গেটওৱিয়ান/ Gatewayian

: অপ্ৰেমৰ দুটি স্তৱক : ¬চৰণদীপ ঠাকুৰীয়া

(১)
: অদৰকাৰী :

 

মোৰ জন্মৰ হেজাৰ, এশ অথবা অৰ্ধ শত বছৰ আগেয়ে

ভাবিছিল জানো কোনোবাই

মই যে এই পৃথিৱীত জন্মিম !

উদাস মদাৰজোপাৰ পাহিৰ ৰঙাখিনিয়ে

যেন মোক হাঁহি হাঁহি ক’লে,

“সকলোৰে যদি জগতত দৰকাৰেই থাকে,

তেন্তে অদৰকাৰীনো কোন !”

(২)

: মোৰ মৃত্যুৰ পাছত… :

 

“যোৱা অমুক মাহৰ অমুক তাৰিখে আমাৰ দাদা/ভাইটি/পুত্ৰ শ্ৰী….

– ইতি

শোকসন্তপ্ত পৰিয়ালবৰ্গ ”

প্ৰিয়জনে হয়তো মোৰ মৃত্যুৰ গতানুগতিক পোষ্টাৰখন

এবাৰ পঢ়িয়েই জাৱৰৰ দ’মলৈ দলিয়াই পেলাব ।

একাডেমিক পৰিচয় –

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

বিজ্ঞান শাখা

 

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *