সভ্যতাৰ পৰিসমাপ্তি (মানস প্ৰতীম শৰ্মা)

সভ্যতাৰ পৰিসমাপ্তি
মানস প্ৰতীম শৰ্মা
একাদশ শ্ৰেণী (বিজ্ঞান)

 

abandoned airplane apocalypse crash

Photo by Snapwire on Pexels.com

ড° দ্ত্তৰ হাতৰ পৰা ক্ষুদ্ৰাকৃতিৰ ৰিচিভাৰটো পৰি গ’ল। তেওঁৰ হাত ভৰি কপিবলৈ আৰম্ভ কৰিছিল। তেনেতে তেওঁ মজিয়াৰ পৰা পাঁচ ফুটমান ওপৰত ভাঁহি থকা ফ্লোটিং চেয়াৰখনৰ পৰা পৰি গ’ল।…

…কিছুসময় পিছত তেওঁ সংজ্ঞা ঘূৰাই পালে। পিছে পুণৰবাৰ নিজৰ ভৰিত থিয় হ’বলৈ তেওঁৰ শক্তি নাই। তেওঁৰ শৰীৰটোৱে এক সীমাহীন ক্লান্তি অনুভৱ কৰিছে।তেনেতে তেওঁৰ চকু গ’ল ডেৰ সপ্তাহ আগতে মৃত্যু হোৱা আইনাৰ কফিনত আৱদ্ধ হৈ থকা ড°প্ৰীতমৰ মৃত দেহটোলৈ। মৃতদেহটো দেখি তেওঁৰ দুচকু অশ্ৰু আৰু মন বিষাদেৰে ভৰি পৰিল। সেই অন্ধকাৰ বিষাদৰ মাজত তেওঁৰ অতীতৰ কথাবোৰে মগজুটোক গধুৰ কৰি পেলালে।

…২৫ বছৰ আগত অৰ্থাৎ ২১১৫ চনৰ এটি মনোৰম প্ৰভাত। বিখ্যাত ‘এটম’ নামৰ কৃত্ৰিম বুদ্ধিমত্তা(AI) কোম্পানীৰ চি.ই.ও. ড° জয়দ্বীপ প্রীতম শৰ্মা আৰু কো-চি.ই.ও. ড° কৌশিক দত্ত‌ই জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্যৰ সোৱাদ লবলৈ নিজকে সাজু কৰাই আছে। ‘আজি ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সদস্য হিচাপে নিযুক্তি লাভ কৰিব এদল ৰবটে।’ আৰু এই সমস্ত আৰ্মী দলটোক বনাইছে ড° প্ৰীতম আৰু ড° দ্ত্ত আৰু এটমৰ এদল বিজ্ঞানীয়ে। এখন বিশাল সভা।দেশ বিদেশৰ বিশিষ্ট অতিথি বোৰে অংশগ্ৰহণ কৰিছিল সভা খনত।সভাখন হ’ল বিশাল ৰবট আৰ্মীৰ শুভমুক্তি।ৰবটো যে আৰ্মী হ’ব পাৰে ড° প্ৰীতমৰ প্ৰতিভা বলত সকলোৱে উপলব্ধি কৰিব পাৰিছিল।
ড° প্ৰীতম আৰু ড° দত্ত বৰ্তমানৰ সৰ্বশ্ৰেষ্ঠ ৰবট বিজ্ঞানী। পৃথিৱীৰ প্ৰতিটো প্ৰান্তত তেওঁলোকৰ চৰ্চা।
… এনেদৰে দিন বাগৰি গৈ থাকিল।২১১৭ চনৰ কোনোবা এদিন ৰাতি…
…ড° প্ৰীতম আৰু ড° দত্তলৈ এটি ই-মেইল আহিল। মেইলটোৰ মতে তেওঁলোক দুয়োজনকে অহা সোমবাৰে নিউয়ৰ্ক স্থিত ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰলৈ নিমন্ত্ৰণ জনোৱা হৈছে।
তেওঁলোকে একো বিশেষ নাভাবি গুচি গ’ল। কাৰণ তেওঁলোকৰ বাবে ৰাষ্ট্ৰসংঘলৈ কিবা মিটিংত মতাতো ডাঙৰ কথা নহয়। সোমবাৰে তেওঁলোক ৰাষ্ট্ৰসংঘ পাই অলপ অস্বাভাৱিক অৱস্থা অনুভৱ কৰিলে যদিও ইমান গুৰুত্ব দি নাথাকিলে।
সভাগৃহত প্ৰৱেশ কৰি তেওঁলোকৰ আৰু আচৰিত লাগিল।
তেনেতে, “ড° প্ৰীতম আৰু ড° দত্ত।”-এজন মনুহে নিজৰ বহি থকা আসনৰ পৰা উঠি সম্ভাষণ জনালে আৰু কৈ গ’ল-”আহক আসন গ্ৰহন কৰক।”এনেদৰে কোৱাত তেওঁলোক গৈ নিজৰ আসন গ্ৰহন কৰিলে।
ড° দত্তই মাত লগালে, ”আমি বৰ আচৰিত হৈছো।” তেওঁৰ কথাত তাত উপস্থিত আন এজন মানুহে ক’লে,”কিয় আচৰিত হৈছে আপুনি?” ড° দত্তই ক’লে,”আচলতে আমি ইয়াত কিবা এটা অস্বাভাৱিক পাই আছো।”
তেনেতে…-”আমি বুজিব পাৰিছো।”এজন মানুহৰ এই বাক্যশাৰী ড°প্ৰীতমে অলপ ভয় খালে। তেওঁ সুধিলে-”আপুনি কি ক’ব বিচাৰিছে?”মানুহজনে ক’বলৈ আৰম্ভ কৰিলে-”আচলতে আপোনালোকক ইয়ালৈ মাতি অনাৰ কাৰণটো বৰ গম্ভীৰ।” ড°প্ৰীতম আৰু ড°চৌধুৰীয়ে ইজনে আনজনৰ ফালে চালে।
মানুহজনে কৈ গ’ল-”এই গম্ভীৰ কাৰণতো হৈছে পৰিসমাপ্তিৰ পৰা ৰক্ষা পাবলৈ।বাৰু বেছি ঘূৰাই পকাই নাথাকো । একেবাৰে মূল কথালৈকে আহো। আচলতে কথাতো বহুত ডাঙৰ । যোৱা ছমাহমান আগতে আফ্ৰিকাৰ এখনত জংঘলত এটা উল্কাপিণ্ডই খুন্দা মাৰে । উল্কাপিণ্ড এটাই পৃথিৱীপৃষ্ঠত খুন্দা মৰাটো একো ডাঙৰ কথা নহয়। মাজে মাজে পৃথিৱীত এনে বহুতো উল্কাই খুন্দা মাৰেই। এসপ্তাহ মান পিছত আমাৰ এদল ৫জনীয়া বিজ্ঞানীৰ দলে উল্কাপিণ্ডটোৰ অধ্যয়ণৰ বাবে আফ্ৰিকালৈ গৈছিল । তেঁওলোক উভতি আহিল পিছে একো বিশেষ নতুন তথ্য নাপালে। সেইতোও আছিল আন আন উল্কাৰ দৰে একে। কিন্তু কেইদিন মান পিছত খবৰ পোৱা গ’ল যে ৫ জনীয়া দলটোৰ প্ৰতিজন হেনো হাস্পাতালত আছে।দুদিন পাছত খবৰ পোৱা গ’ল যে তিনিজনৰ মৃত্যু হৈছে আৰু আন দুজনৰো পৰিস্থিতি একেবাৰে শোচনীয় । বিশেষ ডাক্তৰবোৰে ক’লে যে ইয়াৰ কাৰণ হেনো কিবা বিষাক্ত গেছৰ হ’ব পাৰে বুলি । তাৰ দুদিন পিছত খবৰ পাবলৈ গ’ল যে আফ্ৰিকাৰ যিখন জংঘলত উল্কাপিণ্ডটো পৰিছিল তাৰ ওচৰৰ প্ৰায় ২ বৰ্গকিলোমিটাৰ মানলৈকে সকলো ঠাইৰ গছ-গছনিৰ পাত নোহোৱা হৈ পৰিছে। প্ৰথমতে এই বিষয়ত ইমান গুৰুত্ব দিয়া হোৱা নাছিল । পিছে যেতিয়া ইয়াৰ পৰিসৰ বাঢ়িবলৈ ধৰিলে তেতিয়াহে ইয়াৰ ওপৰত অনুসন্ধান আৰম্ভ হ’ল।” কথাখিনি কৈ মানুহজন ৰৈ গ’ল।…

ড° দত্তই সুধিলে-”অনুসন্ধানত কি পোৱা গ’ল ?”.

..”অনুসন্ধানত এনে এটি তথ্য পোৱা গ’ল যিটো কথা শুনিলে আপোনাৰ কোনোপদ্ধেই বিশ্বাস নহ’ব ।”-আকৌ কিছুসময় তেঁও ৰৈ গ’ল ।

-আচলতে উল্কাটোৰ পৰা এক আচৰিত গেছ নিৰ্গত হৈ আছে যাৰ ফলত এনেবোৰ ঘটনা সংঘতিত হৈ আছে । এতিয়ালৈ প্ৰায় সম্পূৰ্ণ জংঘল খনেই ধ্বংস হৈ গ’ল। অৱশ্যে কেৱল গেছেই যে ধ্বংসৰ কাৰ‌ণ সেইটো নহ’বও পাৰে। পিছে তাৰ অধ্যয়ন কৰাটো অতি কঠিন হৈ পৰে। তাৰপিছত আমি এটা কাম কৰিলো যে প্ৰায় ১০ কিমি মান ঠাই আগুৰাকৈ এটা বিকিৰণ নোহোৱা বৃহৎ আকাৰৰ বাকচ বনাই উল্কাটোৰ চাৰিওফালে জাপি দিলো যাতে আৰু গেছে আক্ৰমণ কৰিব নোৱৰে। আমি ভাবিছিলো যে সেইটো একো সমাধান নোহোৱালৈকে আমি বাকচতো তেনেকৈয়ে ৰাখিম। কিন্তু যোৱা সপ্তাহত আমি এটা আৰু ডাঙৰ কথা গম পালো যে উল্কাটোৱে আমাক মাটিৰ তলেৰেও ক্ষতি কৰি আছে।  আমি একো ভাবি উলিয়াব পৰা নাছিলো। আমি এই খবৰতো সাধাৰণ ৰাইজৰ আগত প্ৰচাৰ নকৰিলো। উল্কাটোৰ বিষয়েও অধ্যয়ন কৰাতো অসম্ভৱ হৈ পৰিছিল। পিছে লাহে লাহে ধ্বংসলীলা বেছি হৈ আহিব ধৰাত এটা বৃহৎ সমস্যাৰ সৃষ্টি হল। বিশিষ্ট বৈজ্ঞানিক সকলেও একো ভাবি উলিয়াব পৰা নছিল। দাৰ্শনিকসকল আৰু বিজ্ঞানীসকলে এটা একে মত আগবঢ়ায় যে পৃথিৱীত জীৱগণৰ ধ্বংস নিশ্চিত।এদিন এক বিশেষ আলোচনাত এটা বৰ আচৰিত সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।  বৰ্তমান আমাৰ মানৱ জাতিৰ অস্তিত্ব সংকটত । কিন্তু বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) বহুখিনি আগবাঢ়িছে। ২১০৮ চনত অপোনালোকৰ আৱিস্কাৰ “লিলি”নামৰ ৰবটতোৰ পিছৰ পৰা সকলোৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে ৰবটবোৰেও সমাজ পাতি বাস কৰিব পাৰিব। আৰু সিদিনা গ্ৰহণ কৰা বিশেষ সিদ্ধান্তটো হ’ল যে, আপোনালোক দুয়ো ড° জয়দ্বীপ প্ৰীতম আৰু ড° কৌশিক দত্ত বৰ্তমানৰ সকলোতকৈ ডাঙৰ ৰবট বিজ্ঞানী হিচাপে বৈজ্ঞানিক সকলে থিৰাং কৰিলে যে আপোনালোক দুয়োকে এনে এটি অতিমানৱ সৃষ্টি কৰিবলৈ দিয়া হ’ব যিয়ে সম্পূৰ্ণ মানুহৰ চৰিত্ৰ বহন কৰিব । আৰু মই নাছাৰ চেয়াৰমেন হিচাপে আপোনালোক দুয়োকে অনুৰোধ জনাইছো আমাৰ মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে এনে এক অতিমানৱ ৰবটৰ জন্ম দিবলৈ। আমাৰ মানৱ জাতি এতিয়া ধ্বংসৰ গৰাহত। নাছাই আপ্ৰাণ চেষ্টা চলাই যাব পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ। কিন্তু তাৰ লগতে আপোনালোকেওঁ গোপন ভাবে এই কাম কৰি যাব লাগিব। পৃথিৱীত মানুহৰ লগতে আন জীৱ বোৰৰ অস্তিত্ব এতিয়া আপোনালোকৰ হাতত। আপোনালোকে এনেকুৱা এক অতিমানৱটো বনাব লাগিব যি আমাৰ অস্তিত্ব বহন কৰিব”…

ড° প্ৰীতম আৰু ড° দত্তয়ে এক অবিশ্বাস্য ধ্বংসৰ দুৱাৰদলিত থিয় দি আছে । তেওঁলোক দুয়ো যেন নিজকে পাহৰি গ’ল । তেওঁলোক দুয়োয়ে তেওঁলোকৰ সম্মুখত এক সংকটময় পৃথিৱীৰ আৰম্ভণি দেখা পাইছে । তেওঁলোকে ভাবিলে তেওঁলোকে এক অসম্ভৱ পৰাজয় পাব কিন্তু তেওঁলোকে চেষ্টা কৰিবই ।
“নাছাই চেষ্টা কৰি আছে কেনেকৈ উল্কাতো পৃথিৱী পৰা মহাকাশলৈ পঠিয়াব পাৰি। পিছে এতিয়ালৈ কোনো একো ভালকৈ ভাবি পোৱা নাই। আৰু প্ৰায় তিনি বছৰৰ পিছত আমাৰ মৰমৰ পৃথিৱীখন সম্পূৰ্ণভাবে ধ্বংস হৈ যাব। কেৱল বাকী থাকিব মৰিশালি পৃথিৱীখন । আপোনালোকৰ কামৰ বাবে বিশেষ ঘৰ বনাই দিয়া হ’ব, য’ত আপোনালোকৰ এই বাহিৰৰ জগতৰ একো প্ৰভাৱ নপৰিব। নাছাই অৱশ্যে অন্য গ্ৰহত বসতি পতাৰো পৰিকল্পনা কৰি আছে। যি কি নহওঁক এতিয়া সকলো আপোনালোকৰ ওপৰত এতিয়া।” – কথাখিনি কৈ মানুহজনে এক বিষাদৰ ৰহস্যময় হাঁহি বিৰিঙিালে।
ড° প্ৰীতম আৰু ড° দত্তই একোকে ক’ব, একোকে ভাবিব নোৱাৰা হৈ পৰিছিল।
দুই মিনিট মানৰ নিৰৱতাৰ পিছত ড° প্ৰীতমে এক উদ্যমেৰে মাত লগালে, “আমি আমাৰ সকলো এৰি দিম ইয়াৰ নামত।”

……

এনেতে ড° দত্তৰ চকু মেল খালে। আৰু তেওঁ এক আচৰিত শক্তি অনুভৱ কৰিলে। তেওঁ ড° প্ৰীতমৰ মৃতদেহটোৰ ফালে চালে আৰু ক’লে “মই কামতো কৰিমেই।” এইবুলি তেওঁ সম্মুখত ওলোমাই থৈ দিয়া ‘জুলিয়া’ আৰু ‘ৰবাৰ্ট’ নামৰ ৰবট দুটাৰ সম্মুখলৈ চালে। ৰবট দুটাৰ নাম ড° প্ৰীতমে দিছিল। ‘জুলিয়া এটি মহিলাৰ চৰিত্ৰ সম্পন্ন ৰবট আৰু ৰবাৰ্ট এটি পুৰুষৰ চৰিত্ৰ সম্পন্ন ৰবট।’
ৰবট দুটি সম্পূৰ্ণ মানুহৰ দৰেই। চিন্তা শক্তি থাকিব, প্ৰজনন ক্ষমতা থাকিব, আনক উপলব্ধি কৰিব আৰু বুজিব পাৰিব, আৱেগক বুজিব। এই ৰবট দুটিয়েই এখন সমাজ,এখন জগতক গঢ়িৱ লাগিব।
আৰু প্ৰায় কেইঘণ্টামানৰ পিছত ৰবট দুটি সম্পূৰ্ণ সক্ৰিয় হৈ উঠিব। ড° দত্তৰ মনত কিছুমান কথাৰ উদ্ভৱ হ’ল, ‘ ইতিমধ্যে হয়তো গোটেই পৃথিৱীখন ধ্বংস হৈছে। কোনো প্ৰাণীও বাচি থকা নাই কিজানি! কাৰণ উল্কাতো পৃথিৱীত পৰাৰ প্ৰাই ৮ বছৰমান হ’ল। তাৰমানে মইয়েই কেৱল বাচি আছো কিজানি?কিবা হ’ল পৃথিৱীখনৰ? গছ কি এডালো বাকী নাই নে কি?তাৰমানে মই আৰু ড° প্ৰীতম এই নতুন জাতিতোৰ কাৰনে সৃষ্টিকৰ্তা হম !
এনেকুৱা কথাবোৰ ভাবি থাকোতে তেওঁৰ কেনেকৈ স্বয়ংক্ৰিয়ভাৱে কামবোৰ কৰি গৈ থাকিল তেওঁ গমেই নাপালে।
চাৰিটামান ঘণ্টাৰ পিছত তেওঁ একেবাৰে শেষ পৰ্যায় পালে মগজুতো ইন্স্টল (INSTALL) কৰা। তেওঁ দুবাৰ মান উশাহ লৈ ল’লে আৰু স্ক্ৰীণত এন্টাৰ টিপি দিলে।আৰু লগে লগে জুলিয়া আৰু ৰবাৰ্টৰ বুকুৰ লাইট জ্বলি উঠিল।
ড° দত্ত‌ই কম্পিত হাতেৰে লিভাৰদাল টানি দিলে আৰু এক অপাৰ শান্তিৰে নিজৰ চকু দুটি মুদি দিলে।
ইফালে চকু মেল খালে জুলিয়া আৰু ৰবাৰ্টৰ।
এটি সভ্যতাৰ সমাপ্তি ঘটিল আৰু আন এটি সভ্যতাৰ আৰম্ভণি হয়। পৃথিৱীৰ অন্তিমজন মানুহে শয়ণত পৰিল।
জুলিয়াই প্ৰথম খোজটি পেলায় আৰু ৰবাৰ্টৰ পিনে চাই…।
জগতৰ দ্বিতীয় এদাম আৰু ইভৰ জন্ম হ’ল।

Print Friendly, PDF & Email

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *