গেটওৱিয়ান/ Gatewayian

বৰ্তমানৰ দৃশ্যপট ¬ভায়োলীনা দাস

 

আজি,

শৰতৰ প্ৰথম নিশা

জোনাকৰ হাঁহিৰে পূৰ্ণ হ’ব লাগিছিল

সমগ্ৰ ধৰা

 

কিন্তু , বৰ্তমানৰ দৃশ্যপটত

মই দেখিছো কি?

মাথো অমাৱশ্যৰ ঘোৰ আন্ধাৰ

বৰ্তমান চৌদিশে নাই জোনাক

সুৰুজৰ পোহৰো যেন ম্লান

দুৰ্নীতি,সন্ত্ৰাস ধৰ্ষণ

মৃত্যুৰ বাধাহীন আবাধ বিচৰন,

শান্তি সম্প্ৰীতিৰ নামত চলিছে

মাথোন ভ্ৰষ্টাচাৰৰ অপশাসন।

প্ৰতিশ্ৰুতিৰ আধাৰশিলাৰে

সকলোৱে চলে বলে,

কৰিব বিচাৰে মাথো

ৰাজ সিংহাসনত আৰোহন।

কেতিয়াবা এই অমাৱশ্যৰ আন্ধাৰেৰে আৱৰা

আকাশৰ তলত বহি ভাবো

নিষ্পেষিত জনতাৰ কথা

এজাক দৰিদ্ৰশিশুৰ বঞ্চনাৰ

কি যে কৰুণ গাঁথা ।

কেতিয়াবা মোৰ মানসপটত বিৰিঙি উঠে

এখন সু নিৰ্মল আকাশ

বোমা-বাৰুদৰ ধোঁৱা আৰু শব্দৰ বিপৰীতে

শুনিছো পক্ষীৰ কলৰৱ,মাথো পখীৰ কলৰৱ

চোৱা,

সেই নিষ্পেষিত,লাঞ্চিত বঞ্চিতৰ মাজত

বিৰিঙিছে এজাক আশাৰ পোহৰ,

মনত চলিছে সপোনৰ তীব্ৰ জাগ্ৰত ভাষা ।

নাই,

এয়াচোন মোৰ কবিতাৰহে হুতাশা ।

 

বাস্তৱত জানো হব সেয়া সচাঁ?

এটি ডাঙৰ প্ৰশ্ন?

সেই বগা কাপোৰ পিন্ধি

ভদ্ৰতাৰ মুখা পিন্ধা

আৰু প্ৰতিশ্ৰুতিৰ অফুৰন্ত ভৰালেৰে

মানুহক মনক বশ কৰা

সমাজৰ বৰমূৰীয়া

আমাৰ দুচকুৰ সপোন,আশা দুচকুত ৰৈ যাব নেকি?

নাজানো,উত্তৰবিহীন প্ৰশ্নৰ

সমাধান কি হয়?

মাথো মোৰ কবিতাৰ ভাষাৰে

গঠন কৰিব

বিচাৰিছো জনমত !

ফেচবুক,হোৱাটচেপৰ জগতৰ পৰা

এখন্তেক ওলাই

চাঁওক বাহিৰৰ জগত

বুজক বৰ্তমানৰ দৃশ্যপট।

আৰু সিদ্ধান্ত লঁওক

বৰ্তমান দৃশ্যপট সলনি কৰি

এখন নতুন চিন্তাধাৰাৰ সমাজ গঢ়িম বুলি।।

একাডেমিক পৰিচয় –

একাদশ শ্ৰেণী(বিজ্ঞান)

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *