গেটওৱিয়ান/ Gatewayian

এজন ছিনিয়ৰৰ চকুত গেটৱে একাডেমী ,২০১৭-২০১৯

দুখবোৰেই জীৱনৰ চিৰলগৰী,সুখবোৰ অতিথিহে, মাজে মাজে আহে । এই দুটা বছৰ, আমি আগবাঢ়িছিলো…হাতত হাত থৈ । অকলশৰীয়া হোৱা নাছিলো কেতিয়াও, হাতখন মেলি দিলেই কাৰোবাৰ নহয় কাৰোবাৰ অইন এখন হাত সদায় পাইছিলো । ছাত্ৰ হিচাপে আমি কিমানদূৰ সফল হ’লো সেয়া সময়ে ক’ব, কিন্তু আজি মই গৌৰৱেৰে ক’ব পাৰো বন্ধু হিচাপে আমি সম্পূৰ্ণ সফল ! মৃণালকান্তি ছাৰৰ ভেক্টৰ, ইলেক্ট্ৰিচিটি আৰু ইলেকট্ৰনিকছ্ , সীমান্ত ছাৰৰ অৱকলজ, ফলন আৰু সম্ভাৱিতা, কিশোৰ ছাৰৰ জীৱবিজ্ঞানৰ ক্লাছ যিয়ে পাইছে সি জীৱনত পাহৰিব নোৱাৰে ! কোনে পাহৰিব পাৰে […]

Read more

গেটওৱে একাডেমীত মোৰ প্ৰথম দিন ¬মৌচুমী বৰুৱা

গেটওৱেলৈ স্বাগতম । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত মই মা-দেউতা আৰু জ্যেষ্ঠ সকলৰ পৰামৰ্শ লৈ গেটওৱে একাডেমীত পঢ়িম বুলি সিদ্ধান্ত ললো । বুকুত অযুত আশা, অযুত হেপাহ বান্ধি এই কলেজত প্ৰথম খোজ দিছিলো । প্ৰথম দিনাই ভয়, লাজ, অকলশৰীয়া ভাৱ আদিয়ে যেন মোক হেঁচা মাৰি ধৰিছিল । মনত বহুতো প্ৰশ্নৰ উদয় হৈছিল , কিজানিবা কোনোৱে মোক নামাতেই, ছাৰ-বাইদেউসকলে আহিয়েই মোক কিবা প্ৰশ্ন কৰিব নেকি ইত্যাদি ইত্যাদি । মোৰ মনত ভয় আৰু আনন্দই যেন মিশ্ৰিত ৰূপ লৈছিল । কিন্তু যেতিয়াই […]

Read more