গেটওৱিয়ান/ Gatewayian

দুটা গল্প ~ নাজিফ হাজৰিকা

(১) ‘ ধাম !’এক গোৰ মাৰি প্ৰশান্তই ৰুমৰ দৰ্জাখন খুলি সোমাই আহিল । জুনিয়ৰ ৰুমমেট দিগন্তই পঢ়িথকাৰ পৰা প্রশান্তলৈ মূৰ তুলি চালে ! ঢলং-পলং খোজেৰে প্ৰশান্ত দিগন্তৰ ওচৰলৈ আহিল । প্ৰশান্তৰ মুখৰ পৰা ওলাই অহা মদৰ ভেকেটা-ভেকেট গোন্ধটো ৰূমটোত বিয়পি পৰিল । – কি পঢ়িছ চাওঁ পোৱালি ! প্ৰশান্তই দিগন্তৰ কিতাপখন লুটিয়াই চালে । – ” Quantum mechanics ! উম পঢ়-পঢ় । ” – দিগন্তৰ পিঠিত চপৰিয়াই প্ৰশান্ত নিজৰ বিচনাত ধামকৈ পৰি দিলে । অলপ সময়ৰ পিছত তাৰ ফোনটো বাজি উঠিল । – ” হেল্ল , […]

Read more

নিউটনৰ স’তে এটি সন্ধিয়া (প্ৰিয়ম প্ৰীতম)

“মাজে মাজে চেনিও চুৰ কৰি চাব পাৰা । আধা চামুচ চেনি খাই দিলেও আধা ঘণ্টা চলি থাকিব পৰাকৈ এনাৰ্জি পায় ।”“সেইকাৰণেই হ’বলা তই ছোৱালীৰ ইনবক্সে-ইনবক্সে চেনি দি ফুৰ ।”“ই হাৰামীয়ে চাহিত্য কৰে নহয় । এইটোও কিবা চাহিত্য । চেনিচোৰ চাল্লা । ঐ ৰতনদা, এইফালে চাৰিটা চাহ আৰু চাৰিটা চিঙাৰা দিবচোন । একপ্লেট চেনিও দিব লগত ।”কাউণ্টাৰৰ পৰা ৰতনে চকুদুটা ডাঙৰ কৰি এবাৰ আমালৈ চালে । গোটেইকেইটাই হাঁহি দিয়াত ৰতন ভীষণ অপ্ৰস্তুত হ’ল ।“এইবোৰ নুবুজিব ৰতনদা । ইনষ্টেণ্ট এনাৰ্জি গ্লুক’জ । […]

Read more

চিঠি – এটা প্ৰেমৰ গল্প ~ লহৰ নাথ

(১) কলিং বেলৰ শব্দত হাতৰ কাগজখনৰ পৰা মূৰ তুলি দুৱাৰখনৰ ফালে চালো । কোম্পানীৰ ডিগবৈ ব্ৰান্সটোত নতুনকৈ ট্ৰেন্সফাৰ হোৱা আজি তিনিদিনো হোৱা নাই, এতিয়াও থাকিব পৰা কোৱাৰ্টাৰ ঠিক হোৱা নাই বাবেই পি.ডব্লিউ.ডি.ৰ এই গেষ্ট হাউচটোতেই আছোহি । ইয়াতো অৱশ্যে থকা-শোৱাত বিশেষ একো সমস্যা হোৱা নাই । কোম্পানীৰ বৰা উপাধিৰ তদাৰকী বিষয়াজনে সকলোখিনি থান-থিত লগাই অলপ আগতে গৈছেহে । ইয়াত মোৰ অইন কোনো চিনাকিও নাই যিয়ে আহি কলিং বেল টিপিব ! হয়তো কোম্পানীৰে কোনোবা কৰ্মী হ’ব পাৰে, কিবা কামত বৰাই পঠিয়াইছে […]

Read more

দুটা জীয়া কাহিনী ~ ৰামানুজ গোস্বামী

(১) ..আমাৰ হোষ্টেলত এটা প্ৰথা গঢ় লৈ উঠিছিল যে,কাৰোবাৰ বাৰ্থডে,পৰীক্ষাত টপাৰ,বা কোনোবাই “য়েছ” আদি পোৱাৰ ভাল খবৰ থাকিলে তেতেলীয়াৰ সিঙৰ ধাবাতে পাৰ্টি দিয়া হৈছিল।তেতেলীয়া মানে,বৰ্তমান বৰাগাওঁ পোৱাৰ আগেয়ে পোৱা হাই-ৱে খণ্ড;যত ট্ৰাকৰ ড্ৰাইভাৰ-হেণ্ডিমেনৰ খোৱা-শোৱাৰ ব্যৱস্থা এই ধাবাবোৰত হৈছিল।তাৰেই অন্যতম সিঙৰ ধাবা,য’ত মাংস হাফ্ প্লেট ১০ টকা আৰু ৰুটি খনে ১ টকা।এই গৰম ৰুটি-মাংসই আছিল পাৰ্টি;মাংস মানে ছাগলীৰ মাংস বুজা গৈছিল কাৰণ হোষ্টেলত দিয়া মূৰ্গী মাংসৰ নাম চ্চিকেন! আমাৰ তলত বেট্ছ্ ৰে সীমান্তৰ জন্মদিনত আমাৰ হোষ্টেলৰেই সিহঁতৰ লগৰ ১৫-১৬ জন আৱাসী […]

Read more

আগ্নেয়গিৰিৰ লাভাই জ্বলাই ছাঁই কৰি নিয়ক মোক ~ জয়ন্ত আকাশ বৰ্মন

খিৰিকিখনৰ কাষৰ চিটটোতেই সদায় মই বহো। কাৰণ ইয়াৰ পৰাই তাইক মই দেখি থাকোঁ। মই তাইৰ নাম এটা দি লৈছিলো, শ্যামলী ।তাইৰ সেই সমাহিত মূর্তি। বতাহে চুই কঁপাই যোৱা তাইৰ প্রত্যংগ। তাইক চুই অহা প্রতিটো বৃষ্টিকণা মই অলিন্দ ভৰাই লব খোজো। “খিৰিকিৰে বাহিৰত কি চাই আছা?”-গম পোৱা নাছিলো কেমিষ্ট্রিৰ চাৰে মোক লক্ষ্য কৰি আছিল। নুবুজা ভাও ধৰি মই পিছফাললৈ চালো। পিছৰ বেঞ্চত সঞ্জয়, ৰাহুল, অৰিন্দমহঁত। এনেকুৱাকে কিতাপত মগ্ন দেখাইছে যেন সিহঁত একো একোটা তপস্বীহে !‘তোমাক কৈছো, পিছফালে চাব নালাগে। ইউ ইউ আকাশ […]

Read more

সভ্যতাৰ পৰিসমাপ্তি (মানস প্ৰতীম শৰ্মা)

সভ্যতাৰ পৰিসমাপ্তি মানস প্ৰতীম শৰ্মা একাদশ শ্ৰেণী (বিজ্ঞান)   ড° দ্ত্তৰ হাতৰ পৰা ক্ষুদ্ৰাকৃতিৰ ৰিচিভাৰটো পৰি গ’ল। তেওঁৰ হাত ভৰি কপিবলৈ আৰম্ভ কৰিছিল। তেনেতে তেওঁ মজিয়াৰ পৰা পাঁচ ফুটমান ওপৰত ভাঁহি থকা ফ্লোটিং চেয়াৰখনৰ পৰা পৰি গ’ল।… …কিছুসময় পিছত তেওঁ সংজ্ঞা ঘূৰাই পালে। পিছে পুণৰবাৰ নিজৰ ভৰিত থিয় হ’বলৈ তেওঁৰ শক্তি নাই। তেওঁৰ শৰীৰটোৱে এক সীমাহীন ক্লান্তি অনুভৱ কৰিছে।তেনেতে তেওঁৰ চকু গ’ল ডেৰ সপ্তাহ আগতে মৃত্যু হোৱা আইনাৰ কফিনত আৱদ্ধ হৈ থকা ড°প্ৰীতমৰ মৃত দেহটোলৈ। মৃতদেহটো দেখি তেওঁৰ দুচকু অশ্ৰু […]

Read more

তাৰমানে ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব’ পাৰি ??মোৰ জীৱনৰ এটা ভুল (বহু ভুলৰ মাজৰ) ~ প্ৰতিভূ দত্ত

২০০০ চনৰ কোনোবা এটা দিন ৷ যোৰহাটৰ পৰা বাছখন শিৱসাগৰ নাপাব গৈ যেন লাগিছে ৷ দুবাৰমান আকৌ মনলৈ ভাব আহিছে চালকজনক কওঁ নেকি, ‘‘বাছখন যোৰহাটলৈকে ঘুৰাই দিয়া ৷ মই নাযাওঁ ৷’’ পাছ ক্ষণতে আকৌ ভাবো, ‘‘নাই ! এইবাৰ যদি গৈ কেনেবাকৈ কথাটো কোৱা নহয় তেনেহ’লে ছাগে শিৱসাগৰলৈ জীৱনত আৰু কেতিয়াও যোৱা নহ’ব !’’ খিৰিকীৰে বাহিৰলৈ চাই চাই চিন্তা কৰিব লৈ ধৰিলো, ‘‘কি বুলি কথাটো কোৱা ভাল হ’ব বাৰু ?’’ ‘‘কথা এটা আছিল ৷……’’ নাই এনেকৈ আগতেও বহুবাৰ চেষ্টা কৰি চাইছিলো […]

Read more

মেটামৰফচিচ ~ অভিজিত দত্ত

পৃথিৱীখন ধ্বংস হোৱাৰ দুদিনমানৰ পিছৰ কথা। বগাৰাম দাসে লাহেকৈ মাটিৰ পৰা উঠি চকুদুটা মচি ললে। সীমাহীন বৰফ। মহানগৰখনৰ কোনো চিন-মোকাম নাই। দাসে মনত পেলালে। হয়, সি সেইসময়ত বজাৰৰ ডাঙৰ দোকানখনতেই আছিল। হঠাৎ এক প্ৰচণ্ড শব্দৰ সৃষ্টি হৈছিল আৰু ডাঙৰ ডাঙৰ অট্টালিকাবোৰ চূৰ্ণ-বিচূৰ্ণ হৈছিল। বগাৰাম দাস চাহৰ দোকানখনৰ মালিকৰ টকা থোৱা বাকচটো যিখন টেবুলত থোৱা আছিল, তাৰ তলতেই সোমাইছিল। খন্তেকৰ বাবে তাৰ মুখত হাঁহি এটাৰ সৃষ্টি হৈছিল। পিছে চকুৰ পচাৰতে সি কব নোৱাৰা হৈ পৰিছিল। তাৰ পিছত বগাৰাম দাসৰ একো কথা […]

Read more

এইচ আই ভি ~ পৰী পাৰবিন

কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ পোহৰত জোনাক সনা গুড়ি গুড়ি বৰষুণজাকৰ মাজত তাৰ অনাই বনাই ঘূৰি ফুৰিবলৈ মন গ’ল । পিছে এতিয়া সময় নাই। ৰাগিনী ৰৈ আছে তালৈ। সিহঁতে আজি একেলগে ৰেষ্টুৰেন্টত ডিনাৰ কৰাৰ কথা। তাৰ পিছে মন গৈছে ৰাস্তাৰ কাষৰ ধোঁৱা বলি থকা চাহ একাপ আৰু মুৰমুৰিয়া পপ এটাৰ সোৱাদ লোৱাহে । ৰাগিনীয়ে পপ খাবলৈ ভাল নাপায়, মুখৰ সমস্ত মেকআপ বেয়া হৈ যায় […]

Read more

এটা ৰঙা খাম ~ মানসী ডেকা

মই তেতিয়া ষষ্ঠ শ্ৰেণীত । কি বাৰ ঠিক মনত নাই কিন্তু শৰতৰ আগমন হৈছিলহে মাত্ৰ । গতানুগতিকভাৱে অইন দিনাৰ দৰে সিদিনাও মই স্কুললৈ আগবাঢ়িছিলো । ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হবলৈ যো-জা কৰোতেই ভৰিত লগা কিহবাৰ আকস্মিক স্পৰ্শত তললৈ চাই দেখিলো যে এটা ৰঙা খাম মোৰ কাষত পৰি আছে । ইফালে-সিফালে চাই সাউতকৰে সেইটো বুটলি খুলি চাই দেখিলো যে তাত কেবাখনো নতুন দুহেজাৰটকীয়া নোট আছে । গণি চাই দেখিলো পূৰাপূৰি দহহেজাৰ টকা । মই ভাবিলো যে সেই টকাৰে কেইযোৰমান ভাল দামী কাপোৰ […]

Read more