গেটওৱিয়ান/ Gatewayian

সম্পাদকীয়

আচলতে সম্পাদকীয়ত কি লিখিম এতিয়ালৈ একো থিৰাং কৰি লৈ আৰম্ভ কৰা নাই । আকৌ কেৱল লিখিব লাগে কাৰণেই কিবা-কিবি এসোপামান লিখি পেজটো ভৰাই থোৱাৰ কথাও ভবা নাই ।

অনলাইন আলোচনী এখনৰ ধাৰণাটো আমাৰ বাবে সম্পূৰ্ণ নতুন ।ছচিয়েল মিডিয়াক বাদ দি অনলাইন বেংকিং, অনলাইন শ্বপিং আৰু অনলাইন ফৰ্ম-ফিলআপতেই আমাৰ বেছিসংখ্যাকৰে অনলাইন কাম-কাজৰ পৰিধি সীমিত ।এক কথাত আমাৰ সম্পাদনা সমিতিৰ কোনোজনেই কোনো সাংঘাটিক টেকনিকেল এক্সপাৰ্ট নহয় । সেই গতিকে অনলাইন আলোচনী এখন উলিওৱা কামটো আমাৰ বাবে সাংঘাটিক এটা প্ৰত্যাহ্বানতকৈ কম নাছিল । লেখনি সংগ্ৰহ কৰা, সংগৃহীত লেখনিৰ পৰা বাচনি কৰা, নিৰ্বাচিত লেখনিসমূহ ইউনিকোডত টাইপ কৰা, টাইপ কৰা লেখাসমূহ আপলোড কৰা আদিকে ধৰি এশ-এবুৰি কাম, ছাইট ৰিলেটেড টেকনিকেল সমস্যাবোৰটো আছিলেই ! হাতত সময় বুলিবলৈ আছিল মাথো কেইটামান দিন ।

আটাইতকৈ কঠিন কাম আছিল লেখা বাচনি কৰাটো ।সংগৃহীত লেখাসমূহ যদি এখন জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লেখা হিচাপত চোৱা যায় তেতিয়াহলে প্ৰায় ঠিকেই থকা বুলিব পাৰি । কিন্তু যেতিয়াই সাহিত্যিক মান বা গুণৰ কথাটো আহে তেতিয়াই তাত এটা ‘কিন্তু’ আহি পৰে মূলতঃ তুলনামূলকভাৱে দুৰ্বল শৈলীৰ লেখাবোৰৰ ক্ষেত্ৰত যে তেনে লেখাবোৰ আমি নিম্নমানৰ বুলি ওভতাই পঠিয়াম নে লেখকৰ বয়সটো চাই প্ৰকাশ কৰি উৎসাহিত কৰিম !

বহুবাৰ বহুঠাইত ভেঁটা পাইছো, প্ৰতিবাৰেই বুকু পাতি লৈছো ঘাত-আঘাত-প্ৰতিঘাত, প্ৰতিটো খোজতেই সাৱটিছো সংঘাত । অনেকে চিঞৰি কয়, “ঐ জাননে নাই, পৃথিৱীৰ প্ৰতিটো চুকতেই তঁহতলৈ বাট চাই আছে মাথো আন্ধাৰ, আন্ধাৰ আৰু আন্ধাৰ ।”

প্ৰতিবাৰেই মিঠা হাঁহিৰে সিহঁতক বুকুত সাৱটি কৈ উঠো, “সেইবাবেইতো পৃথিৱীখন চুকবিহীন ঘূৰণীয়া ।”

সমস্যাৰ শেষ নাই । তথাপিও সহায় অনেকৰ পৰা পাইছো । যেতিয়াই যি প্ৰয়োজনত যিজন শিক্ষক বা ছাত্ৰৰ ওচৰত গৈছো কোনেও না কৰা নাই । সামৰ্থ্য অনুযায়ী আটায়ে সহায়ৰ হাত আগবঢ়াইছে । হে মোৰ ছাত্ৰ-বন্ধু সমন্বিতে সমূহ গেটৱে একাডেমী পৰিয়ালবৰ্গ, আপোনাসৱক ধন্যবাদ যাচি সৰু নকৰো, কৃতজ্ঞতাৰে অসৌজন্যতাও নেদেখুৱাওঁ , আপোনালোকৰ এই অকৃত্ৰিম চেনেহ আৰু সহযোগিতাৰ প্ৰতিদানত দিবলৈ এবুকু ধন্যবাদৰ বাহিৰে মোৰ দুহাত যে তেনেই ৰিক্ত ।

আমাৰ শ্ৰদ্ধাৰ অতিথি লেখকসকলক ধন্যবাদ নজনালে এই লেখা আধৰুৱা হৈ ৰ’ব । শ্ৰদ্ধাৰ বৈদুৰ্য্য বৰুৱা, ৰাজীৱ ফুকন, প্ৰাঞ্জল দাস, মৃদুল কুমাৰ শৰ্মা, অলকেশ ভাগৱতী, পংকজ জ্যোতি মহন্ত, নাজিফ হাজৰিকা, জয়ন্ত আকাশ বৰ্মন, পৰী পাৰবিন, অভিজিত দত্ত প্ৰভৃতি আটাইসকল সন্মানীয় অতিথি লেখক-লেখিকাৰ অনুপম লেখাই আলোচনাখনক ন ৰূপ দিলে । আমাৰ দৰে এখন নিঃকিন আলোচনাৰ বাবে লেখা বিচাৰি কৰা যোগাযোগৰ তাৎক্ষণিক সঁহাৰিত আমি আপ্লুত, অভিভূত । তেখেতসকলৰ এই বদান্যতাৰ বিনিময়ত সশ্ৰদ্ধ প্ৰণাম আৰু বুকুভৰা কৃতজ্ঞতাৰ বাদে আমি কিয়েইবা দিব পাৰো !

আপোনালোক আটাইৰে সহায়-সহযোগিতাত নিতান্তই অনুষ্টুপীয়াভাৱে আজি ২০১৮ খ্ৰীষ্টাব্দৰ চেপ্তেম্বৰ মাহৰ দ্বাবিংশতম দিনটোত এয়া আপোনালোকৰ হাতত তুলি দিছো গেটৱে একাডেমী জুনিয়ৰ কলেজৰ মুখপত্ৰ গেটওৱিয়ানৰ প্ৰথমটি সংখ্যা ।

হে অনুজ ভ্ৰাতৃ-ভগ্নীগণ, আজিৰে পৰা গেটওৱিয়ানক তোমালোকৰ হাতত গটালো । তোমালোকেও এদিন গেটওৱিয়ানক এনেদৰেই তুলি দিব লাগিব তোমালোকৰ অনুজসকলৰ হাতত, আৰু এনেদৰেই….

সময়ৰ চলকত দেৱালৰ কেলেণ্ডাৰ সলনি হ’ব । গেটৱে একাডেমীত চামে চামে নতুন নতুন ছাত্ৰ-ছাত্ৰী আহিব আৰু যাব । হয়তো শিক্ষকসকলো সলনি হ’ব । জীৱন-জীৱিকাৰ তাড়নাত ঘূৰণীয়া পৃথিৱীৰ বিভিন্ন স্থানাংকত সিচঁৰিত হৈ পৰিব আটায়ে ।আজিৰ পৰা বিশ-ত্ৰিছ অথবা পঞ্চাছ বছৰ পাছত পৃথিৱীৰ কোনোবা এটা চুকৰ পৰা নষ্টালজিয়াৰ ৰিমঝিম নিচাত যেতিয়া ম’বাইল অথবা কম্পিউটাৰৰ পৰ্দাত গেটওৱিয়ানৰ একো একোটা নতুন সংখ্যাত চকু ফুৰাম হয়তো তেতিয়া প্ৰতিবাৰেই মনত ভাঁহি আহিব এই সোণালী সময়খিনিৰ ডায়েৰীৰ পাতে পাতে চিকমিকাই থকা ভাগৰিও নাভাগৰা আমাৰ সহযাত্ৰীসকলৰ মুখবোৰ, এখন্তেকৰ বাবে স্মৃতিৰ পানীযুঁৱলিত ডুব দি খেপিয়াই চাম অতীতৰ মহঙা সময়বোৰক ।সময় সলনি হ’ব । এদিন হয়তো আমি নাথাকিম, গেটওৱিয়ান থাকিব । গেটওৱিয়ানৰ বুকুত থাকি যাব আমাৰ আজন্ম হেঁপাহ-ভালপোৱা-মৰম ।

গেটওৱিয়ান হওঁক গেটওৱে একাডেমী জুনিয়ৰ কলেজৰ বৌদ্ধিক মগজু ।

ভালে থাকা গেটওৱিয়ান ।
ভালে থাকা গেটওৱে একাডেমী জুনিয়ৰ কলেজ ।

ইতি

আপোনালোকৰ
প্ৰিয়ম প্ৰীতম
২২ ছেপ্তেম্বৰ, ‘১৮

Print Friendly, PDF & Email

25 Comments

  • Fatima zaman

    Good job…
    Good luck

    Reply
  • সৌৰভ শৰ্মা

    সম্পাদকীয়টো পঢ়িলো। ইমান সুউচ্চ চিন্তা আৰু ইয়াক সফল ৰূপায়নৰ পিছত কমেণ্ট দিয়াৰ কোনো যুক্তিযুক্ততা নাই। বাকী লিখনি সমুহো পঢ়িম। এই মহৎ কৰ্ম সদাআদৰণীয়।

    Reply
    • আপোনাৰ সময়কণ খৰচ কৰি আলোচনীখনত চকু ফুৰোৱা বাবে তথা আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে অশেষ ধন্যবাদ থাকিল ।

      Reply
  • নেহাংগনা

    বহুত ভাল লাগিল । হয়তো এইখনেই অসমৰ ভিতৰতে জুনিয়ৰ কলেজৰ পৰা স্বতন্ত্ৰভাৱে প্ৰকাশিত প্ৰথমখন ই-আলোচনী ।
    সম্পাদকীয়টোৰ কথা বেলেগকৈ কি কম ! আৱেগিক কৰি দিব পৰা সম্পাদকীয় ।
    সম্পাদক আৰু সমিতিৰ আটাইলৈকে অভিনন্দন । এই যাত্ৰাৰ শেষ নহওঁক কেতিয়াওঁ !

    Reply
    • এৰা । সম্ভৱতঃ এইখনেই প্ৰথম ।
      মন্তব্যৰ বাবে অশেষ ধন্যবাদ ।

      Reply
  • Mridul Kr. Sharma

    মই খুব কম সম্পাদকীয় পঢ়ো , কিন্তু যিকেইটা পঢ়িছো তাৰ ভিতৰত এইটো বেষ্ট ।
    খুব ভাল লাগিল ।
    আটাইলৈ অভিনন্দন ।

    Reply
  • Ankita Saloi

    ভাল লগাৰ জোখাৰে ভাল লগাই দিব পৰা সম্পাদকীয় ।
    ৱেৱছাইটটোৰ গ্ৰাফিক্স আৰু ডিজাইনিং চালে চকুৰোৱা হৈছে ।

    Reply
  • বহুত ভাল লাগিল তোমালোকৰ সাহসিক প্ৰচেষ্টা! সম্পাদকীয় লেখাটোৰ ভাৱাৰ্থই পাঠকক আৱেগিক কৰি তুলিবলৈ সক্ষম হব! যি টো এজন লিখকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সফলতা! বৈদুৰ্য্য বৰুৱাৰ লেখাদুটাই আলোচনী খনক এক অন্য মাত্রা প্ৰদান কৰিছে! তোমালোকৰ কষ্ট সাৰ্থক হওঁক, তাকে কামনা কৰিলোঁ!

    Reply
    • অশেষ ধন্যবাদ থাকিল দাদা । মন-মগজু সুখী কৰিব পৰা মন্তব্য । আগলৈও সঁহাৰি-সহযোগ দি থাকিব বুলি আশা ৰাখিলো ।

      Reply
  • কোকিল শইকীয়া

    সম্পাদকীয় অাৰু নিউটনৰ স’তে এটি সন্ধিয়া পঢ়িলোঁ । উচ্চখাপৰ হৈছে ।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল প্ৰীতম৷ প্ৰচেষ্টাৰ শলাগ জনালো৷ ফটাঢোল মেগাজিনৰ লগত ৱৰ্ডপ্ৰেচৰ থীমটো একে দেখি আৰু ভাল লাগিল৷

    Reply
    • এৰা । দুখন আলোচনী, যাত্ৰাপথ একেটাই !
      এখন যৌৱনপ্ৰাপ্ত, আনখনে থুপুক-থাপাককৈ খোজ দিব শিকিছেহে…
      মতামতৰ বাবে বহুত বহুত ধন্যবাদ থাকিল দাদা । আগলৈও সঁহাৰি-সহযোগ দি যাব বুলি আশা ৰাখিলো ।

      Reply
  • খাণ্ডিল্য নয়ন

    সম্পাদকীয়টোৰ পৰাই এখন আলোচনীৰ মানদণ্ড অনুধাৱন কৰিব পাৰি , সেই গতিকে এইখন এখন উচ্চ মানদণ্ডৰ আলোচনী হব বুলি ধাৰণা কৰি লৈছোঁ , লাহে লাহে লেখাবোৰ পঢ়িম । প্ৰতিটো প্ৰত্যাহ্বান নেওচি বহু কষ্ট অতিক্ৰম কৰি ন লিখকৰ বাবে মঞ্চ এখন দিয়াটো মুখৰ কথা নহয় , প্ৰশংসনীয় পদক্ষেপ , আগুৱাই যোৱা , শুভেচ্ছা থাকিল

    Reply
    • এনেবোৰ মন্তব্যৰ বাবেই কষ্টবোৰ কষ্ট যেন নালাগে ।
      অশেষ ধন্যবাদ দাদা, সুখী কৰিলে ।

      Reply
  • Lahar

    Vl lgl

    Reply
  • Pranab Kr. Barman

    সম্পাদকীয় উত্তম , অইন দৈনিক কাকত-আলোচনীৰ লগত ফেৰ মাৰিব পৰা হৈছে । বাকী প্ৰায় আটাইখিনিয়েই পঢ়িলো । জুনিয়ৰ কলেজ হিচাপে বহুত বেছি ভাল হৈছে । এতিয়া ভাবিছো এনেকুৱা আলোচনী এখন আমাৰ কলেজীয়া দিনত উলিয়াব পাৰিলেও আমাৰ হাতৰ জড়তা ভালেখিনি কমিলহেঁতেন ।

    ~প্ৰণৱ কুমাৰ বৰ্মন

    Reply
    • আপুনি পঢ়ি মন্তব্য দিলে, বহুত সুখী হলো দাদা । আগলৈও লগত থাকিব বুলি আশা ৰাখিলো ।

      Reply
  • Nayan chetia

    আলোচনীখনৰ সকলো বোৰ‌ লেখা এতিয়ালৈকে পঢ়া নাই যদিও সম্পাদকীয় শিতানতো পঢ়াৰ পৰাই আলোচনী খনৰ প্ৰতি মোৰ উৎসুকতা বাঢ়িছে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *