গেটওৱিয়ান/ Gatewayian

মৃত্যুৰ পাছতো হ’ব পাৰি গছ ¬মানস প্ৰতিম গোস্বামী

মৃত্যুৰ পাছত আমাৰ পৰম্পৰাগত ধৰ্মীয় ধাৰণা মতে মানুহ স্বৰ্গ-নৰক, বেহেস্ত-দোজখ আদিলৈ যায় । কিন্তু মৃত্যুৰ পাছত গছ ! কেনে আচহুৱা কথা ! কিন্তু অবিশ্বাস্য যেন লাগিলেও সত্য যে মৃত্যুৰ পাছত মানুহৰ মৃত শৰীৰ গছলৈ ৰূপান্তৰ হোৱা প্ৰকল্পটোৰ সফল ৰূপায়ণ হৈছে ইটালীত । সম্প্ৰতি এই প্ৰকল্পটো বিশ্বজুৰি চৰ্চিত হৈছে । এই প্ৰকল্পটোক লেটিন ভাষাৰ শব্দ ‘কেপছলা মুত্তি’ নামেৰে জনা যায় । এই প্ৰকল্পটো ইটালীৰ এন্না চিতেলি আৰু ৰাউল ব্ৰেজেল নামৰ দুই জীৱবিজ্ঞানীয়ে উদ্ভাৱন কৰিছে । মানুহৰ শৰীৰ খনিজ, বনস্পতি আৰু জীৱ নামৰ তিনি ত্বকৰ সমষ্টি আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে ।

প্ৰকল্প অনুসৰি মৃতদেহ কবৰস্থ বা দাহ কৰা নহয় । এই প্ৰকল্পৰ বাবে মানুহৰ মৃত শৰীৰ ইকোফ্ৰেণ্ডলি ভাৱে বৃক্ষধাৰক হিচাপে সংস্থাপিত কৰা হয় । ইয়াৰ বাবে মৃতদেহ কণী আকাৰৰ এটা বিশেষভাৱে নিৰ্মিত টোপোলাৰ ভিতৰত এনেদৰে ৰখা হয় যাতে মাটিৰ সামান্য তলত ৰাখিলেও কোনো অসুবিধা নহয় । এই বিশেষ টোপোলাটোক জৈৱিক ভড়াল বুলি কোৱা হয় । ইয়াৰ ভিতৰত মৃতদেহ সন্তান মাতৃগৰ্ভত থকা অৱস্থাত যিদৰে থাকে তেনেদৰে ৰখা হয় । ইয়াৰ পিছত জৈৱিক টোপোলাটো মাটিৰ পৃষ্ঠৰ পৰা বীজ ৰোপণৰ বাবে যিমান দ গাত কৰা হয়, সেই একে হিচাপত ৰাখি মৃত্যুৰ পূৰ্বে ব্যক্তিয়ে যি গছ হব বিচাৰে সেই গছৰ পুলি ৰোপণ কৰা হয় । লাহে লাহে টোপোলাৰ ভিতৰত মৃতদেহ গলি মৃতদেহৰ তিনি ত্বক(খনিজ, বনস্পতি আৰু জীৱ) মাটিৰ লগত মিহলি হব আৰু তাৰ পৰা প্ৰয়োজনীয় খাদ্য গছপুলিটোৱে লাভ কৰি লাহে লাহে বৃক্ষত পৰিণত হয় ।

বৰ্তমান সময়ত মৃত্যুৰ পাছত মৃতদেহ কবৰস্থ কৰিবলৈও ইংলেণ্ড, আমেৰিকা আদি দেশসমূহত মাটিৰ অভাৱ হৈছে । সেইদৰে আমাৰ ভাৰতত এটা মৃতদেহ জ্বলাবলৈ গছৰ খৰি ব্যৱহাৰ কৰা হয় । সেই হিচাপত এটা মৃতদেহ জ্বলাবলৈ পাঁচৰ পৰা ছয় কুইণ্টল খৰিৰ প্ৰয়োজন হয় । প্ৰতিবছৰে ম়ৃতদেহৰ অন্তিম সংস্কাৰৰ নামত পাঁচৰ পৰা ছয় কোটি গছ কাটিব লগা হয় । আনহাতে টায়াৰ আদি জ্বলালেও ভয়াবহ বায়ু প্ৰদূষণৰ সৃষ্টি হয় ।

সেয়ে অনাগত দিনত এই প্ৰকল্পৰ জৰিয়তে মানৱ জাতিয়ে পৰিৱেশ ৰক্ষাৰ লগতে মাটিৰ অভাৱ অথবা অপচয় ৰোধ কৰিব পাৰিব বুলি বিদ্বান মহল আশাবাদী ।

একাডেমিক পৰিচয় –
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
বিজ্ঞান (আলফা শাখা)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *