গেটওৱিয়ান/ Gatewayian

এমুঠি বিষাদ ~ ধৃতিমান ডেকা

 

 

মনত আছেনে তোমাৰ সেই

কোলাহল গধূলিটি

হেৰুৱাইছিলো যে সকলো,

কেতিয়াবা ভাবো মই, আৰু
অনুভৱ কৰো এক জঠৰতা
আৰু বহুতো……
এমুঠি বিষাদৰে অকলশৰীয়া জীৱনটি হাতত লৈ
বিচাৰি ফুৰিছোঁ তোমাৰ কাজলসনা
সেই দুচকু ।
হৃদয় খনে কেতিয়াবা
হাঁহাকাৰ কৰি উঠে
তুমিবিহীন জীৱনটিৰ কাৰণে ।

মন যায় কেতিয়াবা
ভৰিৰে গচকি,
এই বিষাদ নামৰ শব্দটিক
আৰু আৰম্ভ কৰিবৰ এক নতুন যাত্ৰা ।।

একাডেমিক পৰিচয় :
একাদশ শ্ৰেণী

বিজ্ঞান শাখা

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *