গেটওৱিয়ান/ Gatewayian

সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate ~ ৰাজীৱ ফুকন

এটা ক্লিকতে গোটেই ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ; প্ৰতিটো ৱেবচাইট, কিতাপ, অডিঅ’, ভিডিঅ’আদি সকলো অসমীয়াতে পাবলৈ হ’লে, আপুনি আজিয়েইGoogleৰ Translate Communityত যোগ দিব লাগিব৷আপুনি যদি Chrome ব্ৰাউজাৰ ব্যৱহাৰ কৰি আছে৷ যিকোনো এটা ৱেব চাইটলৈ যাওঁক, ৰাইট ক্লিক কৰক আৰু“Translate” বা “Translate in English”ত ক্লিক কৰক৷ সোঁফালে ওপৰ চুকত এখন প’প আপ মেনু ওলাব৷ তাত আপুনি optionত ক্লিক কৰিলে ভাষাৰ এখন তালিকা ওলাব, ইয়াতে দুটা ভাষা থাকিব, তলৰ ভাষাটো আপুনি হিন্দী চিলেক্ট কৰক৷ মুহুৰ্ততে আপোনাৰ ৱেবচাইটটো হিন্দীলৈ পৰিবৰ্তন হৈ যাব৷ তাকো ৮০ শতাংশ শুদ্ধ হিন্দীলৈ৷ এবছৰৰ ভিতৰত ই […]

Read more

মেটামৰফচিচ ~ অভিজিত দত্ত

পৃথিৱীখন ধ্বংস হোৱাৰ দুদিনমানৰ পিছৰ কথা। বগাৰাম দাসে লাহেকৈ মাটিৰ পৰা উঠি চকুদুটা মচি ললে। সীমাহীন বৰফ। মহানগৰখনৰ কোনো চিন-মোকাম নাই। দাসে মনত পেলালে। হয়, সি সেইসময়ত বজাৰৰ ডাঙৰ দোকানখনতেই আছিল। হঠাৎ এক প্ৰচণ্ড শব্দৰ সৃষ্টি হৈছিল আৰু ডাঙৰ ডাঙৰ অট্টালিকাবোৰ চূৰ্ণ-বিচূৰ্ণ হৈছিল। বগাৰাম দাস চাহৰ দোকানখনৰ মালিকৰ টকা থোৱা বাকচটো যিখন টেবুলত থোৱা আছিল, তাৰ তলতেই সোমাইছিল। খন্তেকৰ বাবে তাৰ মুখত হাঁহি এটাৰ সৃষ্টি হৈছিল। পিছে চকুৰ পচাৰতে সি কব নোৱাৰা হৈ পৰিছিল। তাৰ পিছত বগাৰাম দাসৰ একো কথা […]

Read more

এইচ আই ভি ~ পৰী পাৰবিন

কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে । গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ পোহৰত জোনাক সনা গুড়ি গুড়ি বৰষুণজাকৰ মাজত তাৰ অনাই বনাই ঘূৰি ফুৰিবলৈ মন গ’ল । পিছে এতিয়া সময় নাই। ৰাগিনী ৰৈ আছে তালৈ। সিহঁতে আজি একেলগে ৰেষ্টুৰেন্টত ডিনাৰ কৰাৰ কথা। তাৰ পিছে মন গৈছে ৰাস্তাৰ কাষৰ ধোঁৱা বলি থকা চাহ একাপ আৰু মুৰমুৰিয়া পপ এটাৰ সোৱাদ লোৱাহে । ৰাগিনীয়ে পপ খাবলৈ ভাল নাপায়, মুখৰ সমস্ত মেকআপ বেয়া হৈ যায় […]

Read more

খেতিৰ দিহা ~ অভিজিত কলিতা

অসমৰ কৃষি ক্ষেত্ৰখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কৃষক ৰাইজে তেজক পানী কৰি শ্ৰম কৰে কিন্তু উৎপাদনৰ উচিত মূল্য নেপায়। কিন্তু আমি অলপ চেষ্টা কৰিলেই এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰো। এই ৰচনাত কৃষক ৰাইজৰ সহায়ৰ অৰ্থে কেইবিধ মান জনপ্ৰিয় শস্যৰ খেতিৰ সমস্যা বিলাক, তাৰ সমাধানৰ উপায় আৰু সামগ্ৰিক ভাৱে কৃষি পদ্ধতিটোৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হব বুলি আশা কৰিব পাৰি। ধান খেতি:- যিহেতু ধানেই অসমৰ প্ৰধান কৃষিজাত উৎপাদন, গতিকে ধানৰ খেতিৰ ওপৰত এই ৰচনাত বি‍‍শেষ গুৰুত্ব […]

Read more
1 2