গেটওৱিয়ান/ Gatewayian

অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক ~ প্ৰাঞ্জল দাস

অসমীয়া লিপিয়ে ইউনিকোডত স্থান পোৱা-নোপোৱাৰ বিষয়টোৱে যোৱা কিছুদিনত বেচ চৰ্চা লাভ কৰিছে। বিশেষকৈ অসমীয়া ভাষাৰ লিপিক স্বতন্তৰীয়াকৈ ‘অসমীয়া’ লিপি হিচাপে নাম দিয়াৰ পৰিৱৰ্তে ‘বাংলা-অসমীয়া’ বুলি নামকৰণ কৰাক লৈ বহুতেই অসন্তুষ্টি প্ৰকাশ কৰিছে। লণ্ডনৰ সভাত বিষয়টো সন্দৰ্ভত আলোচনা কৰিব যোৱা অসমৰ প্ৰতিনিধি দলক বহুতে ককৰ্থনাও কৰিছে। আলফাৰ দৰে সংগঠনেও আঁতৰৰ পৰাই ‘অসম সাহিত্য সভা’ক সকিয়নী প্ৰদান কৰিছে। সেইবোৰ কথা বাৰু পিছলৈ থ’লো। কিন্তু যিসময়ত নিজ ৰাজ্যতে অসমীয়া ভাষাটো কোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে কমি আহিছে, অসমীয়া মানুহেই মোৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ক’ব-লিখিব নোৱাৰে বুলি কৈ গৌৰৱ কৰিবলৈ লৈছে, তেনে ক্ষেত্ৰত ভাষাটোৰ দুৰৱস্থাৰ কাৰণে অইনক দোষাৰোপ কৰি থকাতকৈ নিজে নিজৰ ভাষাটোৰ হকে কিমানখিনি কৰিব পাৰিছো সেয়া খতিয়ান লোৱাটোহে বেছি প্ৰয়োজনীয় হৈ পৰিছে।

বৰ্তমানৰ যুগ তথ্য-প্ৰযুক্তি, ইণ্টাৰনেটৰ যুগ। বৰ্তমান সময়ত ভাষা এটাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ইণ্টাৰনেট মাধ্যমত ভাষাটোৰ বহুল ব্যৱহাৰ হোৱাটো অতিকে প্ৰয়োজনীয়। এটা কথা হয়তো সকলোৱে বুজিছে, ইণ্টাৰনেটত বিচাৰিলে অসমীয়া ভাষাৰ যিকোনো বিষয়ৰ কিবা এটা লেখা থাউকতে পাবলৈ নাই। আমাৰ দৈনিক কাকতবোৰৰ ইন্টাৰনেট সংস্কৰণসমূহ যিহেতু ফটোৰ মাধ্যমতহে প্ৰকাশ পায়, সেয়ে কাকতৰ অতি গুৰুত্বপূৰ্ণ লেখা সমূহো ইণ্টাৰনেটত আমি সহজে বিচাৰি পাবলৈ সক্ষম নহও। অসমীয়া লেখা-মেলা ইণ্টাৰনেটত সহজে উপলব্ধ হ’বলৈ আমাৰ দৈনিক কাকতবোৰৰ ইণ্টাৰনেট সংস্কৰণ সমূহ ইউনিকোড মাধ্যমত প্ৰকাশ কৰাতো জৰুৰী। গোটেই কাকতখন সম্ভৱপৰ নহ’লেও সম্পাদকীয় পৃষ্ঠাৰ লেখাসমূহ এইদৰে প্ৰকাশ কৰিলেও বহুখিনি কাম হয়। ইয়াৰ লগতে আমাক অসমীয়া ভাষাত লিখা, অসমীয়া ভাষাত কাম চলোৱা ৱেটচাইটৰ দৰকাৰ, অসমীয়া ভাষাত লিখা মেলা কৰা ব্ল’গৰ দৰকাৰ। সেইবোৰ ক্ষেত্ৰত আমি সকলোৱে সমানে সহযোগ কৰিব নোৱাৰিব পাৰো। টেকনিকেল কথা-বতৰা খিনিৰ লগতে আৰ্থিকভাৱেও কিছু কথা আহি পৰে। কিন্তু আমি ঘৰতে বহি নিজে কৰিব পৰাৰ ভিতৰত এটা কাম হৈছে ‘অসমীয়া ৱিকিপিডিয়া’ত অসমীয়া ভাষাৰ অধিকৰ পৰা অধিক প্ৰবন্ধ সংযোগ কৰা। আপুনি ফেচবুকৰ মজিয়াত যিমানেই দীঘল দীঘল পোষ্ট নিলিখক কিয় সেইবোৰে কিন্তু ইণ্টাৰনেটৰ জগতত অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত অলপো অৱদান নোযোগায়। সেয়েহে সঁচাকৈয়ে যদি নিজৰ ভাষাটোৰ উন্নয়নৰ হকে অৰিহণা যোগাব বিচাৰিছেই তেন্তে অসমীয়া ৱিকিপিডিয়াতে কিছু লেখা মেলা কৰি সহায় আগবঢ়াওক।

‘ৱিকিপিডিয়া’ এখন অনলাইন মুক্ত বিশ্বকোষ। আপুনি যদি ইণ্টাৰনেটত কিবা এটা তথ্য Search (সন্ধান) কৰে, এটা কথা হয়তো মন কৰিছে যে প্ৰথম লিংকটো সদায় ৱিকিপিডিয়াত সন্নিৱিষ্ট প্ৰবন্ধটোৰ বাবেই আহে। ঠিক একেদৰে অসমীয়াত কিবা লিখি Search কৰিলে যদিহে সেই বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত সন্নিৱিষ্ট হৈ আছে, তেন্তে সেই লিংকটো আপুনি প্ৰথমে দেখিবলৈ পাব। উদাহৰণস্বৰূপে আপুনি যদি ‘গুৱাহাটী’ বুলি Search কৰে, তেন্তে গুৱাহাটীৰ ওপৰত লিখা ৱিকিপিডিয়াৰ প্ৰবন্ধটো দেখা পাব। কিন্তু যদি আপুনি নিজৰ ঠাইখনৰ নাম Search কৰে, তেন্তে আপুনি সেই নামৰ একো তথ্য ইণ্টাৰনেটত বিচাৰি নাপাবও পাৰে; আৰু এনেকুৱা ক্ষেত্ৰতে আপুনি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংযোগ কৰি কিছু অৱদান আগবঢ়াব পাৰে।

ৱিকিপিডিয়াত যিকোনো লোকেই যিকোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিব পাৰে বা তথ্য সংযোগ কৰিব পাৰে। ন-শিকাৰু সকলক কিছু সহায় কৰিবলৈ ইতিপূৰ্বে বহুঠাইত ৱিকিপিডিয়াৰ কৰ্মশালাও অনুষ্ঠিত কৰা হৈছে।

১) ৱিকিপিডিয়াত লিখিবলৈ হ’লে প্ৰথমে আপোনাৰ এটা ৱিকিপিডিয়া একাউণ্ট থকাটো প্ৰয়োজনীয়। এই একাউণ্টটো আপোনাৰ ফেচবুক একাউণ্ট বা ই-মেইল আইডি’টো সদৃশ বুলিও ভাবি ল’ব পাৰে। তাৰ বাবে প্ৰথমে as.wikipedia.org এই লিংকত ক্লিক কৰক। ইয়াত আপুনি ‘একাউণ্ট সৃষ্টি কৰক’ এই Optionটো বিচাৰি পাব। তাত গৈ নিজৰ ইচ্ছানুসৰি এটা সদস্যনাম(ID) আৰু গুপ্তশব্দ(Password) দি আপুনি অপোনাৰ ৱিকিপিডিয়া একাউণ্ট খুলি ল’ব পাৰিব।

২) এবাৰ একাউণ্ট খোলাৰ পিছত আপুনি ইচ্ছানুসৰি ৱিকিপিডিয়াত প্ৰবন্ধ সংযোগ কৰিব পাৰে বা সম্পাদনা কৰিব পাৰে। ইয়াৰ বাবে ‘প্ৰৱেশ’ Optionত গৈ আপোনাৰ সদস্যনাম আৰু পাছৱৰ্ড লিখি ‘অসমীয়া ৱিকিপিডিয়া’ৰ জগতত প্ৰৱেশ কৰক। ধৰক আপুনি ‘কমলপুৰ’ সম্পৰ্কে এটা প্ৰৱন্ধ যোগ দিব বিচাৰিছে, তেন্তে আপুনি প্ৰথমে ‘অসমীয়া ৱিকিপিডিয়াত সন্ধান কৰক’ Optionত গৈ ‘কমলপুৰ’ বুলি লিখি Search কৰক। যদিহে ইতিপূৰ্বেই উক্ত প্ৰবন্ধটো ৱিকিপিডিয়াত আছে, তেন্তে ৰিজাল্টত সেই প্ৰবন্ধটো Show কৰিব। কিন্তু যদিহে উক্ত নামৰ কোনো প্ৰবন্ধ ৱিকিপিডিয়াত আজিলৈ লিখা হোৱা নাই, তেন্তে ‘এই ৱিকিত কমলপুৰ পৃষ্ঠাটো সৃষ্টি কৰক’ বুলি দেখুৱাব। তাত ক্লিক কৰি আপুনি নিজে লিখিব বিচৰা প্ৰবন্ধটো লিখিব পাৰিব।

এবাৰ আৰম্ভ কৰাৰ পিছত হয়তো অলপ ভালদৰে চালেই প্ৰবন্ধটোৰ শিৰোনাম কিদৰে লিখিব লাগে, উপ-শিৰোনাম যোগ দি নতুন দফা কিদৰে আৰম্ভ কৰিব লাগে, টেবুল কেনেদৰে সংযোগ কৰিব লাগে সেয়া লাহে লাহে শিকি বুজি পাৰিব। কিন্তু সাধাৰণভাৱে ক’বলৈ গ’লে ৱিকিপিডিয়াত প্ৰবন্ধ যোগ কৰাৰ মূল নিয়ম এইখিনিয়েই। পোন প্ৰথমে নতুন প্ৰবন্ধ সৃষ্টি কৰাতকৈ ইতিপূৰ্বে ৱিকিপিডিয়াত সন্নিৱিষ্ট হৈ থকা চুটি প্ৰবন্ধসমূহত অধিক তথ্য যোগ কৰাৰ কামো হাতত ল’ব পাৰে। কিছু অভ্যস্ত হোৱাৰ লগে লগে নতুন প্ৰবন্ধ সৃষ্টিত আপুনি মনোনিৱেশ কৰিব পাৰে। ইয়াৰ উপৰিও অইন এটা মন কৰিবলগীয়া কথা হ’ল মোবাইলৰ যোগেদি ৱিকিপিডিয়াত লেখা সংযোগ কৰিবলৈ চেষ্টা নকৰাটোৱে যুগুত। আপোনাৰ সুবিধা অনুযায়ী লেপটপ বা ডেস্কটপ কম্পিউটাৰত বহল স্ক্ৰীণত লেখা লিখিবলৈ আৰম্ভ কৰিলেহে ন-শিকাৰু হিচাপে সহজ অনুভৱ কৰিব।

ৱিকিপিডিয়া হৈছে এখন তথ্যৰ ভঁৰাল। গতিকে ইয়াত প্ৰবন্ধ যোগ দিওতে সাহিত্যৰ কঠিন ভাষাৰে লিখাৰ কোনো দৰকাৰ নাই। সহজ সৰল ভাষাৰে আপুনি তথ্যবোৰ লিখিব। কিন্তু ৱিকিপিডিয়াত সন্নিৱিষ্ট প্ৰতিটো তথ্যৰে নিৰ্ভৰযোগ্য তথ্যসূত্ৰ উল্লেখ কৰা অতি প্ৰয়োজনীয়। নহ’লে আপোনাৰ প্ৰবন্ধত বিশ্বাসযোগ্যতা নাথাকিব। তথ্যসূত্ৰ সন্নিৱিষ্ট নকৰা প্ৰবন্ধ ডিলিট কৰি আঁতৰাই পেলোৱাও হ’ব পাৰে। গতিকে প্ৰতিটো লেখাৰ লগত উপযুক্ত তথ্যসূত্ৰ সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশনা দিয়া হয়। ইয়াৰ উপৰি বৰ দীঘল শিৰোনামৰ গৱেষণা সদৃশ লেখাও ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা নহয়। শিৰোনাম সদায় বস্ত্তনিষ্ঠ আৰু চুটি হোৱা বাঞ্চনীয়। উদাহৰণস্বৰূপে, ‘অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ’ এই ধৰণৰ শিৰোনামৰ লেখা ৱিকিপিডিয়াত সংযোগ কৰা নহয়। অৱশ্যে ‘অসমীয়া ভাষা’ শীৰ্ষক লেখাৰ ভিতৰত উক্ত বিষয় বস্তুৰ তথ্যসমূহ সন্নিৱিষ্ট কৰিব পাৰে।

ৱিকিপিডিয়াত লিখাৰ বাবে আপুনি একো মাননি নাপায়। এয়া নিজৰ ভাষাটোৰ হকে আপোনাৰ স্বেচ্ছামূলক সেৱাহে। অৱশ্যে প্ৰতিমাহৰ শেষত প্ৰতিভাৱান ন-সম্পাদক, ৱিকিপিডিয়াৰ অক্লান্ত কৰ্মী আদি পদক দিয়াৰ ব্যৱস্থা আছে। তদুপৰি আপুনি যি একাউণ্টৰ সহায়ত ৱিকিপিডিয়াত লেখা যোগ কৰিলে, সেই নামটো লেখাটোৰ সৈতে চিৰদিন সন্নিৱিষ্ট হৈ ৰ’ব। ৱিকিপিডিয়াৰ লেখাটোৰ সম্পাদনা ইতিহাস বিচাৰি চালেই আপোনাৰ নাম জিলিকি থাকিব। গতিকে সেই উৎসাহ লগত লৈ উদ্যমেৰে অসমীয়া ভাষাত লিখাটোহে আচল কথা। এই সময়লৈকে (২২ছেপ্তেম্বৰ, ২০১৮) অসমীয়া ৱিকিপিডিয়াত মুঠ প্ৰবন্ধ সংখ্যা হৈছে মাত্ৰ ৫,০৭০ টা। কিন্তু আমি সততে বিৰোধ কৰা, প্ৰতিদ্বন্দ্বী বুলি ভৱা বাংলা ভাষাৰ ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা হৈছে ৬৩,০৬১ টা ! চুবুৰীয়া বাঙালী সকলতকৈ আমি কিমানদূৰ পিছুৱাই আছো এই এটা মাত্ৰ তথ্যতে জলজল পটপট হৈ জিলিকি আছে।

সেয়েহে আমাক নিস্বাৰ্থভাৱে অসমীয়া ভাষাত ৱিকিপিডিয়াত লিখা-মেলা কৰা বহুত মানুহ লাগে। অসমীয়া ভাষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এতিয়াও আমাৰ বহুত কৰণীয় বাকী আছে।

সংযোজন : শেহতীয়াকৈ বহুজনে গৈ ৱিকিপিডিয়াত নিজৰ নিজৰ একাউণ্ট খুলিছে। এয়া নিশ্চয়কৈ শুভ লক্ষণ। কিন্তু বহুতেই অলপো নোচোৱা নেমেলাকৈ, পূৰ্ব অধ্যয়ন নকৰাকৈ বিভিন্ন লেখা ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰিছে। আনকি এগৰাকীয়ে স্বৰচিত কবিতাও যোগ কৰিছে। ৱিকিপিডিয়াৰ Homepage’ত থকা ‘শেহতীয়া সাল সলনি’ লিংকত ক্লিক কৰিলেই এই আটাইবোৰ গতি বিধি দেখা পাই থাকে। ৱিকিপিডিয়াৰ সৈতে সংগতি নথকা লেখাবোৰ অৱধাৰিত ভাৱে ডিলিট কৰি দিয়া হ’ব। কিন্তু বিশ্বকোষ বুলিলে সাধাৰণতে কেনে ধৰণৰ লেখা বা তথ্য সন্নিৱিষ্ট কৰা হয়, সেই সম্পৰ্কে সম্যক জ্ঞান প্ৰতিজন সদস্যই অন্ততঃ ৰখাটো জৰুৰী। ইচ্ছা কৰিলে আপুনি অসমীয়া ৱিকিপিডিয়াত ইতিপূৰ্বে সন্নিৱিষ্ট লেখাবোৰৰ উদাহৰণ চাব পাৰে। বা ইংৰাজীWikipedia’ৰ লেখাবোৰো নিশ্চয় সকলোৱে দেখিছে। পোনতে গধূৰ বিষয়ৰ লেখা সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰাতকৈ নিজৰ ঠাইখনৰ বিষয়ে যদি ৱিকিপিডিয়াত একো তথ্য নাই, তেন্তে সেই সম্পৰ্কেই কিছু কথা যোগ কৰক। ঠাইখনৰ অৱস্থিতি, ঠাইখনৰ নামৰ ইতিহাস, উল্লেখযোগ্য অনুষ্ঠান প্ৰতিষ্ঠান, সেই অঞ্চলৰ বিদ্যালয়সমূহৰ নাম আদি কথা ৱিকিপিডিয়াৰ প্ৰবন্ধত সন্নিৱিষ্ট কৰিব পাৰে। এইক্ষেত্ৰত আপুনি সৰুতে লিখা অসমীয়া ৰচনাখনক আৰ্হি হিচাপে ল’ব পাৰে। শিৰোনাম(Heading) কেনেদৰে দিব লাগে, উপ শিৰোনাম (Sub Heading) দি নতুন দফা(Paragraph) কেনেদৰে আৰম্ভ কৰিব লাগে সেই সমূহ কথা শিকি বুজি ল’ব পাৰে। উদাহৰণস্বৰূপে, ‘পাঠশালা অঞ্চলৰ ঐতিহ্য আৰু বৰ্ণিল ইতিহাস’ এইধৰণৰ নামৰ প্ৰবন্ধ ৱিকিপিডিয়াত সন্নিৱিষ্ট নকৰিব। সেইসমূহ কথা ‘পাঠশালা’ শীৰ্ষক লেখাটোৰ ভিতৰতে থাকিব, নতুনকৈ লেখা লিখাৰ দৰকাৰ নাই। লগতে লেখাটোৰ তলত তথ্যসূত্ৰ কেনেদৰে সন্নিৱিষ্ট কৰে, সেই সম্পৰ্কে প্ৰান্তিক, গৰীয়সী আদি আলোচনীৰ গৱেষণামূলক প্ৰবন্ধবোৰৰ উদাহৰণ চাব পাৰে। ধৰক আপুনি নিজৰ ঠাইখনৰ নামৰ উৎপত্তিৰ কাৰণ লিখিছে, তেন্তে সেই সম্পৰ্কে আপুনি ক’ত তথ্য পালে কিতাপ-পত্ৰ আদি সমলৰ নাম লেখাটোৰ তলত যোগ দিব লাগে। বহুতেই মোবাইল ফোনেৰে সম্পাদনা কৰিবলৈ চেষ্টা কৰাৰ বাবেও খেলিমেলিৰ সৃষ্টি হৈছে। কিছুমানৰ সদস্য পৰিচয় পৃষ্ঠাতে যোগ দিব বিচৰা লেখাটো পোষ্ট হৈ গৈছে। এইবোৰ অত্যন্ত দৃষ্টিকটু। সেয়ে সকলোৰে সুস্থ সহযোগিতা আশা কৰি এইখিনি কথা পুনৰ যোগ দিলোঁ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *