গেটওৱিয়ান/ Gatewayian

এজন ছিনিয়ৰৰ চকুত গেটৱে একাডেমী ,২০১৭-২০১৯

দুখবোৰেই জীৱনৰ চিৰলগৰী,
সুখবোৰ অতিথিহে, মাজে মাজে আহে ।

এই দুটা বছৰ, আমি আগবাঢ়িছিলো…হাতত হাত থৈ । অকলশৰীয়া হোৱা নাছিলো কেতিয়াও, হাতখন মেলি দিলেই কাৰোবাৰ নহয় কাৰোবাৰ অইন এখন হাত সদায় পাইছিলো । ছাত্ৰ হিচাপে আমি কিমানদূৰ সফল হ’লো সেয়া সময়ে ক’ব, কিন্তু আজি মই গৌৰৱেৰে ক’ব পাৰো বন্ধু হিচাপে আমি সম্পূৰ্ণ সফল !

মৃণালকান্তি ছাৰৰ ভেক্টৰ, ইলেক্ট্ৰিচিটি আৰু ইলেকট্ৰনিকছ্ , সীমান্ত ছাৰৰ অৱকলজ, ফলন আৰু সম্ভাৱিতা, কিশোৰ ছাৰৰ জীৱবিজ্ঞানৰ ক্লাছ যিয়ে পাইছে সি জীৱনত পাহৰিব নোৱাৰে ! কোনে পাহৰিব পাৰে ব্ৰজেন ছাৰৰ অসমীয়াৰ ক্লাছ ! সংগীতা মেম, সীমাশ্ৰী মেম, পাৰুল মেম, জুনু মেম, জুৰি মেম, জিণ্টি মেম, মৃদুল ছাৰ, সুবেদী ছাৰ, নিশা মেম, তৃষ্ণা মেম, হীৰক ছাৰ, মনোৱাৰ ছাৰ, ৰাজকুমাৰ ছাৰ আৰু কাৰ কাৰ কথা ক’ম, আটায়ে বিশেষ, নিজৰ নিজৰ ক্ষেত্ৰত আটায়ে একো-একোজন বিশাৰদ !

ইমানদিনে জীৱনটো পি.ডব্লিউ.ডি. ৰোডত আছিল, হায়াৰছেকেণ্ডাৰী পাৰ হোৱাৰ লগে লগে জীৱনটো হাইৱেত আহি গ’ল । হাইৱেত উঠি প্ৰচণ্ড গতিৰে কোন ক’লৈ গুছি যায় সময়ে ক’ব , কোনোৱে হয়তো হাইৱেত এক্সিডেণ্টো কৰিব পাৰে । তথাপিও সংগ্ৰামী জীৱনৰ প্ৰতিটো কণ্টকময় পলতে মনত পেলাম, “এসময়ত আমি একেখন চাদৰ তলতে বহি পঢ়িছিলো, লিখিছিলো, কাজিয়া কৰিছিলো !” নাজানো জীৱনে কাক ক’লৈ লৈ যায়, য’তে থাকো জীয়াই থকালৈকে পৰিচয় হ’ব গেটওৱিয়ান, ‘ফাৰ্ষ্ট ছায়েন্স বেট্ছ অৱ গেটৱে একাডেমী’ !
আমি কিমান বেলেগ বেলেগ ঠাইৰ পৰা আহিলো, অনেকৰ লগতটো মাত্ৰ এক-ডেৰবছৰৰ চিনাকি । আজিও নিচিনিলো অনেকৰ প্ৰকৃত ঘৰ, তাৰ পাছতো বুকুত নিগাজিকৈ ঘৰ বান্ধি ৰৈ গ’ল আটায়ে !
সব কাজিয়া, সব খং পানীৰ ছবিৰ দৰে নোহোৱা হৈ গ’ল । খংবোৰ এনেকুৱাই, চকুপানীয়ে উটুৱাই লৈ গুছি যায়, এৰি থৈ যায় মাথো সজল সোঁৱৰণী । সোঁৱৰণীবোৰৰো স্বভাৱেই এয়া, চকুত চকুপানী ৰাখি বুকুত বিষ তুলি থৈ যায় ।
দুটা বছৰ…ক্লাছলৈ একেটাই সময় । টিউচন থাকিলে ৭.১৫, নাথাকিলে ৮.২০ । কলেজ শেষ হোৱাৰ পাছৰ দুদিনমান ঘৰত থাকিলেও সেইখিনি সময়ত ঘড়ীলৈ চকু যায়েই । দুবছৰীয়া ৰুটিন, দুদিনতে কেনেকৈ এৰিম !
আগৰ গৰমৰ বন্ধ, ঠাণ্ডাৰ বন্ধ…ক’ৰবাত আনকি কেনেবাকৈ এদিন বা দুদিন বন্ধ বা এটা ক্লাছ অফ পালেও কিমান স্ফূৰ্তি লাগিছিল, ভাবিছিলো কলেজ বেছিদিন বন্ধ নিদিয়ে কিয় ! এতিয়া ইমানদিনীয়া বন্ধ পাইছো, অথচ এটাৰো মুখত হাঁহি নাই, আটাইৰে চকুত চকুপানী, কলিজাত বিষ…
হায়াৰছেকেণ্ডাৰীৰ পাছতেই আৰম্ভ প্ৰকৃত জীৱন সংগ্ৰাম ! নাজানো জীৱনে উৰুৱাই নি কাক ক’ত পেলাই দিয়ে ! পৰীক্ষাৰ পাছত লগ পোৱাবোৰৰ সতে যোগাযোগবোৰো লাহে লাহে কমি আহিব । কোনে ক’ব পাৰে আকৌ কাক কেতিয়া লগ পাওঁ ! কাৰোবাক হয়তো লগ পাম দহ বছৰৰ মূৰত, কাৰোবাক বিশ বছৰৰ মূৰত, কাৰোবাৰ হয়তো জীৱনত আৰু লগকে নাপাম । কলিজাত কিন্তু সদায়ে খোদিত হৈ ৰব গেটৱে একাডেমীৰ নাম । এইফালেৰে কৰবালৈ গ’লেও এবাৰলৈ হ’লেও চকু যাব নতুন এচাম ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা মৰমৰ কলেজখনলৈ , হয়তো অকলে অকলে কৈ উঠিম, “এৰা ! এইখনি নদীৰ পৰাই আৰম্ভ হৈছিল আমাৰ জীৱনৰ অভিযান ! দুবছৰৰ বাবে আমাৰো স্থায়ী ঠিকনা আছিল গেটৱে একাডেমী জুনিয়ৰ কলেজ !” তেতিয়ালৈ থাকিব জানো ডেক্স-বেঞ্চত কলেজ এৰাৰ আগে আগে শেষ আৱেগত লিখি থৈ অহা নামবোৰ…

স্মৃতিৰ মণিকোঠাত সদায়ে সাঁচি ৰাখিম এই সোণালী সময়খিনি । আমি আটায়ে আহিছিলো ইয়ালৈ ডিঙিৰ ওপৰত একোখনকৈ অচিনাকি মুখ লৈ, আৰু ঘূৰি গ’লো এটা পৰিয়াল হৈ ।

দুটা বিশেষ চৰিত্ৰৰ কথা নকলে লেখাটো আধৰুৱা হৈ ৰ’ব –

হৃষিকেশ গোস্বামী আৰু হৃষীকেশ শৰ্মা । আমাৰ লগত দুজন হৃষিকেশ আছিল । প্ৰথমজন আছিল হৃষিকেশ গোস্বামী আৰু দ্বিতীয়জন আছিল হৃষিকেশ শৰ্মা । দুয়োজনেই পঢ়াত বেছ ভাল আছিল, সেয়ে দুয়োজনকে নাম দিয়া হৈছিল ক্ৰমে ডাঙৰ বছ আৰু সৰু বছ । হৃষীকেশ গোস্বামী আছিল একেবাৰে ৰেগুলাৰ আৰু শ্ৰেণীটোৰ ভিতৰতে পাৰ্গত ছাত্ৰ, তাৰ পাছতে পাৰ্গত ছাত্ৰৰ লিষ্টত আহিছিল হৃষীকেশ শৰ্মা ওৰফে সৰু বছৰ নাম । কিন্তু শৰ্মা আছিল ক্লাছটোৰ আটাইতকৈ অনিয়মীয়া ছাত্ৰ । সি সপ্তাহত প্ৰায়ে এদিন বা দুদিন, কাচিৎতে তিনিদিনকৈ আহিছিল আৰু ছুটীৰ বেল বজাৰ লগে লগেই ক্লাছটোৰ ভিতৰতেই সৰ্বপ্ৰথমে ওলাই গৈছিল ! এই দুয়োজনৰ এটা বিশেষ বৈশিষ্ট্য হ’ল, আগতে কোৱাৰ দৰেই এওঁলোক দুয়োৱে আছিল ক্লাছটোৰ আটাইতকৈ পাৰ্গত ছাত্ৰ, কিন্তু দুটা বছৰৰ কোনোদিনেই এটা পলৰ বাবে এজনৰ চকুতো সামান্যতম অহংকাৰ নেদেখিলো ! আটাইৰে লগত সকলো সময়তে মিলি থাকিব পৰা চৰিত্ৰ আছিল দুয়োজন । সৰু বছ, অৰ্থাৎ হৃষীকেশ শৰ্মাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা হ’ল এই দুটা বছৰত কলেজ কেম্পাছত উঠা তাৰ এখনো ফটো নাই , আনকি অন্তিম বিদায়ৰ দিনা যেতিয়া আমি আটায়ে বাগৰি-থিয় হৈ-আঁঠুকাঢ়ি বিভিন্ন প’জত উঠি উঠিছিলো, তেতিয়ামানে সি ঘৰেই পাইছিলগৈ ! তাক এইবিষয়ে সুধিলে সি কয়, “ইহঁতৰ বন্ধুত্ব ইমান দুৰ্বল নে ! বন্ধুত্বৰ স্মৃতি ৰাখিবলৈ মোবাইলৰ কেমেৰা কি প্ৰয়োজন মই তহঁতক হৃদয়ত কেপচাৰ কৰিছো । আমাৰ বন্ধুত্ব বহুত শক্তিশালী যাক মনত পেলাই দিবলৈ মোবাইলৰ ডিছপ্লে বহুত সৰু ‍!”

আনহাতে কলেজৰ প্ৰায় সমুখতে থকা হৃষিকেশ গোস্বামীৰ কোঠালিটোও আছিল আমাৰ বাবে আড্ডাৰ অন্যতম থলী । কলেজৰ ওচৰত চিন্ময়ৰো ৰূম আছিল যদিও তাৰ তুলনাত গোস্বামীৰ ৰূমটো ভালেখিনি ওচৰত হোৱাৰ বাবেই আমাৰ বেছিভাগৰে প্ৰথম পছন্দ আছিল গোস্বামীৰ ৰূমটো । কথা নাই-বতৰা নাই, সময় নাই-অসময় নাই, যেতিয়াই তেতিয়াই তাৰ ৰূমলৈ গৈ তাক আৰু জুনিয়ৰ চিৰঞ্জীৱক আমনি কৰাটো আমাৰ বেছিভাগৰ বাবে মোটামুটি অভ্যাসেই হৈ পৰিছিল !

গেটৱে একাডেমীত ধ্ৰুৱক হেপাহেৰে সময়ৰ লেখত চুই চালো জীৱনক । ভবিষ্যত জীৱন পথত সদায় বুকুত সাৱটি ৰাখিম এই দুটা বছৰৰ বিৰ দি ধৰা স্মৃতিবোৰ, অচিনাকিৰ পৰা চিনাকি, চিনাকিৰ পৰা নিকটতম চিনাকি হৈ পৰা মুখবোৰ ।

গেটৱে একাডেমী,
তোমাক ভাল পাই গ’লো ।
তোমাৰ লগত থকা সময়বোৰক ভাল পাই গ’লো ।
ভালপাই গ’লো তোমাৰ প্ৰতিটো কোঠাৰ চুক-কোণ, প্ৰতিযোৰ ডেক্স-বেক্সৰ দীঘ-বাণিবোৰ ।
ভাল পাই গ’লো প্ৰতিখন উজ্জ্বল মুখৰ হাঁহিবোৰ ।

এটা নতুন শব্দৰ জন্ম-গাঁথা :
আমাৰ ইংৰাজী পাঠ্যপুথিত A.R.Barton ‘Going Places’  বুলি গল্প এটা আছিল । সেইটো গল্প শ্ৰদ্ধাৰ হীৰক জ্যোতি গোস্বামী ছাৰে পঢ়ুৱাইছিল । গল্পটোত বাক্য এটা আছিল, “Geoff was kneeling on the floor in the next room tinkering with a part of his motorcycle over some newspaper spread on the carpet.”

ছাৰে পাঠটো পঢ়ুৱাই থকাৰ মাজতে কোনোবা এজনক থিয় কৰাই লৈ সুধিলে, “জিঅ’ফে কি কৰি আছিল ?”
পিছফালৰ আন এজনে (সম্ভৱতঃ সেইজন কিশোৰ আছিল, কিশোৰ কুমাৰ কলিতা) মাত লগাই দিলে যে জিঅ’ফে আঁঠুকাঢ়ি বহি ‘টিংকিৰিং’ কৰি আছিল !
বছ, হৈ গল এটা নতুন শব্দৰ জন্ম ! সেই তেতিয়াৰপৰাই আমিকেইজনৰ মাজত কোনোবাই আঁঠুকাঢ়ি কিবা কাম কৰি থকা পজিচনটোক বুজাবলৈ ‘টিংকিৰিং’ শব্দটো ব্যৱহাৰ কৰা হয় !

 

মৰমৰ বন্ধু আৰু সংগীবোৰলৈ বুলি একাষাৰ

তহঁতলৈ বুলি এষাৰ লিখিবলৈ লৈ আজি কেৱল ফঁহিয়াই চাইছো, যোৱা দুবছৰক । কি পালো আৰু কি দিলো ! যি দিলো সি অতি নগণ্য, যি পালো সি অতি বিশাল । কলেজলৈ আহিলো, তহঁতৰ লগত চিনাকি হলো, দুটা বছৰ হাঁহিলো, ফুৰিলো, স্ফূৰ্তি কৰিলো ….. আজি আৰু যোৱা দুটা বছৰৰ এটা পলৰ বাবেও কোনো খেদ নাই ! যদি গেটৱে নাহিলোহেঁতেন, তহঁতক হেৰুৱালোহেঁতেন ! গতিকেই কওঁ, “গেটৱে একাডেমী ওৱাজ মাই ৰাইট চইছ আৰু তঁহত…তঁহতকনো কি বেলেগকৈ কম, তহঁত আটায়ে বেষ্ট ফ্ৰেণ্ড আই হেভ ইভাৰ মীট !”

চাৰ্টৰ বুকু-পিঠি-কলাৰত এতিয়াওঁ জিলিকি আছে তহঁতে হেপাহেৰে দি অহা অটোগ্ৰাফবোৰ, সজল আহ্বানবোৰ, “অই পাহৰি নাযাবিদেই !” নেপাহৰো বন্ধু, কোনে কাক পাহৰিব পাৰে ! কলেজ এৰি আহিলেও মই মোৰ আত্মাটোক হয়তো এতিয়াও থৈ আহিছো কলেজৰ ক্লাছৰূমৰ চুকবোৰত, থাৰ্ড ফ্লৰৰ ছায়েঞ্চ ব্লকৰ খিৰিকীমুখবোৰত, কেমেষ্ট্ৰী লেবৰ টেষ্টটিউব, ব্যুৰেট অথবা ফিজিক্স লেবৰ মেগনেট, প্ৰিজম, কম্পাছ-কাঁটাবোৰৰ মাজত, লেবৰটৰীৰ বাৰান্দাত পৰা পুৱাৰ কেঁচা ৰদজাকত অথবা ডেক্স-বেঞ্চ, দেৱাল অথবা তহঁতৰ চোলাত কৰি অহা শেষ হস্তাক্ষৰবোৰত !

কাৰো ওপৰত একো খং নোৰোৱাকৈ শেষ দুটা বছৰ । কেতিয়াবা হয়তো পুৰণা ফটোৰ গেলেৰী খুচঁৰোতে আজিৰ দিনটোৰ ফটোবিলাক ওলাই আহিব আৰু মনৰ পৰ্দাত ভাঁহি আহিব আমাৰ আটাইৰে মুখবোৰ , এই সোণালী সময়ৰ বাখৰুৱা স্মৃতিবোৰ ! এনেদৰেই গতানুগতিকভাৱে বৰ্তমান গৈ সোঁৱৰণী হয়, সোঁৱৰণীবোৰো এদিন ধূসৰ হয় ! সময়ে নি হয়তো আটাইকে এদিন সিঁচি দিব ব্যস্ত বিশ্বৰ চুকে-কোণে ! আমাৰ কলেজৰ ফটোবোৰ চাই যদি ভবিষ্যতে কেতিয়াবা কোনোবাই সোধে তোমাৰ লগত থকা অচিনাকি মুখবোৰ কাৰ , তেতিয়াই মনৰ মাজেৰে পাৰ হৈ যাব এই সোণালী দিনকেইটাৰ সোঁৱৰণীবোৰ ! সামান্য হাঁহিৰে হয়তো তেতিয়া কম, “ইহঁত আছিল মোৰ জীৱনৰ শ্ৰেষ্ঠতম সময়খিনিৰ শ্ৰেষ্ঠতম সংগী ।”

এই দুটাবছৰৰ কথা, তহঁতৰ লগত কৰা ধেমালিবোৰৰ কথা যেতিয়াই মনত পৰিব তেতিয়াই হেজাৰ টেনচনৰ মাজতো হাঁহি ওলাই আহিব !
দুটা স্মৃতিভৰা বৰ্ষ শেষ । আকৌ আটায়ে ব্যস্ত হৈ পৰিব লাগিব নিজৰ দৈনন্দিন ৰুটিনত । লাভ ইউ ফ্ৰেইণ্ড, তহঁতে মোক শিকালি জীৱনক জীয়াবলৈ, সুখেৰে থাকিবলৈ, হাঁহি থাকিবলৈ…লাভ ইউ অল !

কেইখনমান ফটোৰ আঁৰৰ কথা –

ফটো – ১

(১)

ফটোৰ কাৰণে কোনোবা এজনে কেমেৰাটো অন কৰাৰ লগে লগে ভুটুঙকৈ আগত আৰু দহজনমান ওলাইহি, ওখ হোৱাৰ সুবাদতে পাছলৈ গৈ থাকোতে শেষত গৈ গৈ প্ৰত্যেকখন ফটোত মুখখনৰ তিনি-চতুথাংৰ্শহে ওলাইগৈ, তাকো মেগনিফায়িং লেন্স লৈ জুপি জুপি বিছৰাৰ পাছতহে, সেইগতিকে এইবাৰ কেমেৰা অন কৰাৰ লগে লগেই….
চাল্লা মাটিত বাগৰি দিম, তেতিয়াটো অন্ততঃ মুখখন তুলিবি !

চিন্ময়ৰ লগত মুখামুখিকৈ সেই যুগান্তকাৰী বাগৰটো মৰা মূহূৰ্তৰে পৰিণতি এই ফটোখন !

ফটোগ্ৰাফাৰ: সাগৰ

(২)

ফটো – ২(ক)

কলেজ ফিল্ডৰ ঘাঁহ এচোপৰ ওচৰত কেমেৰাটো টো ! আঠুকাঢ়ি ফটো তুলিবলৈ পজিচন লৈছে সাগৰে । কেমেৰাটোৰ লেন্সখন গোটেই ঘাঁহবোৰে ঢাকি ৰাখিছে । আমি গোটেইসোপাই সমানে চিঞৰিছো, “সাগৰ কেমেৰাটো তেনেকৈ নলবি, ফটোত অকল ঘাঁহসোপাহে উঠিব ।”

সাগৰ : বা@£ ফটোগ্ৰাফাৰ মই নে তই ?

তাৰেই পৰিণতি এইখন ফটো !

সাগৰে কিন্তু ফটো সঁচাকৈয়ে বিৰাট ধুনীয়া তোলে । আমাৰ কলেজ শেষ মূহূৰ্তটোৰ প্ৰায় আটাইবোৰ ফটোয়েই তাৰ লেন্সেৰে সৰকি অহা !

ফটো – ২(খ)

 

ফটোত সোঁফালৰপৰা ক্ৰমে মৃগাংক, চন্দন, প্ৰিয়ম, অবিনাশ, চিন্ময়, চাজিত, নীলোৎপল, সাগৰ, ৰমেন, লহৰ আৰু হৃষীকেশ গোস্বামী

 

(৩) “অই আমি উৰ্ধক্ৰম বনাম, শাৰী পাতো আহ্ । মাধৱ (মৃগাংক মাধৱ মহন্ত) প্ৰথম, চন্দন দ্বিতীয়, তাৰ পাছত প্ৰিয়ম , তাৰ পাছত চিন্ময়, অবিনাশ, লহৰ…”

উৰ্ধক্ৰম বনোৱা প্ৰক্ৰিয়া তীব্ৰগতিত চলিছে…

তেনেতে পাছফালৰ পৰা আহি পালে আৰু চাৰিজনমান..আহিয়ে

: “অই ফটো মাৰ  মাৰ, ক্ৰম-চম বাদ দে…”

‘ক্লিক..ক্লিক’

ক্ৰম গুচি Chrome হ’লগৈ ! 

চাৰিচুকীয়া ফ্ৰেমত বন্দী হৈ থাকি গ’ল মাথো সোঁৱৰণী !

 

কেইখনমান সোঁৱৰণী : 

Print Friendly, PDF & Email

9 Comments

  • ৰিমঝিম

    নষ্টালজিক হৈ গলো । নিজৰ কলেজীয়া জীৱনৰ অতীতটোলৈ মনত পৰি গল ।
    .সেই সময় নাহে আৰু ঘূৰি..
    কি সুন্দৰ লিখিছে !
    হেটছ অফ !!

    Reply
  • দীপাংকৰ

    ছুপাৰ চে উপৰ বুলিলে হয়তো এনেধৰণৰ লেখাকেই বুজা যায় ।
    চেলুট ।

    Reply
  • Munmi Choudhury

    লেখকৰ নাম নাই, হয়তো লেখকে আত্মপ্ৰকাশ বিচৰা নাই ।
    লেখকজনলৈ চেলুট । বহুত বহুত ভাল লাগিল । আৱেগিক কৰি কন্দুৱাই দিব পৰা লেখা ।

    Reply
    • এজন ছিনিয়ৰ

      তাতেই কষ্টৰ সাৰ্থকতা ।
      অশেষ ধন্যবাদ ।

      Reply
  • নষ্টালজিয়া :

    (১)
    বিশেষকৈ হীৰক ছাৰৰ ইংৰাজীৰ ক্লাছকেইটা কৰাৰ মজাই বেলেগ আছিল । পাৰফেক্ট ইংৰাজী উচ্চাৰণ লগতে প্ৰতিটো টপিকৰ কি সুন্দৰ এক্সপ্লেনেচন ।
    ……
    হীৰক ছাৰৰ নাম ল’লেই মোৰ ডেনী কেজী(Danny Casey), Sophie, Jansie, Geoffহঁতলৈ মনত পৰে । Danny Caseyৰ পাঠটো ছাৰে ইমানদিন পঢ়াইছিল যে মোৰ Sophie আৰু Jansieক যথাক্ৰমে কলিতা আৰু চৌধুৰীৰ জীয়েক আৰু Danny Casey আৰু Geoffক কিবা ঘৰৰ ওচৰৰে অমৰদা, বাবুদাহঁতৰ দৰে সদায় দেখি থকা চিনাকি মানুহ টাইপ লাগি গৈছিল ।
    কাৰ্পেটত পাৰি থোৱা বাতৰিকাকতৰ ওপৰত মটৰ-চাইকেলৰ কিছুমান পাৰ্ট লৈ মজিয়াত আঁঠুকাঢ়ি ‘টিংকিৰিং'(tinkering) কৰি থকা জিঅ’ফৰ ছবিখন মনত ৰৈ গ’ল, সেইখিনি কিবা আজিও লাইভ দেখা যেনেই লাগে !

    (২)
    প্ৰথম বৰ্ষৰ পৰাই আমি এদিন গোটেইকেইটাই ঘৰৰ পৰা চাইকেল লৈ অহাৰ প্লেনিঙ কৰিছিলো । গোটেইকেইটা মানে ইফালৰ পৰা মই, অবিনাশ, লহৰ, ৰমেন, চৰণদীপ আৰু সিফালৰ পৰা চিন্ময়, সুব্ৰত আদি কেইজনমানে । পাছে সদায় কাইলৈ আনিম কাইলৈ আনিম কৰি থাকোতে সেই চাইকেল ট্ৰীপ কেতিয়াও হৈ নুঠিলগৈ !

    (৩)
    আমাৰ লগৰ নীলোৎপল ডেকা(আলু😝)ৰ ঘৰৰ হাঁহকেইটা মাৰি ভোজ খোৱাৰ বাবে আমাৰ ল’ৰাকেইটাৰ এটা বিশেষ আশা আছিল, অৱশ্যে তাক আশা বুলি নকৈ লোভ বুলি কোৱাহে উচিত হব । কিয়নো হাঁহে নিজেও জীৱনত ইমান পেকপেক কৰি পোৱা নাই চাগৈ, যিমান হাঁহৰ কাৰণে আমি এই দুবছৰত কৰিছিলো !!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *