গেটওৱিয়ান/ Gatewayian

ছাৰ-বাইদেউ স্পেচিয়েল ~ বৰষা চৌধুৰী

একৰ্ডিঙ টু ত্ৰিদিপ ছাৰ সকলো নিখুঁতকৈ পঢ়াতো ‘বেটাৰ’, উত্তৰ লিখিবা নিখুঁত তেতিয়াহে পাবা নম্বৰ ‘গুড’ । নিশা বাইদেউৰ সুন্দৰ ‘এডভাইচ’, আমাৰ বাবে বেষ্ট গাইড, বিশ্ব ছাৰ অত্যন্ত ‘বিজি’ কয় আমাক একাউণ্টেনছী হৈছে বৰ ‘ইজী’ । ক্লাছত ছাত্ৰ-ছাত্ৰীয়ে বদমাছী কৰিলে আহমেদ ছাৰে গালি পাৰে ‘ননচেন্স’ জুনু বাইদেউৰ সুন্দৰ ইমপেক্ট অসমীয়াক নকৰিবা তোমালোকে ‘নেগলেক্ট’ । ব্ৰজেন ছাৰ একদম পাৰফেক্ট দেহাৰ লগতে পঢ়াওতেও নাই ‘ডিফেক্ট’ মানস ছাৰ সহজ-সৰল-ছিম্পল অৰ্থনীতি বুজাবলৈ দিয়ে বহুতো ‘ছেম্পল’ । হীৰক ছাৰো সহজ-সৰল শ্ৰেণীত গৈ কয় কোৱা ‘ৰিকেপ’ ! এয়াই […]

Read more

প্ৰেম, তোমালৈ এখন চিঠি…¬ নীলোৎপল ডেকা

  (১) তাই কয় সৰাপাত হেনো প্ৰেমৰ ব্যৰ্থতাৰ এক সোঁৱৰণী মই কওঁ সৰাপাত মানেই এবছাইছিছ এছিড সৰাপাত সৰি পৰে সৰাপাত সৰি নতুন পাত গজে, (সৰাপাত সৰা কাৰণে নতুন পাত গজে নে নতুন পাত গজাবলৈ সৰাপাত সৰি পৰে ?) বৰ সহজ, বৰ সহজ বুইছা “নো লাভ, মাই লাইফ নট টাইম, ফৰ লাভ” বুলি চিঞৰিবলৈ ব্ৰেকআপৰ পাছততো আৰু সহজ প্ৰেমত নপৰো বুলি ক’বলৈ, তাতকৈয়ো সহজ প্ৰেমত নপৰো বুলি কৈ আকৌ প্ৰেমত পৰিবলৈ !   (২) তাই কয় প্ৰেম গছৰ পাতৰ দৰে , […]

Read more

মৰণলৈ আৰু কিমান বাট ~ কাকলি নাথ

  চৌপাশে তেজে ধোঁৱা মাটি কত থওঁ দুভৰি দাঁতিয়ে দাঁতিয়ে মৰা জিলিৰ চকুপানী কোন জীয়াই আছে ।   নিমাত….নিথৰ….আপুনি,মই ভঙা ঘৰ, ভঙা নদী খৰাং বতাহাজাকটো ৰঙা আঁচোৰৰ দাগ কতো সাৰে নাই মৰম ।   মন নগলেও আপোনবোৰক সপি দিওঁ কঠিন দুহাতৰ আন্ধাৰত নতুনৰ আলি সজাবলৈ ধমনীত যদিও ৰুই থওঁ শিপা হেৰোৱা দুবৰিবোৰ এখোজ দুখোজকৈ আগুৱাই চাওঁ মৰণলৈ আৰু কিমান বাট।।   চৌপাশে তেজে ধোঁৱা মাটি কত থওঁ দুভৰি দাঁতিয়ে দাঁতিয়ে মৰা জিলিৰ চকুপানী কোন জীয়াই আছে ।   নিমাত….নিথৰ….আপুনি,মই ভঙা […]

Read more

বিষাদৰ ঠিকনা ¬দেৱাশীষ কাশ্যপ

নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা তোমাৰ ঠিকনা নজনা হলে হয়তো মই আজিও হৈ থাকিলোহেতেন সৌ মুক্ত আকাশখনিত উৰি ফুৰা মুক্ত বিহংগটি   তোমাৰ ঠিকনাই যেন কাঢ়ি নিলে মোৰ সেই অবাধ স্বাধীনতা সলনি কৰি দিলে মোৰ জীৱন পৰিক্ৰমা এতিয়া তোমাৰ চিন্তাত পিঞ্জৰাবদ্ধ পখীৰ দৰেই ছটফটাই মোৰ হৃদয় উশাহত বন্দী হয় নিশা এতিয়া মোৰ সপোন আৰু দিঠক একাকাৰ থৰ হৈ পৰিছো মই বিষাদবোৰ বুকুত সাবটি এতিয়া যেন জীৱন মোৰ স্থবিৰ এক আধৰুৱা কাহিনী সেয়ে কৈছোঁ নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা মোৰ হৃদয়ত […]

Read more

নাৰী তুমি সৃষ্টিশীলা ~জ্যোতিস্মিতা ৰাজবংশী

নাৰী তুমি অনন্যা হৈয়ো আকিঞ্চন-বঞ্চিতা তোমাৰ নিজৰ বুলিবলৈ থাকো মাথো ৰিক্ততা, একক্ষণত সকলো নিজৰ আনক্ষণত সকলো আনৰ তুমি ত্যাগেৰে দেশে দেশে চিৰদিন আলোকিতা তথাপি আজিও তুমি সমাজত পদদলিতা । তোমাৰ শাশ্বত পূজ্যা ৰূপেৰে তুমি মহিমামণ্ডিতা, সেই ৰূপৰ বাবেই তুমি আকৌ নিৰ্যাতিতা । নিৰুপায় মনে চিঞৰে দেৱী ৰূপক শক্তিৰ প্ৰতীক ৰূপে সেৱা কৰি, ঘৃণা কৰা হয় কিয় দূৰ্বলী আখ্যাৰে কন্যাক ? হে নাৰী, তোমাৰ কোমল হৃদয় কঠিন কৰা তোমাৰ দেহত বিলীন হৈ থকা সেই স্বমহিমামণ্ডিতা মাতৃৰূপিনী শক্তি দেখুওৱা যি শক্তি অবিহনে […]

Read more

: অপ্ৰেমৰ দুটি স্তৱক : ¬চৰণদীপ ঠাকুৰীয়া

(১) : অদৰকাৰী :   মোৰ জন্মৰ হেজাৰ, এশ অথবা অৰ্ধ শত বছৰ আগেয়ে ভাবিছিল জানো কোনোবাই মই যে এই পৃথিৱীত জন্মিম ! উদাস মদাৰজোপাৰ পাহিৰ ৰঙাখিনিয়ে যেন মোক হাঁহি হাঁহি ক’লে, “সকলোৰে যদি জগতত দৰকাৰেই থাকে, তেন্তে অদৰকাৰীনো কোন !” (২) : মোৰ মৃত্যুৰ পাছত… :   “যোৱা অমুক মাহৰ অমুক তাৰিখে আমাৰ দাদা/ভাইটি/পুত্ৰ শ্ৰী…. – ইতি শোকসন্তপ্ত পৰিয়ালবৰ্গ ” প্ৰিয়জনে হয়তো মোৰ মৃত্যুৰ গতানুগতিক পোষ্টাৰখন এবাৰ পঢ়িয়েই জাৱৰৰ দ’মলৈ দলিয়াই পেলাব । একাডেমিক পৰিচয় – উচ্চতৰ মাধ্যমিক দ্বিতীয় […]

Read more

যন্ত্ৰণা ¬মধুষ্মিতা বৰুৱা

এটি জোনাক নিশাত মোৰ কোঠাৰ খিৰিকীয়েদি সোমাই আহিছিল এটি এধানমণি নীলা চৰাই , তাইৰ গাত লাগি আছিল এক অনুভৱী ৰাগি…৷৷ এক অনাবিল প্ৰশান্তিও জিৰাইছিল মোৰ বুকুৰ মাজত, বুকুত যে তাইৰ অজান বেদনা দুচকুত আপোনজনক হেৰুৱাৰ দুখ ৷ তাইৰ কৰুণ বিননিত কান্দি উঠিছিল ওন্দোলা আকাশখনে আৰু সৰি পৰিছিল জৰ জৰ কৈ, ওলমি থকা দুখৰ কণিকা ৷ একাডেমিক পৰিচয় – একাদশ শ্ৰেণী (বিজ্ঞান)

Read more

এমুঠি বিষাদ ~ ধৃতিমান ডেকা

    মনত আছেনে তোমাৰ সেই কোলাহল গধূলিটি হেৰুৱাইছিলো যে সকলো, কেতিয়াবা ভাবো মই, আৰু অনুভৱ কৰো এক জঠৰতা আৰু বহুতো…… এমুঠি বিষাদৰে অকলশৰীয়া জীৱনটি হাতত লৈ বিচাৰি ফুৰিছোঁ তোমাৰ কাজলসনা সেই দুচকু । হৃদয় খনে কেতিয়াবা হাঁহাকাৰ কৰি উঠে তুমিবিহীন জীৱনটিৰ কাৰণে । মন যায় কেতিয়াবা ভৰিৰে গচকি, এই বিষাদ নামৰ শব্দটিক আৰু আৰম্ভ কৰিবৰ এক নতুন যাত্ৰা ।। একাডেমিক পৰিচয় : একাদশ শ্ৰেণী বিজ্ঞান শাখা  

Read more

ৰঙীন সপোন ¬আচিফ আলী

ৰচিছো মই ৰঙীন সপোন তুমি জানো বুজি পাবা, সাঁচি ৰাখিছোঁ এবুকু মৰম তুমি জানো বিচাৰিবা?   শুনিবা জানো কাষত লৈ মোৰ সপোন? জানিবানে বাৰু তোমাৰ বুকুৰ গোপন প্ৰেমৰ কথা?   কেতিয়াবা তুমি অভিমানী হৈ অলপ আতঁৰি যোৱা উজাগৰে ৰাতি নীলা চকুলো টোকো তুমি জানো ভাবি চোৱা?   বিচৰা নাই ম‌ই আকাশৰ জোন,বেলি,তৰা বিছাৰিছো মাথো এধানি মৰম তোমাৰ বুকুৰ পৰা। একাডেমিক পৰিচয় – একাদশ শ্ৰেণী (বিজ্ঞান)

Read more

বৰ্তমানৰ দৃশ্যপট ¬ভায়োলীনা দাস

  আজি, শৰতৰ প্ৰথম নিশা জোনাকৰ হাঁহিৰে পূৰ্ণ হ’ব লাগিছিল সমগ্ৰ ধৰা   কিন্তু , বৰ্তমানৰ দৃশ্যপটত মই দেখিছো কি? মাথো অমাৱশ্যৰ ঘোৰ আন্ধাৰ বৰ্তমান চৌদিশে নাই জোনাক সুৰুজৰ পোহৰো যেন ম্লান দুৰ্নীতি,সন্ত্ৰাস ধৰ্ষণ মৃত্যুৰ বাধাহীন আবাধ বিচৰন, শান্তি সম্প্ৰীতিৰ নামত চলিছে মাথোন ভ্ৰষ্টাচাৰৰ অপশাসন। প্ৰতিশ্ৰুতিৰ আধাৰশিলাৰে সকলোৱে চলে বলে, কৰিব বিচাৰে মাথো ৰাজ সিংহাসনত আৰোহন। কেতিয়াবা এই অমাৱশ্যৰ আন্ধাৰেৰে আৱৰা আকাশৰ তলত বহি ভাবো নিষ্পেষিত জনতাৰ কথা এজাক দৰিদ্ৰশিশুৰ বঞ্চনাৰ কি যে কৰুণ গাঁথা । কেতিয়াবা মোৰ মানসপটত বিৰিঙি […]

Read more
1 2