গেটওৱিয়ান/ Gatewayian

এক অশ্ৰুসিক্ত কাহিনীৰ স্মৃতিৰে নোহালিকা জলপ্ৰপাত ~ মধুস্মিতা বৰুৱা

লিখিবলৈ আৰম্ভ কৰিছো চেৰাপুঞ্জীৰ ওচৰত অৱস্থিত এটা মনোৰম জলপ্ৰপাতৰ এক কৰুণ কাহিনী । ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১,০১৫ ফুট উচ্চতাৰে গভীৰ নীলা জলৰাশিৰে ভৰা এই জলপ্ৰপাতটোৰ নামেই হৈছে ‘নোহালিকা জলপ্ৰপাত’(Nohkalikai Falls) । সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই এটা ওখ জলপ্ৰপাত হিচাপে পৰিগণিত হৈছে নোহালিকা নামৰ এই জলপ্ৰপাতটো ।

এই নোহালিকা নামৰ জগত যে এটা ইতিহাস বিজড়িত কৰুণ জনশ্ৰুতি জড়িত হৈ আছে তাক হয়তো বহুতেই নাজানিব । হয়তো এই কথা জানিলে আমাৰ দৰ্শনাৰ্থী অথবা ভ্ৰমণবিলাসী লোকসকলৰ মনতো এবাৰলৈ হলেও গা কৰি উঠিব জলপ্ৰপাতটো নিজ চকুৰে দৰ্শন কৰাৰ কৌতূহলে ।

বহু যুগৰ আগৰ কথা, চেৰাপুঞ্জীত অৱস্থিত নোহালিকা জলপ্ৰপাতৰ উজনি অঞ্চলত বাস কৰিছিল এজন সহজ-সৰল পাহাৰীয়া ডেকা, লগত তেওঁক পত্নী লিকা আৰু এজনী কণমাণি ছোৱালী । উল্লেখযোগ্য যে খাচী পুৰুষসকলে নামৰ আগত উ. আৰু খাচী মহিলাই নামৰ আগত কা. লিখে । এই লিকা অথবা কা. লিকাই হৈছে আমাৰ কাহিনীৰ নায়িকা ।

মানুহৰ দিন সমানে নাযায় । ‘একাল সুখ, একাল দুখ’ বোলা আপ্তবাক্যষাৰি তেওঁলোকৰ ক্ষেত্ৰটো ফলিয়ালে ।

“সৃষ্টিৰ দিনাৰে পৰা

নিয়তিৰ সতে হেৰা

মানুহৰ সংগ্ৰাম অক্ষয় ।”

নিয়তিয়ে কাল ৰূপলৈ কাঢ়়ি নিলে লিকাৰ স্বামীক আৰু লিকাক দি থৈ গল অকাল বৈধ্যব্য জীৱন । তথাপিও তাই জীৱনৰ ওচৰত হাৰ নামানি নিজৰ ছোৱালীজনীৰ সতে অকলে থকাৰ সিদ্ধান্ত ললে ।

কণমানি ছোৱালীজনীক প্ৰায়েই ঘৰটোত অকলশৰে এৰি থৈ তাই কাম কৰিবলৈ ওলাই যায় । কিন্তু অৱশেষত বহু কথা ভাবি-গুণি একমাত্ৰ ছোৱালীজনীৰ কাৰণে লিকাই দ্বিতীয় বিবাহ কৰিবলৈ আগবাঢ়িল । কিন্তু বিয়াৰ কিছুদিন পাছত লিকাই অনুভৱ কৰিলে যে তাই যি উদ্দেশ্য লৈ বিয়াত বহিছিল সেই উদ্দেশ্য পূৰণ হোৱাৰ কোনো আশা নাই । তাইৰ স্বামীয়ে অনুমান কৰিলে যে তাইৰ ছোৱালীজনীয়ে যট-কূটৰ ঘাই আৰু তাইৰ উপস্থিতি তাৰ কাৰণে অস্বস্তিকৰ হৈ পৰিছে ।

অৱশেষত এদিন লিকা কামলৈ যোৱাৰ সুযোগ লৈ সি ছোৱালীজনীক খেদি খেদি নৃশংসভাৱে হত্যা কৰিলে । লিকাই ঘূৰি আহি ছোৱালীজনীৰ কথা সুধিলত সি তাই বান্ধৱীৰ লগত খেলিবলৈ যোৱা বুলি কৈ ছোৱালীজনীৰ মাংসৰে তাইক ভাত খাবলৈ দিলে । তায়ো গিৰীয়েকৰ কথা বিশ্বাস কৰি ভাত খালে ।

ভাত খাই উঠি এটা পাত্ৰৰ পৰা ভাতৰ মুহুদি কৰিবলৈ পাণ উলিয়াই থাকোতে হঠাতে এটি কণমাণি কটা আঙুলি দেখি সেইটো তাইৰ ছোৱালীজনীৰ বুলি চিনি পাই হুৰাওৰাৱে কান্দিবলৈ ধৰিলে ।  তাইৰ চকুপানী কোনেও ৰখাব নোৱাৰিলে আৰু বেদনাতে তাই দৌৰি দৌৰি গৈ জলপ্ৰপাতটিত জপিয়াই দিলেগৈ ।  তাইৰ অশ্ৰুসিক্ত সোঁৱৰণীতেই জলপ্ৰপাতটো পাছলৈ তাইৰ নামেৰে ‘নোহালিকা জলপ্ৰপাত’ বুলি নামাকৰণ কৰা হয় ।

এই ‘নোহালিকা জলপ্ৰপাত’ৰ প্ৰতিটোপাল পানীত নিমজ্জিত হৈ আছে লিকাৰ ভালপাই হেৰুওৱাৰ অব্যক্ত বেদনা আৰু অপৰিসীম ত্যাগৰ চানেকি ।

উপসংহাৰ : লিকা নোহোৱা হোৱা বহু শতিকা পাৰ হৈ গ’ল । ইয়াৰ মাজতে কতবাৰ পৃথিৱীয়ে ৰং সলালে, কত বসন্ত বাগৰিল, পাইনৰ চিৰিলি-চিৰিলি পাতবোৰ কতবাৰ সৰিল তাৰ হিচাপ কোনে ৰাখিছে ! নোহালিকা কিন্তু একেদৰেই বৈ থাকিল । শিলে শিলে খুন্দিয়াই নোহালিকা একেদৰেই বৈ আছে, আজিও । পাৰে যদি সময় উলিয়াই যাব এবাৰ নোহালিকালৈ, কাণ পাতিলে হয়তো পানীৰ শবদৰ মাজত আজিও শুনিবলৈ পাব লিকাৰ কৰুণ বিননি ।

সংযোজন :

নোহালিকাৰ ভৌগোলিক অৱস্থিতি :

অৱস্থান পূৱ খাচী পাহাৰ, মেঘালয়

২৫°১৬৩২′′ উত্তৰ ৯১°৪১১৩পূৱ

অৱনমন(Elevation): ৪,০৬৫ ফুট(১,২৩৯ মিটাৰ)

পানীৰ গড় প্ৰৱাহৰ হাৰ : ২.৮ ঘন মিটাৰ প্ৰতি ছেকেণ্ড

একাডেমিক পৰিচয় –
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
বিজ্ঞান শাখা

Print Friendly, PDF & Email

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *