গেটওৱিয়ান/ Gatewayian

নিউটনৰ স’তে এটি সন্ধিয়া (প্ৰিয়ম প্ৰীতম)



“মাজে মাজে চেনিও চুৰ কৰি চাব পাৰা । আধা চামুচ চেনি খাই দিলেও আধা ঘণ্টা চলি থাকিব পৰাকৈ এনাৰ্জি পায় ।”
“সেইকাৰণেই হ’বলা তই ছোৱালীৰ ইনবক্সে-ইনবক্সে চেনি দি ফুৰ ।”
“ই হাৰামীয়ে চাহিত্য কৰে নহয় । এইটোও কিবা চাহিত্য । চেনিচোৰ চাল্লা । ঐ ৰতনদা, এইফালে চাৰিটা চাহ আৰু চাৰিটা চিঙাৰা দিবচোন । একপ্লেট চেনিও দিব লগত ।”
কাউণ্টাৰৰ পৰা ৰতনে চকুদুটা ডাঙৰ কৰি এবাৰ আমালৈ চালে । গোটেইকেইটাই হাঁহি দিয়াত ৰতন ভীষণ অপ্ৰস্তুত হ’ল ।
“এইবোৰ নুবুজিব ৰতনদা । ইনষ্টেণ্ট এনাৰ্জি গ্লুক’জ । পকেটত থকা খুচুৰা পইছাকেইটাৰে গ্লুক’জলৈ নাটে । গতিকে গ্লুক’জৰ সস্তীয়া বিকল্প চেনি ।” -ভাস্কৰৰ এনালাইছিছ ।
“এ ছিংগল গ্লুক’জ ইউনিট ইজ নওন এজ মনোছেকাৰাইড । চাল্লা মনোচেকাৰাইডৰ পেকেট এটা কিনিবলৈ পইছাই নাটে । গতিকে ছুগাৰকে খাম বাপ্পেকে । আপুনি টেনচন নল’ব ৰতনদা, আপোনাৰ পৰা নাখাওঁ, মাৰ পাকঘৰৰ টেমাৰ পৰা খাম, গেলামালৰ দোকানৰ পৰা বাকীত কিনি খাম, এইবোৰৰ ক’তো নোৱাৰৰিলেও এঞ্জেল প্ৰিয়াৰ মেচেঞ্জাৰত হ’লেও খাম , আপুনি টেনচন ফ্ৰী হৈ চাহ-চিঙাৰাৰ ব্যৱস্থা কৰক ।” -সেইটো অংকিত ।
অংকিতে কেমেষ্ট্ৰী একদম পাহৰি গৈছে । তাৰ হয়তো এতিয়া আৰু মনত নাই যে মনোছেকাৰাইড আৰ ওৱান টাইপ অৱ ছিম্পল ছুগাৰ । এইমূৰ্হূতত মনত পেলাই দিব পৰা যায়নে তাক কথাষাৰ ? এহ থাওঁক এতিয়া ।
“দীপৰ খবৰ জান নেকি ? ”
“নাজানো । হায়াৰছেকেণ্ডাৰী এৰাৰ পৰা তাক দেখাই নাই ।”
“লগা, তাক ফোন লগা ।”
অংকিতে ফোনটোৰ বুটাম টিপিলে ।
“হেল্ল, দীপক পাম নেকি, দীপ ?”
“……”
“কি সুধিছে, কোন দীপ ? সেই যে ওখকৈ ফুটবল খেলা ল’ৰাজন , বল লৈ গলপোষ্টৰ সন্মুখলৈ দৌৰি আহিলে গলকীপাৰৰ কলিজাত কঁপনি উঠে যে , সেই দীপ ।”
“……”
“তেতিয়াহ’লে আপুনি প্ৰথমতেই সেইষাৰ কথা ক’ব লাগিছিল । প্ৰথমতেই ৰং নাম্বাৰ বুলি নকৈ কোন দীপ, কেনেকুৱা দীপ আদি সুধি মিছামিছি আমাৰ সময়বোৰ বৰবাদ কৰিলে ।” –অংকিতে চকু আৰু কপালত এগালমান বিৰক্তি আঁকি লৈ ফোনটো থ’লে ।
“ৰং নাম্বাৰ বোলে । কোনোবা বুঢ়াই উঠাইছিল । ঐ সঞ্জীৱ, এষাৰ কথা কচোন, ৰং নাম্বাৰত ফোন কৰোতে কেতিয়াও সেই পাৰ্টিৰ ফোনটো এংগেজড নাপাওঁ, কিয় নো ? ”
“ছিম্পল, যদি ফোনটো নালাগেই তই নাম্বাৰটো ৰং নে ৰাইট কেনেকৈ গম পাবি ? ৰং হলেও নাম্বাৰটো তেতিয়ালৈকে ৰাইট বুলিয়েই ভাবি থাকিবি যেতিয়ালৈকে ফোনটো ৰং পাৰ্ছনৰ তাত নালাগে গৈ । এনিৱে নিউটনে জীৱনত কেতিয়াও ধোঁৱাই থকা গৰম চাহ খোৱা নাছিল নেকি ঐ ?”
“কিয় সুধিলি ? এই সন্ধিয়াৰ চাহ-চিঙাৰাৰ মাজত নিউটন ক’ৰ পৰা আহিল ?”
কোনো উত্তৰ নিদি মই ওঁঠত লগাব খোজা চাহৰ কাপটো কাঢ়ি অনাদি আনি সঞ্জীৱে টেবুলৰ ওপৰত থ’লে । তাৰ পাছত সুধিলে, “কি দেখিছ্ ?”
“গাখীৰ চাহ ।”
“তোৰ মূৰটো । চাহখিনিৰ পৰা কি ওলাই আছে ?”
“ধোঁৱা ।”
“ৰাইট । ধোঁৱাবোৰে নিউটনৰ মাধ্যাকৰ্ষণৰ শক্তিক ইগন’ৰ কৰি বিন্দাছ ওপৰলৈ গৈ আছে ।”
“ইউ মিন ফেইল অৱ নিউটনিয়াম ? ” –চিঙাৰা চোবাই চোবাই অংকিতে সুধিলে ।
তাৰ প্ৰশ্নটো ইগন’ৰ কৰি সঞ্জীৱে ক’লে, “য’তেই নিউটনিয়াম মেকানিক্স ফেইল হয় তাতেই কোৱাণ্টানিয়াম আহে ।”
“তাৰ মানে চাহকাপ কি কোৱাণ্টাম পাৰ্টিকল ?” -ভাস্কৰে ইতিমধ্যে তাৰ ভাগৰ চিঙাৰাটো প্ৰায় শেষেই কৰিছে ।
মোৰ ইমান দিনৰ অভিজ্ঞতাৰে এইখিনিকে ক’ব পাৰো যে চিঙাৰা চোবাই চোবাই পাগত উঠা পদাৰ্থবিজ্ঞানীকেইটাক কোৱাণ্টাম মেকানিক্স কেৱল মাইক্ৰ’পাৰ্টিকলৰ ক্ষেত্ৰতহে খাটে বুলি বুজোৱা আৰু ঢেঁকুৱা ঠাৰি সিজোৱা মোটামুটি একেই কথা । তাতকৈ চিঙাৰাতে মন দিয়া ভাল । চিঙাৰাটোও এটা অদ্ভূত গঠন, প্ৰিজমৰ দৰেই । আচ্ছা চিঙাৰাক চাই প্ৰিজম বনাইছিল নে প্ৰিজমক চাই চিঙাৰা ? এই দুয়োটাৰে কপিৰাইটক লৈ এতিয়ালৈ এটাও বিতৰ্ক হোৱা নাই কিয় ?
“লেইবনিটজেও ৰাতিপুৱা লালচাহৰ লগত কুকিজ বিস্কুট খাইছিল নেকি বাৰু ?”
সন্মুখৰ গুমটিখনত ওলোমাই থোৱা কুকিজৰ পেকেট কেইটালৈ চাই অংকিতে সোধা প্ৰশ্নটোয়ে সব চিন্তা খেলি-মেলি কৰি দিলে ।
“কিয় কিয় ?”
“লেইবনিজে চাগে কুকিজ বিস্কুটকেইটা দেখিয়েই ইনটিগ্ৰেছনৰ চিনটোৰ আইডিয়াটো পাইছিল ।”
“চা চা সেইফালে চা ।” -ভাস্কৰে চিঞৰি উঠিল ।
উৰুত উষ্ণ পিৰপিৰণি এটা অনুভৱ কৰিলো । সঞ্জীৱৰ হাত লাগি মোৰ আধাখোৱা চাহৰ কাপটো বাগৰি পৰিছে ।
উৎসাহিত কণ্ঠেৰে বাগৰি পৰা চাহখিনিলৈ আঙুলিয়াই সি বুজাই গ’ল, “চা চাহকাপে নিউটনিয়াম মানিছে । সি নিউটনক ঠগিব নোৱাৰে । নিউটনে আমাক ঠগিব নোৱাৰে । বাগৰি পৰা চাহখিনিয়ে মহাকৰ্ষণৰ সূত্ৰ মানি চলিছে । ”
সঞ্জীৱৰ মুখত এনে এটা ভাৱ ফুটি উঠিল যেন কেমেষ্ট্ৰীৰ সি পাবলগীয়া ন’বেল বঁটাটোহে তাৰ হাতৰ পৰা ওলাই গ’ল । দোধোৰ-মোধোৰ হৈ সি সুধিলে, “পিছে চাহকাপ নিউনটিয়াম পাৰ্টিকল নে কোৱাণ্টানিয়াম পাৰ্টিকল ?”
আটাইকেইটা চিন্তাত ডুবি গ’ল । তাৰ মাজতে হোটেলত কাম কৰা ল’ৰাটোই আহি খালী কাপ-প্লেটকেইটা কেতিয়া লৈ গৈছে এটায়ো ক’ব নোৱাৰে ।
“ইউৰেকা ইউৰেকা । পাই গ’লো ।” -এইবাৰ মোৰ পাল ।
“কি ?” -আটাইকেইটাই একেলগেই সুধিলে ।
“প্ৰথম প্ৰথম গৰম হৈ থাকোতে কোৱাণ্টানিয়াম , গৰমটো চেঁচা পৰি অহাৰ লগে লগে নিউটনিয়াম ।”
“ধেৎ নহয়, কাপটোৰ ভিতৰত সোমাই থকালৈকে কোৱাণ্টানিয়াম, ওলাই অহাৰ লগে লগে নিউটনিয়াম ।” –ভাস্কৰৰ বাখ্যা ।
“আজি কি বাৰ ?” –এইবাৰ যেন সঞ্জীৱ নিউটনিয়াম আৰু কোৱাণ্টানিয়ামৰ পৰা বহুত দূৰত ।
“ৰবিবাৰ ।” -মই ক’লো ।
“কাইলৈ পুৱাই পৰীক্ষা । মেকানিক্সৰ কিতাপকেইখন যোৱাটো পৰীক্ষাৰ সময়তে দেখিছিলো চাগে । এতিয়া ক’ত জানো পৰি আছে । ৰুমত গৈ কিতাপকেইখন বিচাৰিব লাগিব ।”
“জহন্নামে যাবলৈ দে মেকানিক্সৰ কিতাপ । এই কিতাপ আৰু আমিবোৰৰ মাজৰ ৰিলেচনটোৱেই পৃথিৱীৰ আটাইতকৈ চুটি ৰিলেচন । পৰীক্ষাৰ আগদিনা ৰাতি আৰম্ভ, পৰীক্ষাৰ দিনা শেষ । মাত্ৰ এটা ৰাতিৰহে কথা, বেশ্যা বেশ্যা টাইপৰ ৰিলেচন । আচ্ছা, পৰীক্ষাৰ মেকানিক্সটো নিউটনিয়াম নে কোৱাণ্টানিয়াম ?” -ভাস্কৰে শেষৰ শাৰীটো অংকিতৰ ফাললৈ চাই শেষ কৰিলে ।
টেবুলত থকা পানীৰ জগটোত তবলা বজাই বজাই লাহে লাহে অংকিতে কৈ উঠিল, “প্ৰতিখন কিতাপেই ধূলিময় হৈ তেতিয়ালৈকে সম্পূৰ্ণ স্থিৰ অৱস্থাত থাকে, যেতিয়ালৈকে কোনো এক্সৰ্টানেল নাইবা ইণ্টাৰ্নেলৰ এক্সামে সেইখন মেলি চাবলৈ আমাক বাধ্য নকৰায় ।”
এইবাৰ গোটেইকেইজনে একেলগে চিঞৰি উঠিলো,
“ নিউটনিয়াম ”

Print Friendly, PDF & Email

12 Comments

  • Porismita

    অগতানুগতিক ।
    খুব ভাল লাগিল । দুবাৰকৈ পঢ়িলো ।
    এনে শৈলীৰ লেখা আৰু লাগে লেখকৰ পৰা । আমি বাট চাম..

    Reply
  • Anupama Deka

    ভাল লাগিল পঢ়ি। লেখকলৈ শুভেচ্ছা থাকিল।।

    Reply
  • ঋতুস্মিতা

    খুব ভাল লাগিল । লেখৰ পৰা এই শৈলীৰ নতুন লেখাৰ বাবে অপেক্ষা কৰিম ।

    Reply
    • প্ৰীতম

      ধন্যবাদ । আগলৈও চেষ্টা কৰিম ।

      Reply
  • ৰিমঝিম ভূঞা

    ভাল লাগিল ।
    সৌৰভ চলিহাৰ অশান্ত ইলেকট্ৰনলৈ মনত পৰি গল । অত বছৰৰ মূৰত যেন দ্বিতীয়টো অশান্ত ইলেকট্ৰন পঢ়িলো ।
    ( লেখকক চাক্ষুস নেদেখাৰ দুখ এটা থাকি গল ! )

    Reply
    • প্ৰীতম

      অশেষ ধন্যবাদ ।
      ( বাট চাওঁকচোন, কিজানি লগেই পাই যাওঁ জীৱনৰ পথত ! )

      Reply
  • ৰিংকীমণি কলিতা

    খুব ভাল লাগিল ।
    ন শৈলী ।
    আপ্লুত হলো ।

    Reply
    • প্ৰীতম

      অশেষ ধন্যবাদ । মন্তব্যত সুখী হলো ।

      Reply
  • গীতিমণি দেৱী

    খুব ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *