সম্পাদকীয়

আচলতে সম্পাদকীয়ত কি লিখিম এতিয়ালৈ একো থিৰাং কৰি লৈ আৰম্ভ কৰা নাই । আকৌ কেৱল লিখিব লাগে কাৰণেই কিবা-কিবি এসোপামান লিখি পেজটো ভৰাই থোৱাৰ কথাও ভবা নাই । অনলাইন আলোচনী এখনৰ ধাৰণাটো আমাৰ বাবে সম্পূৰ্ণ নতুন ।ছচিয়েল মিডিয়াক বাদ দি অনলাইন বেংকিং, অনলাইন শ্বপিং আৰু অনলাইন ফৰ্ম-ফিলআপতেই আমাৰ বেছিসংখ্যাকৰে অনলাইন কাম-কাজৰ পৰিধি সীমিত ।এক কথাত আমাৰ সম্পাদনা সমিতিৰ কোনোজনেই কোনো সাংঘাটিক টেকনিকেল এক্সপাৰ্ট নহয় । সেই গতিকে অনলাইন আলোচনী এখন উলিওৱা কামটো আমাৰ বাবে সাংঘাটিক এটা প্ৰত্যাহ্বানতকৈ কম নাছিল । […]

Read more

শুভেচ্ছাবাণী ….

…অনলাইন আলোচনীকলৈ মই বিশেষভাৱে আশাবাদী ৷তাৰ কাৰণ হʼল – এই আলোচনীৰ সৈতে সাধাৰণতে নতুন প্ৰজন্ম জড়িত হৈ থাকে ৷নতুন মাধ্যমৰ এই আলোচনীৰ জৰিয়তে নতুন প্ৰজন্মৰ নতুন চিন্তাৰে সমৃদ্ধ নৱ নৱ সৃষ্টিৰ উন্মেষ ঘটিব বুলি মই আশা কৰোঁ ৷ গেটৱে একাডেমীৰ এই যুগপযোগী নতুন প্ৰয়াসলৈ মই আন্তৰিক শুভেচ্ছা জনালোঁ ৷ শুভকামনাৰে.. -ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী . ..Literature is the mirror of a nation and without a strong and established literature no nation can expect the integrity and unity in it. The wall […]

Read more

“অন্ততঃ ছপা কিতাপ পঢ়িবলৈ বেটাৰীৰ প্ৰয়োজন নাই”….জনপ্ৰিয় লেখক বৈদুৰ্য্য বৰুৱাৰ স’তে এটি চমু সাক্ষাৎকাৰ

বৈদুৰ্য্য বৰুৱাৰ স’তে পাঠকক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই । চেণ্টুদা, বাসু, অপু, ঋতু, জগু আদিকে অনেক জীৱন্ত চৰিত্ৰৰ সৃষ্টিকৰ্তা জনপ্ৰিয় লেখকজনকনো কোনে নাজানে ! গেটৱে একাডেমীৰ তৰফৰ পৰা আমি যোগাযোগ কৰিছিলো তেখেতৰ লগত আৰু আমাক একপ্ৰকাৰ আচৰিত কৰিয়েই তেখেতে তেখেতৰ অপৰিসীম দৈনন্দিন ব্যস্ততাৰ মাজৰ পৰাও আমাৰ বাবে অঁজৰাই দিছিল কিছু সময় ।  আহকচোন জানো চেণ্টুদাৰ স্ৰষ্টাজনৰ মনৰ ভাৱবোৰ….সাক্ষাৎগ্ৰহণ : প্ৰিয়ম প্ৰীতম   গেটৱে : পোনপ্ৰথমে গেটৱে একাডেমী কণিষ্ঠ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালৈ সশ্ৰদ্ধ নমস্কাৰ জনালো । বৈদুৰ্য্য […]

Read more

জীৱনৰ বাটে-ঘাটে (বৈদুৰ্য্য বৰুৱা)

অসমৰ পাঠকক বৈদুৰ্য্য বৰুৱাক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই । তেখেতৰ ভাষাৰেই, “মই এটা ক্ষেত্ৰত অতি সৌভাগ্যৱান বুলিয়েই কব লাগিব। মই পছিছ বছৰ আগতে লিখা আৰম্ভ কৰোতে, কিছুমানৰ জন্মই হোৱা নাছিল। আৰু আজিৰ তাৰিখত সেই বয়সৰ চামটোৱে আকৌ নতুনকৈ মোৰ লেখনিবোৰ আদৰি লৈছে। এইয়া মোৰ বাবে কম সৌভাগ্যৰ কথানে!” কল্পনা কৰক, যোৱাটো শতিকাৰ শেষৰটো দশকৰ আলফাৰ গিজগিজনিৰে পূৰ্ণ সময়খিনিত দুজন যুৱকে বুলেট লৈ সচিবালয়ৰ পুলিছ বেৰিকেট ভাঙি ভিতৰত প্ৰৱেশ কৰিছে ! আকৌ কল্পনা কৰক যদি সময়তো পোন্ধৰ আগষ্টৰ নিশা […]

Read more

এজন ছিনিয়ৰৰ চকুত গেটৱে একাডেমী ,২০১৭-২০১৯

দুখবোৰেই জীৱনৰ চিৰলগৰী,সুখবোৰ অতিথিহে, মাজে মাজে আহে । এই দুটা বছৰ, আমি আগবাঢ়িছিলো…হাতত হাত থৈ । অকলশৰীয়া হোৱা নাছিলো কেতিয়াও, হাতখন মেলি দিলেই কাৰোবাৰ নহয় কাৰোবাৰ অইন এখন হাত সদায় পাইছিলো । ছাত্ৰ হিচাপে আমি কিমানদূৰ সফল হ’লো সেয়া সময়ে ক’ব, কিন্তু আজি মই গৌৰৱেৰে ক’ব পাৰো বন্ধু হিচাপে আমি সম্পূৰ্ণ সফল ! মৃণালকান্তি ছাৰৰ ভেক্টৰ, ইলেক্ট্ৰিচিটি আৰু ইলেকট্ৰনিকছ্ , সীমান্ত ছাৰৰ অৱকলজ, ফলন আৰু সম্ভাৱিতা, কিশোৰ ছাৰৰ জীৱবিজ্ঞানৰ ক্লাছ যিয়ে পাইছে সি জীৱনত পাহৰিব নোৱাৰে ! কোনে পাহৰিব পাৰে […]

Read more

দুটা গল্প ~ নাজিফ হাজৰিকা

(১) ‘ ধাম !’এক গোৰ মাৰি প্ৰশান্তই ৰুমৰ দৰ্জাখন খুলি সোমাই আহিল । জুনিয়ৰ ৰুমমেট দিগন্তই পঢ়িথকাৰ পৰা প্রশান্তলৈ মূৰ তুলি চালে ! ঢলং-পলং খোজেৰে প্ৰশান্ত দিগন্তৰ ওচৰলৈ আহিল । প্ৰশান্তৰ মুখৰ পৰা ওলাই অহা মদৰ ভেকেটা-ভেকেট গোন্ধটো ৰূমটোত বিয়পি পৰিল । – কি পঢ়িছ চাওঁ পোৱালি ! প্ৰশান্তই দিগন্তৰ কিতাপখন লুটিয়াই চালে । – ” Quantum mechanics ! উম পঢ়-পঢ় । ” – দিগন্তৰ পিঠিত চপৰিয়াই প্ৰশান্ত নিজৰ বিচনাত ধামকৈ পৰি দিলে । অলপ সময়ৰ পিছত তাৰ ফোনটো বাজি উঠিল । – ” হেল্ল , […]

Read more

নিউটনৰ স’তে এটি সন্ধিয়া (প্ৰিয়ম প্ৰীতম)

“মাজে মাজে চেনিও চুৰ কৰি চাব পাৰা । আধা চামুচ চেনি খাই দিলেও আধা ঘণ্টা চলি থাকিব পৰাকৈ এনাৰ্জি পায় ।”“সেইকাৰণেই হ’বলা তই ছোৱালীৰ ইনবক্সে-ইনবক্সে চেনি দি ফুৰ ।”“ই হাৰামীয়ে চাহিত্য কৰে নহয় । এইটোও কিবা চাহিত্য । চেনিচোৰ চাল্লা । ঐ ৰতনদা, এইফালে চাৰিটা চাহ আৰু চাৰিটা চিঙাৰা দিবচোন । একপ্লেট চেনিও দিব লগত ।”কাউণ্টাৰৰ পৰা ৰতনে চকুদুটা ডাঙৰ কৰি এবাৰ আমালৈ চালে । গোটেইকেইটাই হাঁহি দিয়াত ৰতন ভীষণ অপ্ৰস্তুত হ’ল ।“এইবোৰ নুবুজিব ৰতনদা । ইনষ্টেণ্ট এনাৰ্জি গ্লুক’জ । […]

Read more

“পুৰুষে” ৰন্ধা ৰেচিপি – ✍দেৱজিত শইকীয়া

(১) পুৰুষে ৰন্ধা চিকেন কাৰিৰ ৰেচিপি : উপকৰণ : মাংস – বজাৰৰ পৰা কিনি অনা গোটেইখিনি পিঁয়াজ – ঘৰত বিছাৰি খুচৰি পোৱা পিয়াজ গোটেই কেইটা আদা, নহৰু – গুছাই ভাগৰ লগা লৈকে যিকেইটা হয়৷  জলকীয়া – পিছদিনা পুৱা চিন্তা কৰিব লগিয়া নোহোৱা জোখৰ৷ আলু – মাংস কম হ’লে বেছিকৈ বা মাংস বেছিকৈ হ’লে কমকৈ  জিৰাগুৰি – পাঁচটকীয়া পেকেট গোটেইটো ধনিয়াগুৰি – জিৰাৰ দৰেই জলকিয়াগুৰি – কেৰাহিত অকন অকন কৈ দি ৰংটো ৰঙা হৈছেনে নাই অনুভৱ কৰা পৰিমানৰ তেল – দুই তিনিবাৰ কেৰাহী […]

Read more

চিঠি – এটা প্ৰেমৰ গল্প ~ লহৰ নাথ

(১) কলিং বেলৰ শব্দত হাতৰ কাগজখনৰ পৰা মূৰ তুলি দুৱাৰখনৰ ফালে চালো । কোম্পানীৰ ডিগবৈ ব্ৰান্সটোত নতুনকৈ ট্ৰেন্সফাৰ হোৱা আজি তিনিদিনো হোৱা নাই, এতিয়াও থাকিব পৰা কোৱাৰ্টাৰ ঠিক হোৱা নাই বাবেই পি.ডব্লিউ.ডি.ৰ এই গেষ্ট হাউচটোতেই আছোহি । ইয়াতো অৱশ্যে থকা-শোৱাত বিশেষ একো সমস্যা হোৱা নাই । কোম্পানীৰ বৰা উপাধিৰ তদাৰকী বিষয়াজনে সকলোখিনি থান-থিত লগাই অলপ আগতে গৈছেহে । ইয়াত মোৰ অইন কোনো চিনাকিও নাই যিয়ে আহি কলিং বেল টিপিব ! হয়তো কোম্পানীৰে কোনোবা কৰ্মী হ’ব পাৰে, কিবা কামত বৰাই পঠিয়াইছে […]

Read more

দুটা জীয়া কাহিনী ~ ৰামানুজ গোস্বামী

(১) ..আমাৰ হোষ্টেলত এটা প্ৰথা গঢ় লৈ উঠিছিল যে,কাৰোবাৰ বাৰ্থডে,পৰীক্ষাত টপাৰ,বা কোনোবাই “য়েছ” আদি পোৱাৰ ভাল খবৰ থাকিলে তেতেলীয়াৰ সিঙৰ ধাবাতে পাৰ্টি দিয়া হৈছিল।তেতেলীয়া মানে,বৰ্তমান বৰাগাওঁ পোৱাৰ আগেয়ে পোৱা হাই-ৱে খণ্ড;যত ট্ৰাকৰ ড্ৰাইভাৰ-হেণ্ডিমেনৰ খোৱা-শোৱাৰ ব্যৱস্থা এই ধাবাবোৰত হৈছিল।তাৰেই অন্যতম সিঙৰ ধাবা,য’ত মাংস হাফ্ প্লেট ১০ টকা আৰু ৰুটি খনে ১ টকা।এই গৰম ৰুটি-মাংসই আছিল পাৰ্টি;মাংস মানে ছাগলীৰ মাংস বুজা গৈছিল কাৰণ হোষ্টেলত দিয়া মূৰ্গী মাংসৰ নাম চ্চিকেন! আমাৰ তলত বেট্ছ্ ৰে সীমান্তৰ জন্মদিনত আমাৰ হোষ্টেলৰেই সিহঁতৰ লগৰ ১৫-১৬ জন আৱাসী […]

Read more
1 2 3 6