গেটওৱিয়ান/ Gatewayian

এটা ৰঙা খাম ~ মানসী ডেকা

মই তেতিয়া ষষ্ঠ শ্ৰেণীত । কি বাৰ ঠিক মনত নাই কিন্তু শৰতৰ আগমন হৈছিলহে মাত্ৰ । গতানুগতিকভাৱে অইন দিনাৰ দৰে সিদিনাও মই স্কুললৈ আগবাঢ়িছিলো । ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হবলৈ যো-জা কৰোতেই ভৰিত লগা কিহবাৰ আকস্মিক স্পৰ্শত তললৈ চাই দেখিলো যে এটা ৰঙা খাম মোৰ কাষত পৰি আছে । ইফালে-সিফালে চাই সাউতকৰে সেইটো বুটলি খুলি চাই দেখিলো যে তাত কেবাখনো নতুন দুহেজাৰটকীয়া নোট আছে । গণি চাই দেখিলো পূৰাপূৰি দহহেজাৰ টকা । মই ভাবিলো যে সেই টকাৰে কেইযোৰমান ভাল দামী কাপোৰ কিনিব পাৰিম, কাৰণ আগত দুৰ্গোতসৱো আহি আছে । একে সময়তো আন এটা চিন্তায়ো মূৰত খুন্দিয়ালে যে এই টকাখিনি হয়তো কোনোবা দুখীয়া মানুহৰো হব পাৰে । কিন্তু টকাখিনি ঘূৰাই দিবলৈও টকাখিনি কাৰ মই নাজানো । এইবোৰ কথা চিন্তা কৰি থাকোতে আকৌ মোৰ মনলৈ আহিল যে টকাখিনি হয়তো কোনোবা ডকাইতেও পেলাই থৈ যাব পাৰে । ডকাইতৰ কথা ভাবি মই উচপ খাই উঠিলো । এবাৰ ভাবিলো টকাখিনি আকৌ ইয়াতে পেলাই থৈ যাওঁ নেকি ? কিন্তু মই ভালকৈ জানো যে টকাখিনি এবাৰ পেলাই থৈ যোৱাৰ পাছত পুনৰ ঘূৰাই পোৱাটো অসম্ভৱ কথা । বহু ভাবি-চিন্তি অৱশেষত টকাখিনি বুটলি ললো আৰু বেগত ভৰাই স্কুললৈ বুলি আগবাঢ়িলো ।

মাইনু উঠ । স্কুল আছে নহয় যাবলৈ দেৰি হ’ব । উঠ সোনকালে” লৰালৰিকৈ চকু মেলি মই দেখিলো যে সূৰুযৰ ৰাঙলী পোহৰ খিৰিকীৰ মাজেৰে আহি বিছনাত পৰিছে । তেতিয়া মনত মাথো এটা ভাৱেই খুন্দা মাৰি থৈ গ’ল, ‘‘ধেত, এইটো কেৱল সপোনহে আছিল নেকি !!”

একাডেমিক পৰিচয় –

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ

কলা শাখা

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *