গেটওৱিয়ান/ Gatewayian

“অন্ততঃ ছপা কিতাপ পঢ়িবলৈ বেটাৰীৰ প্ৰয়োজন নাই”….জনপ্ৰিয় লেখক বৈদুৰ্য্য বৰুৱাৰ স’তে এটি চমু সাক্ষাৎকাৰ

বৈদুৰ্য্য বৰুৱাৰ স’তে পাঠকক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই । চেণ্টুদা, বাসু, অপু, ঋতু, জগু আদিকে অনেক জীৱন্ত চৰিত্ৰৰ সৃষ্টিকৰ্তা জনপ্ৰিয় লেখকজনকনো কোনে নাজানে ! গেটৱে একাডেমীৰ তৰফৰ পৰা আমি যোগাযোগ কৰিছিলো তেখেতৰ লগত আৰু আমাক একপ্ৰকাৰ আচৰিত কৰিয়েই তেখেতে তেখেতৰ অপৰিসীম দৈনন্দিন ব্যস্ততাৰ মাজৰ পৰাও আমাৰ বাবে অঁজৰাই দিছিল কিছু সময় ।  আহকচোন জানো চেণ্টুদাৰ স্ৰষ্টাজনৰ মনৰ ভাৱবোৰ….
সাক্ষাগ্ৰহণ : প্ৰিয়ম প্ৰীতম

 

গেটৱে : পোনপ্ৰথমে গেটৱে একাডেমী কণিষ্ঠ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালৈ সশ্ৰদ্ধ নমস্কাৰ জনালো ।

বৈদুৰ্য্য বৰুৱা : গে’টৱে একাডেমীৰ সকলোলৈ মোৰ শুভেচ্ছা থাকিল।কামনা কৰিছো এই কণিষ্ঠ মহাবিদ্যালয়খন অসমৰে এখন জাকত জিলিকা মহাবিদ্যালয় হৈ পৰক।

 

গেটৱে : প্ৰথম প্ৰশ্ন, আপোনাৰ জন্ম আৰু শৈশৱ কালৰ বিষয়ে অলপ জনাব নেকি ?

বৈদুৰ্য্য বৰুৱা : দেউতা শিৱসাগৰৰ আছিল।চাকৰি সূত্ৰে নামৰূপত আছিল।নামৰূপতেই মোৰ জন্ম।স্কুলৰ তলৰ দুটা শ্ৰেনী নামৰূপতেই পঢ়া। তাৰপাছত তিনিচুকীয়াত পঢ়া শুনা। এতিয়া তিনিচুকীয়াতে থাকো ।

 

গেটৱে : আপুনি লেখা-মেলা কেতিয়াৰপৰা আৰম্ভ কৰিছিল ?

বৈদুৰ্য্য বৰুৱা : হাইস্কুল কলেজৰ আলোচনীত এবাৰ লিখিছিলো।তাৰপাছত 1992ৰ পৰা বিস্ময়ত লিখিবলৈ আৰম্ভ কৰিছিলো।

 

গেটৱে : চেণ্টুদাৰ বিষয়ে অলপ জনাবচোন ।

বৈদুৰ্য্য বৰুৱা চেন্টুদা নামৰ ব্যক্তি এজন সঁচাকৈয়ে নথকা নহয়। কলেজীয়া অৱস্থাত আৰু কলেজৰ পৰা ওলোৱাৰ পাছতো নগৰৰ মাজ মজিয়াত থকা এখন সৰু হোটেলত আড্ডা মাৰিছিলো।সাধাৰণ চাহ,নিমকি,গজা,খুৰমা বিক্ৰী কৰা হোটেল । পুৱা গধূলি এজাক যুৱকে তাত গিজগিজাই আছিল। স্বাভাৱিকতে বেছিভাগ যুৱকেই তেতিয়া নিবনুৱা।বিভিন্ন ধৰণৰ বিষয় বস্তুৰ ওপৰত ৰসাল আড্ডাৰে পুৱা গধূলিবোৰ জীপাল হৈ উঠিছিল।
হোটেলৰ গৰাকী জন কেতিয়াবা অতিষ্ঠ হৈ পৰিলেও; লৰাবোৰক বেয়া নাপাইছিল।বৰঞ্চ কেতিয়াবা আড্ডাটো কিবা কাৰণত নবহিলে তেওঁৰহে চিন্তা হৈছিল। এই লৰাবোৰ আজি নাহিলে যে..!
ৰ’দ,বৰষুণ ,ধুমুহা,ভূমিকম্প বুলি কোনো কথা নাই। কোনো সদস্য নাহিলেও মই প্ৰতিদিনে পুৱা গধূলি সেই হোটেলত বহি থকাটো এটা নিয়মৰ ভিতৰত পেলাই লৈছিলো।কোনো এক নিদিষ্ট লক্ষ্য নোহোৱাকৈয়ে বেপৰোৱা ভাৱে মোৰ নিবনুৱাৰ জীৱন আগবাঢ়ি গৈ আছিল।
এই যে হোটেলখন। সেইসময়ত কোনোমতেহে চলি আছিল। কেতিয়াবা অকলশৰীয়া মুহূর্তত গৰাকী চেণ্টুদাই এই আৰ্থিক দুৰৱস্থাৰ বিষয়ে কৈ দুখ কৰিছিল।
এদিন চেন্টু দাৰ সৈতে নিশা অকলে আড্ডা মাৰি আছো।কথাৰ প্ৰসংগত টকা,ঋন,বেংক ইত্যাদিৰ কথা ওলাল।চেন্টুদাৰ হোটেলৰ কাষৰ বিল্ডিংটোৰ ওপৰত এটা বেংক আছিল।হঠাতে চেন্টুদাই ধেমালিতে কৈ উঠিছিল ” ওপৰৰ বেংকত টকাই টকা পৰি আছে।আৰু তলত আমাৰ হাতত দুটকা এটা নাই!”
চাঁতকৈ মই কল্পনা কৰি ললো।বেংকৰ তলত চেন্টুদাৰ হোটেল আৰু চেন্টুদাৰ কোঠাটোৰ চাদখনৰ ওপৰতে বেংকটোৰ টকা থোৱা ভড়ালটো যদি থাকিল হেতেন….!
এটা প্লট পাই গলো! ফুটা নাম দি গল্প এটা বিস্ময়লৈ আকৌ পঠিয়াই দিলো। গল্পটোত চেন্টুদাৰ হোটেলৰ বৰ্ণনাৰ লগতে চেন্টুদাৰ বৰ্ণনা দি চেন্টুদাৰ সঁচা নামটোকে প্ৰধান চৰিত্ৰটোত ব্যৱহাৰ কৰিলো। ভাৱিছিলো ওলালেও ওলাব নোলালেও নাই, কিন্তু ওলালে জমিব! মানে আমাৰ আড্ডাৰ মাজত জমিব…
গল্পটো ওলাল।আমাৰ আড্ডাৰ মাজতো জমিলে। বচ খেলা খতম। কিন্তু মই ভৱাৰ দৰে সেই “চেন্টুদা”চৰিত্ৰটো লাহে লাহে কেৱল মোৰ মাজত বা আমাৰ আড্ডাটোৰ মাজত সীমাবদ্ধ হৈ নাথাকিল।  ফুটা গল্পটোৱে সেই সময়ৰ পঢ়ুৱৈয়ে বিশেষ আদৰ পাইছিল। বিস্ময়ৰ ফালৰ পৰা আকৌ তেনে ধৰণৰ লেখা বিচাৰি তাগাদা আহিল।আকৌ চেন্টুদাক মূল চৰিত্ৰ হিচাবে লৈ সপোন নামৰ গল্প এটা পঠিয়াই দিলো।য’ত চেন্টুদাই চাদা মলা মেচিন আৰু জাল নোট চপা কৰা মেচিন আৱিষ্কাৰ কৰিছিল।এই চাচপেন্স কমেডীৰ দীঘল গল্পটোৱেও পঢ়ুৱৈৰ পৰা সমাদৰ পালে।আকৌ তাগাদা আহিল।চেন্টুদাৰ অপাৰেচন লাগে! এইবাৰ লিখিলো বৰষুণৰ অপেক্ষাত বুলি এখন চুটি উপন্যাস।ৰোমান্টিক কমেডীৰ এইখন উপন্যাসে ইমানেই জনপ্ৰিয়তা পালে যে একেবাৰে চেন্টুদা আৰু অপু বিস্ময়ৰ কিছু পঢ়ুৱৈৰ বুকুত সোমাই পৰিল। মোৰ নামটোও তেখেত সকলৰ বাবে চিনাকি হৈ পৰিল।লাহে লাহে চেন্টুদা পাৰ ভাঙি বৈ গ’ল। চেন্টুদা অসমৰ বহুলোকৰ বাবে আপোন হৈ পৰিল।
এতিয়াৰ লিখাবোৰৰ কথা নকও। তেতিয়া মানে সেই সময়ৰ মোৰ লেখনিবোৰত যিমান চৰিত্ৰ থাকে; তাৰ এক বুজন অংশৰ চৰিত্ৰৰ নামবোৰ মোৰ লগৰ লৰাবোৰৰে দি দিছিলো। পাছত এইবোৰ লৈ নিজৰ মাজতে হাঁহি ফূৰ্টি কৰিছিলো।চেন্টুদাৰ নামত গল্পটো লিখিও একেধৰণৰে আমোদ এটা মই পাইছিলো। মোৰ লগৰ কিছুমানেও এই আনন্দত ভাগ লৈছিল। ওচৰৰ পাজৰৰ কিছু চিনাকি গ্ৰাহকেও চেন্টুদাক সোধে “চেন্টু দা। এইবাৰ বোলে বেংক ডকাইটিত ধৰিলে!”
বহুতো পাঠক পাঠিকাৰ মৰমৰ দাবীত মই চেন্টুদাৰ কাহিনী লিখি যাবলৈ উৎসাহিত হোৱাৰ লগতে বাধ্যও হলো।ৰামপদ চৌধুৰী নামৰ হোটেলৰ মালিকৰ চৰিত্ৰটোৱেও পঢ়ুৱৈক আমোদ যোগালে।চেন্টুদাৰ হোটেলৰ মালিকৰ নাম অৱশ্যে ৰামপদ নাছিল বা তেওঁৰ চৰিত্ৰও তেনেকুৱা নাছিল।লাহে লাহে এদিন জগু নামৰ কুকুৰৰ চৰিত্ৰ এটাৰ প্ৰৱেশ ঘটিল।সিও পঢ়ুৱৈৰ বুকুৰ মাজত সোমাই পৰিল।মই কব নোৱাৰাকৈয়ে চেন্টুদা,অপু আৰু জগু একোটাহঁত জনপ্ৰিয় চৰিত্ৰ হৈ পৰিল।
“চেন্টু দা” মোৰ ৰোল মডেলহে।বাস্তৱ জীৱনৰ চেন্টু দাৰ সৈতে মোৰ কাহিনীৰ চেন্টুদাৰ কোনো মিল নাই।

কলেজীয়া জীৱনৰ পৰা বে’কাৰ জীৱনটোলৈকে এইজন মানুহৰ হোটেলতে আড্ডা মাৰি পাৰ কৰিলো । এতিয়াও কেতিয়াবা সেই হোটেললৈ গৈ ভুমূকি মাৰো,  নষ্টালজিক হৈ পৰো কেতিয়াবা !  ধেমালি ধেমালিকৈ আৰম্ভ কৰা খেলবোৰ এটা সময়ত চিৰিয়াচ হৈ পৰিল, মোৰ পিঠিত মই কব নোৱাৰাকৈয়ে লেখক জাতীয় চীল মোহৰ এটা পৰিল !
আটাইতকৈ ডাঙৰ কথা এইটোৱেই যে এনেকুৱা এটা অৱস্থা হ’ল মোৰ নাম কিমানে জানে মই নাজানো কিন্তু এইটো মই নিশ্চিত যে “চেন্টু দা” নামটো মোৰ নামটোতকৈ কৈ হাজাৰ গুন বেচি মানুহে বেচি জানে ! মই আগতেই কৈ আহিছো যে এটা সময়ত মোৰ গল্প উপন্যাসৰ চৰিত্ৰবোৰৰ নাম মোৰ পৰিচিত সকলৰে দি একপ্ৰকাৰে ৰং চাইছিলো। বহু পৰিচিত লোকৰে সঁচা নাম দিলো। কিন্তু ৰং চাবলৈ দিয়া চেন্টুদাৰ নামটো এক বিশেষ জনপ্ৰিয় চৰিত্ৰ হৈ পৰিল। মই যদি সেইসময়ত চেন্টুদা নামটো ব্যৱহাৰ নকৰি বল্টুদা বুলি লিখিলো হেতেন, তেনেহলে নিশ্চয় আজি বল্টুদা জনেই জনপ্ৰিয় হলহেতেন।
কিন্তু কথাবোৰ লাহে লাহে বেলেগ হৈ পৰিল। কিছুমান ব্যক্তিয়ে অহুকানে পহুকানে শুনিবলৈ পালে; চেন্টুদা নামৰ মানুহ এজন অমূক ঠাইত থাকে।তেওৰ হোটেল এখনো সচাকৈ আছে।আৰু তেওঁৰ কাণ্ড কাৰখানা বোৰো কিতাপত লিখাৰ দৰেই! 
প্ৰায়েই বিভিন্ন ধৰণৰ মানুহে চাহ খোৱাৰ চলেৰে চেন্টুদাৰ হোটেললৈ অহা হল। হোটেলত বহি চেন্টুদাক চিৰিয়াখানাৰ জন্তুৰ দৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে! প্ৰথম অৱস্থাত চেন্টুদাই এইবোৰৰ বিষয়ে একো ভূ পোৱা নাছিল যদিও পাছলৈ গম পোৱা হল। কিছু গ্ৰাহক ৰূপী ফেনৰ কৌতুহলী প্ৰশ্ন শুনি চেন্টুদাই থতমত খাব লগীয়া হ’ল।কাৰণ চেন্টুদাই তেওঁৰ নাম ব্যৱহাৰ কৰি তেওঁৰ বিষয়ে কি লিখা হৈছে জানিলেহে! চেন্টুদাইটো পঢ়িবই নাজানে! অৱশেষত এনেকুৱা পৰিস্থিতিত পৰিলে তেওঁ অস্বস্তি বোধ কৰি লাহেকৈ আঁতৰি দিয়া হল। মোৰ লগৰ আন কাৰোবাক লগ পালে চেন্টুদাই কেতিয়াবা বোলে মাত্ৰ কয় “ই চাল্লা মোক বৰবাদ কৰি দিলে!” মোৰ নিজকে মাজে মাজে দোষী যেন লাগিছিল যদিও তেতিয়া আৰু “চেন্টুদা”ক “বল্টুদা” কৰাৰো কোনো উপায় নাছিল! 
মোৰ পাল্লাত পৰি চেন্টুদাৰ এই দশা হল যদিও চেন্টুদাই মোক কোনোদিনে কোনো আপত্তি বা অভিযোগ কৰা নাই। এই বাস্তৱ চেন্টুদা জনৰ চেহেৰা,অবয়ব, মাত কথাৰ ধৰণ ইত্যাদিক সমল হিচাবে লৈ মই ইয়াক অতিৰঞ্জিত কৰি মোৰ কাহিনীত এজন নতুন “চেন্টুদা”ৰ জন্ম হৈছিল।
বাস্তৱৰ এই চেন্টুদা একেবাৰে লাজকুৰীয়া শান্ত প্ৰকৃতিৰ নিমাখিত লোক। মই বৰ্ণনা কৰাৰ দৰে কোনো অদ্ভুত কাণ্ড কাৰখানা তেঁও কৰি নুফুৰে। তেওঁৰ জগু বুলি বাদেই কোনো কুকুৰেই নাই।মই লেখাৰ দৰে তেওঁ কোনো দুঃসাহসিক অপাৰেচনত আজিলৈকে গৈ পোৱা নাই। বৰ্তমান তেওঁৰ নাতি নাতিনীৰে ভৰা এখন ভৰপূৰ সংসাৰ আছে।নিদিষ্ট সময়ত তেওঁ হোটেল বন্ধ কৰি নিতৌ তেওঁ ঘৰলৈ গৈ নাতি নাতিনী কেইটাৰ লগত অলপ খেলি দুটা পেগ মাৰি ভাত খাই শুই পৰেগৈ! 
চেন্টুদাক কাষৰ পৰা পোৱা সকলে এই কথা জানে। মই তেওঁৰ নাম লৈ কি লিখিছো কি নাই লিখা এইবোৰ লৈ কোনো মতলব নাই!মাত্ৰ জানে মই তেওঁক লৈ কিবাকিবি লিখি থাকো, আৰু এই কথাটো তেওঁ এইকাৰণেই গম পাই থাকে কাৰণ তেওঁৰ লগত আজিৰ দিনতো মাজে মাজে চেলফি্ উঠিবলৈ দুই এগৰাকী অনুৰাগী আহি থাকে !!.
তথাপিও…..মই এই চেন্টুদাক লগ নোপোৱা হ’লে; চেন্টুদাৰ হোটেলত আড্ডা নমৰা হলে কিজানি মোৰ পিঠিত সেই লেখকৰ ষ্টাম্পটো নপৰিলহেতেন।আৰু আপোনালোকেও হয়টো কিতাপৰ চেন্টুদা জনক নাপালে হেতেন। 
মোৰ কাৰণে চেন্টুদা সদায় চেন্টুদাই।…..তেওঁ বাস্তৱৰ জনেই হওক বা কিতাপৰ জনেই হওক…!
চেন্টুদাক চালাম! 

 

গেটৱে : অনলাইন আলোচনী আৰু ছছিয়েল মিডিয়া সম্পৰ্কে আপোনাৰ মতামত ?

বৈদুৰ্য্য বৰুৱা : ভাল বেয়া সকলোতে আছে।চচিয়েল মেডিয়াৰ বেয়াখিনিৰ প্ৰতি আকৰ্ষিত হ’লে লাহে লাহে কব নোৱাৰাকৈ নিজৰ লগতে সমাজখনৰো ক্ষতি হয়।ভালখিনি ল’লে তাৰ বিপৰীতটো হয়। অনলাইন আলোচনীয়ে যেনেকৈ বহুতো পাঠকৰ সৃষ্টি কৰিছে তেনেকৈ বহুতো নতুন কবি লেখক আদিও সৃষ্টি কৰিছে।অসমীয়া ভাষাটো ল’ৰা বুঢ়া সকলোৱে এতিয়া লিখা আৰম্ভ কৰিছে।প্ৰত্যেকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছে।এয়া অতি ভাল লক্ষন। অৱশ্যে ছপামাধ্যমৰ কিতাপ বা আলোচনীৰ কথাই সুকীয়া।একো নহলেও এটা কথা কব পাৰি ছপা কিতাপ পঢ়িবলৈ বেটাৰীৰ প্ৰয়োজন নাই!!

 

গেটৱে : শেষ প্ৰশ্ন, মানুহে বৈদুৰ্য্য বৰুৱাক কি হিচাপে মনত ৰখাটো আপুনি বিচাৰে ?

বৈদুৰ্য্য বৰুৱা : মানুহে মনত ৰাখিব পৰাকৈ সামান্য কিবা এটাও কৰিব পাৰিছো বুলি মনে নধৰে।

 

গেটৱে : আপোনাৰ অত ব্যস্ততাৰ মাজতো যে এইকণ সময় আমাৰ নামত অপচয় কৰিলে তাৰবাবে অশেষ কৃতজ্ঞতা । কুশলে থাকক আপুনি, সদায়ে ….

বৈদুৰ্য্য বৰুৱা : ধন্যবাদ ।

Print Friendly, PDF & Email

4 Comments

  • Geetanjali Debi

    প্ৰিয় লেখকৰ সতে সাক্ষাৎকাৰ । খুব ভাল লাগিল ।

    Reply
  • ৰূপাস্মিতা বৰা

    চেণ্টুদাৰ জন্ম কাহিনী জানি ভাল লাগিল ।

    Reply
  • অনুষ্কা চৌধুৰী

    প্ৰিয় লেখকজনৰ লগতে প্ৰিয় চৰিত্ৰটিকো প্ৰথমবাৰৰ বাবে দেখি(ফটোত হলেও) বহুত ভাল লাগিল ।

    Reply
  • বৰ্ষাৰাণী শিৱম

    বঢ়িয়া সাক্ষাৎকাৰ । সম্পাদনা সমিতিলৈ ধন্যবাদ প্ৰিয় লেখকজনক এনেদৰে ৰাইজৰ সন্মুখত উপস্থাপন কৰা বাবে ….আগলৈও আশা কৰিলো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *