আগ্নেয়গিৰিৰ লাভাই জ্বলাই ছাঁই কৰি নিয়ক মোক ~ জয়ন্ত আকাশ বৰ্মন

খিৰিকিখনৰ কাষৰ চিটটোতেই সদায় মই বহো। কাৰণ ইয়াৰ পৰাই তাইক মই দেখি থাকোঁ। মই তাইৰ নাম এটা দি লৈছিলো, শ্যামলী ।তাইৰ সেই সমাহিত মূর্তি। বতাহে চুই কঁপাই যোৱা তাইৰ প্রত্যংগ। তাইক চুই অহা প্রতিটো বৃষ্টিকণা মই অলিন্দ ভৰাই লব খোজো।

“খিৰিকিৰে বাহিৰত কি চাই আছা?”
-গম পোৱা নাছিলো কেমিষ্ট্রিৰ চাৰে মোক লক্ষ্য কৰি আছিল। 
নুবুজা ভাও ধৰি মই পিছফাললৈ চালো। পিছৰ বেঞ্চত সঞ্জয়, ৰাহুল, অৰিন্দমহঁত। এনেকুৱাকে কিতাপত মগ্ন দেখাইছে যেন সিহঁত একো একোটা তপস্বীহে !
‘তোমাক কৈছো, পিছফালে চাব নালাগে। ইউ ইউ আকাশ !’
‘নাই চাৰ, … এনেয়ে…*&%–%%৳’
‘কোৱাচোন আমি এতিয়া কি পঢ়ি আছো?’
‘চাৰ কেমিষ্ট্রি।’
‘হোৱাট ন’নচেন্চ ! কি টপিক ???’

ওচৰত বহা তৃষাই চাৰে নেদেখাকে’ মোলে’ চুৰকৈ চালে। মেলি থকা কিতাপখনৰ এটা লাইন মনে মনে নখেৰে পইন্ট কৰি তাই লাহেকৈ মোৰ ভৰিত গচকি দিলে।
‘চাৰ , ৰেডিঅ’এক্টিভিটি।’
‘অ’কে। এক্স্প্লাইন মি দ্য হাফ লাইফ কন্চেপ্ট্।’

চাৰে ক্লাছৰ পৰা উলিয়াই দিলে।

নিউক্লিয়াৰ ডিকে’। আজিকালি মোৰ মনলে’ অদ্ভূত চিন্তা কিছুমান আহে। অস্থিৰতাই গ্রাস কৰি ৰাখে সর্বক্ষণ। বিভংগন পুণঃনির্মাণ ঘটি থাকে । কিবা এক হেৰুৱাই ক্রমশঃ যেন মই আন এক নিউক্লিয়াৰ পাৰ্টিকল্ লৈ ট্রান্সফ’র্ম হৈ আছো ধীৰে ধীৰে। 
মই লাহে লাহে অন্য এক এট’ম হৈ গৈ আছো, মই নজনাকে।

দীঘল বাৰাণ্ডাখনেৰে লাহে লাহে মই শ্যামলীৰ ওচৰলে খোজ ল’লো। মোৰ বেগত ধৰি কোনে টানিছে ! ৰঙা পৰা মুখেৰে মোৰ পিছে-পিছে তৃষা।

“তই আকৌ কিয় ওলাই আহিলি?”
একো নক’লে তাই।
নীৰৱে খোজকাঢ়িলো দুয়ো বাহিৰলে… তৃষাই মোক ধৰি বেলেগ এটা পথেৰে লৈ গ’ল। অবিয়োজিত পানীৰ এটা পথেৰে…

: আকাশ, কচোন কি হৈছে তোৰ? কিয় আজিকালি তই উদাস উদাস থাক এনেকে?
: তই আঁতৰি যা, প্লিজ তৃষা। 
তৃষাৰ চকুৰ পৰা এটোপাল অশ্ৰু সৰি পৰিল। সৰি তাইৰ বেগৰ চেইনত দুলি থকা সৰু পুতলাটোত পৰিল।
চকু পানীৰে কেমিকেল বণ্ডিং কি হ’ব? 
তৃষা গুচি গ’ল…

কেম্পাচৰ বাহিৰলৈ ওলাই মই শ্যামলীৰ ওচৰলৈ গ’লো। প্রশাখা প্রসাৰিত আবেগেৰে তাই অপেক্ষা কৰে মোৰ ! তাইৰ ওচৰতেই মই শান্তি পাওঁ, তাই চাগে বুজে, যদিও একো নকয়, কাহানিও!!!

জুল’জি প্রেক্টিকেলত মেডামে ডাইচেক্চন শিকাই আছে। ৱাক্স প্লেটত ফ’ৰ্মেল্ডিহাইদ দি অচেতন কৰা ভেকুলীটো ওলোটাকৈ পিন আপ কৰি ল’লো। পেটটো দীঘে-দীঘে কাটি যেতিয়া তাৰ ৰক্ত সংবহন তন্ত্র বিচাৰিব লৈছিলো, তেতিয়া মই থমকি ৰৈ গ’লো। কলিজাটো মৰা নাছিল তাৰ, ধপ্-ধপাই আছিল। মোৰ কলিজাটোৱো…
মই প্রেক্টিকেল আধাতেই এৰি গুচি আহিছিলো। তৃষা, তায়ো ওলাই আহিছিল মোৰ পিছে পিছে…

ফিজিক্সৰ চাৰে থিয়’ৰি অৱ ৰিলেটিভিটি শিকাই আছিল। মই যি দেখো,দ্যাট ফ্রেম অব ৰেফাৰেন্স। মই দেখিছো তুমি মোলে’ আহি আছা। মই স্থিৰ । তুমি ভাবিছা তুমি স্থিৰ । মই তোমালে গৈ আছো। এদিন লগ পাম। পামনে। যিয়েই নাহক, মই তোমাক পাম যদিহে তুমি ফ্রেম অৱ ৰেফাৰেন্স চেইঞ্জ নকৰা। তুমি ফ্রেম অৱ ৰেফাৰেন্স চেইঞ্জ কৰিবা, আৰু ক’বা মই আঁতৰি গ’লো !!!

তৃষাই মোৰ মূৰত লাহেকে থাপ্পৰ এটা লগাই দিলে। কি ভাবি আছ? চেপা কণ্ঠেৰে ক’লে তাই-চাৰে তোলৈ চাই আছে! আজিও উলিয়াই দিব।
চাৰে সঁচাকৈয়েই দুয়োকে ক্লাছৰ বাহিৰলৈ উলিয়াই দিলে। 
“এতিয়া?”-তৃষাই মুখেৰে ক্লিপটো কামুৰি ধৰি চুলিখিনি ঠিক কৰি কৰি সুধিলে।
“চেইঞ্জ য়’ৰ ফ্রেম অৱ ৰেফাৰেন্স অ্যাণ্ড মুভ এৱে…!!”

: এদিন সঁচাকৈয়েই গুচি যাম। থাকিবি তোৰ শ্যামলীৰ লগত। 
: ক’লৈ যাবি?
: বেলেগ ফ্রেম অৱ ৰেফাৰেন্স। – তাই কয়।
মোৰ হাঁহি উঠে।
: তই ক’ত থাকিবি মই নাজানিব পাৰোঁ, কিন্তু তোৰ হৃদয়ৰ ম’মেন্টাম ধৰিব পাৰিম। হাইজেনবার্গে শিকাই থৈছে। 
‘হুঁহ্হ’-মুখখন বেকাঁ কৰে। 
: ফিলিংচবোৰ অযথা ৰেডিয়েট হৈ নিউক্লিয়াৰ ডিকেই হৈ যেতিয়া নোহোৱা হৈ যাম তেতিয়া বুজিবি। – তৃষাই কয়। কাজল চকুত অকন নিয়ৰ সেমেকে।

নেক্স্ট ক্লাছ মেথামেটিক্স। এই পিৰিয়দটো মই বহুত ভাল পাওঁ। স্পেছিয়েলি এব্ষ্ট্রাক্ট এলজেব্রাৰ ক্লাছকেইটা। চাৰে কেতিয়াবা মোকো ক্লাছ লব দিয়ে। সিহঁতে কয় – সঁচাকৈয়েই মোৰ কন্চেপ্ট ভাল।
ট’প’লজিৰ বিমূর্ত পেটার্ণবোৰে মোৰ মূৰত খেলা কৰে অহৰহ !

মই আজিকালি কেতিয়াবা হেৰাই যাওঁ ক’ৰবাত, যেতিয়াই তেতিয়াই, য’ত ত’ত। মোৰ চাৰিওফালে এব্ষ্ট্রাক্ট পেটাৰ্ণ কিছুমান ঘুৰি ফুৰে। পৃথিবীখন ব্লাৰ হৈ পৰে। আজি কালি মোৰ খোজ কাঢ়িবলৈ ভয় লাগে। ক’লেজ গৈ থাকোঁতে মই বাস্তবিক জ্ঞান হেৰুৱাই পেলাওঁ। বাছৰ পৰা নির্দিষ্ট ষ্টপেজত নামিবলৈ পাহৰি যাওঁ। মনত নপৰে ক’লৈ গৈ আছিলো। সঁচাকে মোৰ মূৰত কিবা এটা হৈছে। ক্লাছমেটবোৰে হাঁহে মোক লৈ। মই বিবুধিত পৰোঁ। তৃষাই কাজিয়া কৰে সিহঁতৰ লগত। মোৰ পিঠিত এদিন এজনে ‘ক্রেক্’ লিখি কাগজ এটুকুৰা লগাই দিছিল। স্বভাৱ শান্ত তৃষাই সিদিনা তাক চৰ এটা বহুৱাই দিছিল।

ক্লাছৰ বাহিৰৰ খুটাবোৰত কোনোবাই A+T লিখিছিল পিছদিনা। তৃষাই মোক দেখাইছিল। মই কৈছিলো- গুৱেনিন আৰু ছাইট’ছিন পাহৰিলে সিহঁতে। এডেনিন প্লাছ থায়’মিনহে লিখিলে। কম্প্লিট জেনেটিক চিকুৱেন্চত AGTC থাকে। মোৰ মূৰত নাচি উঠিছিল ডি.এন.এ. ৰ আলফা-হেলিক্স ষ্ট্রাক্চাৰ। এক নতুন পেটাৰ্ণ। মই খুটাটোত +G+C লিখি দিছিলোঁ। সিদিনাও তৃষাই মোক তাতেই এৰি ক্লাছ নকৰাকে’ গুচি গৈছিল। গা বেয়া হেনো লাগিছিল তাইৰ। ময়ো ক্লাছ নকৰি শ্যামলীৰ ওচৰত গৈ বহি আছিলো গোটেই দিন। সন্ধিয়া তৃষা আহিছিল আৰু মোক স্কুটিত উঠাই হোষ্টেলৰ আগত নমাই থৈ আহিছিল।

মোৰ অস্থিৰতা ক্রমশঃ বাঢ়ি আহিছিল। মই কথাবোৰ মনত ৰাখিব নোৱাৰা হৈ আহিছিলো। ৰাতিৰ আন্ধাৰতো মই কিছুমান মেথামেটিকেল পেটার্ণ দেখি থাকোঁ। এটা এজ ওল্ড আনচ’ল্ভ্ড মেথামেটিকেল প্রব্লেম চ’ল্ভ হৈ যায়। মই ইন্টাৰনেছনেল মেথামেটিকচ্ ছ’ছাইটিলৈ চলুশ্যনটো মেইল কৰো। আনন্দতেই মই সেই দুপৰ নিশা চিঞৰি চিঞৰি ৰাষ্টাই ৰাষ্টাই দৌৰো। হোষ্টেলৰ বন্ধুবোৰে মোক ধৰি আনে। মই সিহঁতক বুজাব নোৱাৰো। হোষ্টেল চুপাৰে মোক সকিয়নী দিয়ে।

দুদিন মই ক’লেজলৈ নগ’লো। মানুহবোৰে মোলৈ কিবাকৈ চায়, অসহ্য লাগে। হোষ্টেলৰ বাৰাণ্ডালৈও নোলালো। তৃষা আহিছিল। মোৰ দুৱাৰত বহুত সময় ৰৈ আছিল। মই নুখুলিলো। তাই লোৱা ঘনতৰ মিঠা পাৰফিউমৰ সুবাস লঘু লঘুতৰ হৈ নোহোৱা হৈ গ’ল। তৃতীয় দিনা ৰাতিপুৱা আন্ধাৰতেই মই শ্যামলীৰ ওচৰলৈ গ’লো। তাই মোক মাতিছিল। মই স্পষ্ট শুনা পাইছিলো। শ্যামলীৰ ওচৰত যেতিয়া মই বহিছিলো, শ্যামলী নীৰৱ আছিল।

শ্যামলীক মই ক’লো – “মোৰ গণিতৰ সূত্রটো এই পৃথিৱীৰ কোনেও নুবুজে। সূত্রটো মই প্রক্সিমা চেন্টাউৰিলৈ পঠিয়াম। তাত আছে মোৰ সূত্র বুজা মানুহ।”
মই শ্যামলীৰ গাত বগাই উঠিলো। “দুখ পাইছ শ্যামলী? তয়েই মোৰ সাৰথি। পঠিয়াই দে না মোৰ এই আৱিস্কাৰ মহাবিশ্বলৈ।”

: আকাশ, কি হৈছে তোৰ? এই পুৱতি নিশা। জানিছিলোৱেই তোক ইয়াতেই পাম।
: তই কিয় আহিছ তৃষা? 
: তোৰ নাটক চাব। …. তোৰ কি হৈছে? হে ভগবান! ইয়াক ওভটাই দিয়া মোক, আগৰ দৰে হৈ উঠক ই !
মই হাঁহিলো। তায়ো অশ্রু সজল হাঁহিলে। 
: তৃষা, মই এব্ষ্ট্রাক সূত্রটো তোৰ মগজুলৈ ট্রেন্সফাৰ কৰিম। তই কিন্তু অলপ শ্বক পাবি। ময়ো ইমান দিন পাই আছো। তই মেন্টেল ৱেভ ইউজ কৰি মহাবিশ্বলৈ পঠিয়াই দে। তোৰ মেন্টেল ভাইব্রেছন মোৰ লগত কম্পেটিবল্। 
মই কেবল্ এডাল মোৰ মূৰৰ পৰা তাইৰ মূৰত লগাই দিলো। আৰু লগত লৈ যোৱা ২৩০ ভ’ল্ট বেটেৰীটো কানেক্ট কৰি দিলো। চিৎকাৰ কৰি উঠিল তৃষা। যন্ত্রণাত কেকাই উঠিল। তাই চেন্চলেচ্ হৈ পৰিল।
“তৃষা উঠ, উঠ না তৃষা। প্লিজ উঠনা…”

হোষ্টেল চুপাৰৰ কথামতে কেইজনমান পুলিছে মোক বান্ধি ডক্টৰৰ ওচৰলৈ লৈ গ’ল। ডক্টৰক মই গণিতৰ পেটার্ণবোৰ বুজাব খুজিছিলো। নুবুজে। তাৰ পৰা মোক মেন্টেল এচিলাম খনলৈ পঠিয়াই দিলে।

আজি কিমান বছৰ হ’ল, মই ইয়াতেই আছো। মই ইয়াত আকৌ নতুন নতুন টপ’ল’জিৰ থিয়ৰি আৱিষ্কাৰ কৰিছো। প্রব্লেম এয়ে যে সেইবোৰ কোনেও নুশুনে, কোনেও নুবুজে। মোক শ্যামলীৰ ওচৰলৈও যাব নিদিয়ে।

সদায় সন্ধিয়া মই অপেক্ষা কৰো, তৃষা আহিব নেকি? মই আজিকালি ভাল হৈও থাকোঁ। তৃষা আহিব বুলি ! তাই লোৱা পাৰফিউমৰ গোন্ধৰ বাবে মই ব্যগ্র হৈ থাকোঁ। নাই, তাই নাহে… তাই নাহে…

আমাৰ এচিলামখনলৈ নতুনকৈ এজন বুঢ়া মানুহ আহিছে। তেওঁক মই মোৰ সূত্রবোৰ দেখুৱালো। তেওঁ খুব আগ্রহেৰে চালে।
কিবা কিবি নোট কৰিও ল’লে। আৰু তেওঁ মোক এটা মেছেজ চিন্টেক্স ডি-চাইফাৰ কৰিব দিলে। মই এক ৰাতিৰ সময় ল’লো আৰু পিছদিনা তেখেতক মেছেজটোৰ অর্থ ভাঙি দিলো। তেওঁ যথেষ্ট সন্তুষ্ট হ’ল। তেখেতে মোক ক’লে-এনেকুৱা কিছুমান আৰু ক’ড মেছেজ আছে। আপুনি ডি ক’ড কৰিব লাগিব। বিনিময়ত আপুনি যি বিচাৰে দিয়া হব।

“হ’ব”-মই ক’লো। 
“তাৰ বাবে মই কি কৰিব লাগিব?” – মই সুধিলো।

: আপোনাৰ ব্রেইনটো এক্স্ট্রা অ’র্ডিনাৰী। ইয়াত ৱেস্টেজ হে হব। আই ৱ’ৰ্ক ফ’ অ্যান ইন্টেলিজেন্স এজেন্সি, মই আপোনাক ইয়াৰ পৰা পলুৱাই লৈ যাম। ড’ন্ট ৱৰি। 
পিছদিনা চিকিউৰিটি পার্চনৰ ড্রেছ পিন্ধাই তেখেতে মোক গাড়ীত তুলি দূৰৰ এটা অফিছলৈ পলুৱাই লৈ গ’ল।
নিশালৈ মই বহুত ক’ড মেছেজ ডিক’ড কৰি দিলো। তেখেতে মোক কি বিচাৰো সুধিলে। 
: উড য়ু লাইক টু বি অ্যা পার্ট অৱ ডিছ প্রেষ্টিজিয়াছ অ’ৰ্গানাইজেছন?
: আই ড’ন্ট ৱান্ট এনিথিং। এতিয়া জাষ্ট মোক তৃষাৰ ওচৰলৈ লৈ ব’লক।
: তৃষা, হু ইজ ছি?
: ছি ইজ হোৱাট আই নিড্। ছি’জ হোৱাত আই ফিল। ছি’জ হুম আই টেৰিবলি মিছিং নাও।
: অ’ কে। মই আপোনাক তৃষাক লগ কৰাই দিম। বাট বিফ’ৰ দ্যাট , আপুনি তাইৰ বিষয়ে অলপ কওঁক।
: তাই মোৰ ক্লাছমেট আছিল। তাই হাঁহিলে চকুদুটা সৰু হৈ যায়। তাইৰ বেগৰ জিপাৰত এটা সৰু নীলা ৰঙৰ টেডি বিয়াৰ দুলি থাকে। আৰু তাই কান্দিলে নাকটো ৰঙা পৰে।
মানুহজনে হাঁহিলে।
: হৈ যাব। লগ কৰাই দিম। বাট বিফ’ৰ দ্যাট এটা প্রব্লেম , আই মিন আন এটা ক’ড মেছেজ ডিক’ড কৰিব লাগিব।
: ঠিক আছে। – মই ক’লো।

মানুহজনে মোক আন এটা চিন্টেক্স মেছেজ ডিক’ড কৰিব দিলে।
: এইটো মই ডিক’ড কৰিব নোৱাৰো,মানে মই নকৰো। – মই ক’লো। এইটোৱে বহুত নিৰপৰাধ মানুহৰ প্রাণ ল’ব।
: বাট দে’ আৰ আৱাৰ ইনিমি, আমাৰ দেশৰ শত্রু।
: আপুনি ক’লেই মই মানি নলওঁ। মই সিহঁতক নাজানো। চ’ আই ক্যা’ন্ট।

: আপোনাৰ তৃষাক লগ কৰাৰ মন নাই?
: লগ কৰিম। কিন্তু এনেকুৱা কাম নকৰো। ইভেন, তৃষাইও ভাল নাপাব মোক ।
: ঠিক আছে তেতিয়াহ’লে। মই আহোঁ। – মানুহজন উঠিল।

এক মুহুর্তৰ কাৰণে মোৰ মূৰৰ তেজ উতলি উঠিল।তৃষাক লগ কৰাই নিদিলে এতিয়াই মই আপোনাৰ মূৰ ফালিম।- মই ওচৰত পোৱা লোহাৰ ৰড ডালেৰে মাৰিবলৈ তেখেতক খেদি গ’লো। কিন্তু মানুহজনে আন এডাল ৰডেৰে মোৰ মূৰত প্রচণ্ড কোব সোধালে।

মই যেতিয়া জ্ঞান ওভটাই পালো, তেতিয়া মই এখন আৰ্মি হষ্পিটালত। মোৰ মূৰত বিভিন্ন ধৰণৰ তাঁৰ ফিট কৰা আছে। মোৰ মূৰটো বেলেগ বেলেগ লাগিছে।

মোৰ মূৰত এখন প্রশান্তিৰ হাত। নাকত সহস্রাব্দৰ চিনাকি সেই পাৰ্ফিউমৰ সুবাস। বেগখন টেবুলত, জিপাৰত দুলি দুলি সৰুকৈ এটা নীলা টেডি বিয়াৰ । সজল চকু এযুৰি আৰু ৰঙাপৰা এটা নাক। 
তৃষা… পৃথিৱীখন ৰৈ যাওঁক, পৃথিৱীখন বৈ যাওঁক। কোটি সূৰুযৰ আলোকেৰে আলোকিত হৈ উঠক পৃথিৱী, অথবা, শত সহস্র আগ্নেয়গিৰিৰ উত্তপ্ত লাভাই ছাই কৰি পেলাওঁক। এতিয়া তৃষা মোৰ বুকুত…

নিউৰ’স্পেছিয়েলিষ্টজন মোৰ ওচৰলৈ আহিল। ওচৰত বহিল।

” কংগ্রেচুলেশ্বন্ছ। ইউ আৰ এলাইভ। এই সকলোবোৰ তৃষাৰ কাৰণেই পচিবল হ’ল।” – ডক্টৰে আৰম্ভ কৰিলে।
আপোনাৰ ব্রেইনৰ আঘাটটো ভয়ংকৰেই আছিল। ফলত চেৰিব্রামৰ বহুত চেলৰ মৃত্যু ঘটিছিল। আপোনাৰ মেম’ৰি চেলবোৰ অকামিলা হৈ গৈছিল। তৃষাৰ চেৰিব্রামৰ পৰা কিছুমান টিচ্যু আনি আপোনাৰ ব্রেইনত সংস্থাপিত কৰা হৈছে। আপোনাৰ যিখিনি একিউট স্ট্রং মেম’ৰি আছিল, সেইকেইটা মেম’ৰি চেল নমৰিল। গতিকে, এতিয়াৰ পৰা আপুনি সেই বাচি যোৱা মেম’ৰিখিনি প্লাছ আর্টিফিছিয়েলি তৃষাৰ ব্রেইনৰ পৰা ট্রান্সপ্লান্ট,কৰা মেম’ৰি চেলৰ মেম’ৰিৰে বাকী জীৱন কটাব লাগিব।
আৰু তৃষাৰো মেম’ৰি এতিয়া আধাহ’ল। মই আপোনাৰ ইম্প’র্টেন্ট ষ্ট্রং মেম’ৰি চেলৰ ডাটাখিনি কপি কৰি তাইৰ ব্লেংক চেল কিছুমানত ইন্ষ্টল কৰি দিছো। অৱশ্যে প্রব্লেম একো নাই। কাৰণ, দুইটাৰ মেম’ৰি খিনিত অ’লম’ষ্ট কমন ডাটায়েই আছিল।
এতিয়া মই তাঁৰ টো খুলি দিম। নিউলি ইন্ষ্টল চেলবোৰত ন’ৰ্মেল ব্লাড চার্কুলেছন আৰম্ভ হ’ব।”

ডক্টৰে তৃষা আৰু মোৰ মূৰৰ পৰা আর্টিফিছিয়েল ইন্টেলিজেন্স ইকুইপ্মেন্টো আনপ্লাগ্দ কৰি দিলে। 
ধীৰে ধীৰে মোৰ ব্রেইনে তৃষাৰ মেম’ৰিবোৰ প্রচেচিং কৰিব ধৰিলে। …


“আকাশক মই ভাল পাওঁ, জীৱন অথবা মৃত্যুৰ সমান। আকাশে শ্যামলীক ভাল পাই জানি মই পাগল হৈ গৈছিলো, যদিও মই বাহিৰত তাক দেখুউৱা নাছিলো। আজি মোৰ বহুত ভাল লাগিল। শ্যামলী কোনো ছোৱালী নহয়। শ্যামলী মানুহেই নহয়। ক’লেজ কেম্পাছৰ পিছফালে থকা এডাল প্রাচীন গছহে। আকাশে কিয় নুবুজে, তাৰ একো ফিলিংচ নাই নেকি! আজি কোনোবাই ক’লেজৰ খুটাবোৰত A+T লিখিছিল। মোৰ কিবা এক অদ্ভূত ভাল লাগিছিল। কিন্তু সি জেনেটিক চিকুৱেন্চৰ লগতহে সেই ফিলিংচ মিলাইছিল। মোৰ বহুত বেয়া লাগিছিল। আকাশৰ কিবা এটা হৈছে। কিন্তু মৃত্যুৰ দিনালে’ মই তাক ভাল পাম। মই তাক ভাল নাপাই নোৱাৰো। ডক্টৰে কৈছে আকাশ স্কিজ’ফ্রেনিয়াৰ চিকাৰ হৈছে। মই তাৰ লগত থাকিম। খালি তাৰ ইন্ফ্লেটেড মেম’ৰিত মই থাকোঁ যেন সদায়। … …
আকাশ হেৰাই থাকিল। ক’ত গ’ল সি? মোক ইয়ালৈ কোনে আনিলে? আকাশৰ চহৰ এৰি মোক ইয়াত কোনে আনিলে!
পাচবছৰ আকাশৰ খবৰ উলিয়াব নোৱাৰিলে। মই জানো মোৰ দেউতাই মিছা কৈছে আকাশ ঢুকাল বুলি! ক’তা, মইতো জীয়াই আছো। সি মৰিলেচোন ময়ো মৰি গ’লোহেঁতেন! 
ইন্টেলিজেন্স এজেন্সিৰ চাইন্টিফিক এডভাইজৰ মোৰ দেউতাই আজি মোৰ জীৱনক মোৰ আগত আনিছে। সি মূৰত আঘাত পাইছে। তেজ ওলাইছে। তাক সাৱটি মই দেউতাৰ লগত তাক বেষ্ট হ’স্পিটালখনলৈ লৈ আহিছো। জানো ঈশ্বৰে তাক ভাল কৰিব। মই তাৰ বাবে সকলো কৰিম। আচলতে তাৰ বাবে নহয়, মোৰ বাবে। কাৰণ সি আছে বাবেই মই আছো।•••….~~~~
এয়া মই অপাৰেছন বেডত। মোৰ ব্রেইনৰ টিচ্যু কিছুমান আকাশৰ চেৰিব্রামত ট্রান্সপ্লান্ট কৰিব। হে মোৰ মংগলময় ঈশ্বৰ , মই নাথাকিলেও যাতে আকাশ থাকে। আপাৰেছনৰ পিছত জ্ঞান পায়েই যাতে মই আকাশক দেখো বা অনন্ত এন্ধাৰ …”

ব্রাড চাৰ্কুলেছনে এইবাৰ মোৰ বাছি যোৱা নিজা মেম’ৰি চেলকেইটা সক্রিয় কৰিলে। তাতনো কি আছিল? তৃষা তৃষা আৰু মাথো তৃষা…

(গল্পটো গেটওৱিয়ানত পুনঃপ্ৰকাশৰ অনুমতি দিয়া বাবে গল্পকাৰ বৰ্মন ডাঙৰীয়ালৈ গেটওৱিয়ানৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ ।)

Print Friendly, PDF & Email

2 Comments

  • তনয়া ইয়াছমিন

    বঢ়িয়া । নতুন সোৱাদ পালো ।

    Reply
  • ৰিংকীমণি কলিতা

    ব্যতিক্ৰমী ।
    বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *