গেটওৱিয়ান/ Gatewayian

সন্তানক ধ্বংসৰ গৰাহৰ পৰা কেনেদৰে মুক্ত কৰিব ? ~ পূৰৱী ডেকা

জীৱনৰ সঁচা অৰ্থনো কি ? তাৰ উপলব্ধি আমাৰ চেতনাত উদয় হৈছে নে নাই অথবা তাক আমি কেতিয়াবা ভাবি চাইছোনে ? জীৱনৰ সঁচা উপলব্ধি আমি কৰিছো জানো ? এক সুখী আৰু সুন্দৰ জীৱন-যাপন কৰিবলৈ হলে আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হব লাগে জানো ? মানুহে নিদাৰুণ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে । কিন্তু যন্ত্ৰণাৰ মূল উৎস অনুসন্ধান কৰি ইয়াৰ প্ৰতিকাৰ কৰিব নোৱাৰিলে যন্ত্ৰণাবিহীন জীৱন আশা কৰাটো মিছা । মই ভাবো প্ৰতিজন অভিভাৱকৰ সুখ-শান্তি জড়িত হৈ থাকে নিজ সন্তানৰ কৃতকাৰ্যতাৰ লগত । যদিহে সন্তান ধ্বংসৰ গৰাহলৈ ঢাপলি মেলে, তেন্তে ঘৰখনৰ সুখ-শান্তিও ধ্বংসৰ গৰাহৰ বিলীন হব ধৰে । ল’ৰা-ছোৱালীক সৎ, গুণী-জ্ঞানী, আদৰ্শৱান, শাৰিৰীক-মানসিকভাৱে স্বাস্থ্যবান, ব্যক্তিত্বপূৰ্ণ অৰ্থাৎ তেওঁলোকৰ ভৱিষ্যত জীৱনত সফল ব্যক্তিৰূপে গঢ়ি উঠিবলৈ অভিভাৱকৰ ভূমিকা কেনে হোৱা উচিত মোৰ অনুভৱৰ ফালৰ পৰা কেইটিমান দিশ আগবঢ়ালো, কিয়নো জীৱন যুঁজত এজন ৰণুৱাৰ ৰূপত অৱতীৰ্ণ হবৰ বাবে পৰিয়ালটোৱেই প্ৰধান ভেঁটি ।

(১) টকা-পইছাৰ বাহিৰে পৃথিৱীত অইন একো ডাঙৰ বস্তু নাই বুলি সিহঁতৰ মনত ধাৰণা দিয়াৰ চেষ্টা কৰাটো উচিত নহয় ।

(২) ল’ৰা-ছোৱালীৰ পঢ়াৰ সময়খিনিত মাক-দেউতাকে আনৰ ঘৰত আড্ডা দিব নালাগে ।

(৩) ঘৰুৱা শিক্ষকৰ সহায় ললেও ল’ৰা-ছোৱালীৰ পঢ়াৰ প্ৰতি আগ্ৰহ আৰু অগ্ৰগতি সম্পৰ্কে নিয়মীয়াকৈ আলোচনা কৰিব লাগে ।

(৪) সন্তানক স্কুল-কলেজলৈ নিয়মীয়াকৈ পঠিওৱাৰ প্ৰতি চকু দিয়াৰ লগতে বিদ্যালয়ৰ চৌহদত সন্তানৰ চলন-ফুৰণ, শিষ্টাচাৰ, নিজৰ পাঠ্যক্ৰমৰ প্ৰতি ধাউতিৰ বিষয়ে খৰচি মাৰি বুজ লবলৈ শিক্ষক সকলৰ লগত অভিভাৱকে নিয়মিত যোগসূত্ৰ ৰাখিব লাগে ।

(৫) সন্তানক সামাজিকীকৰণ প্ৰক্ৰিয়াৰ লগত জড়িত কৰোৱা, সন্তানৰ নৈতিকতাৰ ভেঁটি সুদৃঢ় কৰা আদি ক্ষেত্ৰটো অভিভাৱক সমাজে নজৰ দিব লাগে ।

(৬) সন্তানক পৰিয়ালৰ সম্বন্ধসূচক বিভিন্ন শব্দেৰে সৈতে চিনাকি কৰাই দি সেই সম্পৰ্কৰ সতে জড়িত ব্যক্তিসকলৰ প্ৰতি দায়িত্ব আৰু আচৰণবোধ কেনে হব লাগে সেই বিষয়ে অভিভাৱকে সন্তানক জ্ঞান দিব পাৰে ।

(৭) কৈশোৰকালৰ ল’ৰা-ছোৱালীয়ে যাতে মাক-দেউতাকৰ অলক্ষিতে কোনো অপৰাধমূলক কামত প্ৰবৃত্ত হৈ ভুল পথে পৰিচালিত নহয় তাৰ বাবে মাক-দেউতাক অধিক সজাগ আৰু সচেতন হব লাগে ।

(৮) সমাজৰ জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা-ভক্তি-আনুগত্য আৰু কনিষ্ঠজনৰ প্ৰতি মৰম-চেনেহৰ বান্ধোন তথা অনুশাসন আদি সন্তানে মাক-দেউতাকৰ পৰাই আহৰণ কৰে ।

(৯) নিজৰ সন্তানৰ লগত অত্যাধিক ব্যৱধান তথা কঠোৰ অনুশাসন উচিত নহয় ।

(১০) প্ৰতিগৰাকী অভিভাৱক নিজৰ সন্তানৰ বাবে হব লাগে প্ৰেৰণাদায়ক আদৰ্শৰ প্ৰতিভূ আৰু পথ-প্ৰদৰ্শক ।

(১১) শৈশৱ কালত শিশসকলে প্ৰায়েই কেতবোৰ অকল্পনীয় প্ৰশ্ন কৰা দেখা যায় যিবোৰে প্ৰায়ে পিতৃ-মাতৃকে বিবুধিত পেলায় । তেনে পৰিস্থিতিত সন্তানৰ কৌতূহলী মনক শান্ত কৰিবলৈ পিতৃ-মাতৃয়ে উত্তৰৰ যোগেদি যথাসম্ভৱ চেষ্টা কৰিব লাগে ।

(১২) পৰীক্ষাক লৈ অভিভাৱকে সন্তানক দিয়া কঠোৰ হেঁচা বা চাপে তেওঁলোকক একপ্ৰকাৰ যন্ত্ৰ-মানৱত পৰিণত কৰাব পাৰে যিয়ে তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত হেঙাৰ ৰূপে থিয় দিব ।

(১৩) সন্তানক এনেকুৱা ৰাজনীতি বা ধৰ্মত নমাই নিদিব যিয়ে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰে ।

(১৪) নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হবলৈ সন্তানক পিতৃ-মাতৃয়ে শিকোৱা উচিত ।

(১৫) নিজৰ শান্তি বা সন্তুষ্টিৰ কাৰণে নিজৰ সন্তানৰ লগ হৈ অইনক সমালোচনা কৰাটো অনুচিত ।

(১৬) ওচৰত অইন পঢ়া ল’ৰা-ছোৱালী থাকিলে হিংসা কৰিবলৈ নিশিকাব ষ

(১৭) যিবিলাক ল’ৰা-ছোৱালীৰ সংগৰ পৰা সন্তানৰ পঢ়াৰ প্ৰতি বিদ্বেষ মনোভাৱ আহিব পাৰে তেনে সংগৰ পৰা সন্তানক আঁতৰাই ৰাখিব ।

(১৮) শাৰিৰীক উন্নতিৰ বাবে সন্তানক খেলা-ধূলাৰ প্ৰতি আকৃষ্ট কৰক ।

(১৯) সন্তানতকৈ যে ডাঙৰ একো সম্পত্তি নাই সেই কথা পাহৰি নাযাব ।

(২০) যিকোনো উপায়ে সন্তানক পুথিভঁৰালৰ প্ৰতি আকৰ্ষিত কৰক ।

(২১) সন্তানৰ সন্মুখত কেতিয়াও গৃহকন্দল সৃষ্টি নকৰিব । গৃহকন্দলে সন্তানক অসুৰক্ষিত অনুভৱ কৰায় ।

(২২) অইনে গম পাব বুলি সন্তানৰ দোষবোৰ ঢাকি নাৰাখিব ।

(২৩) টিভি, মোবাইল, কম্পিউটাৰ, চিনেমা, বাইক আদিৰ প্ৰতি অত্যাধিক আকৃষ্ট নকৰাব ।

(২৪) চাকৰিৰ উপযুক্ত নৌহওঁতেই সন্তানৰ মনত চাকৰিৰ কথা সুমুৱাই নিদিব ।

(২৫) সন্তানক অত্যাধিক উপদেশ দিয়াতকৈ আৰ্হি দেখুৱাওঁক ।

(২৬) সৰুৰে পৰা সন্তানক দিনলিপি লিখিবলৈ শিকাওঁক । ই সিহঁতক আত্মবিশ্লেষণ কৰিবলৈ শিকাব । আত্মবিশ্নেষণে ভুল শুধৰণিত সহায় কৰে ।

(২৭) নিজৰ মানসিক শক্তি, ভাৱ-অনূভূতি, চিন্তাধাৰা, সমস্যা সমাধান শক্তিৰ বিকাশ ঘটাবলৈ বিভিন্ন শৈক্ষিক প্ৰতিযোগিতাত যোগদান কৰিবলৈ সন্তানক আগ্ৰহী কৰক আৰু প্ৰেৰণা দিয়ক ।

(২৮) সন্তানক সদায় সন্মান কৰিব ।

(২৯) সন্তানক পালনৰ ক্ষেত্ৰত কেতিয়াও কমপ্ৰমাইজ নকৰিব । সিহঁতে কি ভাল পাই অথবা কি বিচাৰে সেই কথা জানিবলৈ চেষ্টা কৰিব আৰু পাছত যুক্তি সহকাৰে সমস্যা তথা অসুবিধাখিনি সমাধান কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব ।

(৩০) সন্তানৰ মনত মানৱীয়তাৰ মনোভাৱ জগাই তোলক । সিহঁতক যান্ত্ৰিক কৰি সিহঁতৰ মনৰ সৰলতাখিনি মৰহি যাবলৈ নিদিব ।

 

একাডেমিক ঠিকনা

প্ৰবক্তা

শিক্ষা বিভাগ

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *