গেটওৱিয়ান/ Gatewayian

এইচ আই ভি ~ পৰী পাৰবিন

কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ পোহৰত জোনাক সনা গুড়ি গুড়ি বৰষুণজাকৰ মাজত তাৰ অনাই বনাই ঘূৰি ফুৰিবলৈ মন গ’ল । পিছে এতিয়া সময় নাই। ৰাগিনী ৰৈ আছে তালৈ। সিহঁতে আজি একেলগে ৰেষ্টুৰেন্টত ডিনাৰ কৰাৰ কথা। তাৰ পিছে মন গৈছে ৰাস্তাৰ কাষৰ ধোঁৱা বলি থকা চাহ একাপ আৰু মুৰমুৰিয়া পপ এটাৰ সোৱাদ লোৱাহে । ৰাগিনীয়ে পপ খাবলৈ ভাল নাপায়, মুখৰ সমস্ত মেকআপ বেয়া হৈ যায় হেনো । ওঁঠৰ লিপষ্টিকবোৰ অবাধ্য হৈ চাৰিওফালে চিটিকি পৰে যেন । সি পিছে ভালেই পায় তাই তেনেদৰে থাকিলে । পুতলা এটিৰ দৰে লাগে তাইক ।

তাৰ আচৰণবোৰ দেখি তাই তাক অহৌবলিয়া বুলিয়ে ভাবে। তাইৰ বাহিৰে বাইকখনেই সংগী তাৰ । হওঁতে গাড়ী এখন নোহোৱা নহয় দেউতাকৰ । কিন্তু সেইখন সি নচলায়, নিজকে বহিৰ্জগতৰ পৰা বিছিন্ন পুৰুষ যেন লাগে বুলি কয় সি ।

ৰাগিনী ধনী ঘৰৰ দুলালী । অংগদৰ ঘৰৰ অৱস্থাও ভাল । কলেজৰ দিনৰ ভালপোৱাই সিহঁতৰ চূড়ান্ত ৰূপ লোৱাৰ পৰ্যায়ত । আজিকালি দুয়ো মুকলিকৈ ঘূৰে, ৰাতি দেৰিকৈ ঘৰ সোমালেও কোনো কওঁতা নাই । মাতৃহীন লৰাটোক কোনো কথাতে দুখ দিবলৈ নিবিচাৰে দেউতাকে । ৰাগিনীৰ ঘৰতো কোনো ঝামেলা নাই । তাইলৈ ভাল ভাল লৰাৰ প্ৰস্তাৱ আহিছিল, কিন্তু তাইৰ পছন্দক স্বীকৃতি দিলে ঘৰখনে ।

নিৰ্জঞ্জাল সম্পৰ্কটো একদম মসৃণ গতিত বৈ আছিল । এই প্ৰথম ৰাগিনীৰ মুখত ক’লা ডাৱৰে আৱৰি ধৰিছে ।কি হৈছে তাইৰ? কি হৈছে? সি ব্যতিব্যস্ত হৈ পৰে,
“গা ঠিকে আছেতো ৰাগিনী।”
“অলপ বেয়া লাগিছে”।
“ব’লা ডাক্তৰৰ ওচৰলৈ ব’লা।“
“নাই নালাগে। ঠিক হৈ যাব।”
“কি হৈছে তোমাৰ সোণ? মোক খুলি কোৱা।”
খিলখিলাই হাঁহি উঠে তাই, “এইচ আই ভি পজিটিভ ওলাইছে।“
“কি কয় তাই? ধেমালী কৰিছে ন”, সি নিজকে প্ৰবোধ নিয়ে তেনেকৈ । কিন্তু সঁচাকৈ যদি তেনে কিবা হৈ যায় কি কৰিব সি ? ৰাতি সাৰ পাই যায় সি, মেচেজ দিয়ে তাইলৈ, “গা কেনেকুৱা ৰাগিনী?”
আগতে হোৱা হ’লে ধেমালী কৰিলেহেঁতেন তাই, “ৰ’বা দেই আইনাখন চাই আহোঁ, মাগুৰবৰণীয়া, ঈষৎ শকত, উচ্চতা মধ্যমীয়া, ইত্যাদি ইত্যাদি।“
আজিকালি তেনে মেচেজৰ উত্তৰ নাহে । ৰাগিনী ক্ৰমাৎ দুৰ্বোধ্য হৈ পৰিছে । তাক এৰাই চলিছে নেকি তাই ? এইচ আই ভিৰ কথাটো তাই কিয় কৈছিল? সি নেট খুঁচৰে। যিমান ডাঙৰ সমস্যা আহিলেও তাইৰ পৰা আঁতৰি থকাটো তাৰ বাবে মুস্কিল কথা । এইচআইভিতো সৰু কথা । সেই অকণমান কথাটোকে নুবুজেনে তাই? তাৰ বহুত কাকূতি-মিনতিৰ মূৰত তাই মান্তি হৈছে তাৰ লগত আজি ডিনাৰ কৰিবলৈ । সেয়ে সন্ধ্যাটো বৰ ৰঙীন যেন লাগিছে । বৰষুণজাকে আমনি কৰিছে বাৰে বাৰে। কিনকিনীয়া বৰষুণজাকত দুয়ো মহানগৰীৰ অলিয়ে গলিয়ে বাইক লৈ ঘূৰি ফুৰা কথাটো মনলৈ আহিছে। আগৰ দৰেই সেই দীঘল হালধীয়া স্কাৰ্টটোৰ লগত হলৌ টি-চাৰ্ট এটা পিন্ধি পিছৰ চিটত বহি তাৰ পিঠিত সমস্ত শৰীৰৰ ভৰ জাপি দিবনে তাই? কোনোবা এবাৰত যে তাৰ চুলিখিনি জোকাৰি দিয়ে নতুবা কোনোবা এবাৰ যে পিছফালৰ পৰা তাৰ বুকুখনত আঙুলিৰে কিলবিলাই দিয়ে, তেনে দুষ্টামিবোৰ কৰিবনে তাই? তাইৰ দুষ্টালিয়ে তাৰ সুখৰ পাৰ ভগাৰ সময়তে সি যে গোমধান ভাজি থকা কেৰাহীখনৰ ওচৰতে বাইকখন ৰখাই তাইলৈ চাই কৈ উঠে,
“আহ। চাহ-পপ খাওঁ।”

“নাই দেই, মোৰ লিচটিক বেয়া হৈ যাব পপ খালে”, ওঁঠ দুখন মেলি থাকিয়ে কথা কবলৈ লয়। একদম সৰু ছোৱালীজনীৰ দৰে ছোৱালীজনীৰ লিপষ্টিক বেয়া হোৱাৰ শংকাত সি বৰ আলফুলকৈ ৰাখিছিল তাইক । ওঁঠত ওঁঠ থ’লে লিপষ্টিক বেয়া হ’ব, কঁকালত হাত থ’লে স্কাৰ্ট বেয়া হ’ব।

সেই তাইৰ লগতে সি আজি ডিনাৰ খাবলৈ যোৱাৰ কথা । বাইকখন থৈ সি ঘৰৰ পৰা গাড়ীখন ল’লে । গা বেয়া তাইৰ। তাইৰ আচৰণেই কয় যে তাই সুস্থ হৈ থকা নাই । ৰাগিনীক ঘৰৰ পৰা উলিয়াই আনি সি সন্মুখৰ চিটৰ দুৱাৰ খুলি তাইক বহুৱাই লয়। ওৰেটো সময় তাই নীৰৱ হৈ থাকে । তাইৰ প্ৰস্তৰ মূৰ্তিহেন অৱযবটোৱে তাক বৰকৈ সিঁয়াৰে। ক’ৰবাত কিবা ভুল হৈছে, হয়, সি অনুমান কৰে, ক’ৰবাত কিবা এটা ভুল হৈছে।

“ঊস মই পাগল হৈ যাম ৰাগিনী। তুমি কিয় এনেদৰে আছা? বিয়ালৈ কেইদিন আছে হা? কি কাৰণে তুমি ইমান মনে মনে আছা? বেমাৰ হৈছে, ঠিক হৈ যাব, ইমান ভাগি পৰাৰ কি প্ৰয়োজন ৰাগিনী?”, ৰাগিনীৰ হাত দুখন সাবটি ধৰে সি।
হাত দুখন এৰুৱাই ৰাগিনীয়ে গহীন সুৰেৰে কৈ যায়, “মই তোমাৰ সতে বিয়া হব নোৱাৰিম অংগদ।”

“হোৱাট! ধেমালি নকৰিবাচোন যেতিয়াই তেতিয়াই । এনেই মন বেয়া”, মাথাটো নষ্ট হৈ যায় তাৰ ।
“মই ধেমালি কৰা নাই”, তাই তলমূৰ কৰে।
“কি হৈছে তোমাৰ ? গা বেয়া হৈছে? ডাক্তৰে কিবা কৈছে? চোৱা পৃথিৱীৰ কোনো শক্তিয়েই আমাক বেলেগ কৰিব নোৱাৰে । আৰু এই অনুবীক্ষণ যন্ত্ৰতো দেখা নোপোৱা বীজাণুকেইটাৰ কথাতো নকবাই মোক”, উষ্মাৰে কৈ উঠে সি।
“মোৰ একো হোৱা নাই অংগদ। তুমি ইমান ডাঙৰ কথা এটা লুকুৱালা, সেইহে বেয়া লাগিছে। এতিয়া কোনো কথা নাই, মোৰ দেউতাও আমাৰ সম্পৰ্কটো নিবিচাৰে আৰু।”

“কি কৈ আছা তুমি ৰাগিনী? কি হৈছে মোক বুজাই কোৱা। মই কি লুকুৱালো তোমাৰ পৰা?”
“লুকুৱালা অংগদ। তোমাৰ পৰিয়ালৰ কথা লুকুৱালা । তোমাৰ মাৰ মৃত্যুৰ কাৰণ লুকুৱালা।“
“কি আছিল মোৰ মাৰ মৃত্যুৰ কাৰণ?”
“এইডছ আছিল তোমাৰ মাৰ মৃত্যুৰ কাৰণ। এইচআইভি পজিটিভ আছিল তোমাৰ মাৰ। তোমাৰ শৰীৰত তোমাৰ মাৰ তেজ। আৰু বেলেগকৈ ভাবিবলৈ মন যোৱা নাই মোৰ অংগদ”, চকুত চকু থৈ স্পষ্টকৈ কৈ উঠি গুচি গ’ল ৰাগিনী। ‘এম ৱান’ ৰেষ্টুৰেন্টৰ ওপৰ মহলাৰ কৰ্ণাৰ টেবুলখনৰ এচুকত সি অকলে বহি ৰ’ল । তলৰ ৰাস্তাত নিয়ন লাইটৰ পোহৰত সেয়া ৰাগিনী। সি তৰ্কিব পৰাৰ আগতেই ৰাগিনী অদৃশ্য হৈ পৰিল। তাৰ গাড়ীখন থমথমকৈ অকলে ৰৈ থাকিল। গাড়ীখনক বুঢ়া আঙুলি দেখুৱাই তাৰ অজ্ঞাতেই যেন দুপদুপাই পাৰ হৈ গ’ল এজাক উতনুৱা সময়, সিঁয়াৰি গ’ল তাক, “এতিয়া এইচআইভিৰ সময়। এইচআইভি।”

মাকৰ এইচআইভি পজিটিভ আছিল বুলি কোনোদিনে জনা নাছিল সি । দুৰাৰোগ্য বেমাৰত ভূগি থকা মাকজনীৰ মৃতদেহ বিমানেৰে ঘৰলৈ অনাৰ খবৰ পাইছিল সি। তাৰ পাছৰ পৰা দেউতাকে তাৰ মাকৰ ফটোত চাকি জ্বলাই তাক মাতৃত্বৰ মৰমেৰে আবৰি ৰাখিছে । সেই দেউতাকৰ ওচৰত ঠিয় হৈ প্ৰশ্ন কৰা যায়নে এইচআইভিৰ প্ৰসংগে , কোৱা যায়নে মাকৰ বিষয়ে সি নজনা কথা এটাই তাৰ হ’বলগীয়া নাৰীগৰাকীক ক্ষুণ্ণ কৰিছে।

কথাবোৰ কিবা পাকঘূৰণি খাইছে। অধৈৰ্য হৈ ফোনত ডায়েল কৰিছে ৰাগিনীৰ নাম্বাৰ, সুধি পেলাইছে তাইক,
“মোৰ মাৰ যদি এইচ আই ভি পজিটিভ আছিলেও, এতিয়া সেই কথাটো টানি অনাৰ কি প্ৰয়োজন?”
“প্ৰয়োজন আছে অংগদ, কাৰণ কোনো ভাল মানুহৰ শৰীৰলৈ এই ভাইৰাছ নাহে । অন্তত সেই সময়ত অহা নাছিল।”
“তুমি কি ক’ব খুজিছা ৰাগিনী? মোৰ মাৰ বিষয়ে তুমি কি ক’ব বিচাৰিছা?”

হাতৰ মুঠিটো টান হৈ আহে তাৰ। জিমত সোমাই কিকবেগত ঘূচিয়াই থাকে জোৰে জোৰে। সত্যটো জানিবৰ মন যায় তাৰ। মাকৰ সঁচাকৈ এইচআইভি পজিটিভ আছিল নেকি? দেউতাকে কিয় লুকুৱাই ৰাখিছিল সেই বেমাৰৰ কথা? সমাজে ভাল চকুৰে নাচাব বুলি? চেৰেকীৰ পাকত উত্তৰৰ সূতাডাল চিগি গৈছে । সদা ৰঙীন লৰাটো অকস্মাৎ অস্থিৰ হৈ পৰিছে । ৰাগিনী গুচি যোৱাতকৈ মাকৰ চৰিত্ৰৰ প্ৰতি উঠা আঙুলিটোৰ প্ৰতি সি বিহবল হৈ পৰিছে। সেই আঙুলিটো নমাব লাগে। সি জানে কোনো মাতৃয়েই অকাৰণে ভুল পথে নাযায় । কি কাৰণ ? কি কাৰণ বুলি ব্যাখ্যা কৰে সি? মাকৰ শৰীৰত এইচ আই ভিৰ বীজাণু থিতাপি লোৱাৰ কাৰণ দেখুৱায় স্বাস্থ্য বিজ্ঞানে?

আলমাৰীৰ চাবি খোলে সন্তৰ্পণে সি । মাকৰ পৰিত্যক্ত আলমাৰীটোত সি খুঁচৰি থাকে স্বাস্থ্যপৰীক্ষাৰ ৰিপৰ্টবোৰ। গোটেইবোৰ ৰিপৰ্টত দেখা পায় সি স্পষ্টকৈ, মাকৰ তেজত এইচ আই ভি পজিটিভৰ কোনো তথ্যই নাই।

তেন্তে? তেন্তে ৰাগিনীয়ে মিছা অজুহাতত তাৰ পৰা আঁতৰিব বিচাৰিছে নেকি? তথাপি স্বস্তিৰ নিশ্বাস এৰে সি, এতিয়া অন্ততঃ মাকৰ চৰিত্ৰৰ প্ৰতি কোনেও আঙুলি উঠাব নোৱাৰিব । ৰাগিনীয়ে কিয় উঠালে সেই আঙুলি? কোনে ক’লে ৰাগিনীক? তাক উত্তৰ লাগে । এতিয়াই উত্তৰ লাগে। সি বাইকখন ষ্টাৰ্ট দিয়ে ৰাগিনীৰ ঘৰলৈ।

ৰাগিনীয়ে লগ কৰিব নিবিচাৰে তাক। মুহূৰ্ততে সলনি কৰি দিছে তাইৰ সিদ্ধান্ত । সকলো মানি ললেও অন্তত সেই কলুষ তেজ বহন কৰা সন্তানৰ পত্নী নহয় তাই, সেয়া আছিল তাইৰ শেষ সিদ্ধান্ত।

তাইৰ সিদ্ধান্ত সলনি কৰিবলৈ এই ৰাতিখন সিও অহা নাই, সি আহিছে তাইৰ সিদ্ধান্তৰ প্ৰত্যুত্তৰ দিবলৈ, কৈছে চিঞৰি চিঞৰি,
“কি অজুহাতত তুমি আঁতৰিলা মই নুবুজিলো ৰাগিনী। কিন্তু মোৰ মাৰ প্ৰতি মিছা অভিযোগ অনাৰ কোনো অধিকাৰ তোমাৰ নাছিল। সেই অভিযোগক মই আইনৰ কাষলৈ লৈ যাব পাৰো এই মুহূৰ্ততে” ।

অংগদৰ এই ৰূপ ৰাগিনীৰ ঘৰৰ কোনোৱেই দেখা নাছিল । দুদিনমানৰ পৰা ৰাগিনীৰ ঘৰতো গোমা পৰিবেশ। দুদিন পিছত হ’বলগীয়া বিয়াখন ভাগি দিয়াৰ সিদ্ধান্তটো কম কঠোৰ সিদ্ধান্ত নহয়। কিন্তু উপায় নাই। এজনীয়ে জীয়েক। লাহ বিলাহত ডাঙৰ হোৱা জীয়েক । টকা পইচাৰ অভাৱ মানি ল’ব পাৰি, কিন্তু এই অভিযোগ ? এই অভিযোগ মিছা নহয়। স্বয়ং ৰাগিনীৰ নিজৰ মোমায়েকেই আনিছে এই অভিযোগ। যিজন মোমায়েকে অতদিন ৰাগিনীৰ প্ৰেমৰ স্বাৰ্থত মাত মাতি আহিল, সেইজন মোমায়েকে অংগদৰ পৰিয়ালৰ বিতং তথ্য পোৱাৰ লগে লগে আপত্তি দৰ্শাইছে,
“অংগদৰ মাক লতা বৰুৱাৰ আছিল সহস্ৰজনৰ সৈতে শাৰিৰীক সম্পৰ্ক, যাৰ ফলত তেওঁ শেষলৈ এইডছত ভূগিছিল। এয়া স্বয়ং লতা বৰুৱাই নিজ মুখেৰে মোৰ ওচৰত ব্যক্ত কৰা কথা। লতা বৰুৱাই যিটো প্ৰতিষ্ঠানত কৰ্মৰত আছিল, সেই প্ৰতিষ্ঠানটোৰ প্ৰধান সঞ্চালক আছিলো মই। কেবাবাৰো মেডিকেল গ্ৰাউণ্ডত ছুটি লৈছিল লতা বৰুৱাই । আৰু খুৱ কম বয়সতে তেওঁ মৃত্যুমুখত পৰিছিল। কাৰণ যি সময়ত তেওঁৰ সেইটো বেমাৰ হৈছিল, সেই সময়ত অসমত ইয়াৰ কোনো ট্ৰিটমেন্ট নাছিল। বাংগালোৰৰ কোনোবা এটা এন জি অ’ৰ তত্বাৱধানত আছিল তেওঁ।”

মুখ মেল খাই গৈছিল ৰাগিনীৰ । দেহত হাজাৰটা এইচ আই ভি বীজাণুৱে যেন কিটকিটকৈ কামুৰিছিল ।অংগদক চুবলৈ সংকোচ হ’ল তাইৰ । বিচাৰ বুদ্ধি লোপ পালে তাইৰ । মাকৰ তেজ বহন কৰিছে সি, তাতকৈ আৰু একো ভাবিব নোৱাৰে তাই।

সৰুৱে পানী পেলালে বৰে পিছলি পৰেনে নপৰে? পৰে। তেনেদৰে বৰে পানী পেলালেও সৰুৱে পিছলি পৰিব। সেই যুক্তি খটাই তাইৰ সমস্ত প্ৰেম ভালপোৱা কৰ্পূৰৰ দৰে উৰুৱাই পেলালে। প্ৰেমৰ নামত ইমান ত্যাগ অন্তত তাইৰ পক্ষে সম্ভৱ নহয়। নালাগে অংগদৰ ভালপোৱা। সেই ভালপোৱাৰ নামত তাই দহজনমলৈ লেতেৰা তেজ কঢ়িয়াব নোৱাৰে ।

অংগদৰ সতে পাৰ কৰি অহা সৰু সৰু সুখবোৰে অলপ সময়ৰ বাবে বিচলিত কৰিলেও তাই কঠোৰ মনেৰে সেয়া দমন কৰে ।

“নুবুজিলি ৰাগিনী নুবুজিলি, তোৰ লিপষ্টিককণ বেয়া হ’ব বুলিয়েই সি আজিলৈ তোৰ ওঁঠ পৰ্যন্ত স্পৰ্শ নকৰিলে । তইনো মন চেৰাই শৰীৰক আগস্থান কেলেই দিলি?”, অংগদৰ সপক্ষে ৰাগিনীয়ে নিজকে প্ৰশ্ন তোলে।

“প্ৰেম আৰু বিবাহ দুয়োটা ভিন্ন কথা । প্ৰেমত শৰীৰৰ আগস্থান নাথাকিলেও বিবাহত শৰীৰেই আগস্থান পায়।“, কঠোৰ মন এটাই অংগদৰ বিপক্ষে সঁকিয়ায় তাইক।

“তেন্তে অংগদৰ দেউতাকৰ কথা চিন্তা কৰ। আজিলৈ সেইজন পুৰুষে পত্নীৰ পৰা মুখ ফিৰাই নিদিলে। তোৰ প্ৰেমতকৈ হাজাৰ গুণ উৰ্ধত তেওঁৰ প্ৰেম। হয়নে নহয় ক?”

আবেগ-বিবেকৰ যুক্তিত তাই ধৰাশায়ী হ’ল। কঠোৰ সিদ্ধান্ত এটা লৈ ৰাতিৰ ৰাতিটো উচুপি ৰৈছিল তাই। কিদৰে আকাশ ফাটি যোৱাৰ খবৰটো অংগদক কোৱা যায়, সেই অংক মিলাই থাকোতেই অংগদে এদিন একপ্ৰকাৰ জোৰ কৰিয়ে তাইক লৈ ডিনাৰলৈ বুলি ওলাই আহিল। আৰু ড্ৰাইভিং চিটৰ পৰা বাৰে বাৰে তাইলৈ চাই সুধি থাকিল,
“কি হৈছে সোণ তোমাৰ? গা কেনেকুৱা? গা কেনেকুৱা?”

নীৰৱ হৈ ৰোৱা ৰাগিনীয়ে ইমান শক্তি ক’ৰ পৰা পালে নাজানে, সমস্ত সিদ্ধান্ত জনাই তাই গুচি আহিল তাৰ কাষৰ পৰা। তাক অকলে এৰি আহিল চহৰৰ পোহৰৰ মাজত মুখ লুকুৱাব নোৱৰাকৈ। কি দোষ আছিল সেই ল’ৰাজনৰ? নুবুজে সি, নুবুজে তাই। এয়া তেজৰ দোষ বুলি কৈছে পৰিয়ালবৰ্গই।
আৰু অংগদে সিদিনাই মাজৰাতি তাইৰ ঘৰ তালফাল লগাই আছে, “মোৰ মাৰ ওপৰত মিছা অভিযোগ আনিবলৈ তুমি কিদৰে সাহস পালা ৰাগিনী?”
আসঃ!
অংগদৰ তুলাচনীত এতিয়া মাতৃ আৰু প্ৰেয়সীৰ আবেগৰ জোখ চলিছে। মাকতকৈ ৰাগিনীক সি বেছি ওচৰৰ পৰা পাইছে, মাকতকৈ ৰাগিনীক সি বেছি দিনৰ বাবে পাইছে। কিন্তু মাকৰ ভৰ বেছি, মাকৰ পাল্লাটো দোঁ খাই পৰিছে। ৰাগিনীক হেৰুওৱা দুখতকৈ সি বিহ্বল হৈ পৰিছে মাকৰ প্ৰতি উঠা মিছা অভিযোগটোক ।

পালছাৰৰ ধোঁৱা উলিয়াই সি দুৰন্ত গতিত ঘৰমুখী হয়। বাইকখন গেৰেজত ভৰাই চাবি বন্ধ কৰি সি তাৰ ৰূমৰ ফালে আগুৱাই যায়। ৰূমটো বাহিৰৰ পৰা তলা লগাই গৈছিল সি। দেউতাকক গম নিদিয়াকৈ সি আন্ধাৰে মুন্ধাৰে তলা খেপিয়াই চাবিপাত ভৰায়। বাৰে বাৰে তাৰ ভুল হয়। সি মোবাইলটো অন কৰি লয়, পোহৰকণাবোৰ বিচ্ছুৰিত হৈ তলাটোত পৰে, তথাপি হাতখন কঁপে তাৰ, চাবিটো ভৰাব নোৱাৰে সি, কান্দিবলৈ মন যায় তাৰ, কিহে তাৰ দুখ কমাব সেই উৎস বিচাৰি নাপায়, আনহে নালাগে, সংগ দিব পৰা বিছনাখনৰ ওচৰলৈ যাবলৈকো সি অপাৰগ হৈ পৰে ।

তেজৰ ইমান শক্তি! তেজৰ ইমান দাম! কোনোবাই তাৰ তেজক ভ্ৰুকুটি কৰিলে আৰু ফণা ধৰি উঠিল সি। উৰি গ’ল তাৰ প্ৰেম!

“মা ! মা! মা!, সি বাৰাণ্ডাৰ চিৰিটোতে বহি পৰে। আকাশৰ তৰাটো হৈ চাই আছেনে মাকে তালৈ? সেই যে “টুইংকল টুইংকল লিটল ষ্টাৰ” গোৱাৰ দিনতে মাকজনী নোহোৱা হৈ গৈছিল, তাৰ পিছতো ইমান বিষাদ তাৰ জীৱনলৈ অহা নাছিল। এই প্ৰথম মাকৰ অভাৱ অনুভৱ কৰিছে সি।

“কিবা কোৱা মা । কিবা এটাতো কোৱা”, বিৰবিৰাই উঠে সি।

দেউতাকক সুধিব সি, দেউতাকক সুধিব, এই কথাবোৰ দেউতাকৰ কাণত পৰিছে নে নাই, যদি পৰিছে দেউতাকে কিয় নিমাত হৈ আছে সেই কথা সুধিব দেউতাকক । উজাগৰী নিশাৰ সতে চুক্তি কৰি সি বাৰাণ্ডাৰ চোফাখনতে শুই পৰে। পুৱালৈ দেখে, দেউতাক বহি আছে তাৰ কাষতে, একে থৰে চাই আছে তালৈ,
“কি হৈছে বাবা তোৰ? ৰাতিটো ইয়াত পৰি থাকিলি, মোকো জগাই নিদিলি, চাচোন কালি ৰাতি টোপনি অহা ঔষধটো খাই কেতিয়াকৈ টোপনি গ’লো গমেই নাপালো। তইনো ইয়াত কিয় শুই থাকিলি?”

দেউতাকৰ কোমল মাত শুনি সি আবেগ সম্বৰণ কৰিব নোৱাৰে। চকুৰে ধাৰাসাৰ লোতক বৈ আহে । সি জুকিয়াই লয় কথাবোৰ, কিদৰে সুধিলে দেউতাকে কষ্ট নাপাব। দেউতাকে তাৰ জপৰা চুলিখিনিত হাত বুলাই দিয়ে,
“মোকো নকবিনে তই? ৰাগিনীৰ লগত কিবা লাগিলি?”
“নাই দেতা।”, চকুৰ কোণ বিৰিঙি উঠে তাৰ।
“ৰাগিনীলৈ ফোন লগা।”
“নালাগে দেউতা।”
“কি হৈছে মোক খুলি নকৱ কেলেই ? মোকে নক’লে কাকনো কবি তই? আগলৈ পিছলৈ ভাই ককাই এটাও নাই। মায়েৰেও অথাই সাগৰত মেলি থৈ গ’ল মোক”।
দেউতাকৰ হাতখন থাপ মাৰি ধৰে সি, কুচিমুচিকৈ সোমাই পৰে দেউতাকৰ বুকুত, কপি উঠা ওঁঠেৰে দেউতাকক মাতে, “দেউতা।”
দেউতাকে বুজে অংগদৰ কিবা হৈছে। দেউতাক এইবাৰ তাৰ বন্ধু হৈ পৰে। আশ্বাস পাই সি সুধি পেলায়,
“মাৰ কি হৈছিল দেউতা? মায়ে কিয় ইমান সোনকালে আমাক এৰি গ’ল দেউতা?”
“মাৰ জৰায়ুৰ সংক্ৰমণত ভূগিছিল সোণ । বহুত দেৰিকৈ ধৰা পৰিছিল সেই বেমাৰ। ধৰা পৰাৰ পিছত এবছৰো নাথাকিল।“
“কিন্তু মানুহে কয় যে………….”, কথাষাৰ আধৰুৱাকৈ এৰে সি।
“কি কয় মানুহে?”
“মাৰ হেনো এইচআইভি পজিটিভ আছিল।”
দেউতাক স্তম্ভিত হৈ পৰে, “তোক কোনে ক’লে?”
“প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া দেতা, কিয় কয় তেনেদৰে মানুহে।”
“তেনেদৰে ক’বলৈ এজন মানুহেই আছে। চূড়ান্ত লম্পট সি। সি তোক ক’ত লগ পালে?”
“মোক খুলি কোৱা দেউতা”, তাৰ ধৈৰ্যৰ বান্ধ খুলি যায়।
“সেই লম্পটটো আছিল মাৰৰ অফিচৰ বচ। মহিলা কৰ্মচাৰীখিনিৰ ওপৰত তাৰ বৰ চকু আছিল । এবাৰ চকু পৰিল তোৰ মাৰৰ ওপৰত । মোক সেইবাৰ ডেপুটেশ্যনত এবছৰৰ বাবে অসমৰ বাহিৰলৈ পঠিয়াইছিল । ঘূৰি অহাৰ পাছত মাৰে কৈছিল সেই লম্পটজনৰ কথা। সি কেবাবাৰো বেয়া ইংগিত দিছিল। আৰু এদিন অতিষ্ঠ হৈ মাৰে মিছা মাতিছিল, কৈছিল, মোৰ এইচআইভি পজিটিভ, সেই সময়তে মাৰৰ বেমাৰটোও ধৰা পৰিছিল আৰু আমি বাহিৰলৈ যাব লগা হৈছিল। গতিকে তেওঁ কি ভাবি থাকিল, আমাৰ সেইবোৰ লৈ মূৰ ঘমোৱাৰ দৰকাৰ নহ’ল।”
“তুমি সেই লম্পটজনক একো নকলা দেতা?”, হাতৰ পেশী টান হৈ আহে তাৰ।
“মাৰে কি কৈছিল জাননে, যিবোৰ কাম বুদ্ধিৰে কৰিব পাৰি, তাত বল লগোৱাৰ প্ৰয়োজনেই বা কি? মাৰ ঢুকুৱাৰ পিছত মই বৰ ভাগি পৰিছিলো, সেইবোৰ কথা গৌণ হৈ পৰিছিল, তই হৈ পৰিছিলি মুখ্য বিষয়, কাৰণ মাৰক মই কথা দি থোৱা আছিল, তোক মাৰৰ দৰেই সবল কৰিম”।
সৰু ল’ৰাৰ দৰেই উচুপি উঠে সি, “দেউতা, দেউতা, মোক ক্ষমা কৰা। মই মাৰ দৰে সবল হ’ব নোৱাৰিলো। কিন্তু কথা দিছো, মই সবল হ’ম” । চলচলীয়া হৈ উঠা চকু দুটা সি মোহাৰি লয়।

সেই লম্পটজনৰ পৰিচয় পাবলৈ তাৰ আৰু বাকী নাথাকে। ক’বলৈ মন যায় চিঞৰি চিঞৰি, “ৰাগিনী, মোৰ তেজ লেতেৰা নহয়, তোমাৰ তেজতহে লেতেৰা কীটাণু কিলবিলাই ফুৰিছে, সেইবাবেই তুমি প্ৰেমক শৰীৰৰ উৰ্ধত স্থান দিব নোৱাৰিলা। তোমাৰ ঠাইত মই হোৱা হ’লে কি কৰিলোহেঁতেন জানা, শৰীৰ খহি গলেও তোমাৰ মনটো গঢ়ি ললোহয়। তুমি কিন্তু মোৰ মনটোক আক্ৰমণ কৰি পংগু কৰিবলৈ উদ্যত হৈছিলা।”

মাকৰ ফটোখনত সি চাকি এগচি জ্বলাই দিলে । আৰু বিৰবিৰাই উঠিল, “মোক শক্তি দিয়া মা, সেই শক্তি মই কঢ়িয়াই নিম মোৰ প্ৰেয়সীলৈ। তেওঁৰ মনত যে এতিয়া এইচআইভিৰ সংক্ৰমণ”।

(গল্পটো গেটওৱিয়ানত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে লেখিকালৈ সম্পাদনা সমিতিৰ ফালৰ পৰা অযুত কৃতজ্ঞতা ।)

Print Friendly, PDF & Email

One comment

  • মৃদুস্মিতা চৌধুৰী

    ভাল লাগিল । এইখন মজিয়াতে লেখিকাৰ পৰা আগলৈও ন ন লেখা আশা কৰিলো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *