া,ঠেলা ইত্যাদি কামবোৰ মাজে মাজে কৰিব লগিয়া হৈছিল যদিও ভয় খোৱা নাছিলো।কাৰণ আহোতে হোৱা অভিজ্ঞতাই আমাক এই প্ৰতিকূল পৰিস্থিতিক কেনেকৈ আয়ত্বলৈ আনিব লাগে তাক শিকাই পঠাইছিল। মুকুলো এই চূড়ান্ত ড্ৰাইভাৰী পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ওলাইছিল। গাড়ীখনৰো ব্ৰেক,ক্লাটচ্ গিয়েৰ ইত্যাদিৰ ভালদৰে মেৰামতি কৰা হৈছিল…
এইখিনিতে সময়ত কবলৈ পাহৰা কথা এটা কোৱাৰ লোভ সামৰিব নোৱাৰিলো । টাৱাঙলৈ আহি থাকোতে আমি ৰাস্তাত মন কৰিছিলো,পথেৰে আহি থকা কিছু স্থানীয় বস্তীৰ লোকে আমাৰ গাড়ীখন দেখিলে পথৰ কাষত ৰৈ দি মুৰটো সামান্য হাওলাই বা চেলুট মাৰি আমাক সন্মান যাচে! প্ৰথমে কাৰণটো গম পোৱা নাছিলো।এইয়া এই অঞ্চলৰ নিয়ম বুলিয়েই আমিও ওলোটাই চেলুট মাৰি গৈছিলো।পাছত গম পাইছিলো টাৱাঙৰ ডেপুটি কমিচনাৰৰ আমাৰ দৰে এখন বগা এম্বেচেদৰ আছে! সমগ্ৰ টাৱাঙত মাত্ৰ সেই এখনেই এম্বেচেদৰ আছিল।সেইখন অৱশ্যে সকলো আধুনিক সুবিধা থকা শেহতীয়া ইচুযু মডেলৰ এম্বেচেদৰ আছিল! আমি উভটি অহাৰ সময়তো বাটৰুৱাৰ পৰা তেনে বিৰল সন্মান লাভ কৰিছিলো।এইবাৰ কিন্তু আমি প্ৰত্যেকেই এজন এজন ডেপুটি কমিচনাৰৰ দৰে বহি আহিছিলো!
আমাৰ এম্বেচেদৰ ভৈয়ামলৈ আহিয়েই পুনৰ ৰজাৰ মুকূট টো পিন্ধি লৈছিল।যিকি নহওক।আৰু এটা শেষ মুহূৰ্তৰ নাটকীয় ঘটনাৰ বিষয়ে কৈ এই লেখাটো সামৰিম।
…আহি আহি পুনৰ আমি বুঢ়াপাহাৰ পাইছিলোহি।আকৌ কোনোবা এটাৰ প্ৰস্ৰাৱ কৰিবলৈ লাগিল।লগে লগে সকলোৰে লাগিল। আটাইকেইটা গাড়ীৰ পৰা নামি গলো।পাহাৰটোৰ কাষত লাইনকৈ থিয় হলো….
— ঐ..ভাগ..ভাগ..ইয়াৰ পৰা।বল বল আগলৈ ব’ল..!সেইখন দেখিছ নাই!
কোনোবা এটাই চিঞৰি উঠিল। আমি চালো সন্মুখলৈ।কি আচৰিত! আমি একে ঠাইতে থিয় হলোহি…!সন্মুখত সেই চাইনবৰ্ড খন…।য’ত লিখা আছিল..”অমূক চনৰ অমূক তাৰিখে এই স্থানত….গুলিয়াই হত্যা কৰা হৈছিল ….”
তাৰপাছততো আৰু তাত ৰৈ থকাৰ কাৰণ নাছিল! আটাইকেইটা আহি পুনৰ গাড়ীত বহিলোহি। পুনৰ আগবাঢ়িল আমাৰ মাৰ্ক থ্ৰী এম্বেচেদৰ…উজনিলৈ বুলি..

 

( ..তনুজ।তনুজ দত্ত।আমি যাক অক্লু বুলি মাতিছিলো…। সেই অক্লু আজিৰ পৰা তিনিবছৰ মানৰ আগতে হঠাতে আমাক অবাক কৰি এটা পথ দূৰ্ঘটনাত পতিত হৈ চিৰকালৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গল।আজিও বিশ্বাস নহয়।অক্লু আমাৰ মাজত নাই…।)
**য’তে আছ শান্তিৰে থাক দোষ্ট**

Print Friendly, PDF & Email

One comment

  • ৰাজশ্ৰী

    খুব ভাল লাগিল । ৰোমাঞ্চকৰ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *