গেটওৱিয়ান/ Gatewayian

ছাৰ-বাইদেউ স্পেচিয়েল ~ বৰষা চৌধুৰী

একৰ্ডিঙ টু ত্ৰিদিপ ছাৰ
সকলো নিখুঁতকৈ পঢ়াতো ‘বেটাৰ’,
উত্তৰ লিখিবা নিখুঁত
তেতিয়াহে পাবা নম্বৰ ‘গুড’ ।

নিশা বাইদেউৰ সুন্দৰ ‘এডভাইচ’,
আমাৰ বাবে বেষ্ট গাইড,
বিশ্ব ছাৰ অত্যন্ত ‘বিজি’
কয় আমাক একাউণ্টেনছী হৈছে বৰ ‘ইজী’ ।

ক্লাছত ছাত্ৰ-ছাত্ৰীয়ে বদমাছী কৰিলে
আহমেদ ছাৰে গালি পাৰে ‘ননচেন্স’
জুনু বাইদেউৰ সুন্দৰ ইমপেক্ট
অসমীয়াক নকৰিবা তোমালোকে ‘নেগলেক্ট’ ।

ব্ৰজেন ছাৰ একদম পাৰফেক্ট
দেহাৰ লগতে পঢ়াওতেও নাই ‘ডিফেক্ট’
মানস ছাৰ সহজ-সৰল-ছিম্পল
অৰ্থনীতি বুজাবলৈ দিয়ে বহুতো ‘ছেম্পল’ ।

হীৰক ছাৰো সহজ-সৰল
শ্ৰেণীত গৈ কয় কোৱা ‘ৰিকেপ’ !

এয়াই হৈছে আমাৰ শ্ৰেণীৰ স্পেচিয়েল ইউনিট
যাক কোনেও কৰিব নোৱাৰে ‘বীট’
সকলোৰে ব্যক্তিত্ব বিউটিফুল,
দেখুৱাই দিয়ে আমাৰ সকলো ভুল

তেওঁলোকৰ গালি আৰু আৰ্শীবাদ
আমাৰ বাবে অন্যতম ‘ৰিৱাৰ্ড’ ।
এই ইউনিটটোলৈ প্ৰণিপাত জনাই,
কবিতাৰ ফাঁকিবাজি আজিলৈ ইমানেই ভাই !

একাডেমিক পৰিচয় :
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

বাণিজ্য শাখা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *