গেটওৱিয়ান/ Gatewayian

ৰঙীন সপোন ¬আচিফ আলী

ৰচিছো মই ৰঙীন সপোন

তুমি জানো বুজি পাবা,

সাঁচি ৰাখিছোঁ এবুকু মৰম

তুমি জানো বিচাৰিবা?

 

শুনিবা জানো কাষত লৈ

মোৰ সপোন?

জানিবানে বাৰু তোমাৰ বুকুৰ

গোপন প্ৰেমৰ কথা?

 

কেতিয়াবা তুমি অভিমানী হৈ

অলপ আতঁৰি যোৱা

উজাগৰে ৰাতি নীলা চকুলো টোকো

তুমি জানো ভাবি চোৱা?

 

বিচৰা নাই ম‌ই আকাশৰ

জোন,বেলি,তৰা

বিছাৰিছো মাথো এধানি মৰম

তোমাৰ বুকুৰ পৰা।

একাডেমিক পৰিচয় –

একাদশ শ্ৰেণী (বিজ্ঞান)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *