গেটওৱিয়ান/ Gatewayian

যন্ত্ৰণা ¬মধুষ্মিতা বৰুৱা

এটি জোনাক নিশাত মোৰ কোঠাৰ খিৰিকীয়েদি

সোমাই আহিছিল

এটি এধানমণি নীলা চৰাই ,

তাইৰ গাত লাগি আছিল

এক অনুভৱী ৰাগি…৷৷

এক অনাবিল প্ৰশান্তিও

জিৰাইছিল মোৰ বুকুৰ মাজত,

বুকুত যে তাইৰ অজান বেদনা

দুচকুত আপোনজনক হেৰুৱাৰ দুখ ৷

তাইৰ কৰুণ বিননিত

কান্দি উঠিছিল ওন্দোলা আকাশখনে

আৰু সৰি পৰিছিল

জৰ জৰ কৈ,

ওলমি থকা দুখৰ কণিকা ৷

একাডেমিক পৰিচয় –

একাদশ শ্ৰেণী (বিজ্ঞান)

Print Friendly, PDF & Email

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *