গেটওৱিয়ান/ Gatewayian

আজিৰ শিক্ষা ব্যৱস্থা আৰু কিছু জনপ্ৰিয় চিন্তা-দুচিন্তা ¬চিন্ময় ডি কাশ্যপ

“পঢ়াই পঢ়ে ৰোৱে পাণ
সেই তিনিয়ে নিচিন্তে আন ।” – কোৱা হয় যে শিক্ষক-শিক্ষাৰ্থী সকলে অইন কামত নিজৰ সময় অপব্যয় কৰিব নালাগে । কিন্তু বৰ্তমান সময়ত সেয়া জানো উচিত ? মোৰ বোধেৰে বৰ্তমানৰ শিক্ষা ব্যৱস্থা ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম । বৰ্তমানৰ শিক্ষা ব্যৱস্থা হৈ পৰিছে ধনকেন্দ্ৰিক । আজিকালি অভিযন্তা অথবা চিকিৎসক হ’বলৈ গ’লে প্ৰকৃতাৰ্থত চোৱা নহয় যে সেই বিষয়টোৰ ওপৰত আপুনি কিমান জানে অথবা শৰীৰতত্ত্বৰ ওপৰত আপোনাৰ জ্ঞান কিমান !  তাৰ সলনি চোৱা হয় যে ১৮০ মিনিটত আপুনি কিমানটা MCQ সমাধা কৰিব পাৰে ! আৰু তাৰ কাৰণে আপুনি যাব লাগিব কাঠফুলাৰ দৰে অৰঙে-দৰঙে গজি উঠা তথাকথিত নামী-দামী কোচিং চেণ্টাৰলৈ , যত এক কাৰাগাৰ সদৃশ পৰিৱেশত আপোনাক এই বিষয়সমূহৰ ওপৰত ‘জ্ঞান’ দিয়া হয় । এনে একোখন মহৎ শিক্ষানুষ্ঠানৰ মাচুল খুব কমেও দুইৰ পৰা পাঁচ লাখৰ ভিতৰত । গতিকে আজিৰ দিনত এজন মধ্যবিত্ত পৰিয়ালৰ সন্তানে তেনেবোৰ শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ কল্পনা কৰাটো আকাশ-কুসুম স্বৰূপ ।

ইণ্টাৰনেটৰ পৰা পোৱা তথ্য অনুসৰি প্ৰতিবছৰে ভাৰতৰ পৰা লক্ষ-লক্ষ অভিযন্তা ডিগ্ৰীধাৰী ওলোৱাৰ পাছতো আৱিস্কাৰৰ তালিকাত ভাৰতৰ স্থান বহুত তলত আৰু দিনক দিনে ই আৰু নিম্নমুখী হৈহে যাব লাগিছে ! আনকি এন.আৰ. নাৰায়ণ মূৰ্তিৰ দৰে ব্যক্তিয়েও হতাশাৰে যোৱা ছয়-সাতটা দশকত ভাৰতৰ পৰা উচ্চখাপৰ একো এটা উদ্ভাৱন হোৱা নাই বুলি খেদ প্ৰকাশ কৰা কথাটোও পাঠকসমাজে নিশ্চয় পাহৰা নাই । এই ক্ষেত্ৰত উদ্ধৱ ভৰালীৰ দৰে আঙুলিৰ মূৰত গণিব পৰা দুই-চাৰিজনক বাদ দিলে অসমৰ অৱস্থা আৰু পুতৌজনক । প্ৰিয় পাঠকবৃন্দ, সামান্য চিন্তা কৰি এনে এবিধ ভাৰতীয় উদ্ভাৱন, টেকনলজি অথবা আইডিয়াৰ কথা কওঁকচোন যিবিধ আজি পৃথিৱীৰ ঘৰে ঘৰে অত্যৱশ্যকীয় অথবা যোৱা ছয়-সাতটা দশকত ভাৰতৰ উচ্চগৱেষণাৰ ক্ষেত্ৰৰ লাইখুঁটা স্বৰূপ সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে দিয়া এটা পৃথিৱী কঁপোৱা যুগান্তকাৰী আৱিষ্কাৰৰ কথা কওঁকচোন ।

দুয়োটা প্ৰশ্নৰেই উত্তৰ একেটাই ! কি ? শূণ্য । হয়, আৱেগহীন ভাৱে যুক্তিপূৰ্ণ নিৰ্লিপ্ততাৰে বিশ্লেষণ কৰি চালে এই শূণ্য উত্তৰটোৱেই নাচি-বাগি আহিব অথবা আহিবলৈ বাধ্য ! কিন্তু কিয় ? ইয়াৰ কাৰণ হিচাপে ঘূৰি ঘূৰি সেই একেই শিক্ষা ব্যৱস্থাৰ কথাটোৱেই আহি পৰে ।

কিয় এনে হয় ? এনে হোৱাৰ কাৰণ হ’ল আমাৰ দেশৰ অধিকাংশৰ বাবেই শিক্ষাব্যৱস্থা মানেই হৈছে পৰীক্ষাত নম্বৰ লোৱা আৰু সফলতাৰ সংজ্ঞা হৈছে মোটা দৰমহাৰে সৈতে এটা সুৰক্ষিত চাকৰি, এখন বিলাসী গাড়ী, এটা ‘ভাল’ ঘৰ ইত্যাদি ইত্যাদি ।শুনাত চলচিত্ৰৰ সংলাপ যেন লাগিলেও বাস্তৱ জীৱনত এইটোৱেই সত্য যে এইখন দেশত অধিকাংশ শিক্ষাৰ্থীৰ অভিভাৱকে তেওঁবিলাকৰ সন্তানে শিকা অথবা জ্ঞান লাভ কৰাৰ সলনি অধিক পচন্দ কৰে নিজৰ সন্তানে শ্ৰেণীত ‘প্ৰথম’ হোৱাটোহে । আমাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা এইটো কথা ক’ব পাৰো যে দ্বাদশ শ্ৰেণী গৰকা পৰ্যন্ত আমাৰ অনেক ছাত্ৰ-ছাত্ৰীয়ে বেংক, ডাকঘৰ আদি গৰকি নাপায় ।আৰু গোটেই ব্যৱস্থাটো যদি এনেদৰে থাকে তেন্তে ভাৰতো সদায় শিক্ষিত নিবনুৱাৰেই দেশ হৈ থাকিব । এইটো সত্য যে বিদেশৰ সকলোখিনিও সোণসেৰীয়া নহয়, আমাৰো আটাইবোৰ বজৰুৱা নহয় । তথাপিও একে সময়তে এইটোও সত্য যে উদ্ভাৱন অথবা নতুন ধাৰণাৰ গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষা পদ্ধতিৰ পৰা আমাৰ কিছু শিকিবলগীয়া আছে ।

শেষত মই আমাৰ অভিভাৱক সমাজক এয়ে কওঁ যে আপোনাৰ গধুৰ গধুৰ সপোনৰ ভাৰবোৰ আপোনাৰ সন্তানটিৰ কান্ধত জাপি নিদিব । আপোনালোকৰ এই ওপৰলৈ উধোৱাৰ আক্ৰোশ অথবা দুৰ্বাৰ তাড়নাত ( যাক আপোনালোকে হেঁপাহ অথবা সপোন নাম দি লৈছে ) আপোনাৰ সন্তানে হেৰুৱাই পেলাব তাৰ জন্মগত দুয়োখনি পাখি । সপোন দেখিবলৈ দিয়ক আপোনাৰ সন্তানক তাৰ নিজৰ হিচাপত, আপুনি সন্তানৰ পথপ্ৰদৰ্শনকাৰী হওঁক, অপহৰণকাৰী নহ’ব, সন্তানৰ পৰা অপহৰণ কৰি নল’ব তাৰ সপোন দেখাৰ সপোনবোৰক । আপোনাৰ সন্তানৰ জীৱনটোক সমীকৰণ হৈ থাকিবলৈ দিয়ক, জধে-মধে প্ৰতিযোগিতাৰ চলক-ধ্ৰুৱকৰে তেওঁবিলাকৰ জীৱনক অসমিকা হ’বলৈ দিয়াৰ ভুলটো নকৰিব আৰু যদি কৰে তেতিয়া আপোনাৰ সন্তান বাদেই সময়েও আপোনাক ক্ষমা নকৰিব ।

একাডেমিক পৰিচয় –
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
বিজ্ঞান শাখা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *